• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

মৃগীৰোগৰ লক্ষণ সমূহ জানেনে? ইয়াৰ চিকিৎসা ব্যৱস্থাৰ ওপৰত জানো আহক

by
August 1, 2022 11:04 am
Epilepsy
120
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ মগজুটো প্রায় এহেজাৰ কোটি বিশেষ কোষেৰে গঠিত এটা জটিল অংগ৷ মগজুৰ কোষবোৰৰ পৰা নিয়মিতভাৱে বৈদ্যুতিক আধান নির্গত হয়। কিছুমান বিশেষ অৱস্থাত মগজুৰ পৰা নিয়মিতভাৱে নিৰ্গত হোৱা বৈদ্যুতিক আধানবোৰ অতিৰিক্ত পৰিমাণত আৰু অনিয়মিতভাৱে নিৰ্গত হ’বলৈ ধৰে। মগজুৰ যিটো অংশত এই অনিয়ম সংঘটিত হয়, সেই অংশতে মৃগীৰোগ বা এপিলেপ্‌ছীৰ উৎপত্তি হয়।

এই বৈদ্যুতিক আধানবোৰ মগজুৰ এফালে আৰম্ভ হৈ বিপৰীত ফালে গতি কৰিলে ৰোগীজন অজ্ঞান হৈ যায়। অর্থাৎ মৃগী বা এপিলেপ্‌ছী ৰোগত ৰোগীজন অজ্ঞান হৈ যাব পাৰে। কিন্তু এই কথাটো আমি সকলোৱে মনত ৰখা আৰু বুজি পোৱা উচিত যে মৃগী বা এপিলেপছীৰ বাহিৰেও অন্যান্য বহুতো কাৰণত এজন ৰোগী অজ্ঞান হ’ব পাৰে।

Apply Now

উদাহৰণস্বৰূপে, মগজুত আঘাত লাগিলে (Head Injury), মগজুত ৰক্ত সঞ্চালনৰ বিজুতি ঘটিলে, ষ্ট্ৰক, মগজুত সংক্রমণ (Brain infection) আদি হ’লেও ৰোগী এজন অজ্ঞান হ’ব পাৰে। মাত্র এটা কথা আমি সকলোৱে মনত ৰাখিব লাগিব যে মৃগীৰোগ হৈ এবাৰ ফিট বা অচেতন হ’লে কিছুদিনৰ অন্তৰে অন্তৰে এই ৰোগ চিকিৎসা নকৰা পর্যন্ত পুনৰাবৃত্তি ঘটি থাকে। আনহাতে ওপৰত উল্লেখ কৰা কাৰণবোৰ সাধাৰণতে এবাৰহে হয়।

মৃগীৰোগৰ সাধাৰণ লক্ষণবোৰ জানি লওঁ আহক:-

১) মগজুৰ প্রি-ৰ’লেণ্ডিক অংশত এপিলেপ্‌ছী উৎপত্তি হ’লে ৰোগীৰ শৰীৰৰ যিকোনো অংশত কঁপনি উঠি আন অংশলৈ বিস্তাৰিত হয়।

যেনে– হাতৰ আঙুলিত আৰম্ভ হৈ বাউসিলৈ বিয়পি শৰীৰৰ এফাল কঁপিবলৈ লয় আৰু বুঢ়া আঙুলিত আৰম্ভ হৈ উৰ্দ্ধাংশলৈ গতি কৰে। মুখৰ কোনো অংশত আৰম্ভ হোৱা কঁপনি শৰীৰৰ আন অংশলৈ সম্প্রসাৰিত হয়।

বহু সময়ত এনে ৰোগী অজ্ঞান হৈ পৰি যায়, সর্বাংগত কঁপনি উঠে, মুখৰ পৰা ফেন ওলায়, জিভা কাটি যায়, কোনো ৰোগীৰ ক্ষেত্ৰত মল-মূত্রও বাজ হ’ব পাৰে।

২) মগজুৰ সন্মুখ ভাগৰ (ফ্রন্টেল্‌ লব) পৰা বৈদ্যুতিক ঢৌৰ উৎপত্তি হ’লে মূৰ, চকু আৰু কেতিয়াবা গোটেই শৰীৰটোৱে এফালে ঘূৰ খাই যায়। সাধাৰণতে মগজুৰ যি ফালৰ পৰা ঢৌৰ সৃষ্টি হয়, মূৰ, চকু আৰু শৰীৰৰ আন অংশই তাৰ বিপৰীত ফালে ঘূৰ খায়।

কোনো কোনো ৰোগীৰ ক্ষেত্ৰত এই অস্বাভাৱিক অৱস্থাটো ইমানতেই শেষ হ’ব পাৰে। কেতিয়াবা অজ্ঞান হৈ পৰি ৰোগীৰ হাত আৰু ভৰি বা গোটেই শৰীৰটো কোঁচ খাই যাব পাৰে।

৩) মগজুৰ পৰিপূৰক মটৰ অংশৰ (ছাপ্লিমেণ্টেল মটৰ এৰিয়া) পৰা বৈদ্যুতিক ঢৌৰ উৎপত্তি হ’লে চকু-মূৰ আৰু শৰীৰটো বিপৰীত দিশত ঘূৰি যোৱাৰ লগে লগে বিপৰীত বাউসীটো ওপৰলৈ উঠি যায়, লগতে হাতখন এক বিশেষ ভংগিমাত ৰৈ যায়।

 

কেতিয়াবা আকৌ বিপৰীত বাহু, হাত বা ভৰিত অস্বাভাৱিক জোকাৰণি পৰিলক্ষিত হয়।

৪) জেকছ’নিয়ান বুলিও এবিধ মৃগীৰোগ আছে। এই ৰোগৰ লক্ষণ হিচাপে হাতৰ আঙুলিবোৰ কোঁচ খাই আহে। এই প্রক্রিয়া ক্ৰমে বাউসী পায় আৰু একেফালৰ মুখ, মূৰ, পেট আনকি ভৰিলৈ বিস্তাৰিত হয়।

এই লক্ষণসমূহ সম্পন্ন হওঁতে মাথোঁ ২০–৩০ ছেকেণ্ডমান সময় লাগে। কেতিয়াবা আকৌ হাতৰ সলনি ভৰিৰ আঙুলিবিলাক কোঁচ খাই উৰুলৈ সম্প্রসাৰিত হয়, তাৰ পৰা পেট, বুকু, মুখ আৰু মূৰলৈ সম্প্রসাৰিত হয়।

৫) মগজুৰ পিছফালে থকা সংবেদী অংশৰ পৰা (প’ষ্টৰ’লেণ্ডিক এৰিয়া) বৈদ্যুতিক ঢৌবোৰৰ উৎপত্তি হ’লে সেই অংশই নিয়ন্ত্ৰণ কৰা শৰীৰৰ আন অংশত বিশেষ কিছুমান অনুভূতিৰ সৃষ্টি হয়, যেনে– অসাৰ যেন লগা, জিনজিননি হোৱা, বেজী বা গজালে বিন্ধাৰ দৰে লগা। কেতিয়াবা পিৰপিৰোৱা আৰু বৈদ্যুতিক শিহৰণৰ দৰে অনুভৱ হ’ব পাৰে।

তদুপৰি যিকোনো অংশত সামান্য গৰমৰ অনুভূতিও হ’ব পাৰে। এনেধৰণে অনুভূতি, আঙুলি, হাত, ভৰি বা শৰীৰৰ আন অংশতো হ’ব পাৰে।

 

৬) মগজুৰ একেবাৰে পশ্চাদ অংশ বা ষ্ট্ৰায়েট কৰ্টেক্সৰ পৰা আৰু টেম্পবেল-অক্সিপিটেল ল’বৰ সংযোগস্থলৰ পৰা বৈদ্যুতিক ঢৌবোৰৰ সৃষ্টি হ’লে দৃষ্টিশক্তিৰ লগত জড়িত কিছুমান লক্ষণ দেখা যায়, যেনে– চকুৰ আগত হঠাতে অন্ধকাৰ নামি অহা, কেতিয়াবা জুইৰ ফিৰিঙতি বা ৰং-বিৰঙৰ জিক্‌মিকনিও দেখা যায়।

খুব সঘনাই দেখা ৰংটো হ’ল ৰঙা। এই লক্ষণবোৰ কেইছেকেণ্ডমানৰ পৰা কেইবা মিনিটলৈ বর্তি থাকে আৰু ইয়াৰ পুনৰাবৃত্তিও ঘটে। বহুতে এনে লক্ষণৰ বাবে চকু চিকিৎসকৰ কাষ চাপে, কিন্তু মনত ৰখা উচিত যে এইবিলাকো মৃগীৰোগৰ লক্ষণ হ’ব পাৰে।

৭) বৈদ্যুতিক ঢৌবোৰ মগজুৰ টেম্পৰেল লবৰ পশ্চাদ অংশৰ পৰা উৎপত্তি হ’লে। সঘনাই পৰিলক্ষিত হোৱা লক্ষণবোৰ হ’ল –কাণত হঠাতে হোঁ-হোঁৱাই থকা যেন লগা, কাণ বন্ধ হোৱা যেন লগা, কেতিয়াবা সংগীতৰ সুৰ ভাহি অহা যেন লগা আৰু অস্পষ্ট শব্দ শুনা যেন লাগে।

ৰোগীয়ে অনুভৱ কৰা এই অনুভূতিবোৰৰ বাস্তৱতা নাই। কেইছেকেণ্ডমানৰ পৰা কেইবা মিনিটলৈ এই লক্ষণবোৰ মাজে মাজে পুনৰাবৃত্তি হয়।

৮) মগজুৰ টেম্পৰেল লবৰ উৰ্দ্ধ পশ্চাদ অংশ বা পেৰাইটেল আৰু সংযোগস্থলীৰ পৰা বৈদ্যুতিক ঢৌবোৰৰ উৎপত্তি হ’লে মৃগীৰোগৰ লক্ষণ হিচাপে তীব্ৰ মূৰঘূৰণি হৈ নিমিষতে নাইকীয়াও হৈ যায়।

কিন্তু পিছলৈ ৰোগীয়ে দুর্বল অনুভৱ কৰে, মূৰ অজ্ঞান হোৱাও দেখা যায়, বমিৰ ভাৱো হ’ব পাৰে।

৯) ঘ্ৰাণৰ লগত জড়িত কিছুমান উপসর্গও মৃগীৰোগত দেখা যায়। এনেক্ষেত্ৰত ৰোগীৰ এক বিশেষ ধৰণৰ গন্ধানুভূতি হয়। এনে ধৰণৰ অবাস্তৱ অনুভূতি হঠাতে উপলব্ধ হৈ তৎক্ষণাত নাইকীয়াও হৈ যায়।

মগজুৰ টেম্পৰেল লবৰ আনচিনেন্ট অংশৰ পৰা বৈদ্যুতিক ঢৌবোৰ উৎপত্তি হ’লে এই লক্ষণবোৰ দেখা দিয়ে।

১০) বিভিন্ন ধৰণৰ সোৱাদৰ অনুভূতি মৃগীৰোগৰ লক্ষণ হিচাপে দেখা দিব পাৰে। এই অৱস্থাত ৰোগীয়ে জিভাত আৰু মুখত কিছুমান ওলাই আহে আৰু ৰোগীয়ে পিয়াহ অনুভৱ কৰে। এনেধৰণৰ অভিজ্ঞতাৰ পুনৰাবৃত্তি ঘটে।

টেম্পৰেল লবৰ ইনছুলা আৰু পেৰাইটেল লবৰ অপাৰকু লাম অংশৰ পৰা বৈদ্যুতিক ঢৌৰ উৎপত্তি হ’লে উপৰোক্ত লক্ষণবোৰ দেখা যায়।

১১) কেতিয়াবা ৰোগীয়ে বুকু বা পেটৰ ভিতৰত কিছুমান বুজাব নোৱাৰা অনুভূতি উপলব্ধি কৰে। কেতিয়াবা হঠাতে বুকু ধপধপায়, নাড়ীৰ স্পন্দন খৰতকীয়া হয়, গাৰ নোম ডাল ডাল হয়, নাড়ী-ভুঁৰুবিলাক উজাৰ খাই আহে।

তদুপৰি কেতিয়াবা বুজাব নোৱাৰা ধৰণৰ পেটৰ বিষৰ অনুভূতিও মৃগীৰোগৰ লক্ষণ হ’ব পাৰে।

এনেধৰণৰ লক্ষণবোৰৰ উৎপত্তিস্থল মগজুৰ টেম্পৰেল ফিছাৰৰ ওপৰৰ পাৰ বা ফ্রন্টেল লবৰ মাজৰ জাইৰাছ বা ছিংগুলেট জাইৰাছো হ’ব পাৰে।

১২) বৈদুতিক ঢৌবোৰ মগজুৰ এমিকডেলয়ড নিউক্লিয়াছৰ পৰা উৎপত্তি হ’লে ৰোগীয়ে মুখ টোপালি থাকে, কিবা বস্তু চোবাই খোৱাৰ দৰে কৰে আৰু লেলাউটি বৈ আহে। এই অস্বাভাৱিক আচৰণবোৰ ৰোগীৰ অজ্ঞাতে হৈ থাকে।

এনে সময়ত বহি থকা ৰোগী বহিয়ে থাকে, থিয় হৈ থকাজনে থিয় হৈ থাকে, খোজকঢ়াজনে খোজকাঢ়ি থাকে। এনে অৱস্থাত ৰোগীয়ে ক’ব নোৱাৰাকৈয়ে প্রস্রাৱো কৰিব পাৰে।

১৩) অপাৰকুলাৰ অংশৰ পৰা বৈদ্যুতিক ঢৌবোৰ উৎপত্তি হ’লে মৃগীৰ লক্ষণ হিচাপে ৰোগীয়ে হঠাতে কথা ক’ব নোৱাৰা হয়, বাকৰুদ্ধ হয়। এই অৱস্থাটো কেইছেকেণ্ডমান বা কেই মুহুর্তমান বর্তি থাকি পিছত নিজে নিজে ভাল হ’ব পাৰে।

কেতিয়াবা দুর্বোধ্য শব্দও উচ্চাৰণ কৰিব পাৰে, যাৰ অর্থ তেওঁ নিজেও নাজানে। এই অস্বাভাৱিকতাবিলাক ৰোগীৰ অজ্ঞাতসাৰেই হৈ থাকে।

১৪) টেম্পৰেল লবৰ পৰা নিৰ্গত হোৱা বৈদ্যুতিক ঢৌবোৰৰ ফলত মাজে মাজে ৰোগীৰ দৃষ্টিবিভ্রম হয়। যেনে- সন্মুখত দেখি থকা বস্তুবোৰ ক্ৰমান্বয়ে সৰু হৈ দূৰলৈ গুচি যোৱা যেন লাগে।

কেতিয়াবা আকৌ ওলোটা হয়, অর্থাৎ সন্মুখৰ বস্তুটোৱে বিয়াগোম ৰূপ ধাৰণ কৰে আৰু কেতিয়াবা মণিব নোৱাৰাকৈ সৰু হয়। কেতিয়াবা দৃশ্যমান বস্তুবোৰ একা-বেঁকা হয়। বস্তুবোৰ আঁতৰি লাগি থাকে।

মৃগীৰোগৰ চিকিৎসা আছেনে? জানো আহক

হয়, মৃগীৰোগৰ চিকিৎসা নিশ্চয় আছে। কিন্তু চিকিৎসা আৰম্ভ কৰাৰ আগতে চিকিৎসকজনে ৰোগীৰ শৰীৰত দেখিবলৈ পোৱা বহুৰূপী লক্ষণবোৰ মৃগী বা এপিলেপ্‌ছীৰ কাৰণে যে হৈছে এই কথাটো বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা নিশ্চিত কৰি হোৱা পৰীক্ষাবোৰ হ’ল যেনে ইলেক’এণ্ড ছেফালো গ্রাম, চমুকৈ ই ই জি, মেগনিক ৰিজোনেন্স ইমেজিং চমুকৈ এম আৰ আই, পজিটন এমিচন টমগ্রাফি স্কেনিং চমুকৈ চি টি স্কেন আৰু নিউৰ’চাইক’লজি পৰীক্ষা আৰু আন কিছুমান পৰীক্ষাৰ প্রয়োজন হ’ব পাৰে।

এপিলেপ্‌ছী বা মৃগীৰ চিকিৎসাত দৰবৰ প্রয়োজন নে অপাৰেচনৰ প্রয়োজন? ইয়াৰ বাহিৰেও আৰু কিবা চিকিৎসাৰ উদ্ভাৱন হৈছে নেকি? এইধৰণৰ প্ৰশ্ন বিভিন্ন জনৰ মনত আহে নহয় জানো? আহক জানো ইয়াৰ বিষয়ে-

মৃগীৰোগৰ চিকিৎসাৰ বাবে এতিয়ালৈকে প্রায় ৫০ বিধমান বেলেগ বেলেগ দৰৱৰ উদ্ভাৱন হৈছে। শতকৰা প্রায় ৭৫ ভাগ ৰোগীক কেৱল ঔষধৰ দ্বাৰা সম্পূৰ্ণকৈ নিৰাময় বা নিয়ন্ত্ৰণত ৰাখিব পাৰি। দৰৱত ভাল নোহোৱা বাকী ২৫ ভাগ ৰোগীৰ আধাতকৈ বেছি সংখ্যকক অস্ত্ৰোপচাৰৰ দ্বাৰা নিৰাময় বা নিয়ন্ত্রণ কৰিব পাৰি।

ইয়াৰোপৰি হৃৎপিণ্ডত ব্যৱহাৰ কৰা পেছমেকাৰৰ নিচিনা (Vegas Nurve Stimulator) এটা যন্ত্র ছালৰ তলত সংস্থাপন কৰি মগজুৰ লগত সংযোগ সাধন কৰাই দিও এপিলেপ্‌ছী নিয়ন্ত্রণলৈ আনিব পাৰি।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd