আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰসিদ্ধ উক্তি এটা এই যে “অসমীয়াগিৰি কৰি আমনি লাগিছে, এতিয়া ‘ভাৰতীয়গিৰি’ কৰিলেহে মন সুত লাগিব”।
‘ভাৰতীয়গিৰি’ সম্পৰ্কে অসমীয়াৰ স্পষ্ট ধাৰণা নাই। এটা উদাহৰণ পাইছোঁ, পাঠকৰ লগত ভগাই ল’ব খোজোঁ।
এজন বন্ধুৰ মুখত শুনা কথা। প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদধন্য ‘জলজীৱন আঁচনি’ৰ দ্বাৰা অসমৰ ২৫,০০০ গাঁৱতে প্ৰত্যেকখন গাঁৱত ১ কোটি টকা খৰচ কৰি পৰিষ্কাৰ খোৱা পানী আৰু দৈনন্দিন ব্যৱহাৰ্য পানীৰ যোগান ধৰাৰ ব্যৱস্থা কৰিব খোজা হৈছে।
ইমানদিনে ঠিকাৰ অভাৱত মূৰে-কঁপালে হাত দি থকা থলুৱা ঠিকাদাৰ বিলাকৰ দেহলৈ যেন প্ৰাণ আহিল। আটায়ে সাজু হ’ল। এজন প্ৰসিদ্ধ প্ৰভাৱশালী নেতাইও পূৰ্বাপৰ সংস্কাৰ মানি প্ৰত্যেক ঠিকাদাৰৰ পৰা আগতীয়াকৈ ৩ শতাংশ ধন (অৰ্থাৎ ৩ লাখকৈ টকা) দক্ষিণা হিচাপে আদায় কৰি ৰাখিলে। থলুৱা ঠিকাদাৰে ধাৰ-ধুপাৰ কৰি হ’লেও চান্দা দিলে। তাৰ পিছত বিনা মেঘে বজ্ৰপাত!
ভাৰতীয়গিৰিৰ কেন্দ্ৰ দিল্লীৰ পৰা নিৰ্দেশ আহিল যে ২৫,০০০ কোটি টকাৰ ঠিকা একেলগে ল’ব লাগিব কোনো কোম্পানীয়ে। সকলো কাম কেন্দ্ৰীকৃত (Centralized) হোৱা দৰ্কাৰ! অসমত ফাৰ্ষ্টক্লাছ ঠিকাদাৰ থাকিলেও কাৰো ইমান তাকত নাই যে একে সময়তে ২৫,০০০ গাঁৱত একেলগে কাম আৰম্ভ কৰি শেষ কৰিব পাৰে। হাঁহাকাৰ লাগিছে। ‘থ্ৰি পাৰ্চেণ্ট নিলে ঐ নিলে’ বুলিও মুকলিকৈ কান্দিব নোৱাৰে।
ইয়াৰ অৰ্থ এনে নহয় যে দিল্লীতো টকাৰ হাতবদল নহয়। হয়, কিন্তু একেলগে একেকোবতে বহু হাজাৰ কোটি ডাঙৰ কোম্পানীৰ হাতলৈ যাব। ফলত আশা কৰাতকৈ বা পূৰাপুৰি উৎকৃষ্ট হোৱাতকৈ ঠিকাৰ কাম-কাজ কিছু নিম্নস্তৰৰ হ’ব। এইটো আগতে এনেয়েও হয়। থলুৱা ঠিকাদাৰে প্ৰতি বিভাগৰে অনুমোদনৰ বাবে নৈবেদ্য দিওঁতে-দিওঁতে হাতত পৰিব পৰা টকাৰ পৰিমাণ আগতেও বহুত তাকৰ হয়গৈ। ফলত এটা গোৰ মাৰিলে ভাঙি পৰা ৰাস্তা, মঠাউৰি আৰু জলসিঞ্চন আঁচনি হয়। টিউবৱে’ল হয়, এবছৰতে নিজেই তৃষ্ণাতুৰ হৈ টিউবৱেলে মুখ মেলি আকাশলৈ চাই থকা হয়। কেন্দ্ৰীয়ভাৱে ঠিকাৰ আবণ্টন পোৱা কৰ্পোৰেট বা বহুজাতিক নিগমেও কিছুমান থলুৱা ঠিকাদাৰক sub-contract দিয়ে। তেওঁলোকে মুনাফাৰ ভাগ কম পোৱা বাবে নিম্ন মানৰ কাম কৰে।ফলত কামৰ মান তললৈ নামে।
এইবাৰ জি-এছ-টি ৰ দৰে প্ৰায় সকলো ৰাজহুৱা জমা খৰচ কেন্দ্ৰৰ অধীনলৈ যোৱাৰ ফলত চান্দা দিয়াৰ পদ্ধতি আৰু পৰিমাণ কেন্দ্ৰীভূত হ’ল। ভাৰতীয়গিৰিৰ মজা ইয়াতে। কেন্দ্ৰই হয়তো থলুৱা ঠিকাদাৰক সান্ত্বনা দি ক’ব, “আৰে’, ভয় কৰিছা কিয়? তীব্ৰ প্ৰতিযোগিতাৰ দ্বাৰা Gamon India আদি বৃহৎ কোম্পানীৰ শাৰীলৈ উঠা। তীব্ৰ ইচ্ছা শক্তিৰে কি কৰিব নোৱাৰি? পৃথিৱীত অসম্ভৱ বুলি একো নাই!”
ছাত্ৰ সন্থাৰ অসমীয়া মাধ্যমৰ স্কুল
অৱশেষত বহু যুগৰ অন্তত, ছাত্ৰ সন্থাৰ মহানায়ক সকলৰ মুখত এষাৰ ভাল কথা শুনা গ’ল। তেওঁলোকে জিলা সদৰবোৰত একোখনকৈ আদৰ্শ অসমীয়া মাধ্যমৰ উচ্চ মাধ্যমিক বিদ্যালয় খুলিব খোজে। (চৰকাৰে খুলিব খোজা ইংৰাজী মাধ্যমৰ বিদ্যালয়বোৰৰ স্থাপন “কেতিয়াও মানি লোৱা নহ’ব” বোলা হুংকাৰ শাৰী নিশ্চয় বৰ্জন কৰা হোৱা নাই!)
কিন্তু যোগ্যতা সম্পন্ন শিক্ষক যদি নিৰপেক্ষ পদ্ধতিৰে নিয়োগ কৰা হয়, যদি যথাযথ পৰিমাণৰ মাটি পোৱা হয়, তথাপি তেনে স্কুলৰ বাবে প্ৰধান সমস্যা হ’ব পৰ্যাপ্ত ধন। ধন নহ’লে সকলো মিছা।
অথচ ৰাজহুৱা ধনত ব্যক্তিগত হাতোৰা অসমৰ এক লজ্জাজনক ঐতিহ্য। তাৰ কলঙ্কৰ উপৰি বিপদৰ পৰা ৰক্ষা পৰাৰ একমাত্ৰ উপায় বেংক একাউণ্ট যোগে ধন সংগ্ৰহ কৰি তৎক্ষণাৎ বাতৰি কাকতত প্ৰকাশ কৰি থকা। যিটো ‘বিশ্বকোষ’ৰ ক্ষেত্ৰত হোমেন বৰগোহাঞি আৰু জি এল আগৰৱালাই কৰিছিল। তেনেকৈ ব্যয়ৰ ক্ষেত্ৰতো নিৰ্ভৰযোগ্য অডিটৰ ব্যৱস্থা কৰা উচিত হ’ব।
দিল্লীৰ ‘আপ চৰকাৰে’ তাৰ ৰাজহুৱা বিদ্যালয়বোৰত উন্নতি সাধনাত এনে কি ব্যৱস্থা লৈছিল যি বাবে তাৰ শিক্ষাৰ মান দ্ৰুতগতিত উন্নত ব্যক্তিগত বিদ্যালয়ৰ পৰ্যায়লৈ উধাব পাৰিছিল? সপ্ৰতিভ শিক্ষাবিদক দিল্লীলৈ পঠাই এই বিষয়ে খা-খবৰ ল’ব পাৰি।
এইবোৰ হ’ব নে? অসমীয়া মানুহে জাতিৰ স্বাৰ্থত দান কৰিব পাৰে, ধন সংগ্ৰাহকে হিচাপ মতে দুৰ্নীতিহীন ভাৱে ধন সংগ্ৰহ আৰু ধনৰক্ষা কৰিলেহে সেইটো কৰিব। সেইটো হৈ উঠিবনে? মনত ৰখা দৰকাৰ যে বিদ্যালয়খনত ইংৰাজী ভালকৈ শিকোৱাৰ ব্যৱস্থা থাকিব লাগিব। তাক উচিত জাগাত ৰাখি দিলে ইংৰাজীয়ে অসমীয়া ভাষাৰ ক্ষতি কৰিব নোৱাৰে। বহু বছৰ পূৰ্বে হলাণ্ডলৈ গৈ দেখিছিলো তাৰ ব্যৱসায়-বাণিজ্য, বাছ, দোকান, টেক্সি চবতে সলসলীয়া ইংৰাজী ভাষা ক’ব পৰা মানুহ থাকে। কিন্তু বিমানত ঘোষণাবোৰ ডাচ্চ্ ভাষাতো প্ৰথমে হয়, সকলো যাৱতীয় চৰকাৰী আৰু আনুষ্ঠানিক কাম ডাচ্চ্ ভাষাতে হয়। এটা ভাষাই আনটোক বিপন্ন কৰা নাই।
অসমত আমি এই দৃষ্টিকোণ গ্ৰহণ কৰি আত্মসন্মান বজাই নাৰাখোঁ কিয়? কিয় ল’ৰা-ছোৱালীক ইংৰাজী ভাষা শিকাই অসমীয়াৰ ক্ষেত্ৰত মূক-বধিৰত পৰিণত কৰোঁ?
জাগীৰোদ কাগজ কলৰ নিলাম
সম্ভৱত: গণ প্ৰতিৰোধৰ আশংকাতে জাগীৰোদ কাগজ কল নিলামৰ বাবে ধাৰ্য কৰা অতি নিম্নস্তৰৰ দামেও কোনো বৃহৎ পুঁজিপতি বা কৰ্পোৰেট গোষ্ঠীক আকৰ্ষণ কৰিব পৰা নাই। এনেকুৱাও হ’ব পাৰে যে বৃহৎ পুঁজিপতিক সোণৰ কণী পৰা হাঁহ লাগে, বেমাৰী হাঁহ নালাগে। তাক আপডাল কৰি সুস্থ কৰি কণী পৰা অৱস্থালৈ নিয়াৰ উৎসাহ তেৰাসৱৰ মাজত ক্ষীণ।
আনহাতে দিল্লীৰ নতুন শাসকবৰ্গৰ বিশ্বাস যে ‘ৰাজহুৱা সম্পদ’ বোলা একো নাই। সকলো ব্যক্তিগত, বা ব্যক্তিগত হোৱা উচিত। উদ্যোগ-ব্যৱসায়তো নহয়েই, নৈ-বিল, পাহাৰ, হাবি, গাঁও-চহৰৰ মুকলি ঠাই— সকলো ব্যক্তিগত সম্পত্তি হ’ব লাগে। অতি উন্নত আৰু চূঢ়ান্ত পুঁজিবাদী দেশতো এনে চৰম ধাৰণা নাই। তেনে বহু দেশত ৰে’ল-বাছ সেৱা আদি ৰাজহুৱা, পাৰ্ক ৰাজহুৱা, কেতবোৰ প্ৰধান উদ্যোগো ৰাজহুৱা। আৰু সেইবোৰ সুন্দৰকৈ চলি আছেও। অসমীয়া পৰ্যটকে সেইবোৰ দেশ ভ্ৰমি আহি তাৰ ভুৰি-ভুৰি প্ৰশংসা কৰাও দেখিছোঁ।
আমাৰ ৰাজ্য চৰকাৰৰ হৰ্ত্তা-কৰ্ত্তা সকলৰ আন এক অভিপ্ৰায় থকা বুলি সন্দেহ হয়, কাৰণ তেওঁলোক দিল্লীৰ দেৱতা সকলৰ ইন্দ্ৰজালত মন্ত্ৰমুগ্ধ। হয়তো সস্তাত উদ্যোগটো আৰু তাৰ দখলত থকা বিপুল সম্পত্তি পিছলৈ লাহে-ধিৰে অতি কম দামত টুকুৰা-টুকুৰকৈ কৰ্পোৰেট গোষ্ঠীকে বিক্ৰী কৰিব। ‘ঔদ্যোগিক বিকাশৰ স্বাৰ্থত বিলাই দিবও পাৰে। চৰকাৰেই দুষ্কাৰ্য্য কৰিব নোৱাৰাৰ কিবা এটা ব্যৱস্থা থাকিব লাগে। এনেয়ে নাগালেণ্ড, মিজোৰাম চৰকাৰে অসমৰ মাটি দখল কৰিবলৈ সাহ পোৱা নাই। তেওঁলোকে দেখিছে যে ৰাজ্যৰ ভূমি আদি সম্পদ থলুৱাৰ বাবে সুৰক্ষিত কৰাতকৈ আনক দিয়াতহে ৰাজ্য চৰকাৰৰ উৎসাহ বেছি।
আকৌ ‘কাশ্মীৰ ফাইলছ্’!!
