এই কথাত কোনো সন্দেহ নাই যে উত্তৰ প্ৰদেশৰ নিৰ্বাচনে বিৰোধী পক্ষক বাকৰুদ্ধ কৰিছে। তেওঁলোকে আৰু এনে কথা ক’ব নোৱাৰে যে আগৰ দৰে কাৰ্যপন্থা আৰু কৌশলেৰে বিজেপিৰ অভিযান তেওঁলোকে প্ৰতিহত কৰিব,পৰাস্ত কৰা দূৰৰ কথা।
ৰাহুল গান্ধীয়ে এইবাৰ তৃতীয় বাৰ বয়ান দিলে যে “ৰাইজৰ ৰায় কংগ্ৰেছে নতশিৰে মানি লৈছে।” তেওঁ আৰু তেওঁৰ ভগ্নী প্ৰিয়ঙ্কা গান্ধীয়ে এই নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্ব দিছিল। তাৰ পিছত ৪০০ৰো অধিক সমষ্টিৰ মাত্ৰ ২টাহে কংগ্ৰেছে জয় কৰিলে। নি:সন্দেহে ই ৰাহুল আৰু কংগ্ৰেছৰ চৰম আত্মপৰীক্ষা আৰু নিৰ্মোহ বিচাৰৰ সময়।
কংগ্ৰেছৰ কেৱল ৰণনীতি নহয়, ৰণকৌশলো নহয়, মনোভাৱ আৰু দৃষ্টিকোণৰ আমূল পৰিৱৰ্তনৰ দৰকাৰ। যোগ্যতা প্ৰমাণৰ তিনিটা সুযোগ পোৱাৰ পিছত তেওঁ লোক বিফল হৈছে। এতিয়া আনক সেই সুযোগ দিব লাগিব।গণতান্ত্ৰিক ৰাজনীতিৰ ই এক পৰিচিত নিয়ম।
ৰাহুল মোদীতকৈ আজিৰ ভাৰতৰ অৰ্থনীতি আৰু চৰকাৰ সম্পৰ্কত বহু বেছি তথ্য জ্ঞানী।কিন্তু বিতৰ্কত জয়ী হ’লেও তেওঁ নিৰ্বাচনটোৰ ওপৰত সামান্য আঁচোৰ এটাও পেলাব নোৱাৰিলে।কাৰণ তেওঁৰ কথাই নগৰীয়া মধ্যবিত্তৰ বাহিৰে ভাৰতৰ বৃহৎ জনগণৰ প্ৰতি কোনো বিশ্বাসযোগ্য বাৰ্তা কঢ়িয়াই নিব নোৱাৰিলে। বৰং নৰম হিন্দুত্বৰ পোষকতা কৰি বিজেপিৰ হাতহে শক্তিশালী কৰিলে।মুকেশ আম্বানিৰ দৰে কৰ্পোৰেট নায়কে তেওঁক তুচ্ছতাচ্ছিল্য কৰাৰ সাহস পালে, যদিও কংগ্ৰেছ চৰকাৰৰ সহায়তে আম্বানিয়ে অৰ্থনীতিৰ ফুটবলৰ প্ৰথম ডিভিজনত খেলিবলৈ সামৰ্থ্য অৰ্জন কৰিছিল। তৃণমূলত ছোনিয়া গান্ধীৰো প্ৰভাৱ এতিয়া ক্ষীণ, কাৰণ অসুখৰ বাবে তেওঁ তৃণমূলৰ খা-খবৰ নাপায়। যিসকল মানুহৰ পৰা তেওঁ খা-খবৰ পায় তেওঁলোকৰ কিছু সংখ্যক চোকা মানুহ হ’লেও তৃণমূলৰ জনতাৰ লগত ঘনিষ্ঠ নহয়। সেয়ে বিজেপিয়ে আজি জাতপাত আৰু ধৰ্মৰ কুৎসিত ৰাজনীতিৰে জনমানসৰ মাজৰ অন্ধবিশ্বাস আৰু প্ৰতিক্ৰিয়াশীল উপাদান ব্যৱহাৰ কৰি ব্যাপক প্ৰভাৱ আৰু বিজয় সাব্যস্ত কৰিছে।
সমাজবাদী দলেও মাত্ৰ দুবছৰ প্ৰচাৰ চলাই কৃষক আন্দোলনৰ গইনা লৈ যুদ্ধজয়ৰ আশা কৰিছিল। নানা বিকল্প বিষয় লৈ প্ৰতি ক্ষণত ৰাইজক লগত লৈ বিজেপিৰ লগত সংগ্ৰাম কৰা নাছিল। অথচ কৃষক আন্দোলনৰ প্ৰভাৱ উত্তৰ প্ৰদেশৰ এক বৃহৎ অঞ্চলত পৰা নাছিল। আৰু সেই সংগ্ৰামৰ ফলতহে সমাজবাদী দলে কিছু সাফল্য লাভ কৰিলে।
তৃণমূলত আৰু কাৰ্যকৰী ৰাজনীতিত ৰাহুল গান্ধীৰ ভূমিকা শোচনীয়। পঞ্জাবত অমৰিন্দৰ সিঙৰ দৰে পৰিপক্ক প্ৰবীণ নেতাৰ ঠাইত তেওঁ অধিস্থিত কৰিলে নৱজোৎ সিং সিদ্ধুৰ দৰে বহুবল্কী দুৰাকাঙ্ক্ষী নেতাক, কিন্তু মুখ্য মন্ত্ৰী পাতিলে চান্নিৰ দৰে অখ্যাত নেতাক। আনুগত্যৰ ৰাজনীতি অব্যৰ্থ শৰ নহয়। দলিত বুলি ৰহণ সানি দিলেও। বৰং নিৰ্বাচনৰ আগৰ সপ্তাহত সিদ্ধু চান্নিৰ কাজিয়াই জনতাৰ ঘৃণা উৎপাদন কৰিলে পঞ্জাবত।
চান্নি আৰু সিদ্ধুৰ তুমুল কাজিয়া নিৰ্বাচনৰ আগৰ সপ্তাহলৈকে চলি প্ৰথমতে দুয়ো দুয়োৰে ভেটি খহালে, আৰু ৰাইজৰ তীব্ৰ অৱজ্ঞা উদ্ৰেক কৰিলে। এই কাজিয়া বন্ধ নকৰাটো বা হ’বলৈ দিয়াটো কংগ্ৰেছ নেতৃত্বৰ অন্যতম ব্যৰ্থতা। অকালি দলৰ জ্যেষ্ঠ নেতা সকলৰ পৰাজয়ে সূচায় যে পঞ্জাবত কৃষক আন্দোলনৰ প্ৰভাবত বিজেপিৰ লগত বহুদিন সম্পৰ্ক ৰখাৰ ফল অকালি দলে লাভ কৰিলে।
বিজেপিৰ কোনো আশা নাছিল পঞ্জাবত। কিন্তু কংগ্ৰেছৰ গৃহকন্দলৰ পৰিণামত নতুন দল আপে জয়ধ্বজা উৰাবলৈ সক্ষম হয়। বাকী দলবোৰে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ আশা অনিশ্চিত।কিন্তু আপে দিয়া জনগণৰ বাবে উত্তম সুলভ চিকিৎসা আৰু শিক্ষাৰ ব্যৱস্থাৰ প্ৰমাণ পঞ্জাবৰ ৰাইজে ওচৰতে দিল্লীত আপ চৰকাৰে কৰা ব্যৱস্থাৰ পৰা দেখিছে।(উক্ত দুই ব্যৱস্থা এক সাম্যবাদী পৰিয়ালৰ কন্যাৰ পৰামৰ্শ অনুযায়ী কেজৰিৱালে গ্ৰহণ কৰিছিল।)
উত্তৰাখণ্ড, গোৱাত হিন্দুত্ববাদী ভাবধাৰা প্ৰবল হৈছে। তাৰ কাৰণ আৰু প্ৰতিকাৰৰ চিন্তা কৰিব লাগিব। তৃণমূলে প:বঙ্গত বামফ্ৰণ্টৰ লগত দীৰ্ঘকালীন যুদ্ধ কৰি তাত শক্তি অৰ্জন কৰিছিল। সেই কথা পাহৰি সুদূৰ গোৱাত কেৱল খ্যাতিৰ আধাৰত জয়লাভ কৰিবলৈ গৈ মুখঠেকেচা খালে। প্ৰমাণ হ’ল মমতাৰ ভাবমূৰ্তিয়ে ভাৰতব্যাপি জয়লাভত সহায় নকৰে।মমতায়ো ‘চৰ্ত কাট’ আশা নকৰাই ভাল। সংখ্যাত সবল কংগ্ৰেছৰ দুৰ্দশাই পুনৰ সোঁৱৰাই দিছে যে আমূল পৰিৱৰ্তন অবিহনে দলটোৰ ভবিষ্যত অন্ধকাৰ।
বিজেপিৰ অগ্ৰগতি ৰোধ কৰাৰ যে অৱশ্যে প্ৰয়োজন তাৰ কাৰণ বিবৰি বহুবাৰ লিখিছোঁ। কাৰণ তাৰ হিন্দু ৰাষ্ট্ৰৰ লক্ষ্যৰ নেপথ্যত আছে প্ৰথমে মুশ্লিম, খৃষ্টানৰ নাগৰিকত্ব আৰু নিৰাপত্তা খতম কৰি, দলিত বৰ্ণবোৰক অবদমিত কৰি দেশ জুৰি ‘ডেভেলাপমেন্টৰ’ নামত বৃহৎ একচেটিয়া পুঁজিৰ প্ৰভূত্ব প্ৰতিষ্ঠা কৰা। অন্তিম লক্ষ্য ভাৰতৰ গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থা সম্পূৰ্ণ ধ্বংস কৰি নিৰ্বাচনৰ ভেকো-ভাওনা এটা চলাই ৰখা, ৰাইজক সম্পূৰ্ণ অধিকাৰ হীন কৰি অনুগ্ৰহ-প্ৰাৰ্থী প্ৰজাত পৰিণত কৰা। আৰ এছ এছৰ সংগঠনে তেওঁলোকে শাসন কৰা প্ৰতিখন গাঁৱত ঘৰে-ঘৰে নিয়মিত খবৰ লয় চৰকাৰী বিনামূলীয়া চাউল,পায়খানা, যৎসামান্য চৰকাৰী দান-দক্ষিণা পাইছেনে নাই, বা দেৰী হৈছে নেকি, আৰু আশ্বাস দিয়ে যে হ’ব আৰু সহায়ো কৰে। মানুহবোৰৰ ৰাজনীতিৰ ওপৰতো চকু ৰাখে। তেৰি মেৰি কৰিলেই সা-সুবিধা বন্ধ! এই ব্যৱস্থাই ভোটত কি প্ৰভাৱ পেলাব পাৰে, সহজেই অনুমেয়। আৰু আৰ এছ এছে আগতে তাৰ পৰা সৰ খিনি কাটি নাৰাখে।কাৰণ ‘হিন্দু ৰাষ্ট্ৰ’ৰ দাবী তেওঁ লোকেই বান্ধি দিছে।
আন বেছিভাগ ‘গণতান্ত্ৰিক’ দলত মানুহ সদস্য আৰু কৰ্মী হয় নিজৰ ধন, প্ৰভাৱ, ৰাজনৈতিক ক্ষমতা বঢ়াবলৈ। তেওঁলোকৰ প্ৰথম চকু ৰাইজৰ বাবে দলীয় চৰকাৰে কৰা আঁচনিৰ ধনৰ ওপৰত। আশা কৰামতে সুযোগ নাপালে বিজেপিলৈ লৰ মাৰে। আমাৰ ইয়াতে বহু বিয়াগোম উদাহৰণ আছে। এনে কৰ্মীৰে তথা কৰ্মপন্থাৰে তৃণমূল স্তৰত কাম কৰি বিজেপিৰ ভেটি কেনেকৈ খহাব? নিজৰ প্ৰভাব কেনেকৈ বিয়পাব? নিৰ্বাচনৰ পূৰ্বে ছমাহ-এবছৰ আস্ফালন আৰু প্ৰচাৰ কৰি এইটো চৰকাৰক কেতিয়াও পৰাস্ত কৰিব নোৱাৰি, ৰাইজৰ আস্থাও নাপায়।