(১)
কৰ’না ভাইৰাচে চলাই যোৱা ধ্বংসলীলাই প্ৰায় এবছৰৰ ভিতৰতে মানুহৰ স্বাস্থ্য আৰু অৰ্থনীতিত এক অভূতপূৰ্ব প্ৰত্যাহ্বান হিচাপে দেখা দিছে ।কিন্তু চিন্তাবিদসকলৰ মতে, ইয়াৰ প্ৰভাৱ আৰু সুদূৰপ্ৰসাৰী হব।বহুতে উচ্চস্বৰে পুজিবাদৰ নতুন অৱতাৰ নব্য উদাৰতাবাদৰ মৃত্যু ঘোষণা কৰিছে। এই পৰিণাম আহক বা নাহক, এটা কথা ঠিক যে এই মহামাৰীয়ে গোটেই পৃথিৱীতে ৰাষ্ট্ৰযন্ত্ৰসমূহক শক্তিশালী কৰিছে আৰু ব্যক্তিগত খণ্ডৰ থৰকাছুটি হেৰুৱাইছে।
আমোদজনকভাৱে, ৰাষ্ট্ৰ নিশকতীয়া হোৱাটো দক্ষিণপন্থী আৰু বাওঁপন্থী উভয়ৰে এটা লক্ষ্য (অৱশ্যেই সম্পূৰ্ণ বেলেগ বেলেগ কাৰণত ) বুলি বিভিন্ন সময়ত মতপ্ৰকাশ হৈ আহিছে । অৱশ্যে, বামমহলৰ পৰা এই সম্পৰ্কত সাম্প্ৰতিক কালত বিশেষ শুনা নাযায় । মাৰ্ক্সৰ ঘনিষ্ঠ সহযোগী এংগেলছে তাহানিয়ে ৰাষ্ট্ৰ জয় পৰি যোৱাৰ (withering away of the state) বাঞ্ছনীয়তাৰ বিষয়ে কৈছিল।ই এটা চূড়ান্ত লক্ষ্য বুলি বাম মহলত এতিয়াও তাত্ত্বিকভাৱে মানি লোৱা হয়। ধ্ৰুপদীমাৰ্ক্সবাদ মতে, সমাজতান্ত্ৰিক বিপ্লৱৰ যোগেদি সৰ্বহাৰাৰ একনায়কত্বত ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰি লৈ সকলো থানথিত লগাই লোৱাৰ পিচত, জনসাধাৰণ নিজেই নিজৰ ভাগ্যনিয়ন্তাৰ ৰূপত অৱতীৰ্ণ হব আৰু ৰাষ্ট্ৰৰ উপযোগিতা নোহোৱা হব। তেতিয়া ই “ব্যক্তিৰে গঠিত এক চৰকাৰৰ সলনি বস্তুৰ প্ৰশাসনলৈ” (administration of things) ৰূপান্তৰিত হব । তেতিয়া ৰাষ্ট্ৰৰ পৰিবৰ্তিত ৰূপটোৰ মূল উদ্দেশ্য হব উৎপাদন-প্ৰক্ৰিয়া সুচাৰুৰূপে চলোৱা । এংগেলছৰ ভাষাত, তেতিয়া, সমগ্ৰ ৰাষ্ট্ৰযন্ত্ৰক যঁতৰ আৰু ব্ৰঞ্জৰ কুঠাৰৰ লগতে যাদুঘৰত ৰাখিব পৰা যাব ।
কোৱা বাহুল্য যে লেনিন বা অন্য কোনো প্ৰেক্টিকেল সাম্যবাদী নেতাৰ বক্তব্য বা লিখনিত মাজে সময়ে ৰাষ্ট্ৰযন্ত্ৰৰ বিলয়ৰ উল্লেখ পোৱা যায় কিন্তু এনে লক্ষ্যপ্ৰাপ্তিৰ বাবে কোনো কাৰ্যপন্থা, সংগত কাৰণতে, বাম মহলত দেখা পোৱা নাযায় । এইটো এটা সুদূৰ ভৱিষ্যতৰ লক্ষ্য বুলিহে ৰখা হৈছে বুলি ধৰিব পৰা যায় ।
অন্যহাতে যোৱা শতিকাৰ মাজভাগমানৰে পৰা অষ্ট্ৰিয়াৰ ফ্ৰেডৰিক এ হায়েক আৰু আমেৰিকাৰ মিল্টন ফ্ৰীডমেন আদি নব্য-উদাৰতাবাদীসকলে ৰাষ্ট্ৰৰ ক্ৰমহ্ৰাসমান ভূমিকাৰ বাঞ্ছনীয়তাৰ বিষয়ে প্ৰথমৰে পৰাই গুৰুত্ব দি আহিছিল । অৱশ্যে দ্বিতীয় বিশ্বযুদ্ধৰ পিচত বিধ্বস্ত অৰ্থনীতিক পুনঃপ্ৰতিষ্ঠা কৰাৰ বাবে কেইন্সীয় মহৌষধৰ ফলপ্ৰসূতা দেখি কোনেও নব্য-উদাৰতাবাদী নীতি আপোন কৰি লোৱা নাছিল । সত্তৰৰ দশকৰ তেল-সংকটৰ সময়লৈকে এনেদৰেই চলি আছিল; কিন্তু সেই সময়তে পশ্চিমীয়া উন্নত দেশবোৰৰ অৰ্থনীতিত এক ষ্টেগফ্লেশ্যন (stagflation)বা স্থানুস্ফীতিৰ সৃষ্টি হ’ল য’ত এক স্থবিৰ অৰ্থনীতিত মুদ্ৰাস্ফীতিৰ সৃষ্টি হৈছিল যিটো আছিল এটা নোহোৱা নোপজা ঘটনা । কিন্তু স্থানুস্ফীতিৰ বিষয়ে নব্য-উদাৰতাবাদে ইতিমধ্যে ভৱিষ্যদ্বাণী কৰি থৈছিল । গতিকে লাহে লাহে, বিশেষকৈ মিল্টন ফ্ৰীডমেনৰ নেতৃত্বত নব্য-উদাৰতাবাদৰ প্ৰভাৱ উন্নত দেশসমূহত পৰিবলৈ ধৰিলে আৰু আশীৰ দশকত আমেৰিকাত ৰ’নাল্ড ৰীগান তথা ইংলেণ্ডত মাৰ্গাৰেট থেচ্চাৰৰ নেতৃত্বত ই পূৰ্ণ ৰূপত বিকশিত হৈ পৰিল । কোনো কোনো অনুন্নত দেশতো (যেনে দক্ষিণ আমেৰিকাৰ চিলে) নব্য-উদাৰতাবাদে খোপনি পুতিছিল । কিন্তু এনে কোনো দেশতে ৰাষ্ট্ৰযন্ত্ৰ নিশকতীয়া হোৱা দেখা নগ’ল । দেশৰ অৰ্থনীতিত চৰকাৰৰ ভূমিকা কমাই দি, কৰ্পৰেট খণ্ডৰ হাতত অৰ্থনীতিৰ তলা-ছাবি গটাই দিবলৈ এনে দেশসমূহত চেষ্টা কৰা দেখা গ’ল । কিন্তু ইয়াৰ পৰিণতিস্বৰূপে, জনসাধাৰণ যি সীমাহীন দুখ-দুৰ্গতিত ভুগিবলগীয়া হ’ল তাৰ ফলত চৰকাৰ জনসাধাৰণৰ প্ৰচণ্ড বিক্ষোভৰ সন্মুখীন হ’ল আৰু তাক কঠোৰ হাতেৰে দমন কৰোঁতে চৰকাৰৰ একনায়কত্ববাদী ৰূপটো প্ৰকট হৈ উঠিল । গতিকে ৰাষ্ট্ৰযন্ত্ৰ জয় পৰি যোৱাৰ ধাৰণাটোৱে নব্য-উদাৰতাবাদতো বিশেষ গা কৰি উঠিব নোৱাৰিলে ।
(২)
কৰ’না ভাইৰাচৰ আক্ৰমণৰ লগে লগে সমগ্ৰ বিশ্বতে এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হৈছে । এক ভয়ানক স্বাস্থ্য-সমস্যাৰ ৰূপত অৱতীৰ্ণ হৈ ই ইতিমধ্যে পৃথিৱীৰ প্ৰায় সকলো দেশলৈকে বিয়পিছে আৰু উন্নত দেশসমূহকো ত্ৰাহি মধুসূদন সোঁৱৰাইছে । দ্বিতীয়তে, গোটেই বিশ্বকে এক বিৰল আৰ্থিক মন্দাৱস্থাৰ ফালে লৈ গৈছে যাৰ ফলত বেছিকৈ কাতৰ হৈ পৰিছে বিশ্বৰ নিঃস্ব, অল্পসংখ্যক আৰু সামাজিকভাৱে দুৰ্বল শ্ৰেণীৰ লোক । কিন্তু সম্প্ৰতি স্বাস্থ্যখণ্ডত গোটেই বিশ্বতে চলি থকা গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষাৰ তৎপৰতালৈ চাই বিজ্ঞসকল আশাবাদী যে ইতিমধ্যেই সুলভ হবলৈ ধৰা ভেকচিন বা দৰব বা দুয়োটাই হয়তো সোনকলেই ফলপ্ৰসূ হবগৈ । তেতিয়া, মহামাৰীৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা যাব আৰু — ডঃ দেৱী ছেট্টীৰ দৰে এজন বিখ্যাত চিকিৎসকে কিছুদিনৰ আগতে এটা আলোচনাত কোৱা দৰে — জিলা পৰ্যায়ত আক্ৰান্ত ৰোগীৰ সংখ্যা ২৫-৩০ মানৰ ভিতৰত ৰাখিব পাৰিলে, আমাৰ সাধাৰণ স্বাস্থ্যসেৱা আন্তঃগাঠনিৰ ভিতৰতে ইয়াক মোটামুটি সুচাৰুৰূপে চলাব পৰা যাব ।তদুপৰি সাৱধানতাৰে পৰিকল্পনা কৰি লকডাউন আদি ব্যৱস্থা ক্ৰমাগতভাৱে শিথিল কৰি গ’লে বিধ্বস্ত অৰ্থনীতিক পুনৰ লাহে লাহে সঠিক পথলৈ আনিব পৰাৰ সম্ভাৱনা আছে ।
কোভিড-১৯ ৰ প্ৰভাৱৰ তৃতীয় এটা মাত্ৰা হিচাপে ৰাষ্ট্ৰযন্ত্ৰৰ পেশীবহুলতাৰ কথা আলোচনা কৰিব পৰা যায় । স্বাস্থ্য আৰু অৰ্থনীতি ঠিকঠাক কৰি লোৱাৰ পিচতে আমি পুৰণা বিশ্বখনলৈ ঘূৰি যাব পাৰিম বুলি ন’দি কব নোৱাৰি । প্ৰাক-কোভিড কালতে বিশ্বত উৎকট আৰ্থিক বৈষম্যৰ ছবিখন জ্বলজ্বল পটপট হৈ পৰিছিল: উদাহৰণস্বৰূপে, ছাব্বিছজন আটাইতকৈ ধনী মানুহ বিশ্বৰ জনসংখ্যাৰ আধাৰ মুঠ সম্পদৰ অধিকাৰী আছিল; বিশ্বৰ এশ আটাইতকৈ ডাঙৰ অৰ্থনীতিৰ ভিতৰত উনসত্তৰটা আছিল বৃহৎ নিগম (এইখিনি কথা অতীত কালত কোৱা হৈছে যদিও এতিয়াও বিশেষ একো সলনি হোৱা নাই ) । জলবায়ু পৰিবৰ্তনৰ ক্ষেত্ৰখনতো মানুহৰ আতিশয্য ইমান বাঢ়িছিল যে প্ৰাক-কোভিড কালত আমি সামগ্ৰিকভাৱে পৃথিৱীৰ বহনক্ষমতাৰ চল্লিছ শতাংশৰ ওপৰত ভোগ কৰি আছিলোঁ । আমি অৰণ্যাঞ্চল, জীৱজন্তু, পোক-পতংগ, মাছ, লৱণমুক্ত পানী আৰু মাটিৰ উপৰিভাগ (top-soil) এফালৰ পৰা শেষ কৰি আহিছোঁ । বৰ্তমান বিশ্বৰ দুই মহাশক্তি আমেৰিকা আৰু চীনে পৰিবেশ সংৰক্ষণৰ নীতি-নিয়মসমূহ শিথিল কৰি দিছে ।
সংকটৰ সময়ৰ বিশেষ অৱস্থাৰ সুযোগ লৈ বৰ্তমানৰ বিশ্বৰ শক্তিশালী নেতা হিচাপে ইতিমধ্যে স্বীকৃত কোনো কোনোৱে অধিক ক্ষমতা হস্তগত কৰিবলৈ পদক্ষেপ লৈছে । হাংগেৰীৰ নেতা ভিক্তৰ অৰবানে যোৱা বছৰৰ ত্ৰিছ মাৰ্চত এখন বিল পাচ কৰি নিজৰ ক্ষমতাৰ অধিক সম্প্ৰসাৰণ কৰিছে; ইয়াত অন্তৰ্ভুক্ত হৈছে “অপপ্ৰচাৰ”চলোৱাসকলৰ বিৰুদ্ধে পাঁচবছৰীয়া কাৰাদণ্ড । ইজৰায়েলত প্ৰধানমন্ত্ৰী নেতান্যাহুৱে দেশৰ কোৰ্ট-কাছাৰী বন্ধ কৰি দিছে । প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শাসনকালৰ শেষছোৱাত, আমেৰিকাত ন্যায়বিভাগে জৰুৰী অৱস্থাত আদালতৰ কামকাজ নিলম্বন কৰাৰ বাবে অনুৰোধ জনাইছিল, যিটো কাম, বহুতৰে দৃষ্টিত, মাৰ্শ্বাল আইন লাগু কৰি নৱেম্বৰৰ নিৰ্বাচনত খেলিমেলি লগোৱাৰ এটা পৰিকল্পনা আছিল বুলি ভবা হয় ।
কোভিডৰ কণ্টেক্ট ট্ৰেচিঙৰ কাৰণে আমাৰ দেশৰ লগতে চীন, টাইৱান, দক্ষিণ কোৰিয়া, ইংলেণ্ড আদি দেশত মোবাইল এপৰ যোগেদি লোকেশ্যন বা স্থানৰ বিতং তথ্য ৰেকৰ্ড কৰাৰ ব্যৱস্থা কৰিছে; এইটো ব্যক্তিগত গোপনীয়তা বা প্ৰাইভেচিৰ ফালৰ পৰা চিন্তনীয় বিষয় । কিয়নো এপটোত দিয়া ব্যক্তিগত তথ্যখিনিৰ দুৰোপযোগ হ’লে ব্যক্তি-স্বাধীনতা খৰ্ব হোৱাৰ পূৰা সম্ভাৱনা থাকে ।
এনে ধৰণৰ প্ৰৱণতাসমূহৰ কাৰণে এই শংকা বাঢ়িছে যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ বিশ্বখনত আপেক্ষিকভাৱে মুক্ত গণতন্ত্ৰ, ব্যক্তিগত স্বাধীনতা আদিৰ সপক্ষে যিখিনি প্ৰগতি হৈছিল, কোভিড-পশ্চাৎ জগতখনত যেন সেইবোৰ ব্যাপক হাৰত খৰ্ব হব আৰু ৰাষ্ট্ৰযন্ত্ৰ অধিক পেশীবহুল হৈ উঠিব ।
আমাৰ দেশতো চৰকাৰী নীতিৰ সমালোচক আৰু বিৰোধীসকলৰ প্ৰতি চৰকাৰৰ অন্যায়োচিত আচৰণ এই মহামাৰীৰ মাজতো চলি আছে । অসমৰ অখিল গগৈকে ধৰি বহুতকে এটাৰ পিচত এটাকৈ গোচৰত অভিযুক্ত কৰি দীৰ্ঘদিন ধৰি কাৰাবন্দী কৰি ৰখাটো অতি ন্যায়বিৰুদ্ধ হৈছে । গোটেই দেশতে প্ৰধানতঃ চৰকাৰী আদেশৰ অস্পষ্টতাৰ কাৰণে লকডাউনৰ মাজতে সাধাৰণ মানুহৰ ওপৰত পুলিচৰ আতিশয্যৰ ঘটনা বহুত হৈছিল; আনকি অবৰ্ণনীয় দুখকষ্টৰ মাজত হাজাৰ কিলোমিটাৰ পদব্ৰজে নিজৰ ঘৰলৈ যাত্ৰা কৰা প্ৰবজ্ৰিত শ্ৰমিকসকলো এনে আতিশয্যৰ সন্মুখীন হৈছিল । সাংবাদিকসকলৰ ওপৰত চলি থকা আতিশয্যৰ বাবে এডিটৰ্চ গিল্ডে মাত মতাৰ দৰকাৰ হৈছিল । কেৰেলা উচ্চ ন্যায়ালয়ে পুলিচ আতিশয্যৰ ওপৰত নিজাববীয়াকৈ গোচৰৰ শুনানি লৈছে । জম্মু আৰু কাশ্মীৰৰ ভূতপূৰ্ব মুখ্যমন্ত্ৰী তিনিগৰাকীক দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ কৰি ৰখা হৈছিল । কৰ’না মহামাৰীৰ আগৰে পৰা আৰম্ভ হোৱা কা-বিৰোধী, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্প্ৰসাৰণৰ বিৰোধী আন্দোলনসমূহত চৰকাৰে গ্ৰহণ কৰা তীব্ৰ দমনমূলক নীতি তীব্ৰতৰ হোৱাৰ চিন দেখা গৈছে এতিয়াৰ কৃষক-আইন-বিৰোধী আন্দোলনৰ ক্ষেত্ৰতো ।
(৩)
এই সকলো দুশ্চিন্তা আৰু দুঃসংবাদৰ মাজতে অৱশ্যে সাম্প্ৰতিক ঘটনাৰাজিয়ে কিছু আশাৰ বতৰাও কঢ়িয়াই আনিছে । কোভিড-১৯ ক দ্বিতীয় বিশ্বযুদ্ধৰ দৰেই এক জলচ্ছেদৰূপী ঘটনা বুলি ধৰা হৈছে । বিশ্বযুদ্ধৰ বিভীষিকা আৰু ধ্বংসাৱশেষৰ মাজৰ পৰাই ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল । হিটলাৰৰ জঘন্য নৰমেধযজ্ঞৰ দৰে ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ উদ্যোগত মানৱাধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰৰ (Universal Declaration of Human Rights) সৃষ্টি হৈছিল । তদুপৰি যুদ্ধোত্তৰ দশককেইটাত উন্নত দেশসমূহত কেইন্সীয় অৰ্থনীতি অনুসৰণ কৰি কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাটো ৰূপায়ণ কৰি জনসাধাৰণৰ কিছু মংগলসাধন কৰিবলৈ সক্ষম হৈছিল । এই সন্ধিক্ষণতো এই বিষয়ে কিছু ইতিবাচক চিন্তাচৰ্চাৰ অৱকাশ আছে ।
বৃহৎ হাৰত ছাটাই চলি থকাৰ মাজতে দেখা গৈছে যে ডেনমাৰ্ক, ইংলেণ্ড আদি দেশে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বেতনৰ প্ৰায় পয়সত্তৰৰ পৰা আশী শতাংশৰ দায়িত্ব লৈছিল । কেলিফোৰ্ণিয়া ৰাজ্য চৰকাৰে গৃহহীন মানুহসকলক আশ্ৰয় দিবৰ বাবে হোটেল ভাড়া কৰিছিল । স্পেইনে ব্যক্তিগত চিকিৎসালয়বোৰক ৰাষ্ট্ৰীয়কৰণ কৰিছে । আমাৰ দেশৰ লগতে নিউয়ৰ্ক আদি ৰাজ্যতো কম অপৰাধত অভিযুক্ত কাৰাবন্দীসকলক মুকলি কৰি দিছে (অৱশ্যে চৰকাৰৰ বিৰোধীসকলৰ ওপৰত লগোৱা অভিযোগ অস্পষ্ট বা উপৰুৱা হ’লেও এনে মহানুভৱতা বিৰল) । আমেৰিকাৰ ডেম’ক্ৰেটিক পাৰ্টিৰ ফালৰ পৰা প্ৰথমতে প্ৰস্তাৱ কৰা হৰিৎ নতুন ব্যৱস্থা (Green New Deal) — য’ত উৎকট আৰ্থিক বৈষম্য আৰু জলবায়ু পৰিবৰ্তনক মূল সমস্যা হিচাপে লোৱা হৈছে — ৰ প্ৰতি আমেৰিকাত নিৰ্বাচনৰ পূৰ্বে এক মোটামুটি মতৈক্য গঢ়ি উঠিছিল (উল্লেখযোগ্য যে ১৯২৯ ৰ গ্ৰে’ট ডিপ্ৰেশ্যনৰ সময়ত প্ৰেচিডেণ্ট ৰুজভেল্টে প্ৰথম নিউ ডীল ঘোষণা কৰিছিল) আৰু এতিয়া বাইডেন চৰকাৰৰ কামকাজত তাৰ প্ৰতিফলন দেখা পোৱা যাব । আনকি সাৰ্বজনীন বুনিয়াদী আয় (Universal Basic Income) ৰ বিষয়টোও এতিয়া আমেৰিকাৰ মাজতো চৰ্চিত হৈছে ।
কৰ’না ভাইৰাচৰ কাৰণে কল-কাৰখানা, যাতায়াত, অফিচ আদি কামকাজ বন্ধ হৈ থকাৰ বাবে শক্তিৰ ব্যৱহাৰ, বায়ু প্ৰদূষণ বহুত কমিছিল (তাৎপৰ্যপূৰ্ণভাৱে গুৱাহাটীত বায়ু প্ৰদূষণ সিমান কমা নাই কাৰণ ইয়াত এনে প্ৰদূষণৰ মূল উৎস বোলে ব্ৰহ্মপুত্ৰৰ বালি) । এটা হিচাপ মতে, বায়ু প্ৰদূষণ কমাৰ বাবে চীনত কোভিড-১৯ ৰ ফলত মৃত্যুমুখত পৰা মানুহৰ সংখ্যাতকৈ বিছগুণ অধিক মানুহক মৃত্যুমুখৰ পৰা বচাব পৰা গ’ল । গ্ৰীণহাউচ গেচৰ উৎসৰ্জন তাৎপৰ্যপূৰ্ণভাৱে হ্ৰাস পাইছে । জলবায়ু পৰিবৰ্তন-বিৰোধী সক্ৰিয়তাৰ কাৰণে পৃথিৱীৰ প্ৰায় পোন্ধৰশ পৌৰনিগমে — য’ত দহ শতাংশ বিশ্বৰ জনসংখ্যা বাস কৰে — জলবায়ু জৰুৰীকালীন অৱস্থা (Climate Emergency) ঘোষণা কৰিছে । কোভিড-১৯ ৰ প্ৰতি বিশ্বজোৰা সঁহাৰিয়ে দেখুৱাই দিলে যে মানুহে বিচাৰিলে, এনেধৰণৰ সমস্যাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হব পাৰে আৰু ই এক আশাৰ বতৰা কঢ়িয়াই আনিছে ।
নব্য-উদাৰতাবাদে উৎসাহিত কৰা বিশ্বায়নৰ এটা অনিষ্টকাৰী দিশ (কোৱা বাহুল্য যে বিশ্বায়নৰ ইতিবাচক দিশো আছে) হ’ল বহুজাতিক নিগমসমূহৰ দপদপনিৰ বৃদ্ধি য’ত এনে নিগমসমূহে দুখীয়া দেশসমূহক শ্ৰুতলিপি দি শ্ৰমিকবিৰোধী নীতি গ্ৰহণ কৰায়, প্ৰাকৃতিক সম্পদসমূহৰ ব্যাপক লুণ্ঠনত লিপ্ত কৰায়, অলীক বিজ্ঞাপনৰ জৰিয়তে গ্ৰাহকৰ উপভোগৰ পৰিমাণ অস্বাভাৱিকভাৱে বৃদ্ধি কৰায় আৰু এই সকলোবোৰৰ দ্বাৰা উৎকট আৰ্থিক বৈষম্য সৃষ্টি কৰে । আকৌ এনে বৈষম্যৰ সুযোগ লৈ দক্ষিণপন্থী ৰাজনীতিয়ে জনসাধাৰণৰ হতাশাক প্ৰবাসী মানুহ বা সংখ্যালঘুৰ বিৰুদ্ধে পৰিচালনা কৰিবলৈ সচেষ্ট হৈ উঠে ।
কোভিড-১৯ ৰ পৰিণামস্বৰূপে যোগান-শৃংখল (supply-chain) ভাগি গৈছে আৰু মানুহ বেছিকৈ স্থানীয় আৰু আঞ্চলিক উৎপাদকসমূহৰ ওপৰত নিৰ্ভৰ হৈ পৰিছে । প্ৰব্ৰজিত শ্ৰমিকসকলো ঘৰলৈ ঘূৰি যোৱাৰ পিচত পৰাপক্ষত স্থানীয় সৰুসুৰা কোম্পেনী আদিতে নিয়োগ বিচাৰিব । এইবোৰ হ’ল স্থানীয়-প্ৰৱণতা বৃদ্ধি হোৱাৰ লক্ষণ । একে সময়তে মানুহৰ মাজত ভিডিও-মিটিং আদিৰ যোগেদি চিন্তা-ভাৱনাৰ আদান-প্ৰদান বাঢ়ি আছে আৰু ইয়াৰ যোগেদি এক নতুন ধৰণৰ বিশ্বায়ন গঢ়ি উঠিছে । কৰ’না ভাইৰাচৰ ভেকচিন আৰু দৰব বিকাশ কৰিবৰ বাবে বিজ্ঞানীসকলৰ মাজত আন্তৰ্জাতিক সহযোগিতা ইয়াৰ এটা উদাহৰণ । এইদৰে এক বৈশ্বিক-স্থানীয়কৰণ (glocalisation) ৰ সৃষ্টি হব ধৰিছে ।
অসহানুভূতিশীল বা উদাসীন চৰকাৰী সঁহাৰি দেখি সমাজৰ সংৱেদনশীল অংশই পালন কৰা সহৃদয় আৰু সক্ৰিয় ভূমিকা কোভিড-১৯ ৰ অন্য এটা ইতিবাচক দিশ । নব্য-উদাৰতাবাদী যুগৰ সূচনা হৈছিল মানুহক সম্পূৰ্ণ স্বাৰ্থপৰ ব্যক্তি বুলি ধৰি লৈ । মাৰ্গাৰেট থেচ্চাৰৰ সেই বিখ্যাত উক্তি ইয়াত সুঁৱৰিব পাৰি — “সমাজ বোলা একো বস্তু নাই । ব্যক্তিগত পুৰুষ, নাৰী আৰু পৰিয়ালহে আছে”। কিন্তু এই কথা সম্পূৰ্ণ ভুল আৰু বিৱৰ্তনৰ ক্ষেত্ৰতো সমাজৰ ভূমিকা আছিল অপৰিসীম আৰু নিষ্পক্ষতা, পৰোপকাৰশীলতা, কৰুণা আদি সামাজিক মূল্যবোধৰ অবিহনে মানৱ সভ্যতাৰ বিকাশৰ ৰূপৰেখা অনুমান কৰাই জটিল কাম । কোভিড মহামাৰীৰ মাজতে, এনে সামাজিক গুণসমূহৰ সুন্দৰ প্ৰকাশ দেখিবলৈ পোৱা গৈছে । ইয়াৰ ওপৰতে ভিত্তি কৰি আশা কৰিব পৰা যায় যে কোভিড-উত্তৰ বিশ্বত হয়তো ন্যায় আৰু সহৃদয়তা কিছু গা কৰি উঠিব ।
( লেখকৰ টোকা: প্ৰবন্ধটো স্থানান্তৰত কেইমাহমানৰ আগতে খণ্ডিত ৰূপত প্ৰকাশ পাইছিল; ইয়াত পূৰ্ণপাঠ দিয়া হৈছে )
(ফোন– ৯৪৩৫৫৪১৩০০)
(লেখক ৰাষ্ট্ৰীয় তথ্য-বিজ্ঞান কেন্দ্ৰৰ পৰা অৱসৰ-প্ৰাপ্ত উপ সঞ্চালক-প্ৰধান)