(১) বহনক্ষমতা আৰু সংহত প্ৰচেষ্টা
ন’বেল বঁটা বিজয়ী ভাৰতীয় বিজ্ঞানী চি ভি ৰমণৰ দ্বাৰা ১৯৩০ চনত ৰমণ-পৰিঘটনা আৱিষ্কাৰৰ তাৰিখটো (২৮ ফেব্ৰুৱাৰী) ১৯৮৭ চনৰ পৰাই দেশত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰি অহা হৈছে। এই বছৰ ( ২০২২) এই দিৱস পালনৰ মুখ্য বিষয় (theme ) আছিল: বহনক্ষম ভৱিষ্যতৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সংহত (বা সমন্বিত) প্ৰয়োগ (Integrated Approach in Science and Technology for a Sustainable Future ) ।
যোৱা ছয় জানুৱাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ কাৰ্যসূচীৰ পাতনি মেলি কেন্দ্ৰীয় বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু ভূবিজ্ঞানৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সংহত প্ৰয়োগৰ যোগেদি চৰকাৰে আচলতে এই চাৰিটা কথা বুজাব খুজিছে: সকলো বিজ্ঞান-সম্বন্ধীয় বিভাগে যাতে একোটা মূল-বিষয় লৈ কাম কৰিব পাৰে; বিজ্ঞানৰ লগত আভিযান্ত্ৰিক, চিকিৎসাবিজ্ঞান তথা অন্য অনুষ্ঠানৰ লগত সংহতকৰণ; তৃতীয়তে, জলশক্তি, ৰে’লপথ আদি মন্ত্ৰণালয়ৰ আৱশ্যকতাসমূহ চিনাক্ত কৰি বিজ্ঞানৰ লগত অতিৰিক্তভাৱে সংহতকৰণ; আৰু, চতুৰ্থতে, ষ্টাৰ্টআপ আৰু উদ্যোগৰ লগত সংহতকৰণৰ বাবে বিজ্ঞানৰ বিস্তাৰ।
সহজ ভাষাত কব লাগিলে, বহনক্ষম ভৱিষ্যতৰ কোনো বিকল্প নাই; জলবায়ু পৰিবৰ্তন আদি সমস্যাৰে পৰিবেষ্টিত হৈ বৰ্তমানে আমাৰ একমাত্ৰ বাসস্থান পৃথিৱী নামৰ গ্ৰহটো আৰু ইয়াত বাস কৰা সকলো প্ৰাণীৰ ভৱিষ্যত বহনক্ষমতাৰ লগত ওতঃপ্ৰোতঃভাৱে সাঙোৰ খাই আছে আৰু আমাৰ সকলো কামকাজ বহনক্ষমতাৰ তুলাচনীৰে জোখাৰ প্ৰয়োজনীয়তা আহি পৰিছে ।
তদুপৰি, একোটা বৃহৎ সমস্যাক মূল বিষয় হিচাপে লৈ, সংহত উপায়েৰে কাম নকৰিলে কোনো ডাঙৰ কাম কৰিব নোৱাৰি; বিজ্ঞান-সম্বন্ধীয় বিভাগসমূহে গাইগুটীয়াকৈ কাম কৰি থাকিলে (silo mode ) সৰুসুৰা কামহে সিজে। উদাহৰণস্বৰূপে, পুনৰ্নবীকৰণীয় শক্তিৰ উৎস হিচাপে সৌৰশক্তি, হাইড্ৰ’জেন কোষ আদিৰ বিকাশ বিজ্ঞানৰ কেৱল এটা বা দুটা শাখাৰ প্ৰচেষ্টাৰে সম্পাদন কৰিব নোৱাৰি।
বিজ্ঞান আৰু প্ৰযুক্তিৰ সংহত প্ৰচেষ্টাৰ সফল উদাহৰণৰ ভিতৰত আছে– দ্বিতীয় বিশ্বযুদ্ধৰ মাজতে, আমেৰিকাত প্ৰথম পাৰমাণৱিক বোমাৰ প্ৰস্তুতিকাৰ্য (যদিও ইয়াৰ লক্ষ্য উচিত নাছিল), ভাৰতীয় মহাকাশ সংস্থাৰ বিভিন্ন উপগ্ৰহ নিক্ষেপণৰ কামসমূহ ইত্যাদি; এইবোৰত বিশাল বৈজ্ঞানিক-প্ৰযুক্তিবিদ্যাৰ সংহত প্ৰচেষ্টাৰ প্ৰয়োজন হয়।
আজিৰ বিশ্ব মঞ্চত কেন্দ্ৰীয় স্থান দখল কৰিছে বহনক্ষম উন্নয়নে। উন্নয়ন মানুহক লাগে; কিন্তু উন্নয়ন এনে ধৰণৰ হব লাগে যাতে ই এই গ্ৰহটোৰ বহনক্ষমতাৰ ভিতৰত থাকে; উন্নয়নৰ নামত সম্পদৰ ব্যয় ইমান হব নালাগে যিটোৰ পুনৰ্নিৰ্মাণ বা পুনৰ-নবীকৰণ অসম্ভৱ হৈ পৰে; উন্নয়নৰ ফলত, বায়ুমণ্ডল, পানী, মাটি আদিকে ধৰি সমগ্ৰ প্ৰাকৃতিক পৰিৱেশত কোনো ধৰণৰ পূৰাব নোৱাৰা ক্ষতি হব নালাগে।
দৰাচলতে, ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ২০১৫ চনত সোতৰটা বহনক্ষম উন্নয়নৰ লক্ষ্য গৃহীত হৈছিল; এই কেইটা লক্ষ্যৰ প্ৰাপ্তি ২০৩০ চনৰ ভিতৰত সম্পন্ন কৰাৰ লক্ষ্য ধাৰ্য কৰা হৈছে। এই লক্ষ্য কেইটাৰ ভিতৰত আছে: (১) দৰিদ্ৰতাৰ দূৰীকৰণ, (২) ক্ষুধাৰ নিবাৰণ, (৩) সুস্বাস্থ্য আৰু কুশল-মংগল, (৪) মানসম্পন্ন শিক্ষা, (৫) লিংগ সমতা (৬) পৰিষ্কাৰ পানী আৰু অনাময়, (৭) সস্তীয়া আৰু নিকা শক্তি, (৮) মৰ্যাদাসম্পন্ন কামৰ অধিকাৰ আৰু অৰ্থনৈতিক বিকাশ, (৯) উদ্যোগ, উদ্ভাৱনা আৰু আন্তঃগাঁথনি, (১০) অসমতাৰ হ্ৰাসকৰণ, (১১) বহনক্ষম মহানগৰী আৰু সম্প্ৰদায়সমূহ, (১২) দায়িত্বপূৰ্ণ উপভোগ আৰু উৎপাদন, (১৩) জলবায়ু সম্পৰ্কীয় দায়িত্ব, (১৪) পানীৰ তলৰ জীৱ-জন্তুসমূহ, (১৫) মাটিৰ ওপৰৰ জীৱ-জন্তুসমূহ, (১৬) শান্তি, ন্যায় আৰু শক্তিশালী প্ৰতিষ্ঠানসমূহ, (১৭) লক্ষ্যসমূহ পাবৰ বাবে সহযোগিতা।
এই লক্ষ্যসমূহ অলপ বহল পৰিসৰৰ আৰু পৰস্পৰ-নিৰ্ভৰশীল আৰু সেই বাবেই ২০১৭ চনত এইবিলাক অধিক কৰ্ম-সম্পাদনীয় (actionable) কৰা হয় আৰু প্ৰতিটো লক্ষ্যৰ বাবেই টাৰ্গেট বা গন্তব্যস্থল আৰু সূচকাংক ধাৰ্য কৰা হয় যাতে ৰাজ্য, অঞ্চল বা দেশভেদে লক্ষ্য হাচিলৰ স্থিতি পৰ্যবেক্ষণ কৰিব পৰা যায়।
(২) কেইটামান দৰকাৰী কাম
দৰাচলতে, বহনক্ষম উন্নয়নৰ বাবেই হওক বা অন্য কাৰণতে হওক, যিকোনো এটা ডাঙৰ বিজ্ঞান-প্ৰযুক্তি-সম্বন্ধীয় কাম কৰিবৰ বাবে সংহত প্ৰচেষ্টাৰ প্ৰয়োজন হয়; ওপৰত কোৱা ধৰণে, গাইগুটীয়া প্ৰচেষ্টাৰে কেতিয়াও এনে কাম কৰিব পৰা নাযায়। দেশখনৰ সন্মুখত থকা কেইটামান প্ৰধান প্ৰত্যাহ্বান মোকাবিলা কৰাৰ ক্ষেত্ৰত এই কথা খাটে।
উদাহৰণস্বৰূপে, ৰাষ্ট্ৰীয় হাইড্ৰ’জেন মিশ্যনৰ কথা উল্লেখ কৰিব পাৰি; ২০০৩ চনৰ পৰাই দেশত চেগাচোৰোকাকৈ চলি থকা হাইড্ৰ’জেন উৎপাদনৰ কামটো যোৱাবছৰৰ পৰা কিছু অধিক গতিশীল হৈছে; কাৰণ চৰকাৰে অহা তিনি বছৰৰ বাবে ৮০০ কোটি টকাৰ আবণ্টনেৰে ৰাষ্ট্ৰীয় হাইড্ৰ’জেন মিশ্যন আৰম্ভ কৰিছে।
এক ইন্ধন হিচাপে, হাইড্ৰ’জেনৰ কোনো তুলনা নাই; কিয়নো ইয়াত কাৰ্বনৰ পৰিমাণ শূন্য (গতিকে ইয়াক জ্বলাওঁতে, কোনো প্ৰদূষণ নহয়); তদুপৰি আটাইতকৈ লঘুতম মৌল হোৱাৰ বাবে, ওজনৰ হিচাপত শক্তিৰ পৰিমাণ হাইড্ৰ’জেনতে আটাইতকৈ বেছি। পৃথিবীত হাইড্ৰ’জেন এটা অতি সুলভ পদাৰ্থ হলেও, ই অতি ৰাসায়নিকভাৱে অত্যন্ত সক্ৰিয় হোৱা বাবে সদায় যৌগ অৱস্থাতহে থাকে; গতিকে ইয়াক বিশুদ্ধ ৰূপত আহৰণ কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান।
হাইড্ৰ’জেন উৎপাদনৰ বিভিন্ন উপায়ৰ ভিতৰত বায়ু তথা সৌৰ শক্তি আদি নৱীকৰণীয় শক্তিৰে পানীৰ বিদ্যুৎ বিশ্লেষণ (electrolysis ) এটা সৰ্বোত্তম উপায়; ইয়াৰ যোগেদি হৰিৎ হাইড্ৰ’জেন পাব পৰা যায় যাৰ উৎপাদন প্ৰক্ৰিয়াত তথা ইন্ধন হিচাপে দহনত কোনো প্ৰদূষণ নহয়।
এই বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়াৰ দক্ষতা বঢ়াবৰ বাবে আৰু হাইড্ৰ’জেন-আধাৰিত ইন্ধন-কোষ প্ৰস্তুত কৰাৰ বাবে দেশত এতিয়া প্ৰায় এশটা মান টীমে কাম কৰি আছে। অৱশ্যে কামটোৰ জটিলতালৈ চাই, ২০৫০ চনৰ ভিতৰত, গোটেই বিশ্বতে মাত্ৰ ছয় শতাংশ মান শক্তিৰ চাহিদাহে হাইড্ৰ’জেনে পূৰাব পাৰিব বুলি অনুমান কৰা হৈছে।
সেই ধৰণে, বহনক্ষম উন্নয়নৰ বাবে সহায়ক হোৱাকৈ, তাপ-নিউক্লীয় বিক্ৰিয়াৰ যোগেদি শক্তি উৎপাদন আৰম্ভ কৰাটো দেশখনৰ সন্মুখত থকা অন্য এক প্ৰত্যাহ্বান। ই হ’ল সচৰাচৰ চলি থকা নিউক্লীয় ৰিয়েক্টৰবিলাকত ব্যৱহৃত ফিশ্যন বা বিভংগন প্ৰক্ৰিয়াৰ ওলোটা; বিভংগন প্ৰক্ৰিয়াত ইউৰেনিয়াম আদি গধুৰ মৌলৰ পৰমাণু এটা ভাগি গৈ দুটা বা অধিক সৰু পৰমাণুৰ সৃষ্টি হয় যাৰ সৰ্বমুঠ ভৰ ইউৰেণিয়ামৰ পৰমাণুটোৰ ভৰতকৈ কম; ভৰৰ এই ব্যৱধান আইনষ্টাইনৰ E = mc2 সমীকৰণ অনুসৰি শক্তিলৈ ৰূপান্তৰিত হয়।
তাপ-নিউক্লীয় বিক্ৰিয়াত অন্যহাতে, ফিউশ্যন বা একীকৰণ বা বিলয় প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয় য’ত হাইড্ৰ’জেনৰ দৰে সৰু পৰমাণু দুটাৰ বিলয় ঘটি হিলিয়ামৰ এটা পৰমাণুৰ সৃষ্টি হয়। এই প্ৰক্ৰিয়াতো, হাইড্ৰ’জেন পৰমাণু দুটাৰ মুঠ ভৰ হিলিয়ামৰ পৰমাণুটোৰ ভৰতকৈ বেছি; গতিকে আপাততঃ অদৃশ্য হৈ পৰা ভৰখিনি, আইনষ্টাইনৰ সূত্ৰ মানি শক্তিলৈ ৰূপান্তৰিত হয়।
ফিউশ্যন প্ৰক্ৰিয়াত উৎপাদিত শক্তি ফিশ্যন প্ৰক্ৰিয়াৰ শক্তিতকৈ প্ৰায় চাৰিগুণ বেছি। তদুপৰি, ফিশ্যন প্ৰক্ৰিয়াত জড়িত থকা অবাঞ্ছনীয় তেজস্ক্ৰিয়তা ফিউশ্যনত নাথাকে আৰু ইউৰেনিয়াম এটা দুষ্প্ৰাপ্য পদাৰ্থ হোৱাৰ বিপৰীতে, হাইড্ৰ’জেনৰ আছে এক সহজেই উপলব্ধ অফুৰন্ত ভাণ্ডাৰ।
গতিকে, এই সকলো ফালৰ পৰা চালে, ফিউশ্যন প্ৰক্ৰিয়াৰ যোগেদিয়েই শক্তিৰ উৎপাদন কৰা ভাল। কিন্তু ইয়াত থকা প্ৰত্যাহ্বানটো হ’ল এই যে ফিউশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰিবৰ বাবে সূৰ্যৰ দৰে নক্ষত্ৰসমূহৰ অভ্যন্তৰত বিৰাজমান নিযুত ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতা সৃষ্টি কৰিব পাৰিব লাগিব (ফিউশ্যনক তাপ-নিউক্লীয় বিক্ৰিয়া বোলাৰো কাৰণ এইটোৱেই)।
তদুপৰি, এনে উষ্ণতাত হাইড্ৰ’জেন পৰমাণুবিলাক আয়নত বিভক্ত হৈ পদাৰ্থৰ চতুৰ্থ স্তৰ প্লাজমাৰ ৰূপত থাকে; এই প্লাজমাক এডোখৰ ঠাইত সীমাবদ্ধ কৰি ৰখাও এটা ডাঙৰ সমস্যা। এইবোৰ কাৰণতে, ফিউশ্যন প্ৰক্ৰিয়াৰ যোগেদি ব্যৱহাৰিক ৰূপত শক্তি উৎপাদন সম্ভৱপৰ হোৱা নাই।
ইয়াক সম্ভৱপৰ কৰি তুলিবৰ বাবে, ভাৰতকে ধৰি পয়ঁত্ৰিছখন দেশৰ সহযোগিতাৰে ফ্ৰান্সত আন্তৰ্জাতিক তাপ-নিউক্লীয় সম্পৰীক্ষামূলক ৰিয়েক্টৰ (ITER ) এটা ১৯৮৫ চনত আৰম্ভ কৰা হৈছিল; এই প্ৰকল্পৰ সমাপ্তিৰ সময়সীমা কেইবা বাৰো বঢ়াই দিয়াৰ দৰকাৰ হৈছে আৰু সম্প্ৰতি ই ২০৩৫ চন মানতহে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। এইটো সম্পূৰ্ণ হোৱাৰ পিছতো, মাত্ৰ ৫০০ মেগাৱাট শক্তিহে উৎপাদন কৰিব পৰা যাব আৰু ই মূলতঃ এক প্ৰযুক্তিৰ সম্ভাৱনা প্ৰদৰ্শন কৰাৰ বাবেহে সহায়ক হব।
এনে প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবৰ বাবে আন্তৰ্জাতিক স্তৰত বিশাল পৰিসৰত সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজন হৈছে।
কোৱিড-১৯ মহামাৰীত, আন্তৰ্জাতিক সমন্বয় আৰু সহযোগিতাৰে অতি কম সময়ৰ ভিতৰতে, প্ৰতিষেধক বনোৱাটো সম্ভৱপৰ হ’ল। ইয়াত যি ধৰণৰ বিশাল পৰিসৰত সংহত প্ৰচেষ্টাৰ প্ৰয়োজন হৈছিল আৰু হৈ আছে, সিও এক অভূতপূৰ্ব ঘটনা।
(৩) বিজ্ঞানত হঠকাৰিতা, বিদেশনীতি আৰু মৌলিক গৱেষণা
শেষত অন্য দুটামান প্ৰাসংগিক কথাৰে সামৰিব খুজিছোঁ। সংহত বা সমন্বিত প্ৰচেষ্টাৰে বিশাল বিজ্ঞান-প্ৰযুক্তি-আধাৰিত কাম সম্পাদন কৰিব নিশ্চয়কৈ পাৰি; কিন্তু কৰিব পৰা যায় বুলিয়েই যে কৰিব লাগিব তাৰ কোনো কথা নাই। চাব লাগিব যে ই বহনক্ষম উন্নয়নৰ বাবে সহায়ক হয় নে নহয়। উদাহৰণস্বৰূপে, চৰকাৰে নদীসংযোগৰ ( River-linking ) মহাপ্ৰকল্পৰ বিষয়েও মাজে-সময়ে কৈ আছে।
কিন্তু দেশৰ বিজ্ঞানী আৰু প্ৰকৃতিপ্ৰেমীসকলৰ বেছিসংখ্যকেই এই প্ৰকল্পৰ বিৰোধিতা কৰিছে আৰু তেওঁলোকৰ দৃষ্টিত এই হঠকাৰী প্ৰকল্পৰ পৰা চৰকাৰ বিৰত থকাই ভাল। কিয়নো, ই কিমান দূৰ বহনক্ষম হয় তাত বহু বিজ্ঞজনৰে সন্দেহ আছে।
আমি সমন্বয় বা সংহত কৰাৰ প্ৰক্ৰিয়াৰ পৰা সাধাৰণতে ৰাজনীতি বা বিদেশনীতিক বাদ দি থওঁ; কিন্তু দেশৰ সামগ্ৰিক প্ৰগতিৰ বাবে এনে দিশবিলাকো সামৰিব লাগিব। উদাহৰণস্বৰূপে, বৈদ্যুতিক বাহন আদি বহনক্ষম উন্নয়নৰ এটা প্ৰধান উপাদান। কিন্তু ইয়াৰ বেটেৰী-নিৰ্মাণৰ বাবে লিথিয়াম নামৰ ধাতুবিধৰ অতি প্ৰয়োজন; অথচ, ভাৰতত এইবিধ ধাতুৰ আকৰ অতি সামান্য।
পৃথিবীৰ প্ৰথম চাৰিখন লিথিয়ামৰ আকৰ থকা দেশ হ’ল চিলি, অষ্ট্ৰেলিয়া, আৰ্জেণ্টিনা আৰু চীনদেশ। চীনদেশ বৰ্তমানে লিথিয়াম-আয়ন-আধাৰিত বেটেৰী উৎপাদনৰ ক্ষেত্ৰত প্ৰথম। ভাৰতে অন্ততঃ চিলি, অষ্ট্ৰেলিয়া আৰু আৰ্জেণ্টিনাৰ লগত সুসম্পৰ্ক স্থাপন কৰি এই ক্ষেত্ৰত অগ্ৰসৰ হোৱাৰ অতি প্ৰয়োজন আছে।
কিন্তু সমন্বিত বা সংহত প্ৰচেষ্টাৰে বিজ্ঞান আৰু প্ৰযুক্তিৰ বিভিন্ন শাখাক সাঙুৰি লৈ বিশাল কাম সম্পন্ন কৰাৰ প্ৰচেষ্টাত, প্ৰতিটো শাখাতে মৌলিক বৈজ্ঞানিক গৱেষণা অব্যাহত ৰখাৰ গুৰুত্ব আওকাণ কৰিলে নচলিব। বিশাল প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ যিদৰে সকলোকে লগত লৈ সমন্বিত প্ৰচেষ্টা চলাব লাগিব, সেইদৰে প্ৰকৃতিৰ ৰহস্য ভেদ কৰিবলৈ বিজ্ঞানৰ প্ৰতিটো শাখাতে মৌলিক গৱেষণাও জোৰদাৰ গতিত চলাব লাগিব।
উদাহৰণস্বৰূপে, (আকৌ কওঁ, ইয়াৰ লক্ষ্য অনুকৰণীয় নহয়), মানহাট্টান প্ৰকল্পত প্ৰথমবাৰৰ বাবে পাৰমাণৱিক বোমা বনাবৰ বাবে যি এক বিশাল কৰ্মযজ্ঞ চলোৱা হৈছিল তাৰ কিন্তু মূলতে আছিল তাত্ত্বিক পদাৰ্থবিজ্ঞানত আৱিষ্কৃত আইনষ্টাইনৰ বিশেষ আপেক্ষিকতাবাদৰ সূত্ৰ আৰু নিউক্লীয় বিক্ৰিয়াৰ ক্ষেত্ৰত লীজ মেইটনাৰ আদি বিজ্ঞানীয়ে কৰা মৌলিক গৱেষণা; ৰ্মৌলিক বিজ্ঞানৰ এই দুটা আৱিষ্কাৰৰ অবিহনে নিউক্লীয় শক্তিৰ কোনো ব্যৱহাৰেই সম্ভৱপৰ নহ’লহেঁতেন।
(লেখক এজন নিবন্ধকাৰ আৰু ৰাষ্ট্ৰীয় তথ্যবিজ্ঞান কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালকপ্ৰধান, ফোন: ৯৪৩৫৫৪১৩০০)