চিনেমাখনৰ নামটো প্ৰতীকী। যদিওবা ঈশ্বৰৰ অস্তিত্বক কেন্দ্ৰ কৰি চিনেমাখন নহয়, পিছে মানুহৰ মাজৰেই অসমতা, ন্যায্যতা, সাধাৰণ তথা জৰুৰী অধিকাৰ- এই সকলো কথাক লৈ যন্ত্ৰণাদগ্ধ, শোষিত বা বঞ্চিত সাধাৰণ মানুহৰ মনলৈ আক্ষেপ আহে-ভগৱান বা ঈশ্বৰৰ প্ৰতি, তেওঁ সকলোৰে বাবে সমান নহয় কিয়! পৰিচালক, কাহিনীকাৰ বিশ্বজিত বৰাৰ এই চিনেমাখনে ইতিমধ্যেই দেশে-বিদেশে বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতেই ভূয়সী প্ৰশংসা আৰু বঁটা-বাহন লাভ কৰিবলৈয়ো সক্ষম হৈছে। ২৬ তম কলকতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ’ ৰ ‘NATIONAL COMPETITION ON INDIAN LANGUAGE’ শাখাত নিৰ্বাচিত হৈ শ্ৰেষ্ঠ পৰিচালকৰ”গ’ল্ডেন ৰয়েল বেংগল” বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
লগতে ২৪ সংখ্যক চাংহাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ২০২১’, ‘নিউয়ৰ্ক ইণ্ডিয়ান চলচ্চিত্ৰ মহোৎসৱ ২০২১, জাৰ্মানীৰ ’18th Indian film festival of Stuttgart, 2021’, ব্রাজিলৰ ‘Lasa international film festival, স্পেইন, লণ্ডন, বাৰ্চিলোনা, মেলবৰ্ণ আদিৰ চলচ্চিত্ৰ মহোৎসৱত ‘Official Selection’ হোৱাৰ উপৰিও বেলকনিত ভিন্ন শিতানত বঁটা লাভ কৰিবলৈও সক্ষম হৈছে। চিনেমাখনে গত ৭ অক্টোবৰ তাৰিখে ছবিগৃহত দৰ্শকৰ বাবে আনুষ্ঠানিকভাৱে মুক্তি লাভ কৰিছে। বেলকনিত ভগৱানৰ কাহিনী,চিত্ৰনাট্য আৰু পৰিচালনা বিশ্বজিত বৰাৰ। প্ৰযোজনা কৰিছে নুৰুল চুলতানে।
বৰ্তমান সময়তো অসম বুলিয়েই নহয়, ভাৰতৰ বিভিন্ন স্থানত চিকিৎসা-সেৱা, শিক্ষা, বিশুদ্ধ খোৱা পানীটুপি, যাতায়াত ব্যৱস্থা আদিবোৰ নিতান্তই জৰুৰী সেৱাসমূহৰ পৰা বঞ্চিত কিমান লোক আছে সেই পৰিসংখ্যা চকুত লগাকৈ বৃহৎ। এনে দুটি বিষয়-চিকিৎসা সেৱা আৰু যাতায়াত এই দুয়োটাক মূল বিষয়বস্তু ৰূপে লৈ বেলকনিত ভগৱানৰ কাহিনীভাগ আগবাঢ়ে। চিনেমাৰ আৰম্ভণিৰ দৃশ্যই পৰৱৰ্তী পৰ্যায়ত চিনেমাখনৰ কাহিনীভাগে কেনেধৰণে গতি কৰিব তাৰ এক উমান দিয়ে। মাজনিশা ফেঁচা আৰু হুদুৰ মাতেৰে স্তিমিত পোহৰত বিষাদগধুৰ, উদ্বিগ্ন এক পৰিবেশৰ দৃশ্যাংশৰেই আৰম্ভণি। তাৰপিছত লাহে লাহে ফ্লেছবেকত কাহিনী আগবাঢ়ে।
প্ৰথমাৰ্দ্ধত কাহিনীৰ গতি কিছু মন্থৰ যেন লাগিলেও, এই মন্থৰতা অনাহুত ঘটনাটি ঘটাৰ আগৰ অতি শীতল ট্ৰিটমেন্ট বুলিব লাগিব। অৰ্থাৎ কোনো নাটকীয়তাৰ প্ৰয়োগ নাই। যদিওবা ৰাস চাবলৈ যোৱা পিতা-পুত্ৰী আৰু ঘৰত স্বাভাৱিকভাৱে ভাত ৰন্ধাত ব্যস্ত হৈ থকা মাক-এইখিনিয়ে এটা উমান দিয়ে সাম্ভাব্য কিবা এটা ঘটিবলৈ গৈ আছে বুলি। প্ৰথমাৰ্দ্ধতেই কাহিনীকাৰ, পৰিচালকে বিষাদবোধক খুব সুন্দৰভাৱে গ্ৰহণযোগ্যতা প্ৰদান কৰিবলৈ সক্ষম হৈছে। এইটো আন এটা জৰুৰী দিশ, কাহিনীৰ লগত, চিনেমাৰ লগত দৰ্শকক একাত্ম কৰাৰ। আৰু এইখিনিৰ বাবে খুব কম সংলাপৰ ব্যৱহাৰৰ লগতেই আৱহ-সংগীতৰ ব্যৱহাৰো উত্তেজনা সৃষ্টিকাৰক নহয়।
চিনেমাৰ দ্বিতীয়াৰ্দ্ধৰ পৰা কাহিনীৰ পট পৰিৱৰ্তন ঘটে। মানুহৰ বিপৰ্যস্ত, জটিল সময়ত বৈদ্যুতীন সংবাদ মাধ্যমৰ যি এক অ-সংবেদনশীল আৰু যান্ত্ৰিক কৰ্ম-কাণ্ড সচৰাচৰ দেখিবলৈ পোৱা যায়, সেইখিনিক এক তীক্ষ্ণ ভ্ৰূকুটি কৰা হৈছে। এজন সাধাৰণ শ্ৰেণীৰ ব্যক্তিয়ে মৃত পত্নীৰ শৱদেহটি এখন বাইচাইকেলত সুদীৰ্ঘ ১২কিল’মিটাৰ বাট কঢ়িয়াই আনি থাকে, আৰু সেই ঘটনাক কেন্দ্ৰ কৰি সমান্তৰাভাৱে বৈদ্যুতীন মাধ্যম আৰু ৰাজনীতিৰ ক্লেদাক্ত খেলাখন চলি যায়। এই দীঘলীয়া বাটছোৱাত শোকস্তব্ধ, যন্ত্ৰণাক্লীষ্ট, ভাগৰুৱা পিতা আৰু কন্যাৰ মৃতদেহটিক সকলোৰে অগোচৰে নিয়াৰ প্ৰচেষ্টাই যিদৰে বুকু কঁপাব পাৰিছে, ঠিক সেইদৰেই ইফালে সেই লৈয়েই চলি থকা ৰাজনীতি আৰু সংবাদ মাধ্যমৰ লেতেৰা খেলাবিলাকেও এক বিৰক্তি, বিদ্ৰূপৰ ভাৱক সমানেই জগাই তুলিবলৈ সক্ষম হৈছে।
এই দৃশ্যাংশসমূহৰ লগত খাপ খোৱা আৱহ-সংগীতে এই দুয়োবিধ আৱেগক সমানে তুলি ধৰাত সহায়ক হৈছে। কাহিনীকাৰ, পৰিচালক বৰা পূৰ্বৰ অংশৰ দৰেই এইখিনিতো সফল। চিত্ৰনাট্য এখন সঠিকভাৱে লিখোতে এটি দৃশ্যৰ পৰা পিছৰটি দৃশ্যলৈ দৰ্শকক লৈ যাব পৰাকৈ কিছু কথাৰ প্ৰতি বিশেষ লক্ষ্য ৰখা হয়। বেলকনিত ভগৱানতো এনে বহুকেইটা দৃশ্যাংশ আছে, প্ৰথমটো হৈছে আৰম্ভণিৰ মাজনিশাৰ দৃশ্যপটত শীত গুচাবৰ বাবে জ্বলোৱা জুইকুৰাৰ পিছৰ দৃশ্যত, ফ্লেছবেকত পত্নীয়ে জ্বলোৱা ঘৰৰ চৌকাৰ জুইক দেখোৱা হৈছে। এনেধৰণৰ চিত্ৰনাট্যৰ কাম, অসমীয়া ছবিত খুব কমেই দেখিবলৈ পোৱা যায়। চিতাংশু খামাৰীৰ আলোকশিল্পৰ কথা ক’বই লাগিব। ৰাস পূৰ্ণিমাৰ নিশা আকাশত পূৰ্ণ চন্দ্ৰমাৰ তলত পানীৰ ওপৰত বাঁহৰ দলঙৰে গতি কৰি থকা পিতা-পুত্ৰী-এই দৃশ্যটি এটি মৰ্মস্পৰ্শী দৃশ্য হোৱাৰ লগতেই সুন্দৰ দৃশ্যও যে হয়, সেই কথা ক’বই লাগিব। লগতেই বিশাল ক্ষেত্ৰীৰ পৰিস্থিতি সাপেক্ষ আৱহ-সংগীত।
অভিনয়ৰ ক্ষেত্ৰত প্ৰথমেই নাম ল’ব লাগিব মূখ্য ভূমিকাত অভিনয় কৰা হৰিশ খান্নাৰ কথা। অতি কম সংলাপেৰে যন্ত্ৰণাদগ্ধ মানসিক অৱস্থাক যি পৰিপক্কতাৰে ফুটাই তুলিছে, সেই ভূমিকাত আন কাৰো কথা ভাবিবৰ থলেই নাই। অনা-অসমীয়া তথা নেচনেল স্কুল অৱ ড্ৰামাৰ স্নাতক খান্নাৰ অভিনয় বেলকনিত ভগৱানৰ আন এক আংগিক সৌন্দৰ্য। লগতেই কন্যাৰ চৰিত্ৰটিত অভিনয় কৰা পৰিনান্ধি জীনাৰ অভিনয়ো স্বাভাৱিক আৰু জড়তা মুক্ত। সু-অভিনেত্ৰী প্ৰণামী বৰাৰ অভিনয়ৰ বৰ বিশেষ সুযোগ নাছিল।
শেষত এটা কথাই ক’ব লাগিব যে,অতি মৰ্মান্তিক এটি ঘটনাক খুবেই সংবেদনশীলতাৰে কৰা উপস্থাপনৰ বাবে পৰিচালক বৰা প্ৰশংসাৰ পাত্ৰ। ছবিখনত একাত্ম হৈ পৰাৰ পিছত,ছবি শেষ হোৱাৰ পিছতো দৰ্শকৰ মন-মগজুক কিছুপৰৰ বাবে আন্দোলিত কৰি থাকিবলৈ সক্ষম। এক কথাত ক’বলৈ গ’লে এখন সফল বাস্তৱধৰ্মী ছবি বেলকনিত ভগৱান।
মেইল- [email protected]