• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2026 8:03 pm
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই পি এলৰ মঞ্চৰ পৰাই সমগ্ৰ বিশ্বতে সমাদৃত হৈছে বৈভৱ সূৰ্য্যবংশী। ২০২৫ চনৰ পিছত ২০২৬ চনৰ আই পি এল ছিজনতো তেওঁৰ উৎকৃষ্ট বেটিং প্ৰদৰ্শনে আপ্লুত কৰিছে। যোৱা আই পি এলত বৈভৱে অৰেঞ্জ কেপ লাভ কৰিছে।

কিন্তু সকলোৰে কৌতুহল ইমান কম বয়সতে তেওঁ কেনেকৈ ইমান শক্তিশালী হৈ উঠিছে! আনকি প্ৰতিখন মেচতে ৰাজস্থানৰ অ’পেনাৰগৰাকীয়ে যি ধাৰাবাহিকতা দেখুৱাইছে সেয়াও এক উল্লেখযোগ্য বিষয়। পাৱাৰ প্লে’ত কোনো দলৰ কোনো বলাৰকে ৰেহাই দিয়া নাছিল বিহাৰৰ ‘বিস্ময় বালক’জনে।

Apply Now

এইবাৰ আই আই এম ইন্দোৰত বৈভৱ সূৰ্য্যবংশীৰ ওপৰত গৱেষণা চলি আছে। তাত এই বেটছমেনৰ ওপৰত কৰা গৱেষণাৰ শিৰোনাম হৈছে ‘বৈভৱ সূৰ্য্যবংশী: মানসিকতা আৰু ব্যৱস্থাপনা(Vaibhav Sooryavanshi: Mindset and Management)।’

যোৱা আই পি এলত ১৭খন খেলত ৭০০ৰো অধিক ৰান সংগ্ৰহ কৰিছে বৈভৱে। ইয়াৰ উপৰিও তেওঁ এটা ছিজনত ৭২টা ছয়ৰ অভিলেখ গঢ়ে। দুশৰো অধিক ষ্ট্ৰাইক ৰেটত বেটিং কৰিছে। গৱেষকসকলে কেৱল তেওঁৰ বেটিং দক্ষতাৰ ওপৰতে নহয়, তেওঁৰ মানসিক কঠোৰতা, অনুশাসন আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাৰ ওপৰতো প্ৰমাণপত্ৰ প্ৰদান কৰিছে।

বিহাৰৰ সমস্তিপুৰৰ এজন ল’ৰাই ঘৰৰ সন্মুখৰ এখন পথাৰত অনুশীলন কৰিছিল। তাৰ পৰাই ঘৰুৱা ক্ৰিকেটত ৰাজ্যিক দলৰ আৰু তাৰ পিছত ৰাজস্থান ৰয়েলছৰ স্কাউটৰ দৃষ্টি আকৰ্ষণ কৰিলে বৈভৱে। যিদৰে এটা সফল ষ্টাৰ্ট আপ কৰা হয়, বৈভৱৰ কেৰিয়াৰো ঠিক তেনেকুৱাই। গৱেষকসকলে বিষয়টো এনেদৰেই চাইছে। এই অধ্যয়নৰ বিষয়বস্তু হিচাপে বৈভৱ, তেওঁৰ পৰিয়াল, শৈশৱৰ প্ৰশিক্ষক, ৰাজস্থান ৰয়েলছৰ সহায়ক কৰ্মচাৰী আৰু ক্ৰীড়া মনোবিজ্ঞানীসকলৰ সৈতে বিতং সাক্ষাৎকাৰ অন্তৰ্ভুক্ত কৰা হ’ব।

বৈভৱে কেনেকৈ অনুশাসন, নিয়মানুৱৰ্তিতা, কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ জৰিয়তে দিনক দিনে নিজকে গঢ়ি তুলিছে, সেই বিষয়েও আলোচনা কৰা হৈছে। এই সকলোবোৰ যিকোনো সফল ব্যক্তিৰ জীৱনত সফলতাৰ চূড়ান্ত পৰিমাপ হ’ব পাৰে।

মন কৰিবলগীয়া যে ৰাজস্থান ফাইনেলত প্ৰৱেশ নকৰিলেও আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ফাইনেল চাবলৈ গৈছিল বৈভৱ। আৰ চি বি বনাম গুজৰাটৰ খেলৰ অন্তত যেতিয়া বৈভৱ গেলেৰীৰ পৰা নামি খেলপথাৰত প্ৰৱেশ কৰিছিল তেতিয়া বিৰাট কোহলী তেওঁৰ সন্মুখত আছিল। ছুপাৰষ্টাৰ ক্ৰিকেটাৰগৰাকীক হাতযোৰ কৰি সম্ভাষণ জনোৱা দেখা গ’ল বৈভৱে। শিশু তাৰকাজনক দেখি বিৰাটে প্ৰথমে হাতখন জোকাৰিলে আৰু তাৰ পিছত সাৱটি ধৰিলে। দুয়োজনে যথেষ্ট সময় কথা পাতিলে। বৈভৱে হয়তো সেইদিনা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কেনেকৈ সফল হ’ব পাৰি তাৰ শিক্ষা লৈছিল কিং কোহলীৰ পৰা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd