• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৫০০ কোটি আলোকবৰ্ষ দূৰত মহাজাগতিক দানব; ৩৬ বিলিয়ন সূৰ্য্যৰ ভৰ বিশিষ্ট কৃষ্ণগহ্বৰ আৱিষ্কাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2025 5:14 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞানীসকলে শেহতীয়াকৈ এটা মহাজাগতিক আশ্চৰ্য্য আৱিষ্কাৰ কৰিছে— সম্ভৱতঃ এতিয়ালৈকে আৱিষ্কাৰ হোৱা আটাইতকৈ ডাঙৰ কৃষ্ণগহ্বৰ। ইয়াৰ ভৰ আমাৰ সূৰ্য্যতকৈ প্ৰায় ৩৬ বিলিয়ন গুণ বা হাতীপটিৰ কেন্দ্ৰত থকা কৃষ্ণগহ্বৰতকৈ প্ৰায় ১০,০০০ গুণ বেছি।

এই কৃষ্ণগহ্বৰটো পৃথিৱীৰ পৰা প্ৰায় ৫০০ কোটি আলোকবৰ্ষ দূৰত ‘কচমিক হৰ্চশ্ব’ নামেৰে জনাজাত এক বিশাল তাৰকাৰাজ্যৰ (গেলাক্সি) কেন্দ্ৰত অৱস্থিত। তাৰকাৰাজ্যখন ইমানেই ডাঙৰ আৰু বিশাল যে ই নিজৰ চাৰিওফালে স্থান-কাল সলনি কৰি দূৰৰ তাৰকাৰাজ্যৰ পৰা অহা পোহৰৰ পথটোৰ গতি ঘুৰাই ঘোঁৰাৰ নালৰ আকৃতিৰ ‘আইনষ্টাইন ৰিং’ৰ সৃষ্টি কৰে।

Apply Now

মহাকৰ্ষণীয় লেন্সিং—অৰ্থাৎ বৃহৎ বস্তুৰ দ্বাৰা পোহৰৰ গতি—আৰু ষ্টেলাৰ কাইনেমাটিক্স —কৃষ্ণগহ্বৰৰ চাৰিওফালে তৰাৰ গতিবেগৰ পৰিমাপ সংমিশ্ৰণেৰে এক নতুন পদ্ধতি ব্যৱহাৰ কৰি গৱেষকসকলে এই অতিবৃহৎ কৃষ্ণগহ্বৰটো চিনাক্ত কৰিছে।

হাতীপটিৰ কৃষ্ণগহ্বৰৰ চাৰিওফালে তৰাবোৰৰ গতি তুলনামূলকভাৱে লেহেমীয়া হ’লেও এই কৃষ্ণগহ্বৰৰ ওচৰৰ তৰাবোৰে ঘণ্টাত প্ৰায় ১৪.৪ লাখ কিলোমিটাৰ (প্ৰতি ছেকেণ্ডত প্ৰায় ৪০০ কিলোমিটাৰ) বেগত প্ৰদক্ষিণ কৰি আছে।

ব্ৰিটেইনৰ পোৰ্টছমাউথ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা গৱেষণা দলটোৰ নেতা থমাছ কোলেটে কয় যে, “এয়া এতিয়ালৈকে আৱিষ্কাৰ হোৱা শীৰ্ষ ১০টা বৃহৎ কৃষ্ণগহ্বৰৰ ভিতৰত অন্যতম, আৰু সম্ভৱতঃ আটাইতকৈ ডাঙৰ।”

আন কৃষ্ণগহ্বৰৰ ভৰ সাধাৰণতে পৰোক্ষভাৱে জুখিব পাৰি, য’ত বহুতো অনিশ্চয়তা থাকে। কিন্তু এই ক্ষেত্ৰত  পোহৰৰ বিকৃতি আৰু তৰাবোৰৰ গতি—দুটা স্বতন্ত্ৰ প্ৰমাণেই ইয়াৰ ভৰ নিৰ্ণয়ৰ বাবে এক দৃঢ় ভিত্তি প্ৰদান কৰিছিল।

গৱেষক কাৰ্লোছ মেলোৱে (ইউনিভাৰ্চিটি ফেডাৰেল ডু ৰিঅ’ গ্ৰেণ্ডে ডু ছুল, ব্ৰাজিল) কয় যে, “এয়া গুৰুত্বপূৰ্ণ কাৰণ আমি এনে কৃষ্ণগহ্বৰ ধৰা পেলাব পাৰো যিবোৰ বৰ্তমান ‘নিশব্দ’—অৰ্থাৎ সক্ৰিয়ভাৱে পদাৰ্থ গ্ৰাস কৰা নাই বা কোৱাজাৰ হিচাপে জিলিকি থকা নাই।”

বিজ্ঞানীসকলে ‘‘কচমিক হৰ্চশ্ব’’ক এক প্ৰকাৰৰ ‘জীৱাশ্ম গোট’ গেলাক্সি বুলি কয়—য’ত অতীতত বহুতো বৃহৎ গেলাক্সি একত্ৰিত হৈ এটা বিশাল গেলাক্সি গঠন কৰিছে, আৰু কেন্দ্ৰত থকা ইহঁতৰ কৃষ্ণগহ্বৰবোৰো একত্ৰিত হৈ এই অতিবৃহৎ কৃষ্ণগহ্বৰটো গঠন কৰিছে।

আমাৰ হাতীপটিৰ কৃষ্ণগহ্বৰৰ ভৰ মাত্ৰ চাৰি নিযুত সূৰ্য্যৰ সমান যদিও এই কৃষ্ণগহ্বৰৰ ভৰ প্ৰায় ৯০০০ গুণ বেছি। যদিও দুয়োটা বৰ্তমান নিষ্ক্ৰিয়, তথাপিও ইহঁতৰ অতীতৰ কোৱাজাৰ কাৰ্যকলাপৰ ইতিহাস আছে আৰু ভৱিষ্যতে পুনৰ সক্ৰিয় হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

গৱেষকসকলৰ এই পদ্ধতিয়ে ভৱিষ্যতে দূৰৈৰ বিশ্বব্ৰহ্মাণ্ডৰ কৃষ্ণগহ্বৰৰ ভৰ অধিক সঠিকভাৱে জুখিবলৈ সহায় কৰিব পাৰে। ইউৰোপীয় মহাকাশ সংস্থাৰ (ESA) আগন্তুক ইউক্লিড মহাকাশ টেলিস্কোপকে ধৰি উন্নত যন্ত্ৰ ব্যৱহাৰ কৰি আৰু বহুতো অতিবৃহৎ কৃষ্ণগহ্বৰ আৱিষ্কাৰ কৰিব পৰা যাব— যিয়ে গেলাক্সি গঠন আৰু ইয়াৰ বিৱৰ্তনৰ ইতিহাস বুজাৰ ক্ষেত্ৰত নতুন দিগন্ত মুকলি কৰিব।

এই আৱিষ্কাৰ কৃষ্ণগহ্বৰ বিজ্ঞান আৰু মহাজাগতিক গৱেষণাৰ এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে চিহ্নিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

August 15, 2026 7:50 am
স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 15, 2026 6:45 am
অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

August 15, 2026 7:50 am
স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 15, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd