• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম: বেদখলকাৰীৰ কবলত ৩.৬২ লাখ হেক্টৰ ভূমি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2025 6:30 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত অসম। অসমত চলি থকা উচ্ছেদ অভিযানৰ মাজতে বনাঞ্চলৰ বেদখলৰ উদ্বেগজনক তথ্যই ৰাজ্যত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।

প্ৰতিবেদন অনুসৰি, অসমৰ মুঠ ৩,৬২,০৯০ হেক্টৰ (৩৬২০.৯ বৰ্গ কিলোমিটাৰ) বনভূমি বেদখলকাৰীৰ কবলত আছে। দেশৰ ভিতৰত মধ্যপ্ৰদেশে প্ৰথম স্থানত আছে, ৰাজ্যখনৰ ৫,৪৬,০৮৯.৪৫ হেক্টৰ বনভূমি বেদখল হৈছে। তৃতীয় স্থানত আছে কৰ্ণাটক, ৰাজ্যখনৰ ৮৬,৩০৮.৪৪ হেক্টৰ ভূমি বেদখলৰ কবলত আছে। উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ অৱস্থা অধিক গুৰুতৰ। অৰুণাচল প্ৰদেশত ৫৩,৪৯৯.৯৬ হেক্টৰ, মিজোৰামত ২৪,৭২৩ হেক্টৰ, ত্ৰিপুৰাত ৪,২৮২ হেক্টৰ, মণিপুৰত ৩,২৭০ হেক্টৰ আৰু ছিক্কিমত ৪৬৯ হেক্টৰ বনভূমিৰ বেদখল হৈছে।

Apply Now

উল্লেখ্য যে ২০২১ চনৰ পৰা ২০২৫ চনৰ জুলাইলৈকে ৰাজ্য চৰকাৰে মুঠ ১,১৯,৫৪৮ বিঘা ভূমি বেদখলমুক্ত কৰিছে। ইয়াৰ ভিতৰত ৮৪,৭৪৩ বিঘা সংৰক্ষিত বনাঞ্চলৰ ভূমি, ৪,৬৪৩ বিঘা ভি জি আৰ আৰু পি জি আৰৰ ভূমি, ২৬,৭১৩ বিঘা চৰকাৰী ভূমি আৰু ৪,৪৪৯ বিঘা সত্র-নামঘৰ আদিৰ ভূমি অন্তৰ্ভুক্ত। এই সময়ছোৱাত প্ৰায় ১৬০ বৰ্গ কিলোমিটাৰ ভূমি বেদখলমুক্ত কৰা হৈছে আৰু ৫০ হাজাৰ লোকক উচ্ছেদ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন শ্ৰেণীৰ মুঠ ৬৩ লাখ বিঘা ভূমি এতিয়াও বেদখলকাৰীৰ দখলত আছে।

ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি বনভূমি বেদখলমুক্ত কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। বন বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে, বেদখলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত প্ৰভাৱশালী আৰু ক্ষমতাশালী ব্যক্তিৰ জড়িত থকাৰ বিষয়টোও পোহৰলৈ আহিছে। তদুপৰি, বন বিভাগৰ কেইবাজনো প্ৰাক্তন আৰু বৰ্তমানৰ বিষয়াৰ এনে বেআইনী কাৰ্যত সহযোগিতাৰ অভিযোগ উত্থাপিত হৈছে। এইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰশ্ন উত্থাপিত হৈছে।

ইফালে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে সংসদত দাখিল কৰা তথ্য অনুসৰি, ২০১৯ চনত অসমৰ মুঠ বনভূমিৰ পৰিমাণ আছিল ২৮,৩২৭ বৰ্গ কিলোমিটাৰ। কিন্তু ২০২৩ চনত এই পৰিমাণ ২৮,৩১৩.৫৬ বৰ্গ কিলোমিটাৰলৈ হ্ৰাস পাইছে, অৰ্থাৎ তিনি বছৰত ১৩.৪৫ বৰ্গ কিলোমিটাৰ বনভূমি কমিছে। ইয়াৰ বিপৰীতে, বিহাৰ, ছট্টিশগড়, গোৱা, গুজৰাট, কেৰালা আৰু ওড়িশাৰ দৰে ৰাজ্যত বনভূমিৰ পৰিমাণ বৃদ্ধি পাইছে। উল্লেখযোগ্যভাৱে, কেৰালাত এই সময়ছোৱাত ৯১৫.৩৬ বৰ্গ কিলোমিটাৰ বনভূমি বৃদ্ধি পাইছে।

প্ৰসংগ ক্ৰমে বনভূমিৰ হ্ৰাসৰ ফলত অসমত বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত তীব্ৰ হৈ পৰিছে। বিগত পাঁচ বছৰত হাতীৰ আক্ৰমণত ৩৮৩ জন লোকৰ মৃত্যু হৈছে, আৰু গত বছৰত বাঘৰ আক্ৰমণত চাৰিজনৰ মৃত্যু হৈছে। তথ্য অনুসৰি, ২০১৯-২০ত ৭৫ জন, ২০২০-২১ত ৯১ জন, ২০২১-২২ত ৬৩ জন, ২০২২-২৩ত ৮০ জন আৰু ২০২৩-২৪ত ৭৪ জন লোক হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে।

ইফালে, বন্যপ্ৰাণীৰ ক্ষতিও উল্লেখযোগ্য। বিগত পাঁচ বছৰত ৰে’লৰ খুন্দাত ২৪টা হাতীৰ মৃত্যু হৈছে, বিদ্যুৎ প্ৰৱাহিত হৈ ৫৩টা হাতীৰ মৃত্যু হৈছে, আৰু চোৰাং চিকাৰীৰ হাতত ২০২২-২৩ত ২টা আৰু ২০২৩-২৪ত ১টা হাতী নিহত হৈছে।

ৰাজ্য চৰকাৰে বনাঞ্চল বেদখলমুক্ত কৰাৰ লগতে বন্যপ্ৰাণী-মানুহৰ সংঘাত হ্ৰাসৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়া উচ্ছেদ অভিযানৰ ফলত বহু বন্যপ্ৰাণীয়ে নিজৰ আশ্ৰয়স্থল ঘূৰাই পাইছে। বিশেষজ্ঞসকলে আশা প্ৰকাশ কৰিছে যে বনাঞ্চল বেদখলমুক্ত হ’লে ৰাজ্যৰ বনভূমিৰ পৰিমাণ বৃদ্ধি পাব আৰু সংঘাতৰ তীব্ৰতা হ্ৰাস পাব। তথাপিও, প্ৰভাৱশালী ব্যক্তি আৰু জড়িত বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা এতিয়াও এক প্ৰধান বিষয় হৈয়ে আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd