• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

টেমচুলা আওৰ গল্প এক বিভীষিকাময় সময়ৰ প্ৰতিফলন

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
October 13, 2022 12:42 pm
Temsüla Ao
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টেমচুলা আও আৰু আমাৰ মাজত নাই! খবৰটো শুনি বৰ দুখ পাইছিলোঁ। বাইদেউৰ লগত মোৰ এক আন্তৰিক সম্পৰ্ক আছিল। তেখেত ছিলঙত থাকোতে মাজে মাজে আমি বিভিন্ন বিষয়লৈ ফোনত কথা পাতিছিলোঁ। আনকি ডিমাপুৰলৈ যোৱাৰ পিছতো এবাৰনে দুবাৰ মই তেখেতৰ লগত কথা পাতিছিলোঁ। বাইদেউ ইমান সোনকালে গুছি যাব বুলি কেতিয়াও ভবা নাছিলোঁ। ইমান মৰম লগা আৰু সাদৰী মহিলা আছিল তেওঁ! বীৰেন্দ্ৰনাথ দত্ত ছাৰে আমাৰ, মানে অন্বেষাৰ ভালে কেইটা উপকাৰ কৰি থৈছে। তেখেতৰ মুখতে মই প্ৰথম টেমচুলা আওৰ কথা শুনিছিলোঁ। তেওঁ নিজে আজিৰপৰা ১৬ কি ১৭ বছৰ আগতে তেজপুৰত কিবা এখন আলোচনাচক্ৰত টেমচুলা আওক লগ পাইছিল।

এদিন দত্ত ছাৰৰ ঘৰলৈ যাওঁতে, বৰ প্ৰশংসাৰে টেমচুলা আওৰ কথা কৈছিল ছাৰে। ছাৰৰ মুখত তেওঁৰ কথা শুনি ময়ো টেমচুলা আওৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ পৰিছিলোঁ। দত্ত ছাৰে সেই সময়তে প্ৰকাশ পোৱা টেমচুলা আওৰ গল্প সংকলন These Hills Called Homeৰ ভূয়সী প্ৰশংসা কৰিছিল। তেখেতে মোক পৰামৰ্শ দি কৈছিল- তোমালোকে (অন্বেষাই) এই কিতাপখনৰ বিষয়ে এটা আলোচনাৰ আয়োজন কৰিলে বৰ ভাল হ’ব।কথাটো মই ভাবিলোঁ। দুদুলমণিৰ লগতো আলোচনা কৰিলোঁ।

Apply Now

অসমৰ যোৰহাটত স্কুলীয়া শিক্ষা লাভ কৰা নগালেণ্ডৰ টেমচুলা আওৰ গল্পৰ বিষয়ে আলোচনা এটা কৰিলে সঁচাই ভাল হ’ব। আমি অনৰ্থক আমাৰ চুবুৰীয়া সকলৰ লগত কন্দল কৰি মৰোঁ, অথচ আমিবোৰ কিমান ওচৰ-চুবুৰীয়া আৰু আপোন আপোন! আৰু দেখিছোঁ, যেতিয়াই আমাৰ মাজত সাহিত্য সংস্কৃতিৰ কথা ওলায়, তেতিয়াই আমাৰ মাজৰ ৰাজনৈতিক সংঘাতবোৰ আপোনাআপুনি তল পৰে। প্ৰত্যেকৰে বৰ্ণাঢ্য সাংস্কৃতিক বৈশিষ্ট্যৰ কথাবোৰহে বেছিকৈ চৰ্চালৈ আহে। দত্ত ছাৰে কোৱা মতে আমি টেমচুলা আওৰ These Hills Called Home নামৰ গল্প সংকলনখনৰ বিষয়ে এটা আলোচনাৰ আয়োজন কৰিছিলোঁ ২০০৫ কি ২০০৬ চনত গুৱহাটীৰ বিবেকানন্দ কেন্দ্ৰত।

টেমচুলা বাইদেৱে আমাৰ উদ্যোগটো বৰ ভাল পাইছিল। নেহুৰ ইংৰাজী বিভাগৰ অধ্যাপক ইছথাৰ শ্যাম আৰু কে এচ নংক্ৰীথে তাত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰছিল। বীৰেন্দ্ৰনাথ দত্ত ছাৰে আলোচনাটো পৰিচালনা কৰিছিল নে অইন কাৰোবাক আমি তাৰ বাবে মাতিছিলোঁ সেইটো এতিয়া মোৰ একেবাৰে মনত নাই। টেমচুলা আওৱে গল্পকাৰ হিচাপে এটি সুন্দৰ ভাষণ দিছিল। বৰ উপভোগ্য হৈছিল অনুষ্ঠানটি। টেমচুলা আওৰ মৃত্যুৰ পিছত আজি বাৰে বাৰে মোৰ সেই অনুষ্ঠানটোৰ কথা মনত পৰিছে। মই নিজে গল্পবোৰ পঢ়ি শিহৰিত হৈছিলোঁ। এতিয়া মোৰ গল্পবোৰ হুবহু মনত নাই। কিন্তু,তেখেতৰ গল্পবোৰৰ মূল প্ৰতিপাদ্য বিষয়টো মই পাহৰি যোৱা নাই। পাহৰাটো অসম্ভৱ।

স্বাধীনতাৰ পিছত উত্তৰ-পূব ভাৰতত দেখা দিয়া আটাইতকৈ ডাঙৰ সমস্যাটো আছিল আত্ম-পৰিচয়কেন্দ্ৰিক জাগৰণৰ সমস্যা। কম-বেছি পৰিমাণে অঞ্চলটোৰ প্ৰায় প্ৰতিখন ৰাজ্যতে এই সমস্যাটো মূৰ দাঙি উঠিছিল। এই আন্দোলনবোৰৰ লগত জড়িত হৈ আছিল বিভিন্ন উগ্ৰপন্থী সংগঠন। হিংসা-প্ৰতিহিংসাৰ ধোঁৱাই এসময়ত অঞ্চলটোৰ আকাশ ছানি ধৰিছিল। এই পৰিস্থিতি এতিয়াও যে সম্পূৰ্ণকৈ শাম কাটিছে তেনে নহয়। কিন্তু, আচৰিত কথা যে অঞ্চলটোৰ সাহিত্যত বা কলাকৃতিত এই বিভীষিকাময় সময়ৰ প্ৰতিফলন কিন্তু আমি তেনেকৈ দেখা নাপাওঁ। ইয়াৰ একমাত্ৰ ব্যতিক্ৰম টেমচুলা আওৰ গল্প সংকলন “These Hills Called Home” আৰু অসমীয়াত অনুৰাগ মহন্তৰ উপন্যাস “আউলিঙৰ জুই”।

টেমচুলা আওৰ গল্পবোৰ নগাভূমিৰ এসময়ৰ হিংসা আৰু ধংসজৰ্জৰ সময়ৰ জলন্ত প্ৰতিভূ। ৰাষ্ট্ৰৰ নিৰ্যাতনে মানুহৰ জীৱন কেনে দুৰ্বিসহ কৰি তুলিছিল তাৰ ৰোমহৰ্ষক বৰ্ণনাই আছিল তেখেতৰ প্ৰতিটো গল্পৰ মূল উপজীব্য। কিন্তু, সেই হিংসা-ধ্বংসৰ মাজতো ফল্গুধাৰাৰ দৰে প্ৰৱাহিত হৈ আছিল চিৰন্তন মানবীয় প্ৰমূল্য আৰু প্ৰেম। সেই কথাটোও তেওঁ গল্পবোৰত সুন্দৰকৈ ধৰি ৰাখিছিল। এই মুহূৰ্তত কিতাপখন মোৰ হাতত নাই বাবে মই তাৰ পৰা কোনো উদাহৰণ দিব পৰা নাই। কিন্তু, গল্প সংকলনখনৰ বিষয়ে মই ইয়াত সাধাৰণভাৱে কোৱা কথা কেইটা যে এশ শতাংশই শুদ্ধ তাত মোৰ কোনো সন্দেহ নাই।

টেমচুলা আওৰ কবিতাবোৰতো এক বিশেষ ধৰণৰ সংবেদনশীলতাৰ প্ৰকাশ ঘটিছিল। তেখেতৰ অন্য ৰচনাৰ বিষয়ে কোৱাৰ অধিকাৰ মোৰ নাই, কিয়নো সেইবোৰ এতিয়াও মই পঢ়া নাই।তেওঁৰ অকাল মৃত্যু আমাৰ অঞ্চলটোৰ সাহিত্যৰ কাৰণে সঁচাকৈয়ে এক বিশেষ ক্ষতি।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

June 4, 2026 12:18 pm
ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰা আঁতৰিব সূৰ্যকুমাৰ যাদৱ! দৌৰত তিনিগৰাকী নতুন খেলুৱৈ

ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰা আঁতৰিব সূৰ্যকুমাৰ যাদৱ! দৌৰত তিনিগৰাকী নতুন খেলুৱৈ

June 4, 2026 11:19 am
বিহাৰৰ চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড: ৰোগীক এৰি পলায়ন কৰ্মচাৰীৰ, আই চি ইউত এজনৰ মৃত্যু

বিহাৰৰ চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড: ৰোগীক এৰি পলায়ন কৰ্মচাৰীৰ, আই চি ইউত এজনৰ মৃত্যু

June 4, 2026 11:18 am
আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

June 4, 2026 10:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

June 4, 2026 12:18 pm
ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰা আঁতৰিব সূৰ্যকুমাৰ যাদৱ! দৌৰত তিনিগৰাকী নতুন খেলুৱৈ

ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰা আঁতৰিব সূৰ্যকুমাৰ যাদৱ! দৌৰত তিনিগৰাকী নতুন খেলুৱৈ

June 4, 2026 11:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd