দেৱব্ৰত দাসৰ নতুন উপন্যাস ‘কড়িখেলাৰ সাধু’ লেখকৰ নিজৰ কথাতেই ব্যক্তিগত আৰু বাস্তৱ অভিজ্ঞতাৰ ওপৰতেই আধাৰিত। কিন্তু ই এক আত্মজীৱনী নহয়, বা ঘটনাবোৰৰ দিনলিপি সদৃশ উপস্থাপনো নহয়; ই বাস্তৱ, কল্পনা আৰু ব্যক্তিগত তথা সমূহীয়া স্মৃতি আৰু চেতনাৰ এক সুখকৰ সৃষ্টিশীল ৰসায়ন।
স্মৃতিয়ে এই উপন্যাসখনত এক বিশেষ ভূমিকা পালন কৰিছে। ক’বলৈ গ’লে বহুধা বিভক্ত বৰ্ণময় স্মৃতিয়েই উপন্যাসখন গঢ় দিছে। চৰিত্ৰবোৰে ভিন ভিন কালিক আৰু স্থানিক অৱস্থানৰ পৰা চাৰণ কৰা স্মৃতিবোৰে বাস্তৱ প্ৰতিফলন কৰিছে আংশিক, খণ্ডিত আনকি পৰস্পৰ বিৰোধীভাৱে। লেখক বা বৰ্ণনাকাৰীক সৰ্বজ্ঞ যেন লাগিলেও প্ৰকৃততে সৰ্বজ্ঞ নহয়।
আন সকলোৰে দৰে আমাৰ লেখকজনো বহু কথাৰ ওৰ নোপোৱাকৈয়ে ৰয়। উপন্যাসখনৰ প্ৰথম পৰ্যায়ৰ পৰা শেষলৈকে কিছু বিৰতিৰ মূৰে মূৰে দেৱব্ৰত বা দেবু দা বা লেখকে পাঠকৰ সৈতে আলাপত ৰত হয় আৰু কথাবোৰ লুটিয়াই বগৰাই চায়, ঘটনাবোৰৰ বাখ্যাৰ চেষ্টা কৰে, তেওঁৰ জীৱন-দৰ্শনৰো আভাষ দিয়ে।
উপন্যাস লেখনৰ প্ৰক্ৰিয়াটো এনেদৰে পাঠকৰ সৈতে ভাগ কৰি, পাঠককো উপন্যাসখনৰ লেখকৰ ভূমিকাত বহুৱাই দেৱব্ৰত দাসে ‘কড়িখেলাৰ সাধু’ক ইংৰাজীত যাক কয় ‘চেল্ফ ৰিফ্লেক্সিভ ন’ভেল’(Self Reflexive Novel) অসমীয়াত আমি যাক আত্মপ্ৰতিফলন মূলক বা আত্মচিন্তা মূলক বুলি ক’ব পাৰোঁ তেনেধৰণৰ এখন সফল উপন্যাস লিখি উলিয়াইছে।
সৰল ৰৈখিক কাহিনী বিন্যাসৰ সলনি সময় আৰু স্মৃতিৰ অহা-যোৱাৰ মাজেৰে বিভিন্ন দৃষ্টিকোণৰ বিন্যাসেৰে আৰু কিছু নিৰৱতাৰ ব্যৱহাৰেৰে গাঁঠি যোৱা টুকুৰা-টুকুৰ কাহিনীবোৰৰ অভিঘাতে পঠন অভিজ্ঞতা কিন্তু দুৰূহ কৰি তোলা নাই, কাৰণ লেখকৰ বাস্তৱ আৰু ইতিহাসবোধে তেওঁ গঢ়ি তোলা পাঠটোক অৰ্থহীন খেলিমেলি আৰু সংহতি হীনতাৰ পৰা ৰক্ষা কৰিছে।
এই উপন্যাসখন সেইবাবে যদিও বাস্তৱবাদী ৰীতিৰ নহয়, ই বাস্তৱ আধাৰিত, বাস্তৱবোধৰ উপন্যাস। উত্তৰ আধুনিক উপন্যাসৰ প্ৰায় সকলোবোৰ লক্ষণ এই উপন্যাসখনত উপস্থিত, তৎসত্বেও ইয়াৰ দাৰ্শনিক স্থিতি উত্তৰ আধুনিকতাবাদী নহয়। বৰং এই কৌশলসমূহ দেৱব্ৰত দাসে ব্ৰেখটৰ দৰে ব্যৱহাৰ কৰা বুলিহে ক’ব পাৰি।
ব্ৰেখটৰ দৰেই বাৰে বাৰে পাঠকৰ ওচৰ চাপি উপন্যাস খনৰ কাল্পনিক চৰিত্ৰটো উদঙাই ধৰে লেখকে, কিন্তু একে সময়তে পাঠকৰ চিনাকি অভিজ্ঞতা বোৰক এক নতুন স্তৰত উপস্থাপন কৰি পাঠকৰ চেতনাক জোকাৰি যায়। এক সামাজিক-ৰাজনৈতিক চেতনা অন্তৰ্লীন হৈ থকা এই উপন্যাসখনক আমি সমাজ বাস্তৱৰ উপন্যাস বুলিও ক’ব পাৰোঁ।
উপন্যাস খনৰ সৃষ্টি প্ৰক্ৰিয়াটো অতীব আকৰ্ষণীয়। এইখন এনে এখন উপন্যাস, য’ত উপন্যাসখনে লেখকক লিখিছে আৰু লেখকেও উপন্যাসখন লিখিছে। যিটো কথা ক’ব খুজিছো সেইটো হ’ল স্বত:স্ফুৰ্ততা আৰু লেখকীয় নিয়ন্ত্ৰণৰ এক সুষম মিশ্ৰণ এই উপন্যাসখন।
লেখকৰ জীৱন আৰু জগত সম্পৰ্কীয় জিজ্ঞাসাক খুচৰি দিয়ে থিয়ডৰ এঞ্জেলোপুলিচৰ নামৰ গ্ৰীক পৰিচালক এজনৰ ‘ইটাৰ্নিটি এণ্ড এ ডে’ (Eternity and a day) নামৰ এখন চিনেমাই যিখনৰ আৰম্ভণিৰ চাউণ্ডট্ৰেকৰ দুটা শিশুৰ সংলাপ আৰু দৃশ্যৰে উপন্যাসখন আৰম্ভ হয়। সময় সাগৰ পাৰত বহি কড়ি খেলি থকা শিশু।
এই সংলাপটোৰ পৰা দেৱব্ৰতে উপন্যাসখনৰ নামকৰণ কৰিছে। সমগ্ৰ উপন্যাসখনৰ মাজেৰেই সময়ৰ এই খেয়ালী ধাৰণাই ভূমুকি মাৰিছে। আনকি উপন্যাসখন শেষ হৈছে ‘ইটাৰ্নিটি এণ্ড এ ডে’ (Eternity and a day) চিনেমাখনৰ শেষৰ পিনৰ এটা দৃশ্যৰ’ শীৰ্ষক এটা চুটি অনুচ্ছেদেৰে।
উপন্যাসখনৰ কাহিনীভাগ মূলত: এটা পৰিয়ালৰ সদস্য সকলৰ ভিন্নমূখী জীৱন যাত্ৰা আৰু চিন্তাধাৰাৰ পৰা উদ্ভুত হোৱা পৰিস্থিতিক লৈ নিৰ্মিত। সুশীলা, সুশীলাৰ পুত্ৰ পলাশ, কন্যা পল্লৱী, পল্লৱীৰ পুত্ৰ অৰ্জুন, পল্লৱীৰ স্বামী শ্যামল আৰু অৰ্জুনৰ বাকদত্তা, যাৰ সৈতে অৰ্জুনৰ শেষ পৰ্যন্ত বিয়া হয়, মালবিকা। লেখকে এই চৰিত্ৰবোৰৰ চিত্ৰন কৰিছে তীৰ্য্যকভাৱে, ভিন ভিন দৃষ্টিকোণেৰে।
