• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

প্ৰফুল্ল মহন্তৰ ‘অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস’ৰ বিষয়ে এটি চমু আলোচনা

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
September 28, 2022 2:02 pm
Asomiya Madhyabitra Shrenir Itihas
131
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰফুল্ল মহন্তৰ লগত এসময়ত মোৰ এক আন্তৰিক সম্পৰ্ক আছিল। এটা আফচোচ থাকি গ’ল। তেখেত ঢুকুৱাৰ আগেয়ে জি এন আৰ চিলৈ গৈও মই তেখেতক লগ কৰিব নোৱাৰিলো। তেখেতক তেতিয়া আইচিইউত ৰখা হৈছিল। প্ৰফুল্ল মহন্তৰ ‘অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস’ এখন গুৰুত্বপূৰ্ণ কিতাপ। আচলতে, এফালৰপৰা এই কিতাপখনক অসমৰ ইতিহাস বুলিও ক’ব পাৰি। কিতাপখনৰ তথ্যসম্ভাৰ চমকপ্ৰদ। সূচাংকৰ সংযোজনে কিতাপখনক অধিক চহকী কৰিলেহেঁতেন। কিন্তু, পুনৰুক্তিয়েও কিতাপখনৰ কলেবৰ কিছু বঢ়াইছে।

কিতাপখনৰ মূল কথা কেইটা কি? বৃটিছৰ আগমনৰ আগলৈ বৰ দীঘলীয়াকৈ অসম ভাৰতৰ অধীনত নাছিল। যদিও মাজে মাজে অসমৰ কোনো কোনো অংশ মোগলৰ অধীনলৈ গৈছিল। এই অঞ্চলটোত ঘাইকৈ স্থানীয় জনজাতীয় আৰু নৃগোষ্ঠীয় লোকসকলে বাস কৰিছিল। ভাষা এটাৰ ইতিহাস, সদায় প্ৰথমে, সেই ভাষা কোৱা লোকসকলৰো ইতিহাস। অসমীয়া ভাষাৰ শব্দ সম্ভাৰ আৰু গঠন, সংগঠনৰ পৰাও আমি অসম, অসমীয়াৰ ইতিহাসৰ এটা আভাস পাওঁ। অসমীয়া ভাষাৰ, অসমৰ গাতে লাগি থকা বাংলা আৰু হিন্দীৰ লগত থকা বিভেদ আৰু পাৰ্থক্যৰ পৰাই ইয়াৰ স্বকীয়তাটো চিনি পোৱা যায়।

Apply Now

এফালে আমাৰ বিভিন্ন জনজাতীয়, নৃগোষ্ঠীয় জনগণ আৰু আনফালে ভাটিৰপৰা অহা সংস্কৃত পৰম্পৰাৰ লগত সম্পৰ্ক থকা লোকসকল, মানে ব্ৰাহ্মণ, কায়স্থ- স্থানীয় আৰু বহিৰাগত, এই দুয়োচাম মানুহে কোৱা ভাষাটোৰ সংমিশ্ৰণত, বা দুয়োটা মিহলি হৈ অসমীয়া ভাষাটো বা অসমীয়া পৰিচয়টো গঢ়ি উঠিছিল। প্ৰফুল্ল মহন্তৰ কিতাপখনৰ পৰাও এই কথাটোৱে ওলাই আহে। শংকৰী যুগৰ অসমৰ পৰা মানৰ আক্ৰমণৰ যোগেদি ইংৰাজৰ অধীনলৈ যোৱা অসমৰ ইতিহাসো বৰ মৰ্মান্তিক। এফালে আহোম,আনফালে কোঁচ,মাজতে সৰু সৰু জনজাতীয় গোট সমূহ, ইয়াৰ উপৰিও বামুণ, কায়স্থ, তেওঁলোকৰো দুটা ভাগ, এটা হিন্দু শাক্ত আনটোও হিন্দু, কিন্তু ভক্তি মাৰ্গৰ। সেইখন অসম আনুভূমিকভাৱে কল্পনা কৰিলে আমাৰ কল্পনাত এখন ছবি ভাহি উঠে। এইটো হৈছে প্ৰথম কথা।

তাৰ পিছৰ কথাটো হৈছে কিতাপখনৰ মূল প্ৰতিপাদ্য বিষয়, অসমীয়া মধ্যবিত্ত শ্ৰেণী। ক’ৰপৰা কেনেকৈ এই শ্ৰেণীটোৰ উৎপত্তি হ’ল? অসমৰ স্থানীয় শাসক সকলে মানে আহোমসকলে তেওঁলোকৰ কাম-কাজ আৰু পূজা-পাতলৰ বাবে ভাটিৰপৰা বাহ্মণ সকলক অনাইছিল। প্ৰফুল্ল মহন্তই তেখেতৰ কিতাপত উল্লেখ কৰিছেঃ “চতুৰ্দশ শতিকাৰ শেষৰ ফালে চুদাংফা বা বামুণী কোঁৱৰ(১৩৯৭-১৪০৭)ৰ দিনতে ব্ৰাহ্মণ্য হিন্দু ধৰ্মই ৰজাঘৰত প্ৰবেশ কৰে আৰু চুহুংমুং(১৪৯৭-১৫৫৯)ৰ ৰাজত্ব কালত হিন্দু ধৰ্মৰ প্ৰভাৱ বৃদ্ধি পায়।” (৪৩ পৃষ্ঠা) এই সিদ্ধান্তৰ সপক্ষে অৱশ্যে তেখেতে কোনো উৎস উল্লেখ কৰা নাই।

তেখেতে যিসকল লোকক অসমৰ মধ্যবিত্ত শ্ৰেণী বুলি কৈছে সেই সকলৰ সৰহ সংখ্যকৰ উৎপত্তি এই ব্ৰাহ্মণ, কায়স্থ সকলৰপৰা। অসমৰ স্থানীয় মানুহখিনি আছিল আহোম আৰু অন্যান্য জনজাতীয় লোক। অসমৰ বাহিৰৰপৰা অহা এওঁলোক আছিল উচ্চ বৰ্ণৰ। এওঁলোক ইতিমধ্যে এটা উন্নত উৎপাদন প্ৰণালীৰ লগত জড়িত আছিল। সেই অনুসৰি এওঁলোকৰ চিন্তা-চৰ্চা আৰু জীৱন ধাৰণৰ প্ৰণালীও স্থানীয় লোকসকলতকৈ আগবঢ়া আছিল। খেতি- খোলাতকৈ এওঁলোকৰ মূল কাম আছিল ধৰ্ম-কৰ্ম, শিক্ষা-দীক্ষা আৰু ৰজাক মন্ত্ৰণা দিয়া।

আহোম ৰাজত্বৰ শেষৰ ফালে তেওঁলোকৰ নিজৰ মাজত লগা খোৱা-কামোৰা আৰু মোৱামৰীয়া বিদ্ৰোহৰ বাবে আহোম শাসন সোলোক-ঢোলোক হৈ পৰিছিল। সেই সুযোগতে, মানে অসম আক্ৰমণ কৰিছিল। মানৰ আক্ৰমণৰ পিছত অসম কেনেকৈ বৃটিছৰ অধীনলৈ গ’ল- সেইটো সকলোৱে জনা কথা। অসম বৃটিছৰ অধীনলৈ যোৱাৰ পিছত যিসকল লোকে শাসনকাৰ্য চলোৱাত তেওঁলোকক সহায় কৰিছিল তেওঁলোকৰ বেছিভাগেই আছিল এই বৰ্ণহিন্দু লোকসকল।

এওঁলোকৰ অসমৰ স্থানীয় লোকসকলৰ প্ৰতি কি মনোভাব আছিল? “অসমীয়া ল’ৰাৰ মিত্ৰ”ত আনন্দৰাম ঢেঁকীয়াল ফুকনে কি কৈছিল- অসম দেশৰ লোক প্ৰায়েই হিন্দু আৰু অনেক বামুনিয়া আৰু মহাপুৰুষীয়া… এবং মুচলমানো কিচু আচে; কিন্তু কচাৰী,লালুং,মিকিৰ নামে কেত বিলাক জাতি আচে সিহঁত হিন্দু নহয় আৰু অসভ্য।” গুণাভিৰাম বৰুৱাই আনন্দৰামৰ লগতে সুৰ মিলাই, অসমত বসবাস কৰা ব্ৰাহ্মণ ভিন্ন অন্যান্য পিছপৰা জাতিবোৰক “ইহঁত অতি হীন জাতি”, “অতি ঘৃণ্যজাতি”, “অতি হীনচাৰী ও দুৰ্বুদ্ধি” আদি আখ্যা দিছে। হেমচন্দ্ৰ বৰুৱায়ো আহোমৰ বিষয়ে কৈছিল- “আহোম ভাষা একপ্ৰকাৰ অসভ্য জাতিৰ ভাষা।” এইবোৰ কথা আছে কিতাপখনৰ ৫১ পৃষ্ঠাত।

এই বৰ্ণহিন্দু সকলৰ সামাজিক অৱস্থানটো কি আছিল? আমি ইতিমধ্যে তাৰ এটা ইংগিত দিছো। এওঁলোকৰ দুটা কথাৰ লগত সম্পৰ্ক আছিল। সেই দুটা আছিল ইংৰাজ আৰু ইংৰাজী ভাষা। ইংৰাজী ভাষা আৰু ইংৰাজ জীৱনবীক্ষাই তেওঁলোকৰ জীৱন বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। দুৰ্দশাগ্ৰস্ত সাধাৰণ অসমীয়াৰ কথা যে তেওঁলোকে ভবা নাছিল, তেনে নহয়। কিন্তু বৃটিছৰ বিৰুদ্ধে সংগ্ৰাম,আন্দোলন কৰাৰ পক্ষপাতী তেওঁলোক সমূলি নাছিল। বৃটিছক আবেদন-নিবেদন কৰি বৃটিছৰ অনুগ্ৰহতহে তেওঁলোকে অসমীয়া মানুহৰ উন্নতি বিচাৰিছিল। আনন্দৰাম ঢেঁকীয়াল ফুকনৰ “অসমীয়া ল’ৰাৰ মিত্ৰ” তাৰ এক অন্যতম উদাহৰণ। এয়া আছিল উনবিংশ শতিকাৰ কথা। কিন্তু, যথেষ্ট অন্তৰ্দ্বন্দ্ব আৰু সীমাবদ্ধতা সত্ত্বেও কুৰি শতিকাৰ আগভাগত ভাৰতৰ স্বাধীনতা আন্দোলনত এওঁলোকৰ উত্তৰসুৰী সকলেই অগ্ৰণী ভূমিকা লৈছিল।

প্ৰফুল্ল মহন্তৰ এওঁলোকৰ বিৰুদ্ধে আপত্তি ক’ত? এওঁলোকে কিয় সেই সময়ত অসমৰ অ’ত-ত’ত হোৱা কৃষক আন্দোলনৰ লগত চামিল নহ’ল আৰু তাৰ নেতৃত্ব নিদিলে? দেশ স্বাধীন হোৱাৰ পিছত অসমৰ তথাকথিত মধ্যবিত্ত শ্ৰেণীটোৱে কি কৰিলে আমি সকলোৱে দেখিছো। এতিয়াও অসমৰ বৰ্ণহিন্দু সকলে ভাৰতীয় বৰ্ণহিন্দুৰ প্ৰাধান্য থকা ৰাজনৈতিক দল এটাৰ লগ লাগি অসমৰ জনজাতীয়, নৃগোষ্ঠীয় দুখীয়া-নিচলাৰ কি অৱস্থা কৰিছে সেইটোও আমি দেখিছো। লগতে, অসমৰ জনজাতীয় আৰু নৃগোষ্ঠীয় জনসাধাৰণৰ প্ৰায়বোৰ নেতাই হিন্দু-হিন্দী লবীৰ দালালি কৰি তেওঁলোকৰ প্ৰভুত্ব কেনেকৈ মানি লৈছে সেইটোও আমি দেখিছো।

এইখিনিতে আমি অন্য এটা প্ৰশ্নও কৰিব পাৰোঁ। এফালৰ পৰা আমাৰ বৰ্তমান আমাৰ অতীতৰে এক ধাৰাবাহিকতা। কেতিয়াবা আমাৰ বৰ্তমানো আমাৰ অতীত অধ্যয়নৰ আহিলা হ’ব পাৰে। তেন্তে মোক্ষম প্ৰশ্নটো হ’ল- ভাৰতত, অসমত কমিউনিষ্ট পাৰ্টি(পাৰ্টিবোৰ) গঠন হোৱাৰ কিমান দশক হ’ল? তেওঁলোকে ইমান বছৰে অসমৰ শ্ৰমিক-কৃষকক কি নেতৃত্ব দিলে? তেওঁলোকৰ নেতৃত্ব কিমান সফল হ’ল? গতিকে কথাটো এনেকুৱাও হ’ব পাৰে- এটা মতাদৰ্শ ইতিহাস অধ্যয়নৰ সহায়ক যেনেকৈ হ’ব পাৰে, সি তেনেকৈ কেতিয়াবা তাৰ প্ৰতিবন্ধকো হ’ব পাৰে। সঁচা কথা, তথ্য তত্ত্বৰ আলোকত উদ্ভাসিত হৈ উঠে। কিন্তু তথ্যত তত্ত্ব প্ৰয়োগ কৰাৰ ক্ষেত্ৰতো আমি সতৰ্ক হ’ব লাগিব। সকলোকে এটা সাঁচত ঢালি দিলে নহ’ব।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd