অসমৰ আৰক্ষীয়ে যোৱা কেইমাহমান ধৰি প্ৰতি সপ্তাহতে চমকপ্ৰদভাৱে দুৰ্ধৰ্ষ ড্ৰাগবেপাৰী ধৰা পেলাই হেজাৰ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে। অসমত ড্ৰাগছ ইমান বিপুল পৰিমাণে কোনে সেৱন কৰে ? উত্তৰত কোৱা হয় যে অসম ড্ৰাগছ বাণিজ্যৰ এটা পথ (Transit route) হে। ইয়াৰ মাজেৰে চুবুৰীয়া ম্যানমাৰৰ থাইলেণ্ড, মালয়ছিয়া আদি দেশলৈ ড্ৰাগছ চালান হয়।
কথাটো সম্পূৰ্ণ সত্য নহয়। তাহানি কানিয়ে যেনেকৈ অসমীয়া সমাজক নানা দিশত পংগু কৰিছিল, আজিও ড্ৰাগছে অসমীয়া সমাজৰ বৃহৎ সংখ্যক মানুহৰ মাজত তেনেকুৱা বা তাতকৈ ভয়ংকৰ ক্ষতি কৰি আছে। কথাটো কি কাৰণে জনাজাত হোৱা নাই সিও এক ৰহস্য।
অলপতে এসময়ৰ উন্নত এটা অঞ্চলৰ এজন মানুহে কথা প্ৰসঙ্গত মোক ক’লে যে সেই অঞ্চলৰ হিন্দু যুৱ সমাজ কেনেকৈ সুৰা আৰু ড্ৰাগছৰ ৰাগীত এক ভয়ানক অৱস্থাত পতিত হৈছে। তেওঁলোকৰ বেছিভাগেই নিবনুৱা আৰু নিষ্কৰ্মাও। মুছলমান যুৱক সকলে চৰকাৰৰ পৰা একো আশা নকৰি বিভিন্ন ধৰণৰ কাম-কাজত দক্ষতা অৰ্জন কৰি কাৰিকৰ হিচাবেই স্বচ্ছল হৈ পৰিছে। কিন্তু হিন্দু যুৱক সকল পৰমুখাপেক্ষী, শ্ৰমক্ষমতাহীন আৰু ভিতৰি নিৰুৎসাহ, হতাশ হৈ পৰিছে। বোধহয় সেই কাৰণেই তেওঁলোকে অপৰিমিত সুৰা সেৱন কৰাৰ উপৰি ড্ৰাগছত আসক্ত হৈ ক্ৰমাৎ অপমৃত্যুৰ পিনে গৈ আছে। আমাৰ ৰাজ্যৰ ৰাজনৈতিক নেতৃত্বয়ো এই উদ্বেগজনক বিষয়টো অৱহেলা কৰি সমস্যা সংকটত পৰিণত কৰিছে। তেওঁ আৰু জনালে অঞ্চলটোৰ বিভিন্ন গাঁও সামৰি প্ৰতি সপ্তাহত দুজনমান মানুহ (ত্ৰিছ আৰু চল্লিছ বছৰৰ মাজৰ) “লিভাৰ ছিৰ’ছিছ” (যকৃত অকামিলা হৈ পৰা) বেমাৰত মৃত্যুবৰণ কৰিবলৈ লৈছে। সুৰাসক্ত যুৱক-যুৱতী দুৰ্ঘটনাত নিহত হৈছে।
এইটো আন অঞ্চলতো হৈ থাকিব পাৰে। আচলতে ১৯৯০ চনৰ পৰা নব্য অৰ্থনীতি প্ৰবৰ্তন হোৱাৰ ফলত কৰ্মসংস্থানৰ ব্যৱস্থা কৰা দায়িত্ব চৰকাৰে বিসৰ্জন দিছে। “যোগ্যজনে প্ৰতিযোগিতাৰে জীৱনত সাফল্য অৰ্জন কৰক” বুলি উদ্যোগৰ বিশেষ পৰিৱেশ নথকা জনগোষ্ঠীৰ মাজত ধ্বনি দি তাৰ যুৱ সমাজক না-জল না-থল পৰিস্থিতিত পেলাই দিয়া হৈছে। কিন্তু যোগ্যতা অৰ্জনৰ পৰিৱেশ নিৰ্মাণ নকৰি ৰাজনৈতিক নেতৃত্বই যোগ্যতাৰ প্ৰতিযোগিতাত উঠি অহা চামক পেলাই দি তেওঁলোকক তিলে তিলে মৃত্যুৰ মুখলৈ ঠেলি দিছে। Skill University (দক্ষতা অৰ্জন বিশ্ববিদ্যালয়) আদি ফোঁপোলা বাগাড়ম্বৰ কৰি, আলফা দমনৰ নামত কেন্দ্ৰই পঠোৱা বিপুল ধনৰ উপহাৰ দি কৰ্মমুখী মানসিকতা হ্ৰাস কৰা হৈছিল। যুৱ সমাজৰ বিপুল সংখ্যক যুৱক-যুৱতীক এনে দালালিৰে পোষণ কৰা অসম্ভৱ। সেয়ে তেওঁলোকক দলনিত পোনা মেলা দি অথাই সাগৰত পেলাই দিয়া হৈছে। বৃহৎ একচেতিয়া পুঁজিৰ নিৰ্মম আগ্ৰাসনে সৰু আৰু মজলীয়া উদ্যোগ-ব্যৱসায় ধ্বংস কৰিছে।
এইবোৰ ভয়ানক কথাত ঢাকোন দিবলৈকে মাধ্যম সমূহত নিৰামিষ খবৰ বা জনপ্ৰিয় কলা-সংস্কৃতিৰ চৰ্চাত বেছি প্ৰাধান্য দিয়া বুলি বোধ হয়।
আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ সচেতন সকলে ইয়াৰ প্ৰতিকাৰ কৰিবলৈ হাতে-কামে নেতৃত্ব দিব লাগিব।
ইথানল ৰহস্য
গাড়ীৰ ইঞ্জিন নষ্ট কৰিব পৰাকৈ অতৰ্কিতে পেট্ৰলত ইথানল কিয় মিহলোৱা হৈছে ? মোৰ ধাৰণা এয়ে যে কেন্দ্ৰীয় চৰকাৰে পেট্ৰলৰ ওপৰত কৰ লগাই বছৰি কোটি কোটি টকা হাতলৈ নিছে। তাতো সন্তুষ্ট নহৈ পেট্ৰলত কম দামী ইথানল মিহলাই বিক্ৰী কৰা হৈছে। এই বিপুল ধন কেনে কামত খৰচ হৈছে (যেনে প্ৰধানমন্ত্ৰীৰ আঠ শ কোটি টকাৰ উৰাজাহাজ) ৰাইজে দেখি আছে!
জাকৰুৱা হত্যাকাণ্ড আৰু চৰকাৰ
লোকসভাৰ প্ৰশ্নোত্তৰ কালত কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ এজন কনিষ্ঠ মন্ত্ৰীয়ে (Minister of State) অলপতে কৈছে যে এজাক উন্মত্ত মানুহে কিবা নহয় কিবা চেলুত এজন বা একাধিক ব্যক্তিক মৰিয়াই বা হানি-খুচি হত্যা কৰা ঘটনাবোৰ ৰোধ কৰিবলৈ একো আইন প্ৰণয়ন কৰাৰ উদ্যোগ লোৱা নাই। কাৰণ বোলে এয়ে যে জাকৰুৱা হত্যা (Mob lynching) ৰ কোনো সংজ্ঞা (definition) চৰকাৰৰ হাতত নাই।
কথাটো ইমান অভাৱনীয়ভাৱে কঠিন বুলি ভুক্তভোগী ৰাইজে নাভাবে। সেইপিনৰ পৰা চুৰি-ডকাইতিৰো নিখুঁত সংজ্ঞা নাই। সঘনে আৰু ভয়াৱহভাৱে হৈ থকা এই অমানুষিক কাণ্ডবোৰৰো সংজ্ঞা নোপোৱা বাবেই আইন প্ৰণয়ন কৰা কঠিন বুলি কোৱা কথাও ল’ৰামতীয়া। চৰকাৰে কৈছে যে সকলো জড়িত পক্ষৰ অভিমত লৈহে আইন প্ৰণয়ন কৰিব লাগিব। তাৰ অৰ্থ এইটো নহয়তো যে হিন্দুত্ববাদী আবেগত উন্মত্ত হৈ আন ধৰ্মৰ মানুহক হত্যা কৰা পশুবিলাকৰো অভিমত গ্ৰাহ্য কৰা হ’ব ? ক’বলৈ গ’লে এনে হত্যাকাণ্ডত প্ৰশ্ৰয় দিবলৈ এই আইনগত সমস্যাৰ কথা কোৱা হোৱা নাইতো?
লগতে আন এক প্ৰসঙ্গও উল্লেখ কৰা ভাল হ’ব। বেচ কিছুকাল ধৰি লোকসভা বা বিধানসভাত কোনো বিৰোধী প্ৰতিনিধিয়ে চৰকাৰৰ বিৰুদ্ধে তথ্যৰ ভিত্তিত কিবা অভিযোগ আনিলেই শাসক দলৰ প্ৰতিনিধি বিলাকে হৈ-চৈ লগাই তেওঁক বাধা দিয়ে আৰু তেওঁক কথা ক’বলৈ নিদিয়ে।
এইটো সভাৰ অধ্যক্ষই কাঢ়া নিৰ্দেশ জাৰি কৰি কিয় নিষিদ্ধ নকৰে বুজিবলৈ টান। বিধানসভা আৰু লোকসভা (ৰাজ্যসভাও) চৰকাৰৰ নীতি-সিদ্ধান্ত লৈ আলোচনা, বিতৰ্ক কৰাৰ থলি। হৈ-চৈ বা হুলস্থূল শৃংখলাহীন জনসভাতহে আশা কৰা যায়। পবিত্ৰ বিধানসভা বা সংসদত এনে কাণ্ড আচলতে গণতন্ত্ৰ গচকি পেলোৱাৰ নিদৰ্শনহে।
জৱাহৰলাল নেহৰুৰ উপস্থিতিত সংসদৰ কাৰ্যকলাপ ছাত্ৰাৱস্থাতে দৰ্শকৰ গেলাৰীৰ পৰা দেখাৰ অভিজ্ঞতা আমাৰ হৈছিল। নেহৰুৰ নেতৃত্বত শাসকপক্ষই বিৰোধীৰ কঠোৰ আৰু কটু সমালোচনাও ধৈৰ্য্য আৰু মনোযোগেৰে শুনি উত্তৰ দিয়া দেখিছিলোঁ। আজিৰ দৰে উদ্ভণ্ডালি কল্পনাতীত আছিল। অথচ আজিৰ শাসকপক্ষৰ প্ৰচাৰ যে নেহৰু একনায়কত্ববাদী আৰু ক্ষমতা পিপাসু আছিল!
*******
এই লিখাটো লিখি উলিওৱাৰ পিছত সামাজিক মাধ্যমত আৰু এটা ভয়ানক দুখ লগা খবৰ পালোঁ। কেইবাখনো ৰাজ্যৰ চৰকাৰে এনে ‘লিন্সিং’ বা জাকৰুৱা হত্যাকাণ্ডৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিছে। আচৰিত, কিন্তু অপ্ৰত্যাশিত নহয় যে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভত বাধা দি আইন কেইখন কাৰ্যকৰী হ’বলৈ দিয়া নাই। যুক্তি দিয়া হৈছে যে ভাৰতীয় দণ্ডবিধিত ‘লিন্সিং’ বুলি কোনো কথা নাই। ব্ৰিটিছৰ দিনৰে এই ভাৰতীয় দণ্ডবিধিত (Indian Penal Code) বহুটো অপৰাধৰে উল্লেখ নাই। সেইবুলি অতি আইন বিৰোধী আৰু সংবিধান বিৰোধী অপৰাধৰ প্ৰতিকাৰ নহ’ব কিয়? সন্দেহ নাই যে সৰ্বসাধাৰণক এনে বৰ্বৰ নিষ্ঠুৰতাত অভ্যস্ত কৰিবলৈকে বেদ-গীতাৰ নাম লৈ থকা বিলাকে এনে উদাসীনতা অৱলম্বন কৰিছে।
নাৰ্ছিংহোমত বেমেজালি
এই কথা ঠিক যে চৰকাৰী স্বাস্থ্য সেৱাই আজি লাখ লাখ ৰোগীৰ যথাযথ চিকিৎসা কৰা সম্ভৱ নহয়। ব্যক্তিগত স্বাস্থ্যসেৱাৰ বাবে ক্লিনিক, নাৰ্ছিংহোম আদি উদ্যোগ গঢ়ি উঠা স্বাভাৱিক। এতিয়া সেইবোৰতো চৰকাৰী হাস্পতালৰ দৰে ভিৰ। কিন্তু পৰিতাপৰ কথা যে বিভিন্ন ভুক্তভোগী ৰাইজ ক্ৰমে এনে একাংশ ব্যক্তিগত চিকিৎসালয়ৰ ক্ষুব্ধ হৈছে। অথচ সেইবিলাকৰ শৰণ নলৈয়ো কেতিয়াবা উপায় নাই।
দেখা যায় যে ৰাজ্য তথা দেশত চিকিৎসাৰ নানা দিশত অসংখ্য বিশেষজ্ঞ প্ৰশিক্ষণপ্ৰাপ্ত হৈ ওলাই অহা সত্বেও অসমৰ নাৰ্ছিংহোম বিলাকৰ বিভিন্ন বিভাগ হয় নাই বা নামতহে মাত্ৰ আছে। সেইবোৰত উন্নত সেৱা পাবলৈ টান। আমি যদি আৰ্হি হিচাপে দক্ষিণ ভাৰতৰ চেন্নাই আদিত থকা নাৰ্ছিংহোম বা ব্যক্তিগত চিকিৎসালয়বোৰক ধৰোঁ, সেইবিলাকত অসমৰ পৰা যোৱা ৰোগী আৰু ৰোগীৰ আত্মীয়-কুটুম্বই সন্তুষ্টি লাভ কৰা দেখা যায়। প্ৰয়োজনতকৈ অধিক মাচুল আৰু খা-খৰচৰ বলি হ’ব নালাগে। চিকিৎসা সেৱাও যথাযথ বুলি তেওঁলোক আশ্বস্ত হয়। একেদিনে নহ’লেও অদূৰ ভৱিষ্যতে অসমৰ নাৰ্ছিংহোম বিলাকেও তেনে মানৰ সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে আগুৱাই গ’লে আমি সুখী হম, আৰু গৌৰৱাম্বিত হম।
মূলধনৰ অভাৱ এই স্থিতাৱস্থাৰ অন্যতম কাৰণ। সেয়ে উন্নত শেহতীয়া বিভিন্ন যন্ত্ৰ আৰু প্ৰযুক্তি নিয়োগত আমাৰবোৰ পাছ পৰি আছে। যিখিনি আছে তাৰো চালু ৰখাৰ খৰচ (maintenance cost) আদায় কৰাত কষ্ট হয়। এনে অৱস্থাও কেতিয়াবা হয় যে প্ৰয়োজনীয় যন্ত্ৰ অচল হৈ পৰাৰ সময়তো কিবাকৈ পাল মৰা বিকল্প এটা আগুৱাই দি ৰোগীক প্ৰৱঞ্চনা কৰে একাংশ নাৰ্ছিংহোমে। দৰব-জাতিৰ নামতো বৃহৎ ধন আদায় কৰা দেখা যায়।
মই নিজেও খোদ ৰাজধানী দিল্লীতে এনে শোষণ লক্ষ্য কৰিছিলোঁ। প্ৰতিদিনে ৰোগীক প্ৰয়োজনতকৈ বেছি দৰব সেৱন কৰিবলৈ দিয়া হয়। লাগে দুটা বা তিনিটা টেবলেট, কিন্তু প্ৰতিদিনে নতুন নতুন দৰব ৰোগীৰ মেজলৈ অনা হয় পোন্ধৰ বা দহটালৈ। পিছদিনা সেইবোৰ আঁতৰাই আকৌ সেই পৰিমাণৰ নতুন নতুন দৰবৰ নিদান দি পিছদিনা পুৱা সেইবোৰৰ সৰহখিনি অব্যৱহৃত ঔষধ আঁতৰাই লৈ যোৱা হয়। ফলত ৰোগীৰ খৰচ উচিত পৰিমাণতকৈ বহুত বেছি হয়। এই ব্যয়বহুল চিকিৎসা সেৱা সৰ্বসাধাৰণৰ সাধ্যাতীত। অসমতো এনে আৰ্হিৰ প্ৰচলন হোৱাতকৈ দক্ষিণ ভাৰতৰ নাৰ্ছিংহোমহে আমাৰ আদৰ্শ হোৱা ভাল। নাৰ্ছিংহোম বোৰৰ সহযোগিতাতাৰে আন্ত:গাঁথনি, চিকিৎসকৰ সংখ্যা আৰু মান ৰাজহুৱাভাৱে নিৰ্ধাৰণ কৰা ভাল হ’ব। প্ৰত্যেক নাৰ্ছিংহোমত কি কি সুবিধা আছে, কি কি নাই, ৰোগী আৰু আত্মীয়ই তৎকালেই অৱগত হৈ সিদ্ধান্ত ল’ব পৰা হ’ব লাগে। অসমৰ নাৰ্ছিংহোমবোৰৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিহে এই কথাখিনি লিখা হ’ল।
বি:দ্ৰ: – সচৰাচৰ দেখা যায় যে কোনো ৰোগীৰ অৱস্থা অন্তিম পৰ্যায়লৈ আহিলেও আত্মীয়-কুটুম্বক আই চি ইউত সোমাবলৈ দিয়া নহয়। তেওঁলোকে শেষ দেখাৰ সুবিধা নাপায়। কথাটো এতিয়া প্ৰচলিত হ’লেও মৰ্মান্তিক। কভিড ৰোগীৰ বাহিৰে আন ৰোগীক শেষ অৱস্থাত যথাযোগ্য সতৰ্কতাৰে দেখা পোৱাৰ সুযোগ আত্মীয়-স্বজনে পালে ভাল হয়।