মানুহে সচৰাচৰ গৰু-ছাগলী-হাঁহ-কুকুৰা পুহি আহিছে। এইসমূহ সাধাৰণতে ব্যৱসায়ৰ বাবে বা বিভিন্ন খাদ্যৰ বাব পোহা হয়। আনহাতে, কুকুৰ-মেকুৰী-শহাপহু-ভাটৌ ইত্যাদি মানুহে মৰমতে পোহে। মানুহে পানীত মাছো পোহে। কিন্তু সাপ পোহা শুনিছেনে? হয়, শুনিবলৈ আচৰিত যদিও এইয়া সঁচা।
চীনৰ জিচিকিয়াও নামৰ এখন গাওঁ শেহতীয়াকৈ চৰ্চালৈ আহিছে৷ সাপ পুহি সাপৰ প্ৰতিপালন কৰাৰ বাবে এই গাওঁখন সমগ্ৰ বিশ্বতে বিখ্যাত হৈ পৰিছে৷ এইটো নহয় যে সাপবোৰ বিষাক্ত নহয়। প্ৰত্যেকটো সাপ একোটা ভয়ানক প্ৰজাতিৰ সাপ। কিন্তু কিয় গাঁওবাসীয়ে সাপ পোহে? দৰাচলতে, চীনৰ কিছু অংশত সাপৰ মাংসৰ যথেষ্ট চাহিদা আছে। সেই মাংস পিয়াঁজৰ পাত, জলকীয়া, মুৰ্গীৰ সৈতে ৰন্ধা হয়।
কেতিয়াবা ইয়াক চুপৰ দৰে তৈয়াৰ কৰা হয়। ইয়াৰ সোৱাদ মাছ আৰু মুৰ্গীৰ মাংসৰ দৰে হয়। আনহাতে, বহুলোকে সাপৰ পিত্ত, শৰীৰৰ বিভিন্ন অংশও খায়। সাপটোৰ শৰীৰটো সুৰাৰ বটলত ৰাখি কিছুমানে ইয়াক পানো কৰে। এইটো বিশ্বাস কৰা হয় যে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী বহুগুণে শক্তিশালী কৰে। শৰীৰটো সতেজ কৰি ৰাখে আৰু দীৰ্ঘদিন জীয়াই থকাত সহায় কৰে। অৱশ্যে, গাওঁখনৰ আধুনিক প্ৰজন্ম এই বিষয়ে আগ্ৰহী নহয়।ঔষধ তৈয়াৰ কৰিবলৈ সাপৰ বিষ আৰু শৰীৰৰ বিভিন্ন অংশও ব্যৱহাৰ কৰা হয়৷
অৱশ্যে কেৱল চীনতে নহয়। চীনৰ বাহিৰতো সাপৰ চাহিদা আছে। ইয়াক জাপান আৰু দক্ষিণ কোৰিয়ালৈ ৰপ্তানি কৰা হয়। জাৰ্মানী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰলৈও সাপ প্ৰেৰণ কৰা হৈছিল। স্থানীয় লোকসকলৰ মতে, য়াং হংচাং নামৰ এজন কৃষকে প্ৰথমে সাপ পালন কৰা আৰম্ভ কৰিছিল। এইয়া আজিৰ পৰা কেইবা দশক আগৰ কথা। তেওঁ এই সাপৰ ব্যৱসায়ত যথেষ্ট ব্যস্ত হৈ পৰিছিল । তেওঁক দেখি, আন গাওঁবাসীয়েও খেতি বা অন্যান্য জীৱিকা ত্যাগ কৰিছিল। তেওঁলোক সকলোৱে একেলগে সাপৰ ব্যৱসায়ত জড়িত হৈ পৰিছিল৷
সাপৰ খেতিয়কসকলে কয় যে, এসময়ত কোনেও জিচিকিয়াও গাঁৱৰ নাম নাজানিছিল।গাওঁখন আছিল ক্ষুদ্ৰ খেতিয়কসকলৰ এখন সৰু গাওঁ। আৰু যথেষ্ট অনুন্নতও আছিল। কিন্তু গাওঁবাসীসকলে সাপৰ ব্যৱসায় কৰি গাওঁখনৰো অৰ্থনৈতিক ব্যৱস্থা ভাললৈ আনিছে৷পূৰ্বৰ তুলনাত গোটেই গাওঁখন যথেষ্ট উন্নত হৈছে৷ বহুলোকে এই সাপৰ ব্যৱসায় কৰি বছৰত প্ৰায় ১০ লাখ টকা (ভাৰতীয় মুদ্ৰাত) উপাৰ্জন কৰে।