মন কৰিবলগীয়া যে যদিও সুশীলাৰ কথা, অৰ্জুনৰ কথা বা পল্লৱীৰ কথা শীৰ্ষক কেইবাটাও অধ্যায় আছে, পল্লৱীৰ স্বামী সাম্যবাদী ৰাজনৈতিক কৰ্মী শ্যামলৰ কথা বুলি কোনো অধ্যায় নাই। শ্যামলৰ উল্লেখ আনৰ কথাৰ মাজেৰেহে আহিছে। সাম্প্ৰদায়িক সম্প্ৰীতিৰ বাবে পতা এখন সভাত অংশগ্ৰহণ কৰিবলৈ গৈ সাম্প্ৰদায়িক গুণ্ডাৰ হাতত মৃত্যুবৰণ কৰা শ্যামলৰ কথা ঔপন্যাসিকে বিশেষভাৱে উপস্থাপন নকৰিলে।
অসমৰ বিগত কেইটামান দশকৰ ৰাজনৈতিক আদৰ্শগত দ্বন্দ্বৰ ক্ষেত্ৰত ঔপন্যাসিকৰ কিছু সিদ্ধান্তহীনতা ইয়াৰ কাৰণ হ’ব পাৰে বুলি অনুমান কৰিছো। সামগ্ৰিকভাৱে উপন্যাসখনৰ ই বিশেষ ক্ষতি কৰিছে বুলি অৱশ্যে মোৰ ধাৰণা হোৱা নাই। মই মাথো এনে এটা দিশৰ প্ৰতি আঙুলিয়াইছো, যিটোৱে উপন্যাসখনত আন এটা মাত্ৰা যোগ কৰিলেহেঁতেন।
বাস্তৱ জীৱনত সাধাৰণ মানুহৰ জীৱনৰ সৰু-ডাঙৰ ঘটনা কেতবোৰক বৃহত্তৰ ঐতিহাসিক পটভূমিত থাপি, তাৰ মাজেৰে চৰিত্ৰবোৰক ঔপন্যাসিকে আগুৱাই নিছে আৰু সেই কাহিনীবোৰ কোৱাৰ মাজে মাজে ‘তোমাৰ সৈতে মোৰ কথা’ শীৰ্ষক অধ্যায়বোৰত লিপ্ত হৈছে সামাজিক ৰাজনৈতিক দাৰ্শনিক প্ৰসঙ্গবোৰক লৈ পাঠকৰ সৈতে কথোপকথন।
লেখকৰ বা বৰ্ণনাকাৰীৰ ৰাজনৈতিক মতাদৰ্শ স্পষ্ট, পক্ষ লৈছে তেওঁ, তথাকথিত নিৰপেক্ষ মানৱতাবাদীৰ বিমূৰ্তবাণী তেওঁ আওৰোৱা নাই। অথচ শেষ সিদ্ধান্ত দি দিয়াৰ পৰাও তেওঁ বিৰত আছে, যিটোৱে বাস্তৱে সমুখলৈ আনি দিয়া নতুন প্ৰশ্নবোৰ উত্থাপিত হোৱাত বাধা নিদিয়ে।
মৃত্যুৱে উপন্যাসখনত বিশেষ ভূমিকা লৈছে। অকাল মৃত্যু আৰু তাৰ সৈতে অহা পাৰিবাৰিক সমস্যাবোৰ, মৃত্যু চেতনা, জীৱন স্পৃহা, এই তৰহৰ কথাবোৰ আহি থাকে। সুশীলাৰ মৃত্যুৰ অধ্যায়টো অতিশয় হৃদয়স্পৰ্শী। আন পাঠকৰ কেনে লাগিব নাজানো, মই নিজে কিছু সময় স্তব্ধ হৈ আছিলো।
দেৱব্ৰত দাসৰ এই উপন্যাসখন এক অপূৰ্ব সৃষ্টি। মননশীল সৃষ্টিশীলতা আৰু কলাগত নৈপুণ্যৰ এক উজ্জ্বল উদাহৰণ ‘কড়িখেলাৰ সাধু’, এই কথাত হয়তো পাঠক সকলেও সন্মতি দিব।