টেমচুলা আও আৰু আমাৰ মাজত নাই! খবৰটো শুনি বৰ দুখ পাইছিলোঁ। বাইদেউৰ লগত মোৰ এক আন্তৰিক সম্পৰ্ক আছিল। তেখেত ছিলঙত থাকোতে মাজে মাজে আমি বিভিন্ন বিষয়লৈ ফোনত কথা পাতিছিলোঁ। আনকি ডিমাপুৰলৈ যোৱাৰ পিছতো এবাৰনে দুবাৰ মই তেখেতৰ লগত কথা পাতিছিলোঁ। বাইদেউ ইমান সোনকালে গুছি যাব বুলি কেতিয়াও ভবা নাছিলোঁ। ইমান মৰম লগা আৰু সাদৰী মহিলা আছিল তেওঁ! বীৰেন্দ্ৰনাথ দত্ত ছাৰে আমাৰ, মানে অন্বেষাৰ ভালে কেইটা উপকাৰ কৰি থৈছে। তেখেতৰ মুখতে মই প্ৰথম টেমচুলা আওৰ কথা শুনিছিলোঁ। তেওঁ নিজে আজিৰপৰা ১৬ কি ১৭ বছৰ আগতে তেজপুৰত কিবা এখন আলোচনাচক্ৰত টেমচুলা আওক লগ পাইছিল।
এদিন দত্ত ছাৰৰ ঘৰলৈ যাওঁতে, বৰ প্ৰশংসাৰে টেমচুলা আওৰ কথা কৈছিল ছাৰে। ছাৰৰ মুখত তেওঁৰ কথা শুনি ময়ো টেমচুলা আওৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ পৰিছিলোঁ। দত্ত ছাৰে সেই সময়তে প্ৰকাশ পোৱা টেমচুলা আওৰ গল্প সংকলন These Hills Called Homeৰ ভূয়সী প্ৰশংসা কৰিছিল। তেখেতে মোক পৰামৰ্শ দি কৈছিল- তোমালোকে (অন্বেষাই) এই কিতাপখনৰ বিষয়ে এটা আলোচনাৰ আয়োজন কৰিলে বৰ ভাল হ’ব।কথাটো মই ভাবিলোঁ। দুদুলমণিৰ লগতো আলোচনা কৰিলোঁ।
অসমৰ যোৰহাটত স্কুলীয়া শিক্ষা লাভ কৰা নগালেণ্ডৰ টেমচুলা আওৰ গল্পৰ বিষয়ে আলোচনা এটা কৰিলে সঁচাই ভাল হ’ব। আমি অনৰ্থক আমাৰ চুবুৰীয়া সকলৰ লগত কন্দল কৰি মৰোঁ, অথচ আমিবোৰ কিমান ওচৰ-চুবুৰীয়া আৰু আপোন আপোন! আৰু দেখিছোঁ, যেতিয়াই আমাৰ মাজত সাহিত্য সংস্কৃতিৰ কথা ওলায়, তেতিয়াই আমাৰ মাজৰ ৰাজনৈতিক সংঘাতবোৰ আপোনাআপুনি তল পৰে। প্ৰত্যেকৰে বৰ্ণাঢ্য সাংস্কৃতিক বৈশিষ্ট্যৰ কথাবোৰহে বেছিকৈ চৰ্চালৈ আহে। দত্ত ছাৰে কোৱা মতে আমি টেমচুলা আওৰ These Hills Called Home নামৰ গল্প সংকলনখনৰ বিষয়ে এটা আলোচনাৰ আয়োজন কৰিছিলোঁ ২০০৫ কি ২০০৬ চনত গুৱহাটীৰ বিবেকানন্দ কেন্দ্ৰত।
টেমচুলা বাইদেৱে আমাৰ উদ্যোগটো বৰ ভাল পাইছিল। নেহুৰ ইংৰাজী বিভাগৰ অধ্যাপক ইছথাৰ শ্যাম আৰু কে এচ নংক্ৰীথে তাত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰছিল। বীৰেন্দ্ৰনাথ দত্ত ছাৰে আলোচনাটো পৰিচালনা কৰিছিল নে অইন কাৰোবাক আমি তাৰ বাবে মাতিছিলোঁ সেইটো এতিয়া মোৰ একেবাৰে মনত নাই। টেমচুলা আওৱে গল্পকাৰ হিচাপে এটি সুন্দৰ ভাষণ দিছিল। বৰ উপভোগ্য হৈছিল অনুষ্ঠানটি। টেমচুলা আওৰ মৃত্যুৰ পিছত আজি বাৰে বাৰে মোৰ সেই অনুষ্ঠানটোৰ কথা মনত পৰিছে। মই নিজে গল্পবোৰ পঢ়ি শিহৰিত হৈছিলোঁ। এতিয়া মোৰ গল্পবোৰ হুবহু মনত নাই। কিন্তু,তেখেতৰ গল্পবোৰৰ মূল প্ৰতিপাদ্য বিষয়টো মই পাহৰি যোৱা নাই। পাহৰাটো অসম্ভৱ।
স্বাধীনতাৰ পিছত উত্তৰ-পূব ভাৰতত দেখা দিয়া আটাইতকৈ ডাঙৰ সমস্যাটো আছিল আত্ম-পৰিচয়কেন্দ্ৰিক জাগৰণৰ সমস্যা। কম-বেছি পৰিমাণে অঞ্চলটোৰ প্ৰায় প্ৰতিখন ৰাজ্যতে এই সমস্যাটো মূৰ দাঙি উঠিছিল। এই আন্দোলনবোৰৰ লগত জড়িত হৈ আছিল বিভিন্ন উগ্ৰপন্থী সংগঠন। হিংসা-প্ৰতিহিংসাৰ ধোঁৱাই এসময়ত অঞ্চলটোৰ আকাশ ছানি ধৰিছিল। এই পৰিস্থিতি এতিয়াও যে সম্পূৰ্ণকৈ শাম কাটিছে তেনে নহয়। কিন্তু, আচৰিত কথা যে অঞ্চলটোৰ সাহিত্যত বা কলাকৃতিত এই বিভীষিকাময় সময়ৰ প্ৰতিফলন কিন্তু আমি তেনেকৈ দেখা নাপাওঁ। ইয়াৰ একমাত্ৰ ব্যতিক্ৰম টেমচুলা আওৰ গল্প সংকলন “These Hills Called Home” আৰু অসমীয়াত অনুৰাগ মহন্তৰ উপন্যাস “আউলিঙৰ জুই”।
টেমচুলা আওৰ গল্পবোৰ নগাভূমিৰ এসময়ৰ হিংসা আৰু ধংসজৰ্জৰ সময়ৰ জলন্ত প্ৰতিভূ। ৰাষ্ট্ৰৰ নিৰ্যাতনে মানুহৰ জীৱন কেনে দুৰ্বিসহ কৰি তুলিছিল তাৰ ৰোমহৰ্ষক বৰ্ণনাই আছিল তেখেতৰ প্ৰতিটো গল্পৰ মূল উপজীব্য। কিন্তু, সেই হিংসা-ধ্বংসৰ মাজতো ফল্গুধাৰাৰ দৰে প্ৰৱাহিত হৈ আছিল চিৰন্তন মানবীয় প্ৰমূল্য আৰু প্ৰেম। সেই কথাটোও তেওঁ গল্পবোৰত সুন্দৰকৈ ধৰি ৰাখিছিল। এই মুহূৰ্তত কিতাপখন মোৰ হাতত নাই বাবে মই তাৰ পৰা কোনো উদাহৰণ দিব পৰা নাই। কিন্তু, গল্প সংকলনখনৰ বিষয়ে মই ইয়াত সাধাৰণভাৱে কোৱা কথা কেইটা যে এশ শতাংশই শুদ্ধ তাত মোৰ কোনো সন্দেহ নাই।
টেমচুলা আওৰ কবিতাবোৰতো এক বিশেষ ধৰণৰ সংবেদনশীলতাৰ প্ৰকাশ ঘটিছিল। তেখেতৰ অন্য ৰচনাৰ বিষয়ে কোৱাৰ অধিকাৰ মোৰ নাই, কিয়নো সেইবোৰ এতিয়াও মই পঢ়া নাই।তেওঁৰ অকাল মৃত্যু আমাৰ অঞ্চলটোৰ সাহিত্যৰ কাৰণে সঁচাকৈয়ে এক বিশেষ ক্ষতি।