প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গণতন্ত্ৰৰ নৈষ্ঠিক ভক্ত। তেখেতে দেশে-বিদেশে, প্ৰয়োজনে-অপ্ৰয়োজনে গণতন্ত্ৰৰ জয়গান কৰে। এইটো সোঁৱৰাই দিবলৈ নাপাহৰে যে ভাৰতীয় সমাজ-সংস্কৃতি গণতন্ত্ৰৰ লগত বহু হাজাৰ বছৰ ধৰি পৰিচিত।
আনহাতে আজিও তীব্ৰস্বৰে কংগ্ৰেছৰ প্ৰতি বাক্যবাণ বৰ্ষণ কৰা মোদীজীয়ে যিকোনো উপলক্ষ্যতে ক’বলৈ নাপাহৰে যে কংগ্ৰেছেই হৈছে দেশত গণতন্ত্ৰৰ আটাইতকৈ বিপজ্জনক শত্ৰু। তাৰ অকাট্য প্ৰমাণ হৈছে ইন্দিৰা গান্ধীয়ে একৈশ মাহ ধৰি জাৰি ৰখা ‘জৰুৰী অৱস্থা’।
কিন্তু গণতন্ত্ৰৰ শত্ৰু ইন্দিৰা গান্ধীয়ে কিয় গণতন্ত্ৰৰ নেলুত টিপা মাৰি ধৰি তাক অচেতন কৰাৰ পিছত পুনৰ হাতৰ মুঠি ঢিলা কৰি টিপা এৰি তাক পুনৰুজ্জীৱিত কৰিছিল, তাৰ বাখ্যা আজিও নোলাল। গণতন্ত্ৰৰ শত্ৰুৱে সুযোগ পায়ো কিয় তাক হত্যা নকৰি একৈশ মাহ পিছত পুনৰ তাক নৱজীৱন লাভৰ সুযোগ দিলে, কথাটো বিবেচনা কৰা দৰকাৰ। সেই প্ৰসঙ্গ ভৱিষ্যতলৈ থলো। কিন্তু যিসকল মহানুভৱ ব্যক্তি আৰু মহৎ সংগঠনে দেশত গণতন্ত্ৰৰ হৃদৰোগ ঘটাই তাৰ শৰীৰ দুৰ্বল কৰি আছে, তেওঁলোকৰ সংকল্প ইমান পাতল আৰু চঞ্চল নহয়। তেওঁলোকে ঐকান্তিক নিষ্ঠা, ধৈৰ্য্য আৰু দৃঢ়তাৰে এই হৃদপিণ্ডৰ স্পন্দন চিৰকাললৈ স্তব্ধ কৰিব। কাৰণ আজি দেশত যি ধৰণৰ গণতন্ত্ৰ প্ৰচলিত সি খাচ ‘ভাৰতীয় গণতন্ত্ৰ’ নহয়। সেয়ে তেওঁলোক এই নকল গণতন্ত্ৰক কবৰত দি আচল ভাৰতীয় গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ বদ্ধপৰিকৰ।
এই বিশুদ্ধ ভাৰতীয় গণতন্ত্ৰ হৈছে জনগণৰ শাসন। অৱশ্যে জনগণ শিশুৰ দৰে, তেওঁলোকে বহু কথা বুজি নাপায়। সেয়ে তেওঁলোকৰ হৈ তেওঁলোকে নিৰ্বাচন কৰা শাসকে তেওঁলোকৰ ভালৰ কাৰণে বহু কাম নিজেই কৰিব লাগিব। আৰু হেজাৰ-বিজাৰ জনতাৰ সভা পাতি তেওঁলোকৰ দ্বাৰা এইবোৰ কাৰ্যৰ ওপৰত পুষ্পবৃষ্টি কৰাব লাগিব। যেনে, দেশৰ ভালৰ কাৰণে খাদ্যবস্তুৰ দাম বঢ়াব লাগিব, আগত থকা চাকৰিবোৰ বিলোপ কৰিব লাগিব, নতুন চাকৰিবোৰ স্থায়ী আৰু নিয়মিত নকৰি অস্থায়ী, ঠিকাভিত্তিক আৰু তাকৰীয়া বেতনৰ কৰিব লাগিব, ট্ৰাকৰ বাবে আহল-বহল ডাঙৰ ৰাস্তা নিৰ্মাণ কৰি খোজ কাঢ়ি ফুৰা সাধাৰণ মানুহৰ বাবে সেই ৰাস্তাত অকণিও ঠাই নৰখাই ভাল হ’ব।
জনগণৰ ভালৰ কাৰণেই ‘জিএছটি’ ক্ৰমে সকলো বস্তুতে লগাই বঢ়াই থাকিলে বহু সম্পদ ওলাব। জনগণৰ হাতত পইচা থকাটো বেয়া, কাৰণ তেওঁলোকে পইচা ক’ত-কেনেকৈ খৰচ কৰা ভাল, সেইটো নুবুজে। সেয়ে জিএছটিৰ হাকোটা লগাই সেই ধন পাৰি আনিলে জনগণৰ কল্যাণৰ বাবে উচিতভাৱে খৰচ কৰিব পৰা যায়। অৱশ্যে জনগণৰ পইচাৰ অভাৱৰ বাবে বহু সৰু-সুৰা দোকান-পোহাৰ, শিল্প-ব্যৱসায় বন্ধ হৈ গ’লে সাময়িক ক্ষতি হয়। কিন্তু তাৰ ঠাইত কিছু দূৰে-দূৰে বিশাল সুদৃশ্য মল খুলি অলপ বেছি দামত সামগ্ৰীসমূহ বিক্ৰী কৰাব পাৰি। আটায়ে মললৈ যাব নোৱাৰে। যিকোনো ভাল কাম কৰিবলৈ গ’লে দুই-এটা বেয়া কামো হৈ যায়, নহয় জানো?
এইবোৰ তত্বগধুৰ কথা একাংশ ৰাইজে বুজি নাপায়। সিহঁতে খঙত উন্মাদ হৈ টায়াৰ জ্বলাই, বাছ জ্বলাই মনৰ জ্বালা মাৰে। শান্তি ৰক্ষাৰ বাবে পুলিচে গুলী চলাবলগীয়াও হ’ব পাৰে। সেয়ে এনে দুৰ্বৃত্তক ৰাষ্ট্ৰদ্ৰোহী বুলি আগেভাগে জেলত ভৰাই থলে শান্তি সুন্দৰকৈ বিৰাজ কৰে, জনকল্যাণত বাধা আৰু নাথাকে। দেশত জনগণৰ ঐক্য ৰক্ষা বৰ প্ৰয়োজন। কিন্তু ‘ধানটোৱে প্ৰতি কণটো, মানুহটোৱে প্ৰতি মনটো’। ঐক্য ৰক্ষা কৰিব কেনেকৈ?
সকলোৱে একে ইশ্বৰক প্ৰাৰ্থনা কৰিলে আৰু একে ভাষা, একে আইন মানি চলিলে, একে ৰঙৰ কাপোৰ পিন্ধিলে সুন্দৰকৈ ঐক্য ৰক্ষা পৰে। সেইটো মুকলিকৈ কৰিবলৈ গ’লে মিছাতে হৈ-চৈ লাগিব। অতএব বুদ্ধিমান জনে কৌশলেৰে সেই কাম কৰিব পাৰে। ধৰ্মাচৰণৰ ৰাস্তা বেলেগ ধৰণে কৰিবলৈ বিচৰা বিলাকক জ্ঞান দিবলৈ ৰাইজৰে জ্ঞানী অংশটোক ব্যৱহাৰ কৰিব পাৰি। তেওঁলোকেই উৎসাহেৰে পুলিচৰ কামটো কৰিব পাৰিব। তাৰ পিছত এই চেষ্টাত বাধা দিয়া বিলাকৰ ঘৰ আইনৰ আন এক ধাৰা প্ৰয়োগ কৰি বুলড’জাৰ দি ভাঙি গুড়ি কৰি দিব পাৰি।
যদি ন্যায়ালয়ে বাধা দিয়ে? ন্যায়ালয়ক সকীয়াই দিব লাগিব যে তেওঁলোকে ঘপকৰে সিদ্ধান্ত ল’ব নোৱাৰিব। আইনৰ সকলো মেৰ-পেঁচ ভাঙি তন্ন তন্নকৈ খুটি-নাটি বিচাৰ কৰিহে এনে সিদ্ধান্ত ল’ব পাৰিব। এনেকৈয়ে পাঁচ-দহ বছৰ গুচি যাব। ইতিমধ্যে ঘৰ ভঙা ঠাইত ডাঙৰ-ডাঙৰ বিল্ডিং উঠাই দিলেই খেলা খতম।
অৱশ্যে সাধাৰণ ন্যায়ালয়ে আইনৰ শাসনত বাধা দি চাঞ্চল্য সৃষ্টি কৰি ফয়দা উঠাব খুজিলে তেনে দুৰ্বৃত্তৰ বিৰুদ্ধে শীৰ্ষতম মহলৰ পৰা কঢ়া ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিব পাৰি। শীৰ্ষতম মহলৰ এই হুকুম তলতীয়া কোনো আদালতৰ উলাই কৰাৰ সাধ্য নাই। ‘মানৱ অধিকাৰ’, ‘নাগৰিক অধিকাৰ’, এইবোৰ পশ্চিমৰ পৰা ধাৰ কৰা কথা। তাৰ সলনি প্ৰাচীন শাস্ত্ৰ অনুযায়ী, সকলোৱে মানি চলিব লগা কৰ্তব্য (মৌলিক কৰ্তব্য) নিৰ্ধাৰণ কৰি দিব লাগিব, যাতে নিৰ্বিবাদে, নীৰৱে আটায়ে নিজ নিজ কৰ্তব্য কৰি যায়। প্ৰত্যেকেই যি যিমানৰ মানুহ, সিমান অধিকাৰ তৎক্ষণাত বুজি তাতে সন্তুষ্ট থাকিব।
চৰকাৰ চলাবলৈ ধন লাগে। জনগণৰ কল্যাণ ধন অবিহনে চৰকাৰে সাধন কৰিব নোৱাৰে। কিন্তু বৃহৎ কৰ্প’ৰেট পুঁজি, বৃহৎ ব্যৱসায়ীয়ে ‘বিকাশ’ ঘটাই জনগণৰ কল্যাণ সাধে।তেওঁলোকৰ লাভৰ ধনতো সেয়ে হাত দিব নোৱাৰি। সেয়ে তেওঁলোকৰ ব্যৱসায়ৰ সুবিধা (Ease of Doing Business) বৰ্তাই ৰাখিবলৈ তেওঁলোকক কৰ ৰেহাই দিব লাগিব। আৰু জনগণে সঠিকভাৱে খৰচ কৰিব নজনা বাবে তেওঁলোকৰ হাতত ধন নথকাৰ ব্যৱস্থা কৰিব লাগিব। গাখীৰ, দৈ, কণী, তেল, দাইল সকলোতে টেক্স লগাই দিয়া যাওক! ৰাইজৰো চেতনা হ’ব আৰু চৰকাৰেও জনকল্যাণ সাধিবলৈ পাঁচটা বা সাতটা পৰ্যায়ত নিৰ্বাচন পাতক, অযোগ্য চৰকাৰৰ দল ভাঙি যোগ্য দলক ক্ষমতা দিয়ক!!
এয়াহে আচল গণতন্ত্ৰ। আমি এক মহৰ্ষিৰ নেতৃত্বত, একমাত্ৰ এটা পথেৰেই এনে গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে আত্মনিয়োগ কৰিব লাগিব। ক্ষমতা জুইৰ দৰে। সকলোৱে তাৰ সদ্ব্যৱহাৰ নাজানি নিজেও পুৰি মৰে, আনৰ গাতো জুই লগায়। আমি সেয়ে এক মহাত্মা আৰু তেওঁৰ অনুগত এজন শিষ্যৰ নিৰ্দেশ মতে গণতন্ত্ৰৰ প্ৰতিষ্ঠাত নিজকে নিবেদন কৰিলে কেউপিনে নিখুত নিস্তব্ধ শান্তি প্ৰতিষ্ঠা হ’ব আৰু কোনো প্ৰতিবাদ শুনা নাযাব, কাৰণ আপত্তিৰ বাবে সুৰুঙাই নাথাকিব।