এইবাৰৰ সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰেৰে সন্মানিত নৰ্থইষ্ট নাওৰ সাংবাদিক প্ৰদ্যুন্ম গগৈৰ সৈতে নৰ্থইষ্ট নাওৰ জ্যেষ্ঠ সাংবাদিক ৰাজেন শৰ্মাৰ এক সাক্ষাৎকাৰৰ পূৰ্ণপাঠ পাঠকৰ বাবে আগবঢ়োৱা হ’ল-
নর্থইষ্ট নাও:- সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰ লাভ কৰাৰ বাবে আপোনাক অভিনন্দন জনাইছো। এনে বঁটা প্ৰাপ্তিয়ে আপোনাক কেনেদৰে উৎসাহিত কৰিছে?
প্ৰদ্যুন্ম গগৈ:-অভিনন্দনৰ বাবে ধন্যবাদ। সহজাত আগ্ৰহৰ তাড়ণাতে লিখা-মেলা কৰি আহিছো। বঁটা-বাহনৰ কথা ভাবি নিলিখাকৈও এনেদৰে এক উৎসাহ লাভ কৰি নিশ্চিতভাৱে নিজকে অনুধাৱন কৰিবলৈ এটা অৱকাশ দিছে।
নর্থইষ্ট নাও:- অসমীয়া ভাষাত লিখি আপুনি গৌৰৱ অনুভৱ কৰেনে? অসমীয়া ভাষা বিশ্বজনীন সৃষ্টিৰ শক্তি হৈ উঠিব পাৰিবনে?
প্ৰদ্যুন্ম গগৈ:-মাতৃভাষা হিচাপে অসমীয়াৰ দৰে এই গৌৰৱময় তথা গৰিমামণ্ডিত ভাষাত লিখা-মেলা কৰি নিশ্চিতভাৱে এক মানসিক সন্তোষ লাভ কৰা যায়। বিশ্বৰ আন ভাষাসমূহৰ দৰে অসমীয়া ভাষাও বিশ্বজনীন আবেদন থকা সৃষ্টিকৰ্মৰ মাধ্যম হৈ আহিছে আৰু হৈ থাকিব। কিছুমান সাহিত্যকৰ্ম কেৱল একোটা নিৰ্দিষ্ট ভাষাতহে ভাল লাগে। ইয়েই একোটা ভাষাৰ শক্তি। অসমীয়া ভাষাও ইয়াৰ ব্যতিক্ৰম নহয়।
নর্থইষ্ট নাও:- এগৰাকী যুৱ লিখক হিচাপে তথা গল্পকাৰ হিচাপে সমাজৰ কোনবোৰ দিশে আপোনাক লিখাৰ বাবে আকৰ্ষিত কৰে?
প্ৰদ্যুন্ম গগৈ:- একোটা ব্যক্তিসমষ্টিৰে গঢ় লৈ উঠা সমাজ আৰু একোজন ব্যক্তিৰ ব্যক্তিগত জীৱনশৈলী দুটা পৃথক বিষয়। কাহিনী সাহিত্যৰ স’তে জড়িত থকা লেখক এজনৰ কাম হৈছে দুয়োটা বিষয়ক বিভিন্নধৰণে অধ্যয়ন কৰা। সমাজ এখনত নেতিবাচক-ইতিবাচক দুয়োটা দিশ থাকিবই। আনহাতে, ব্যক্তিৰ মানসিকতাৰ স’তে সমাজৰ সম্পৰ্কও লক্ষ্যণীয়। লিখাৰ বাবে মূলতঃ এইসমূহে আকৰ্ষণ কৰে।
নর্থইষ্ট নাও:- সমসাময়িক সমাজ ব্যৱস্থাকলৈ আপুনি সুখীনে? বৰ্তমান সাহিত্যিকসকলৰ মাজত সমাজ সচেতনতাৰ দৃষ্টিকোণ পৰিলক্ষিত হয়নে?
প্ৰদ্যুন্ম গগৈ:-সমসাময়িক সমাজ ব্যৱস্থাকলৈ মই সচেতন। ‘আপোন ভালেই জগত ভাল’- এই আপ্তবাক্যশাৰী মানি চলিবলৈ চেষ্টা কৰি আহিছো। বৰ্তমান সাহিত্যিকসকলৰ দৃষ্টিকোণ নিশ্চিতভাৱে সমাজ সচেতনতাৰে ভৰা, কিন্তু নিজৰ জীৱন নিৰ্বাহৰ প্ৰশ্নও ইয়াৰ স’তে জড়িত হৈ থাকে।
নর্থইষ্ট নাও:- আপোনাৰ ‘চকী আৰু অন্যান্য গল্প’ গ্ৰন্থখনক লৈ আপুনি কিমান সন্তুষ্ট?
প্ৰদ্যুন্ম গগৈ:-পখী সৱ উৰে যেন পখা অনুসাৰে। অৰ্থাৎ নিজৰ পাখিৰ শক্তি অনুযায়ীহে চৰাইয়ে উৰে। মোৰো সন্তষ্টি এইখিনিতে যে মোৰ নিজৰ সাম্যৰ্থ অনুযায়ী গল্পসমূহ আকৰ্ষণীয় কৰিবলৈ চেষ্টা কৰিছিলো।
নর্থইষ্ট নাও:- বঁটা-বাহন প্ৰাপ্তি সৃষ্টিশীল ৰচনাৰ বাবে কিমান অনুপ্ৰেৰণাদায়ক? আপোনাৰ ভৱিষ্যত সৃষ্টিকৰ্মৰ পৰিকল্পনা কেনেধৰণৰ?
প্ৰদ্যুন্ম গগৈ:-একোজন ব্যক্তিৰ সৃষ্টিশীলতা এটা একক বৈশিষ্ট্য। সৃষ্টিশীল ব্যক্তিসকলে বহুক্ষেত্ৰত এই সৃষ্টিশীলতাৰ জৰিয়তেই জীৱন নিৰ্বাহ কৰি আহিছে। সেয়ে নিশ্চয়কৈ বঁটা-বাহন-স্বীকৃতিয়ে সৃষ্টিশীলতাক অধিক আগুৱাই নিবলৈ অনুপ্ৰেৰণা প্ৰদান কৰে। ভৱিষ্যত পৰিকল্পনা হিচাপে সদ্যহতে বহু বেছি ভৱা নাই, গল্পৰ উপৰিও চিনেমা আৰু সংগীতৰ ওপৰত বিশ্লেষণাত্মকভাৱে কিছু লেখা-মেলা কৰিম বুলি ভাৱিছো।
নর্থইষ্ট নাও:- সাহিত্যই সমাজৰ সমস্যাৰ সমাধানৰ দিক্-নিৰ্দেশনা দাঙি ধৰা উচিতনে? অথবা সাহিত্য উদ্দেশ্যধৰ্মী হোৱা উচিতনে?
প্ৰদ্যুন্ম গগৈ:-সাহিত্য উদ্দেশ্যধৰ্মী হ’ব পাৰে। বিশ্বৰ বহুতো সাহিত্যকৰ্ম একোটা সামাজিক উদ্দেশ্যৰ বাবেই ৰচনা কৰি অহা হৈছে। যদি মানুহৰ বাবে এইসমূহ ইতিবাচক, তেন্তে উদ্দেশ্যধৰ্মী সাহিত্যৰ সফলতাও তাতে। সাহিত্য বা সাহিত্যিক এজনে নিজে সমাজৰ সমস্যাসমূহৰ সমাধান কৰিব নোৱাৰে, কিন্তু সমাধানৰ বাবে দিক্-নিৰ্দেশনা দাঙি ধৰিব পাৰে।
নর্থইষ্ট নাও:- আপোনাৰ প্ৰিয় লিখকৰ তালিকাখন কেনেধৰণৰ? অসমীয়া সাহিত্যৰ কোনকেইগৰাকী লিখকে আপোনাক অধিক আকৰ্ষিত কৰে?
প্ৰদ্যুন্ম গগৈ:-মোৰ প্ৰিয় লেখকৰ কোনো তালিকা নাই। সময় তথা বয়স অনুযায়ী প্ৰিয় লেখকসকল ভিন্ন ধৰণৰ হৈ আহিছে। মই যিসমূহ ধাৰা ভাল পাওঁ, সেই ধাৰাসমূহেৰে কালজয়ী সাহিত্য সৃষ্টি কৰা লেখকসকলৰ প্ৰতি আকৰ্ষিত হৈ আহিছো। এইসমূহ চিৰঃস্মৰণীয় সাহিত্যিকৰ ভিতৰত সৌৰভ কুমাৰ চলিহা, ফ্ৰাঞ্জ কাফকা, গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজ, কাৰ্লোছ ফুৱেণ্টেছ, ইটালো কেলভিন’, হাৰুকি মুৰাকামি, অৰহান পামুক অন্যতম। অসমীয়া সাহিত্যতো ঠিক সেইদৰে শংকৰদেৱ, মাধৱদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, নীলমণি ফুকন, মামণি ৰয়ছম গোস্বামী, মহিম বৰা, নৱকান্ত বৰুৱাৰ সৃষ্টিৰাজীয়ে আকৰ্ষিত কৰি আহিছে। সাম্প্ৰতিক সময়ৰ মোতকৈ জ্যেষ্ঠ বহুকেইজন গল্পকাৰৰ গল্পই মনত ৰেখাপাত কৰে। এওঁলোকে সাহিত্যৰ নতুন নতুন ধাৰাসমূহৰ দুৱাৰ মুকলি কৰি আহিছে।
নর্থইষ্ট নাও:- সাহিত্য প্ৰকৃতি, সমাজ জীৱনৰ প্ৰতিকৃতি। আনুষ্ঠানিক পৰিশীলিত শিক্ষাই নিৰহ-নিপানী সৃষ্টিৰ আকাংক্ষাক প্ৰভাৱিত কৰে বুলি অনুভৱ কৰে নেকি?
প্ৰদ্যুন্ম গগৈ:-আনুষ্ঠানিক পৰিশীলিত শিক্ষাৰ পৰা আঁতৰি থকাটো মোৰ ব্যক্তিগত স্বভাৱ। আনুষ্ঠানিক শিক্ষাই সৃষ্টিকৰ্মত নিশ্চয়কৈ প্ৰভাৱান্বিত কৰে। কিন্তু আনুষ্ঠানিক শিক্ষাৰ পৰা এইসমূহ সৃষ্টিকৰ্ম উধাই যাব পাৰিলে নতুনত্বৰ সন্ধান পোৱা যায়।
নর্থইষ্ট নাও:- কোনো বাদ (ism)ত বিশ্বাস কৰেনে? এগৰাকী সৃষ্টিশীল লিখকৰ মূল লক্ষ্য কি হোৱা উচিত?
প্ৰদ্যুন্ম গগৈ:-সামাজিকভাৱে মই যিসমূহ বাদৰ স’তে জড়িত, এইসমূহৰ প্ৰতি মোৰ নিজস্ব সমালোচনাত্মক দৃষ্টিভংগী এটা ৰাখি আহিছো। এগৰাকী সৃষ্টিশীল লেখকৰ মূল লক্ষ্য থকাতকৈ অনেক লক্ষ্য থকা উচিত।
নর্থইষ্ট নাও:- সমসাময়িক ৰাজনৈতিক ঘটনা প্ৰবাহে (আঞ্চলিক-ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় সকলো সামৰি) সাহিত্যৰ গতিধাৰা সলনি কৰাৰ সম্ভাৱনা দেখা পাইছে?
প্ৰদ্যুন্ম গগৈ:-নিশ্চয়কৈ সমসাময়িক ৰাজনৈতিক ঘটনাপ্ৰৱাহে বিশ্বৰ পৰিৱৰ্তিত সময়ক প্ৰতিনিধিত্ব কৰে। এইসমূহে মানুহৰ মনঃস্তত্বকো প্ৰভাৱান্বিত কৰে। মানৱ ইতিহাসৰ যিকোনো সময়তে সাহিত্যই সামাজিক ৰাজনৈতিক ঘটনাপ্ৰৱাহক লক্ষ্য কৰি আহিছে। সেইদৰে সমসাময়িক ঘটনাসমূহে সাহিত্যৰ গতিধাৰা সলনি নকৰে, কিন্তু কিছু দৃষ্টিভংগীলৈ নতুনত্ব অনাৰ সম্ভাৱনা দেখা পোৱা যায়।
নর্থইষ্ট নাও:- অসমীয়া সাহিত্যৰ ভৱিষ্যতকলৈ আপুনি আশাবাদীনে? অসমীয়া ভাষাৰ কবিতা-গল্প-উপন্যাস-নাটক, সাহিত্যৰ এই বিভিন্ন শ্ৰেণীৰ ৰচনাৰ ভিতৰত কোনটোৱে অধিক মৰ্যাদা লাভ কৰিছে বুলি ভাৱে?
প্ৰদ্যুন্ম গগৈ:-নিশ্চয়কৈ কিছু পৰিমাণে আশাবাদী। অসমীয়া ভাষাত নাটকৰ এক গৌৰৱময় ইতিহাস আছে। একোখন নাটকত গীতিকাব্য, কাহিনী তথা সাহিত্যৰ সকলো ক্ষেত্ৰ থাকে। তদুপৰি নাটক হৈছে প্ৰদৰ্শনমূলক সাহিত্য। সেয়ে অসমীয়া সাহিত্যত যিসমূহ নাটকে সাহিত্যক জনসাধাৰণৰ মাজলৈ লৈ গৈছে, সেই নাটকসমূহক এক সুকীয়া মৰ্যাদা প্ৰদান কৰো। নাটকৰ উপৰিও, কবিতা-গল্প-উপন্যাস- সকলো ক্ষেত্ৰতে অসমীয়া ভাষাত মৰ্যাদাসম্পন্ন সৃষ্টিকৰ্ম আছে। আচলতে, কবিতা গল্প উপন্যাস নাটক- সাহিত্যৰ এই আটাইকেওটা ক্ষেত্ৰৰ নিজা বৈশিষ্ট্য সুকীয়াভাৱে থাকিলেও সম্পৰ্কও আছে।
নর্থইষ্ট নাও:- অসমৰ সমাজ জীৱন যথেষ্ট প্ৰগতিমুখী বুলি থকা ধাৰণাৰ বিপৰীতে অসমীয়া সাহিত্যত প্ৰগতিশীল চিন্তা-চৰ্চাৰ অভাৱ ঘটিছে নেকি?
প্ৰদ্যুন্ম গগৈ:-অসমীয়া ভাষাত প্ৰগতিশীল চিন্তা-চৰ্চাৰ অভাৱ হোৱা বুলি বৰ বেছি ক’ব নোৱাৰি। পূৰ্বৰে পৰা কিছুসংখ্যক লেখকে প্ৰগতিশীল চিন্তা-চৰ্চা কৰি আহিছে, আন কিছুসংখ্যক লেখকে প্ৰগতিশীলতাৰ বিপৰীতে এটা পৰম্পৰাগত চিন্তা-চৰ্চাত অৱস্থান কৰে। ই একোজন লেখকৰ ব্যক্তিগত বিচাৰ-বিবেচনা। প্ৰগতিশীল চিন্তা-চৰ্চাৰ স’তে সাময়িক ঘটনাপ্ৰৱাহ তথা সমাজ ৱ্যৱস্থাৰ নিকট সম্পৰ্ক আছে। যদি প্ৰগতিশীল চিন্তাৰ অভাৱ ঘটা দেখা গৈছে- তেন্তে সমাজ ব্যৱস্থাটোলৈ লক্ষ্য কৰিব লাগিব।
নর্থইষ্ট নাও:- অসমীয়া জাতীয়তাবাদৰ আধাৰ কি বুলি ভাৱে? সমাজ-ব্যৱস্থা, ভাষা-সংস্কৃতি নে আন কিবা?
প্ৰদ্যুন্ম গগৈ:-অসমীয়া জাতীয়তাবাদৰ আধাৰ বুলিলে মই সংগীতক বুজো। সংগীত আৰু সাহিত্য অতি নলে গলে লগা পৃথক ক্ষেত্ৰ। শিক্ষিত শ্ৰেণীৰ মাজত সাহিত্য চৰ্চাৰ পৰিৱেশ থাকে, কিন্তু সংগীতে যিকোনো শ্ৰেণী-বৰ্গ-জনসমষ্টিৰ মাজত সমাদৰ লাভ কৰে। নৃত্য-গীতৰ মাধ্যমেৰেই সাধাৰণতে দুটা পৃথক জাতিয়ে বন্ধুত্বসুলভ সম্পৰ্কত বান্ধ খায়। অসমত অনেক জাতি-জনগোষ্ঠী আছে, জাতি-জনগোষ্ঠীৰ মাজত থকা সংগীতৰ সুৰ-তাল-বাদ্যসমূহৰ মাজত সমন্বয় সাধন হৈ আহিছে। উদাহৰণস্বৰূপে মূলসুঁতিৰ অসমীয়াৰ বিহুগীত তথা নৃত্যত মিছিঙকে ধৰি জনজাতীয় নৃত্য-গীতৰ উপাদান প্ৰত্যক্ষ কৰিব পাৰি। যিহেতু অসম বুলিলে কেৱল মূলসুঁতিৰ অসমীয়াই যথেষ্ট নহয়, সেয়ে অসমত বসবাস কৰি অহা স্বকীয় জাতি-জনগোষ্ঠীসমূহৰ অবিহনে অসমীয়া জাতীয়তাবাদৰ কোনো অৰ্থ নাই। জাতীয়তাবাদ শক্তি কৰিবলৈ হ’লে সাংস্কৃতিক সমন্বয় ত্বৰান্বিত কৰিব লাগিব।
নর্থইষ্ট নাও:- সমসামিয়ক অসমীয়া সাহিত্য বহু পৰিমানে সংবাদধৰ্মী হৈ পৰিছে বুলি এক অভিযোগ শুনা যায়? আপোনাৰ মতে সেয়া কিমান সত্য? নতুন প্ৰজন্মৰ লিখকৰ প্ৰতি আপোনাৰ আহ্বান কি হ’ব?
প্ৰদ্যুন্ম গগৈ:- সংবাদধৰ্মীতা সাহিত্যকৰ্মৰ এটা বিশেষ গুণ। কিন্তু একোটা ঘটনাক পাঠকৰ মাজলৈ নিবলৈ হ’লে কেৱল সংবাদ দিলেই নহ’ব, ইয়াৰ স’তে বহুতো কথা জড়িত হৈ থাকে। সমসাময়িক অসমীয়া সাহিত্য কেৱল সংবাদধৰ্মী হৈ পৰিছে বুলি মই নাভাবো। ইয়াৰ কাৰণ হৈছে কেৱল দুই এজন সাহিত্যিকৰ সৃষ্টিকৰ্মই সমগ্ৰ সাহিত্যক্ষেত্ৰখনক প্ৰতিনিধিত্ব নকৰে। নতুন প্ৰজন্মৰ লেখকসকলে লিখাতকৈও অত্যধিক অধ্যয়ন কৰক। গল্প-কবিতা-উপন্যাস- সাহিত্যৰ যিটো ধাৰাত তেওঁ অভ্যস্ত, সেই ধাৰাটোৰ উপৰিও বিভিন্ন বিষয়ৰ ওপৰত অধ্যয়ন কৰক। অধ্যয়নৰ অবিহনে নতুনত্বৰ সন্ধান পোৱা নাযায়।