Mouth ulcers or Stomatitis মুখগহ্বৰ হৈছে মানুহৰ খাদ্যনলীৰ বা পাচনতন্ত্ৰৰ প্ৰথম আৰু প্ৰধান অংগ। ওঁঠ (lips), দাঁত(teeth), দাঁতৰ আলু (gums), জিভা(tongue), গালৰ ভিতৰৰ অংশ, জিভাৰ তলৰ অংশ, তালু (palate),আলজিভা(uvula) আদিক একেলগে মুখগহ্বৰ বুলি কোৱা হয় ৷
আমি খোৱা খাদ্য ইয়াতে লালটি বা চেলেইভা ৰ দ্বাৰা আংশিকভাৱে পাচন হৈ খাদ্যনলীৰ তলৰ অংশসমূহলৈ গতি কৰে। কিন্তু মুখগহ্বৰত কিবা সমস্যাৰ সৃষ্টি হ’লে এই পাচন প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয় বা আমি খাদ্য গ্ৰহণ কৰোঁতে অসুবিধাৰ সৃষ্টি হয়।
আনকি মুখ মেলোতে বা কথা পাতোতেও সমস্যা হয়। বিশেষকৈ বৰ্তমান সময়ত মানুহৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ পৰিৱৰ্তনে মুখগহ্বৰৰ বিভিন্ন ৰোগ সৃষ্টি কৰে। বিভিন্ন জ্বলা,পোৰা মচলাযুক্ত খাদ্য,ধপাঁত জাতীয় পদাৰ্থ যেনে বিড়ি, চিগাৰেট,চাধা,তামোল পাণ,গুটখা,মদ্যপান আদিৰ অত্যাধিক ব্যৱহাৰে মুখগহ্বৰৰ ৰোগ হোৱাত প্ৰভাৱ পেলায়।
মুখগহ্বৰৰ ঘাঁ হৈছে এনে এটা সহজতে হোৱা ৰোগ যাক চিকিৎসা বিজ্ঞানৰ ভাষাত Mouth ulcer বা ষ্টমা’টাইটিছ (Stomatitis) বুলিও কোৱা হয়। বৰ্তমানৰ দৰে প্ৰাচীন কালতো ভাৰতবৰ্ষত এই ৰোগৰ প্ৰাদুৰ্ভাব আছিল বুলি গম পোৱা যায় ৷ প্ৰায় পাঁচ হাজাৰ বছৰ পুৰণি আয়ুৰ্বেদৰ প্ৰায়ভাগ মুখ্য গ্ৰন্থতে মুখগহ্বৰৰ ৰোগৰ বিস্তৃত বিৱৰণ পোৱা যায় ৷
চৰক সংহিতাত ৬৪ টা, সুশ্ৰুত সংহিতাত ৬৫ টা আৰু অষ্টাংগ সংগ্ৰহ গ্ৰন্থত ৭৫ টা , ভাৱপ্ৰকাশত ৬৭টা ,সাৰংগধৰ সংহিতাত ৭৪টা মুখ গহ্বৰ ৰোগৰ উল্লেখ আছে। আচাৰ্য্য চৰক আৰু কাশ্যপে মুখগহ্বৰৰ ৰোগক ’মুখপাক’ ৰোগ বুলি অভিহিত কৰিছে।
মুখপাক মানে হৈছে মুখৰ ভিতৰৰ আৱৰণৰ পাক অৱস্থা বা পকি যোৱা অৱস্থা (stage of suppuration/ulcer formation)। আনহাতে আচাৰ্য্য সুশ্ৰুত আৰু বাগভত্তে ’সৰ্বচৰ ৰোগ’ বুলি কৈছে। মুখগহ্বৰৰ বিভিন্ন অংশত এই ৰোগ হয় বাবে ’সৰ্বচৰ ৰোগ’ বোলা হয়।
ঘাঁ বা ulcerক আয়ুৰ্বেদত ব্ৰণ বুলিও কোৱা হয়। ’সুশ্ৰুত সংহিতা’ গ্ৰন্থত কৈছে যে এই ব্ৰণ উৎপত্তি হ’লে শৰীৰৰ কোষসমূহ চূৰ্ণ বিচূৰ্ণ হয় (অৰ্থাৎ ’ব্ৰণ গাত্ৰবিচূৰ্ণনে ব্ৰণয়তীতি ব্ৰণ”)। উক্ত ব্ৰণ বা ঘাঁ ত্ৰিদোষ (বাত,পিত্ত আৰু কফ) দুষিত হৈ সৃষ্টি হয় বা বিভিন্ন বাহ্যিক কাৰণ যেনে চোকা অস্ত্ৰৰ আঘাত,তীক্ষ্ণ ঔষধিৰ প্ৰয়োগ বা অগ্নি,ক্ষাৰ,বিষক্ৰিয়া বা বিভিন্ন পশু পক্ষীৰ আক্ৰমণত উৎপত্তি হয়৷
ফলশ্ৰুতিত মানৱ শৰীৰৰ চাল, মাংস ,সিৰা, স্নায়ু, অস্থি, মেদ ,কোষ্ঠ ,মৰ্ম আদি আক্ৰান্ত হৈ ’নিজ’ আৰু ’আগন্তুজ’ দুই ধৰণৰ ব্ৰণ সৃষ্টি কৰে। ’নিজ’ ব্ৰণ শৰীৰৰ ত্ৰিদোষৰ প্ৰভাৱত হয় ,আনহাতে ’আগন্তুজ’ ব্ৰণ বাহ্যিক আঘাতৰ বাবে উৎপত্তি হয়।
চিকিৎসা সম্পৰ্কে কিছু কথা জানো আহক
১)আয়ুৰ্বেদৰ মতে এই ৰোগত পিত্ত দোষৰ প্ৰভাৱ বেছি থাকে সেয়েহে পিত্ত দোষ প্ৰকোপ কৰিব পৰা আহাৰ বিহাৰ যেনে ভজা পোৰা তেলজাতীয় খাদ্য (spicy food), ফাষ্ট ফুড, তামোল, চাধা, বিড়ি, চিগাৰেট আদি ধপাঁত জাতীয় দ্ৰব্যৰ ব্যৱহাৰ, মদ্যপান, ৰাতি দেৰকৈ খোৱা ,শাৰীৰিক পৰিশ্ৰমৰ অভাৱ, সময়মতে খাদ্য গ্ৰহণ নকৰা ইত্যাদি ত্যাগ কৰা উচিত ৷
২) এই ৰোগত ৰোগৰ কাৰণসমূহ চিনাক্তকৰণ কৰি চিকিৎসা কৰা দৰকাৰ ৷ অধিকাংশ ক্ষেত্ৰতে ৰোগৰ কাৰণসমূহৰ পৰা বিৰত থাকি এই ৰোগ হোৱাত বাধা দিব পাৰি ৷
৩) উক্ত ৰোগত কচায়, মধুৰ, শীতল,সিদ্ধ আহাৰ আৰু ঔষধি প্ৰয়োগ কৰা উচিত ৷ খোৱা ঔষধিৰ লগতে ঘাঁ হোৱা স্থানত লগোৱা দৰৱ নতুবা বিভিন্ন দৰৱ কুলিকুলি (gargle) হিচাপে ব্যাৱহাৰ কৰি সুফল পোৱা যায় ৷
৪) আয়ুৰ্বেদত উল্লেখিত বিভিন্ন ঔষধি গছ লতা এল’ভেৰা, গিলয়, খদিৰ (acacia catechu) ত্ৰিফলা ( আমলখি,শিলিখা,ভোমোৰা ),চন্দন , উচিৰ (vittivera zizinoides), মুষ্টক ( cyperus rotundus), যষ্টিমধু, মধুৰী, লং, ইলাচী , জাতিফলম আদি একক ঔষধি হিচাপে আৰু যৌগিক ঔষধি যেনে খদিৰাদি, এলাদী বটী, উচিৰাসৱ, কুমাৰীসৱ, চন্দনাসৱ, আমলখি ৰসায়ন আদি ব্যাৱহাৰ কৰি সুফল পাব পাৰি ৷
ইয়াৰ উপৰিও ইৰিমিদাদি তৈল, মৌ, তংকন ভস্ম আদি ঘাঁ হোৱা স্থানত লগাই সুফল পাব পাৰি ৷ ত্ৰিফলা কচায়, পঞ্চবল্কল কচায় আদিৰে প্ৰক্ষালণ কৰি সোনকালে আৰোগ্য হ’ব পৰা যায় ৷
৫) মুখগহ্বৰৰ ঘাঁৰ ক্ষেত্ৰত মুখগহ্বৰৰ স্বচ্ছ্যতা (oral hygine ) নিয়ন্ত্ৰণ কৰি ৰখাটো নিত্যান্তই আৱশ্যক ৷ আজিকালি বজাৰত উপলব্ধ বিভিন্ন এন্টিচেপ্টিক মাউঠ ওৱাছ আৰু টুথপেষ্ট ব্যৱহাৰ কৰিব পাৰি ৷
৬) এনে ৰোগ দেখা পালেই চিকিৎসকৰ লগত আলোচনা কৰি দৰৱ ব্যৱহাৰ কৰা দৰকাৰ ৷ কেতিয়াবা ৰোগ চিনাক্তকৰণৰ বাবে পৰীক্ষাগাৰৰ পৰীক্ষা-নিৰীক্ষাৰো প্ৰয়োজন হয় ৷ বিশেষকৈ দৰৱ ব্যৱহাৰৰ পিছতো ভাল নহ’লে বা বাৰে বাৰে এনে ঘাঁ হৈ থাকিলে Routine blood test, Blood Sugar, VDRL ,HIV test, Culture and sensivity test,Biopsy আদিৰ প্ৰয়োজন হয় ৷
ৰোগৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি এন্টিবায়’টিক,এন্টিফাংগেল,এন্টি ভাইৰেল,এনালজেচিক (বিষ নিৱাৰণৰ ঔষধ) ,অতিৰিক্ত ভিটামিন ( বিশেষকৈ ভিটামিন B আৰু C) আৰু আইৰণ প্ৰয়োগ কৰিব লগীয়া হ’ব পাৰে ৷
সেয়েহে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী কিয়নো মুখগহ্বৰৰ ঘাঁ ই হয়তো কৰ্কট ৰোগৰ আগজাননীও দিব পাৰে ৷