আজান বিতৰ্ক
আমি সকলোৱে জানো যে মছজিদত নামাজৰ বাবে আহ্বান কৰি আজান দিয়া হয়। এই বছৰৰ ৰমজান মাহৰ অন্তিম শুকুৰবাৰৰ (জামাতুল আল-বিদা) সময়তে হিন্দুসকলৰ দুটা পবিত্ৰ তিথি পৰিল -ৰাম নৱমী আৰু হনুমান জয়ন্তী।
এনে সময়তে এলাহাবাদ উচ্চ ন্যায়ালয়ে মতিলাল যাদব বনাম উত্তৰ প্রদেশ গোচৰত এই বুলি ৰায়দান কৰিলে যে লাউদস্পীকাৰ যোগে আজান দি নামাজৰ বাবে আহ্বান কৰাটো ইছলাম ধৰ্মত কোনো নিদেৰ্শ দিয়া নাই। এই ৰায়ত কোনো ভুল নাই। কিন্তু এই ৰায়ৰ ওপৰত ভিত্তি কৰি উত্তৰ প্রদেশ চৰকাৰে ৰাজ্যখনৰ আগ্ৰা, মথুৰা, মিৰাট, গাজিয়াবাদ, গোৰোখপুৰ আদিকৈ অনেক ঠাইৰ মুঠ ১০,৯০০টা মছজিদত লগাই থোৱা লাউদস্পীকাৰ নমাই আনিলে। তাৰ মাজতে ৭৫৬টা মন্দিৰৰো লাউদস্পীকাৰ আঁতৰাই আনিলে। পৰিসংখ্যাৰ ফালৰ পৰা চালে দেখা যায় যে ৯০ শতাংশ মছজিদ আৰু ৮৫ শতাংশ মন্দিৰত থকা লাউদস্পীকাৰ নমাই দিয়া হ’ল। ইয়াত আমি কোনো বিসংগতি দেখা নাই। যদি চৰকাৰৰ এই কাৰ্যত কোনো ধনীয় স্থান ক্ষতিগ্ৰস্ত’ হৈছে তেনেহ’লে হিন্দু আৰু মুছলমান দুয়োটা সম্প্ৰদায় প্রায় সমানে ক্ষতিগ্ৰস্ত হৈছে।
এই সত্যটো প্ৰচাৰ মাধ্যমত নিৰপেক্ষভাবে উপস্থাপন কৰা হোৱা নাই। দেখুৱা হৈছে যে মুছলমানসকলৰ আৱেগ অধিক ধৰণেৰে আঘাত কৰা হৈছে। তাৰ এটা কাৰণ আছে। দিল্লী আৰু মধ্য প্রদেশত বুলডজাৰ লগাই ভালেমান মছজিদৰ বেৰা, বাৰাণ্ডা আৰু কোনো কোনো ক্ষেত্ৰত মছজিদটোকে ভাঙি চূড়মাৰ কৰি দিয়াৰ ছবিবিলাক ব্যাপক প্রচাৰ হ’ল। তাৰ লগতে লাউদস্পীকাৰৰ বিষয়টোৱে নেতিবাচক ক্ৰিয়া কৰা বুলি আমাৰ ধাৰণা৷ লাউদস্পীকাৰ বন্ধ কৰাৰ বিৰুদ্ধে দুয়োটা সম্প্ৰদায়ৰ মানুহে বিশেষ প্রতিবাদ কৰাৰ কোনো বাতৰি আমি পঢ়িবলৈ পোৱা নাই। কোনো জনসভাৰ আয়োজন বা ৰাজপথত প্ৰতিবাদী শোভাযাত্ৰা উলিওৱাৰ খবৰ পোৱা নাই। বোধহয় ১৯৬০ চনৰ পৰাই মছজিদত নামাজ পঢ়াৰ বাবে আহ্লান কৰাৰ বাবে দিয়া দুই মিনিটমান সময়ৰ আজানক অগণন হিন্দু সমাজে কোনো আপত্তি কৰা নাছিল।
ফজৰৰ আজান দিওঁতে কোনো কোনো মোৱাজ্জিনে (আজান দিয়৷ নিৰ্দ্ধাৰিত ব্যক্তি) শ্ৰুতিকটু আৰু ককৰ্শস্বৰে আজান দিলে আন নালাগে বহুতো মুছলমানে অসুবিধা পাইছিল। তথাপি কোনো প্রতিবাদ হোৱা নাছিল। চহৰ অঞ্চলৰ বাসিন্দাসকলে আৰু মহাবিদ্যালয় আৰু বিশ্ববিদ্যলয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পলমকৈ শোৱাপাটিলৈ যায় আৰু পুৱা পলমকৈ উঠে। কাহিলি পুৱাতে দিয়া ফজৰৰ আজানে তেওঁলোকৰ নিদ্ৰা ভংগ কৰিলে বহুতেই আমনি পায় কিন্তু তাৰ তিক্ততা প্রকাশ নকৰে। লাউদস্পীকাৰ ব্যৱহাৰ কৰি উচ্চ স্বৰত আজান দি নিদ্ৰাৰত জনতাক আমনি কৰাৰ কোনো যুক্তি নাই বুলি ভাবো। বহুতো যুক্তিবাদী মুছলমানে মাইক লগাই আজান দিয়াৰ কথাটোৰ সমৰ্থন নকৰে; কিন্তু প্রকাশ্যে তাৰ প্রতিবাদ কৰিবলৈ সাহস নকৰে। উগ্র মোল্লাবাদীসকলৰ ৰোষত পৰিব বুলি ভাবি নীৰৱে থাকে।
আজান দিয়াৰ প্রথাটো কিদৰে আহিল? পয়গম্বৰ হজৰত মহম্মদে মক্কা৷ এৰি মদিনালৈ যোৱাৰ পাছত যেতিয়া কুফাত প্রথমটো মছজিদ নিৰ্মাণ কৰিছিল আৰু নিতৌ পাঁচবাৰ নামাজ পঢ়িবলৈ দীক্ষা দিছিল তেতিয়া তেখেতে অনুচৰসকলক নামাজত যোগদান কৰিবলৈ আহ্লান দি বিলাল নামৰ এজন ক্রীতদাসক আজান দিবলৈ নিৰ্দেশ দিলে। বিলালক তেখেতে দাসত্বৰ পৰা মুক্ত কৰাৰ বাবে তেওঁ পয়গম্বৰ গৰাকীৰ অতিশয় বিশ্বস্ত অনুচৰ হৈ পৰিছিল। সেই সময়ত নামাজৰ বাবে আহ্বান কৰিবলৈ দুটা পদ্ধতিৰ কথা বিতংভাবে আলোচনা হৈছিল।
কেনোৱে পৰামৰ্শ দিলে যে গীৰ্জাত যিদৰে ঘণ্টা বজাই খ্ৰীষ্টানসকলক প্রাৰ্থনাৰ বাবে আহ্বান কৰা হয় সেই পদ্ধতিটোকে গ্ৰহণ কৰিব লাগে। আন কোনোৱে শিঙা বজাই নামাজলৈ মাতিব লাগে বুলি ক’লে। পয়গম্বৰ গৰাকীয়ে ক’লে যে ঘণ্টা বজাই নামাজলৈ আহ্বান কৰাটো আন ধৰ্মৰ পৰা ধাৰ কৰা ব্যৱস্থা হ’ব। শিঙা বজোৱাটোৱে ইহুদিসকলৰ পৰা নকল কৰা প্রথ৷ হ’’ব। তাতকৈ মুছলমানসকলে নিজাকৈ এক নতুন ব্যৱস্থা কৰি ল’লে বেছি ভাল হ’ব। গতিকে তেখেতে বিলালক এডোখৰ ওখ ঠাইত উঠি নামাজৰ বাবে আহ্বান কৰিবলৈ নিৰ্দেশ দিলে। বিলালৰ কণ্ঠস্বৰ অতিশয় শুৱলা আৰু লগতে বহুত দূৰলৈকে যাব পৰা শক্তিশালী আছিল। কালক্ৰমত প্রায় প্রতিটো মছজিদ চৌহদত এটা ওখ মিনাৰৰ শীৰ্ষ স্থানত উঠি মোৱজ্জিনে আজান দিবলৈ ধৰিলে। ওখ ঠাইৰ পৰা উচ্চ স্বৰত দিয়া আজান বহুত দূৰলৈকে শুনিবলৈ পোৱা যায়। অসমৰ কোনো কোনো ঠাইত ঢোল বজাই নামাজলৈ আহ্বান কৰা হৈছিল। সেই ঢোল সযত্নে সংৰক্ষণ কৰি থোৱাৰ ছবি মই কেমেৰাত ফটো তুলি আনিছিলোঁ। কালক্ৰমত লাউদস্পীকাৰৰ উদ্ভাৱন হোৱাৰ পাছত বহুতে মিনাৰত তাক লগাই দি আজান দিয়াৰ ব্যৱস্থা কৰিবলৈ ধৰিলে।
তাত কোনোৱে আপত্তি কৰা নাছিল, কাৰণ আজানৰ সময় মাথোঁ দুই মিনিটমানহে ৷ এটা সময়ত সকলো মানুহৰ ঘৰত ঘড়ী নাছিল, গতিকে নামাজৰ নিৰ্দ্ধাৰিত সময়ৰ সৈতে পৰিচিত নাছিল। কিন্তু বৰ্তমানৰ যুগত প্রতিগৰাকী ব্যক্তিৰ হাতত ঘড়ী আৰু মোৱাইল হেণ্ডচেট থাকে। তেনেস্থলত মাইক লগাই আজান দিয়াৰ কোনো যুক্তি নাই। যাৰ হৃদয়ত নামাজ প্রতি ধাউতি আছে তেওঁক চিঞৰি জগাই মাতিব নালাগে৷
এইবিলাক কথা চিন্তা কৰি প্রথমতে মালয়ছিয়াত ২০১০ চনত অতি কম স্বৰত লাউদস্পীকাৰৰ ব্যৱহাৰ কৰাৰ দিহা কৰে। এমপ্লিফেয়াৰৰ ভলিউম দুইত ৰাখে যাতে আজানে কাকো আমনি কৰিব নোৱাৰে৷ তাৰ পাছত চৌদি আৰব আৰু ইন্দোনেছিয়াত একে ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু ভাৰতত কিছুমান কট্টৰপন্থী লোকে ইয়াৰ বিৰোধিতা কৰি আহিছে। তেওঁলোকে মুছলমানৰ উপস্থিতি আজানৰ বলেৰে প্রতিষ্ঠা কৰিবলৈ বিচাৰে ৷ বহুতে কয় যে বাবৰি মছজিদ ধ্বংস কৰাৰ পাছত এই ধৰণৰ মানসিকতা বাঢ়িবলৈ ধৰিছে। চৌদি আৰব প্ৰমুখ্যে মুছলমান-প্রধান দেশবিলাকৰ সংস্কাৰমূলক পদক্ষেপে ভাৰতৰ মুছলমানসকলক প্রভাৱান্বিত কৰিব বুলি আশা হৈছে। ইয়াৰ লগতে উগ্র হিন্দুসকলে মুছলমান সমাজক নানা প্রকাৰে অপমান আৰু দমন কৰাৰ মনোভাবেৰে মুছলমানসকলক আক্ৰমণ কৰি আহিছে যাৰ কাৰণে ধৰ্মীয় মেৰুকৰণৰ প্রক্ৰিয়াটো অধিক ৰূপত চলিবলৈ ধৰিছে। তাৰো প্রতিবাদ হিন্দু সমাজে কৰি আহিছে।
কিন্তু সমস্যা হয় যেতিয়া ভাৰতৰ দৰে এখন বহু ধৰ্ম, ভাষা আৰু সংস্কৃতি থকা দেশৰ চৰকাৰে উগ্রবাদীসকলৰ দুষ্কাৰ্যক শাসনত থকাসকলে গৰিহণা নিদিয়ে আৰু তেওঁলোকক নিয়ন্ত্রণ নকৰে, কেৱল নীৰৱ ভূমিকা অবলম্বন কৰে তেতিয়া আক্ৰান্তসকল অধিক শংকিত হ’ব লগাত পৰে। অলাগতীয়াল বিষয়ক লৈ বিতৰ্ক সৃষ্টি কৰি দেশত এক অশান্তিকৰ পৰিৱেশ সূচনা কৰাৰ মানসিকতাৰ অন্ত পৰিব লাগে। ইয়াৰ পৰা কাৰো লাভ নহয়। যি সময়ত সকলো দেশবাসী এক হৈ শান্তি আৰু প্রগতিৰ হকে আত্মনিয়োগ কৰিব লাগে তেনে সময়ত ধৰ্ম-কেন্দ্ৰিক বিভাজন কৰি যিসকলে উন্মাদ আচৰণ কৰিবলৈ বিচাৰিছে তাৰ বিৰোধিতা কেৱল নাগৰিক সমাজে কৰিব লাগিব; কাৰণ যাৰ হাতত কিবা ইতিবাচক কাম কৰাৰ ক্ষমতা আছে তেওঁলোকে চকু-কাণ মুদি একো নজনাৰ ভাও ধৰি আৰু বহু সময়ত দৃষ্কাৰ্যক আওপকীয়াভাবে সমৰ্থন বা উদগনি দি থাকে। এয়া দেশৰ বাবে হিতকৰ আৰু সুখকৰ নহয়।