চিনেমাখনৰ বিষয়ে আৰু নানা হুলস্থুল হৈছে। এচামে তাৰ কোনো সমালোচনা শুনিব নোখোজে। চিধাই তাক দেশদ্ৰোহৰ প্ৰমাণ বুলি গৰম প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। গোচৰ দিয়ে।
এইবাৰ এটা কথাত তেওঁলোক বিবুদ্ধি হৈছে। ভগনীয়া কাশ্মীৰী পণ্ডিত সকলৰ মাজৰে কেইবাজনকো ধৰি তেনে ‘পণ্ডিত’ কূলৰ কেইবাজনেও (২০ জন মান হ’ব) ৰাজহুৱা বিবৃতি দি চিনেমাখনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে। তেওঁলোকে কৈছে যে চিনেমাখনত তথ্য বিকৃতি আছে— যাৰ কোনো যুক্তি বা ভিত্তি নাই। কাশ্মীৰী পণ্ডিত সকলৰ মাজত সন্ত্ৰাসবাদীৰ হাতত নিহত পণ্ডিতৰ সংখ্যা চিনেমাৰ পৰিচালকৰ ধাৰণা মতে ৪,০০০ (চাৰি হেজাৰ)। এক আতংকজনক সংখ্যা। কিন্তু বিভিন্ন সূত্ৰ মতে সেই সংখ্যা কোনো মতেই ৫৫০ ৰ (পাঁচশ পঞ্চাছ জনৰ) বেছি হ’ব নোৱাৰে। ২১৯ (দুশ উনৈশো) হ’ব পাৰে। তদুপৰি সন্ত্ৰাসবাদী বিলাকে যে শিখ আৰু মুশ্লিমৰ ওপৰত সমানে অত্যাচাৰ চলাইছিল, তাকো জোৰ দি কৈছে। উদাহৰণস্বৰূপে ‘আল ছাফা’ নামৰ কাকত এখনৰ কাশ্মীৰ মুশ্লিম সম্পাদক ৱাকিল ছাৱালক সন্ত্ৰাসবাদী বিলাকে সিহঁতৰ দুষ্কাৰ্য্যৰ প্ৰতিবাদ কৰা বাবেই হত্যা কৰিছিল। অথচ চিনেমাখনত সেই শ্বহীদজনক সন্ত্ৰাসবাদী পতা হৈছে!!
বিবৃতিৰ স্বাক্ষৰকাৰী সকলে কৈছে যে তেওঁলোক পতিয়ন গৈছে যে এই ভয়াৱহ হত্যাকাণ্ড সম্ভৱ কৰি তুলিছিল দিল্লীত ভি,পি, সিঙৰ আমোলত জম্মু আৰু কাশ্মীৰৰ লেফটে’নেণ্ট গৱৰ্নৰ হৈ থকা জগমোহনৰ চক্ৰান্তই। জগমোহন আকৌ হিন্দুত্ববাদৰ সমৰ্থক আছিল। এইটো তেওঁলোকৰ স্পষ্ট অভিযোগ।
এতিয়াও সকলো পণ্ডিতে কাশ্মীৰ এৰি অহা নাই। কেই হাজাৰ মান তাৰ স্থানীয় মুশ্লিম মানুহৰ ভৰসাতে তাতেই ৰৈ গৈছিল। পিতৃ-পিতামহৰ ভেটি সহজে এৰি অহা নাযায়।
‘ইয়াত নদী আছিল’
‘আমাৰ অসম’ৰ প্ৰথম পৃষ্ঠাত এখন চকু নিথৰ কৰা ফটো: যোৰহাটৰ জাঁজীমুখৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৰে খোজ কাঢ়ি মানুহৰ দীঘল শাৰী এটা নদী পাৰ হ’বলৈ গৈছে। হয়তো সম্পূৰ্ণ শুকোৱা নাই, কিন্তু ভালেখিনি শুকাইছে। মাজত হয়তো ঠেক সুঁতি এটা বৈ আছে। জীৱন কালত এনে দৃশ্য দেখিম বুলি ভবা নাছিলোঁ। মানুহৰ গৰ্বিত প্ৰগতিতকৈ বহু আগতে বিশ্বজগতে জাননী দিছে, তহঁতে মোক ৰসপম নোহোৱা কৰিলি। ভূপেন হাজৰিকাই গাইছিল, “লুইতক ভেটিব কোনে?” এতিয়া লুইত নিজে নিজে শুকাই আহিছে।
নানা জনে নানা কথা কৈছে। হিমালয়ৰ বৰফ হ্ৰাস পাইছে বাবে তাৰ পৰা অহা পানীৰ সোঁত বন্ধ হৈছে। কিন্তু বৰলুইতৰ পানীৰ সৰহভাগ বৰফ গলা পানী নহয়। বৰষুণৰ পানী, তাক ধৰি ৰখা জান-জুৰি, গছ-বন, সকলো শুকাই পেলাইছে মানুহৰ ধ্বংসাত্মক নিৰ্মাণে। ৰাস্তা-ঘাট, চহৰ, আৰ-চি-চিৰ হেঁচা, বিমান বন্দৰ, ৰে’ল পথ, সকলোৱেই বনজুইৰ দৰে গছ-বন কাটি মৰুভূমি গঢ়ি আছে। কোৱা হৈছে ‘বিকাশ! বিকাশ!!’ কিন্তু এই বিকাশে গছ-বন, জীৱকূল বিনাশ কৰি আছে। সীমান্তৰ সিপাৰতো একেই মৃত্যু লীলা। অৰুণাচল প্ৰদেশৰ বৃহৎ নদীবান্ধ বোৰেই হৈছে গছ-বন শেষ কৰা প্ৰচণ্ড হুতাশন।
এইবোৰ শাসক শ্ৰেণীয়ে কৰে, কিন্তু সাধাৰণ মানুহে, বিদ্বৎসমাজে, তাত বাধা নিদিয়ে। সকলো তেওঁলোকৰ অনুগ্ৰহ প্ৰাৰ্থী। শাসক শ্ৰেণীক (ধনিক আৰু চৰকাৰ চলোৱা মানুহ) জীৱনদায়িনী পানী, গছ-বন একো নালাগে। লাগে মাথোন টকা। টকাৰে সকলো খিনি কিনা যায় বুলি এটা অদ্ভূত ভিত্তিহীন মোহ সেইসকলৰ মনত।
ডাৱৰৰ পানী বৰষুণ হয় গছ-বন ভৰা পাহাৰ আৰু ভৈয়ামৰ বননিৰ বাবে। পাহাৰৰ পৰা ভৈয়ামলৈ বৈ অহা পানী নিগৰি বননি হয়, নৈ-জান হয়। তেনেকৈ প্ৰকৃতি সজীৱ হৈ থাকে। পানীৰ সঞ্জীৱনীৰে প্ৰকৃতি বাৰে-বাৰে উজ্জীৱীত হয়।
অসমৰ মানুহে নিজৰ মগজু ব্যৱহাৰ নকৰা হৈছে। ভাবি নাচায়, চৰকাৰ আৰু ধনিক শ্ৰেণীৰ ধ্বংস যজ্ঞই তেওঁলোকৰ জীৱন, ভৱিষ্যত কেনেকৈ বৰ্বাদ কৰি আছে। চকুৰ আগতে বন ধ্বংস আৰু নৈ নদী ধ্বংস দেখিও বাধা দি বন্ধ নকৰে। নামনি শোৱনশিৰী বান্ধ নিৰ্মাণৰ সময়ত অসমীয়াৰ কিছু সাহ-পিত আছিল, এতিয়া মৰি গৈছে। ভাব হয় যে কিছুমান ৰাজনৈতিক দলে অসমীয়াৰ অভিভাৱকত্ব কৰি শত্ৰুৰ হাততে সকলো সঁপি দিলে।