চিনেমাৰ নামটিয়েই সূচাই অজ্ঞাত আততায়ীৰ কথা। আৰু অজ্ঞাত আততায়ীৰ সন্ত্ৰাস অসমবাসীৰ বাবে পাহৰিব নোৱাৰা ইতিহাসৰ এক ক’লা অধ্যায়। এই বিষয়বস্তুক কেন্দ্ৰ কৰিয়েই নিৰ্মিত ছবি শ্বেড’ এছেছিনছ(আততায়ীৰ ছাঁয়া)। আগত ডিচেম্বৰ মাহৰ ৯ তাৰিখে অসমৰ সমূহ চিত্ৰগৃহত মুক্তি পাবলগীয়া এই ছবিখনৰ কাহিনী ৰোহিত কুমাৰৰ সৈতে যুটীয়াভাৱে লিখাৰ লগতে চিত্ৰনাট্য আৰু পৰিচালনা ২০১৬ চনত”হেড হান্টাৰ্ছ” চিনেমাৰ বাবে ৰজত কমল বঁটাপ্ৰাপ্ত পৰিচালক নীলাঞ্জন ৰীতা দত্তৰ। ছবিখন সম্পূৰ্ণৰূপে অসমৰ পটভূমিতেই নিৰ্মিত হৈছে যদিও ছবিখন হিন্দী ভাষাত নিৰ্মাণ কৰা হৈছে।
সংযুক্ত মুক্তি বাহিনী অসম (আলফা)আৰু ৰাষ্ট্ৰীয় প্ৰতিপক্ষৰ মাজৰ সংঘাতত পিষ্ট হোৱা সাধাৰণ নিৰীহ জনতাৰ তেজেধোৱা ইতিহাসৰ এটি অংশ-গুপ্তহত্যা। ১৯৯৮ চনৰ পৰা ২০০১ চন পৰ্যন্ত চলা এই হত্যালীলা অতীত হৈ পৰিলেও অসমীয়া মানুহে কাহানিও পাহৰিব নোৱাৰা এক অধ্যায়। এই গুপ্তহত্যাক বিষয়বস্তুৰূপে লৈ এইখন প্ৰথম চিনেমা,আৰু বিষয়বস্তুৰ নিৰ্বাচন প্ৰশংসনীয়।
বাস্তৱধৰ্মী এই চিনেমাখন সত্য ঘটনাৰ আলমত নিৰ্মাণ কৰা বুলি আৰম্ভণিতেই উল্লেখ কৰিছে আৰু বাস্তৱ ঘটনাৰ সঁচা এক প্ৰতিফলন ছবিখনত দেখিবলৈ পাব, লগতেই খবৰ ৰখা আৰু জনাসকলে অৱশ্যেই স্পষ্টকৈ বুজি পাব-সেই বিশেষ পৰিয়ালটিৰ সঁচা চৰিত্ৰকেইটা কোন কোন আছিল।
চিনেমাৰ আৰম্ভণি উত্তেজনাময় আৱহ সংগীতেৰে, একেই গতিশীলতাৰে। গুপ্তহত্যা ঘটা অঞ্চলৰ পৰা ৰিপৰ্টিং কৰি থকা স্থানৰ পৰা সেই দৃশ্য টেলিভিছনৰ পৰ্দাৰ সিপাৰে থকা এহাল পুৰুষ-নাৰীৰ শাৰিৰীক মিলনৰ দৃশ্য (আংশিকভাৱে প্ৰদৰ্শন)লৈকে সুষম গতিত লৈ যোৱা হৈছে। চৰিত্ৰসমূহক প্ৰতিষ্ঠা আৰু কাহিনীৰ গতিশীলতা সহজ, স্বাভাৱিক। কাহিনীৰ সংবেদনশীলতাক প্ৰথমাৰ্দ্ধতেই এনেদৰে গ্ৰহণযোগ্যতা প্ৰদান কৰিছে যে, অসমৰ দৰ্শক নিশ্চিতভাৱে আৱেগিকভাৱে চিনেমাখনৰ সৈতে সংযুক্ত হৈ পৰিব আৰু পৰৱৰ্তী অংশ চাবৰ বাবে এক আগ্ৰহ,উৎকন্ঠা অব্যাহত থাকিব।
পিছে এই আটাইখিনি আৰু সমগ্ৰ চিনেমাখনেই নাটকীয়তাবিহীন। বাস্তৱধৰ্মী চিনেমাৰ নিৰ্মেদ ৰূপ ই। অপ্ৰয়োজনীয় সংলাপ, দৃশ্যাংশৰ অৱতাৰণা নকৰাও এক যোগাত্মক দিশ চিনেমাখনৰ। গান-নাচৰ মাজেৰে মেহফিল জমি উঠাৰ দৃশ্যাংশই পৰৱৰ্তী সময়ত ঘটিবলগা অনাহুত কোনো ঘটনাৰ ইংগিত বহন কৰে,আৰু সেয়া ঘটেও। নিৰীহৰ হত্যাৰ নাৰকীয়তাৰ দৃশ্যায়নতো নাটকীয়তা নাই যদিও, ই দৰ্শকৰ মন-মগজু আন্দোলিত কৰিব পৰা বিধৰ। পৰিচালক,কাহিনীকাৰ এনে কিছু দিশৰ পৰা সফল বুলিব লাগিব।
নৃশংসতা,ভাৱগধুৰতা সকলো আছে যদিও ক’তো সময়ৰ অযথা অপচয় নাই। নৱনীতা সেনৰ সম্পাদনাৰ দিশটি প্ৰশংসনীয়। থানাত আৰক্ষীৰ অমানৱীয় আচৰণৰ সমান্তৰালকৈ বেৰত লিখা-“অহিংসাই পৰম ধৰ্ম”বাক্যশাৰীৰে প্ৰতীকীৰূপত এক ভ্ৰূকুটিক দৰ্শাইছে। আৱহ-সংগীত আৰু আলোকশিল্পৰ কাম পৰিস্থিতি সাপেক্ষ আৰু মনোগ্ৰাহী। চিতাৰ উৰ্দ্ধগামী জুইৰ কাষত লুইতৰ বালিচৰ-ড্ৰ’নেৰে লোৱা এই দৃশ্যটি বেথাদায়ক যদিও সুন্দৰ। মূখ্য চৰিত্ৰ নিৰ্ভয়-ভাঙি পৰা অৱস্থাক বন্ধ খিৰিকিৰ আইনাৰে সৰকি অহা ধুঃসৰ পোহৰৰ ব্যৱহাৰৰে তুলি ধৰা হৈছে। আলোকশিল্পৰ কাম কৰিছে-গাৰ্গে ত্ৰিৱেদীয়ে আৰু আৱহ-সংগীতৰ লগতেই সংগীত ব্যৱস্থাপনা কৰিছে-আশু চক্ৰৱৰ্তীয়ে।
দুটি গীতৰ এটিত জুবিন গাৰ্গ আৰু আনটিত জাভেদ আলীয়ে কন্ঠদান কৰিছে। সন্ত্ৰাসবাদ,হিংসা,ঘৃণাক কেন্দ্ৰ কৰি নিৰ্ভয়ৰ মুখত শক্তিশালী সংলাপ দিয়া হৈছে,যদিও পৰৱৰ্তী সময়ত নিৰ্ভয়ৰ পদক্ষেপৰ লগত সামঞ্জস্য ৰক্ষাত এই সংলাপৰ গ্ৰহণযোগ্যতাক বহুলাংশে নুই কৰিছে। ই কাহিনীৰ এক দুৰ্বল অংশ। নিৰ্ভয়ৰ প্ৰেয়সীৰ চৰিত্ৰত ৰিমলীৰ অভিনয় সহজ যদিও,সেই সময় অনুসৰি বহুসময়ত ৰিমলীৰ পোচাক-পৰিচ্ছদ খাপ নোখোৱা আৰু দুবছৰ ধৰি সামান্যও পৰিৱৰ্তন নোহোৱা চেহেৰা-এই দুটা দিশ কিছু দৃষ্টিকটু। পিছে বিষয়বস্তুৰ গভীৰতাই এইখিনিক তিক্ততা প্ৰদান কৰাৰ পৰা ৰক্ষা কৰিছে।
হত্যা-হিংসা চলি থকাৰ মাজতে ক্ষণিকৰ বাবে এটি কিশোৰে এটি শিশুক গীটাৰ বজাই শুনাই থকাৰ দৃশ্য প্ৰতীকী। মূলতঃ হিংসা-প্ৰতিহিংসা যে কোনো সমস্যাৰেই সমাধান হ’ব নোৱাৰে-এয়াই বাৰ্তা চিনেমাখনৰ। আৰু এই বাৰ্তা বিশ্বজনীন। অভিনয়ৰ দিশত নাম ল’ব লাগিব মূখ্য ভূমিকাত অভিনয় কৰা অনুৰাগ সিনহা(নিৰ্ভয়)ৰ চৰিত্ৰৰ সৈতে একাত্ম অভিনয় আৰু এজন সন্ত্ৰাসবাদীৰ চৰিত্ৰত অভিনয় কৰা আকাশ সিনহাৰ পৰিপক্ব অভিনয়ৰ কথা। অন্তিম দৃশ্যৰ আগৰ দৃশ্যাংশ স্পষ্টৰূপত প্ৰদৰ্শন নকৰিলেও দৰ্শকে অনুধাৱন কৰিব পৰা। একেবাৰে শেষৰ দৃশ্যটিৰ উপস্থাপন নকৰিলেও চিনেমাখন সম্পূৰ্ণই হ’লহয়। তথাপি,দুঘন্টা তিনি মিনিট দৈঘ্যৰ চিনেমাখন চাই অসমীয়া ৰাইজে আমনি নোপোৱাৰ লগতেই চিনেমাখনৰ মাজত নিজকে বিচাৰি পাব বুলি ক’ব পাৰি।লেখিকাৰ মেইল[email protected]