প্ৰজাৰ হিত সাধন নিহিত কথাৰ এতিয়া কোনো মূল্য নাই। সংসদৰ ষ্টেণ্ডিং কমিটীৰ পৰামৰ্শৰে যেতিয়া মূল্য নোহোৱা হৈছে, তেনে অৱস্থাত ৰাজহুৱা স্থানৰ পৰা তোলা দাবীলৈ কোনে কৰ্ণপাত কৰে !এয়ে হৈছে এতিয়া ভাৰতীয় গণতন্ত্ৰৰ চৰিত্ৰ। সিদিনা ৰাজ্যসভাত কেৰালাৰ এজন সাংসদে এই তন্ত্ৰটোৰ গোমৰ ফাঁক কৰা দেখিয়ে কথাটো মনত খেলালে।
এই লেখাৰ উদ্দেশ্য অৱশ্যে কেৰালাৰ প্ৰথিতযশা চলচ্চিত্ৰ ব্যক্তিত্ব আদুৰ গোপালকৃষ্ণণৰ এটা আহ্বানৰ আঁত ধৰি অন্য এটা প্ৰসঙ্গৰ অৱতাৰণাহে।
অহুকাণে-পহুকাণে চলচ্চিত্ৰ ক্ষেত্ৰখনৰ বহু লোকে যোৱা বছৰৰ বিদায় বেলাত এটা বিষম তৎপৰতাৰ উমান পালে। কেন্দ্ৰৰ চৰকাৰে হেনো গোপনে চলচ্চিত্ৰৰ লগত জড়িত চাৰিটা প্ৰতিষ্ঠানৰ চামিলকৰণৰ উদ্যোগ লৈছে। সেইকেইটা হ’ল ফিল্মছ ডিভিজন (FD) যিটো স্থাপিত হৈছিল ১৯৪৮ চনত, চিলড্ৰেন্স ফিল্ম ছ’চাইটী অৱ ইণ্ডিয়া (CFSI)-ৰ স্থাপন ১৯৫৫ চনত, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সংগ্ৰহালয় (NFAI) প্ৰতিষ্ঠা কৰা হৈছিল ১৯৬৪ত, আৰু চলচ্চিত্ৰ মহোৎসৱ সঞ্চালকালয় (DFF) ১৯৭৩ চনত।
আটাইকেইটাকে আটি দিব খোজা হৈছে এনে এটা প্ৰতিষ্ঠানৰ অধীনত, যিটো নিজে সংকটাপন্ন। সি হ’ল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এন এফ ডি চি)। ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠান-পৰিকাঠামো ব্যক্তিগত মালিকানাধীন খণ্ডলৈ হস্তান্তৰ কৰা, বিনিয়োগমোচন কৰা আদিৰে ঘনিষ্ঠ (crony) পুঁজিবাদক বৰ পীৰা পাৰি বহুওৱা সময়ত এনে এটা প্ৰক্ৰিয়াৰ শেষ পৰিণতি কি হ’ব পাৰে তাকে লৈ ব্যাপক উৎকণ্ঠা বিৰাজ কৰাটো স্বাভাৱিক।
ফলস্বৰূপে এই ঐতিহ্যবাহী প্ৰতিষ্ঠানকেইটাৰ স্বতন্ত্ৰতা ৰক্ষা কৰাৰ, আৰু তাৰ লগতে সেইকেইটাৰ লগত জড়িত সকলৰ মতামত গ্ৰহণৰো দাবী উঠিছে। আদুৰ গোপালকৃষ্ণণে এই সন্দৰ্ভতে স্পষ্টকৈ কৈছে: “এন এফ ডি চিৰ দৰে এটা মুমূৰ্ষু অনুষ্ঠানৰ লগত চামিল কৰি চলচ্চিত্ৰ প্ৰতিষ্ঠানবোৰ নিধন নকৰিব।”
যোৱা জানুৱাৰীত চলচ্চিত্ৰ সমালোচকৰ আন্তঃৰাষ্ট্ৰীয় মহাসংঘৰ ভাৰত শাখাই (Fipresci-India) এখন ৱেবিনাৰৰ আয়োজন কৰিছিল। তাত অংশগ্ৰহণ কৰা সকলো আছিল উদ্বিগ্ন, সংশয়াচ্ছন্ন। এয়া আন এক ব্যক্তিগতকৰণ, বাণিজ্যিকীকৰণৰ গোপন চেষ্টা নহয়তো! কাৰণ এই সন্দৰ্ভত তথ্য জনাৰ অধিকাৰ আইনৰ (RTI) অধীনতো আবেদন কৰি অনেকে নিৰাশ হৈছিল। সেয়ে চৰকাৰৰ এনে উদ্যোগত তেওঁলোকৰ সমৰ্থন নাই। টেগ-লাইনটো হ’ল— “We won’t let you corporatize our archives!”
প্ৰচণ্ড সৃষ্টিশীল, প্ৰবল মানৱীয় আবেদনৰ বাহক ছবি জগতৰ ৰথী-মহাৰথীসকল এই দেশৰ সীমাহীন বিষয়-সম্ভাৰক লৈ সৃষ্টিৰ স্বাধীনতাৰে কৰ্মযজ্ঞত মজি থাকিব লাগিছিল। কিন্তু তেওঁলোক ওপৰঞ্চি সমস্যাতহে বুৰ গৈছে। নি:সাৰ-নিস্পন্দ প্ৰতিষ্ঠানৰ অৱজ্ঞা আৰু বিৰুদ্ধবাদী পৰিৱেশত তেওঁলোক সন্ত্ৰস্ত। দুহেজাৰ ওঠৰ চনৰ ডিচেম্বৰতে চৰকাৰে গঠন কৰি দিয়া এখন বিশেষজ্ঞ কমিটীৰ বৈঠক বহিছিল তেতিয়াৰ কেন্দ্ৰীয় তথ্য আয়ুক্ত বিমল জুলকাৰ অধ্যক্ষতাত। বৈঠকৰ সমূহীয়া মত আছিল উক্ত চাৰিটা প্ৰতিষ্ঠানে ৰাজহ আনি দিয়া নাই।
কিন্তু FD, CFSI, NFAI আৰু DFF-ৰ জন্ম দিয়া হৈছিল চলচ্চিত্ৰ সংস্কৃতি গঢ়াত এক চৰকাৰী পৰ্যায়ৰ সজ প্ৰচেষ্টাৰ অঙ্গ হিচাপে। সিবোৰৰ ৰক্ষণাবেক্ষণো জন্মসূত্ৰেই চৰকাৰৰ দায়িত্বৰ ভিতৰত পৰে। এতিয়া সিবোৰৰ বিলোপসাধন কৰিব খোজা হৈছে। তাৰ বিপৰীতে কোম্পানী আইনৰ অধীনত প্ৰতিষ্ঠাপিত এন এফ ডি চি-ৰ উদ্দেশ্য আছিল চলচ্চিত্ৰ নিৰ্মাণত সহায়তা আৰু মুনাফা অৰ্জন। দেখদেখকৈ দুটা পৃথক উদ্দেশ্যে। এতিয়া চাৰিটা ঐতিহ্যবাহী প্ৰতিষ্ঠানক তুলনাত্মকভাৱে তৰুণ, ১৯৭৫ চনত স্থাপিত এন এফ ডি চি-ৰ মজিয়াত বিলুপ্ত কৰা হ’ব কিয় ? ‘কংগ্ৰেছৰ দিনত ’ত স্থাপিত কল্যাণকামী অনুষ্ঠানবোৰ যেন এতিয়া চকুৰ কুটাহে!
কেৰোণ নাই ক’ত! জুলকা কমিটীৰ কেইবালানি আলোচনাত সেইবোৰৰ আলোচনা হ’ল ঠিকেই। কিন্তু ‘ৰোম অভিমুখে সকলো ৰাস্তা যোৱা’ৰ দৰে শেষ সিদ্ধান্তটোত লাভালাভৰ অংক। NFAI-এ দেশ-বিদেশৰ ধ্ৰুপদী ছবিবোৰ সংৰক্ষণ কৰাই নহয়, দেশজুৰি চলচ্চিত্ৰ সংস্থা তথা শিক্ষানুষ্ঠানক যোগান ধৰি ছবিবোৰৰ চৰ্চাত অৰিহণা যোগাই আহিছে। এই অৰিহণাৰ সামাজিক গুৰুত্ব তুলনাহীন; ইয়াক নীচক বণিয়াৰ দৃষ্টিৰে বিচাৰ কৰা অনুচিত।
শিশু চলচ্চিত্ৰ নিৰ্মাণ, সমাজ-সংস্কৃতিৰ তথ্যায়ন আৰু সিবোৰকে ধৰি স্বতন্ত্ৰভাৱে নিৰ্মিত ভাৰতীয় ছবিৰ দেশে-বিদেশে প্ৰদৰ্শনত চাৰিওটা প্ৰতিষ্ঠানে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছে। এনে ভূমিকা সমাজৰ, দেশৰ বাবে উত্তৰণমুখী। তাত থকা আসোঁৱাহ দূৰ কৰিবলৈ চামিলকৰণৰ জীন নোযোৱা, দুৰ্বোধ্য প্ৰস্তাৱ দিছে জুলকা কমিটীয়ে।
দেশৰ দুটা বিখ্যাত শিক্ষানুষ্ঠান পুনেৰ FTII আৰু কলকাতাৰ SRFTI-ৰ দুৰ্বলতাবোৰো তেওঁলোকে আলচ কৰে যদিও সদ্যহতে একেটা ছাতিৰ তললৈ অনাৰ প্ৰস্তাৱ চৰকাৰে কাৰ্যকৰী কৰাৰ পৰা বিৰত আছে। কিন্তু লক্ষণীয়ভাৱে তেওঁলোকে যে চলচ্চিত্ৰ শিক্ষাতো বাণিজ্যৰ দিশতহে গুৰুত্ব দিয়ে সেইটো ওলাই পৰিছে। কাৰণ জুলকা কমিটীৰ সিদ্ধান্ত হ’ল ছাত্ৰ-ছাত্ৰীয়ে বলীউদকে ধৰি চিনেমাৰ শেহতীয়া প্ৰৱণতাৰ সৈতে ঘনিষ্ঠ হ’ব লাগে আৰু তাৰ বাবে CII, FICCI আদিকে ধৰি অন্যান্য বাণিজ্য সংস্থাৰ লগত মত বিনিময় কৰিব লাগে।
তাৰ মানে চলচ্চিত্ৰ এই বিশেষজ্ঞ কমিটীৰ দৃষ্টিত শিক্ষা, প্ৰবুদ্ধি, দৰ্শন, নীতি-আদৰ্শৰ বেদীত বিকশিত হ’ব নালাগে, সস্তীয়া মনোৰঞ্জন আৰু বাণিজ্যৰ লগতহে যুক্ত হ’ব লাগে। কিমাশ্চৰ্যম।
কথা-কাণ্ডবোৰত ৰহস্যৰ গোন্ধ পাইছে নামজ্বলা তথ্যচিত্ৰ নিৰ্মাতা আনন্দ পট্টবৰ্ধনকে ধৰি অনেকে। এন এফ ডি চি-ৰ লগত চাৰি প্ৰতিষ্ঠানৰ চামিলকৰণৰ প্ৰক্ৰিয়াটোক দেশৰ গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ ভেঁটিটো উচ্ছেদ কৰাৰ ধাৰাবাহিক ষড়যন্ত্ৰৰ এটা অংশ বুলিয়ে তেওঁ পোনপটীয়াকৈ আখ্যা দিছে। FD আৰু NFAI-ৰ দৰে প্ৰতিষ্ঠানক বাণিজ্যিক আৰু ৰাজনৈতিক অপশক্তিৰে বলীয়ান এচামৰ হাতত গতাই দিলে দেশৰ সযত্নে ৰক্ষিত দৃশ্য-শ্ৰাব্য ইতিহাস বিকৃত কৰাৰ কাম চলিব বুলিও তেওঁৰ ঘোৰ সন্দেহ হৈছে।
মূল ঘোষিত লক্ষ্য-উদ্দেশ্যে পূৰণতে ব্যৰ্থ এন এফ ডি চি : এতিয়া তাক গতি দিবলৈ বুলি চাৰিটাকৈ মহান উদ্দেশ্যজড়িত প্ৰতিষ্ঠানৰ বিলুপ্তিকৰণেৰে ৰাজহুৱা সম্পদ বিক্ৰীৰ দৰে অচিৰে আন এক দেউলীয়া পথতে ভৰি দিয়া নহয়তো! দেশত যি ঘটিছে, অৱশিষ্ট সম্পদো এতিয়া লুটপাতৰ হাতোৰাত যে নপৰিব তাৰ কি নিশ্চয়তা আছে!
জুলকা কমিটীৰ অনুমোদনলৈ কেন্দ্ৰীয় কেবিনেটে যোৱা ডিচেম্বৰত সেউজ সংকেত দিলে। এন এফ ডি চি-ৰ সৰ্বোচ্চ আসনত বহক কোনো পেছাদাৰী ব্যক্তি— ইও এটা অনুমোদন। এইখিনিলৈকে প্ৰক্ৰিয়াটো স্বচ্ছ নাছিল। সংশ্লিষ্ট সকলো পক্ষকে অজ্ঞাতে ৰখা হৈছিল। ডিচেম্বৰতে ডেৰ হাজাৰোধিক স্বাক্ষৰকাৰীয়ে পত্ৰও লিখিলে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়লৈ। কোনো কোনোৱে কৰা আৰ-টি-আই আবেদনৰ দৰে এই পত্ৰও কামত নাহিল।
জানুৱাৰীত জুলকাৰ প্ৰতিবেদন মন্ত্ৰণালয়ে ৰাজহুৱা কৰিলে। ফেব্ৰুৱাৰীত দেশৰ বিভিন্ন নগৰ-মহানগৰত থকা FD আৰু CFSI-ৰ কৰ্মচাৰী বদলি কৰাই সেই কাৰ্যালয়বোৰ, NFAI-ৰ শাখা কাৰ্যালয়বোৰ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হয়। সিদ্ধান্তবোৰ ৰূপায়ণৰ বাবে গঠিত উচ্চ পৰ্যায়ৰ কমিটীয়ে ভাল ভাল কথা কিছুমানো বিবেচনা কৰিছে। নতুন নতুন ছবি নিৰ্মাণত পুঁজিৰ ব্যৱস্থা কৰা হ’ব, কৰ্মচাৰীৰ ছাটাই নহ’ব, নতুন মহোৎসৱৰ আয়োজন হ’ব ইত্যাদি।
দেখা যাওক ক’ৰ পানী ক’লৈ যায়। বিবেক অগ্নিহোত্ৰী, কংগনা ৰাণাৱতৰ লেখীয়া লোকসকলো নিশ্চয় পুৰস্কাৰসম নতুন সুযোগৰ বাবে অপেক্ষাৰত! ভাৰতীয় চলচ্চিত্ৰৰ ভৱিষ্যত কি ভবাই মস্কিল।
(শ্ৰী মনোজ বৰপূজাৰী এজন বিশিষ্ট চলচ্চিত্ৰ সমালোচক)