সৰুতেই কোনোবা এখন কাকতৰ লগত দিয়া পৰিপূৰকাত দেখিছিলো-নামঘৰ সদৃশ এক গৃহৰ বেৰৰ জলঙাইদি বাহিৰৰ পৰা এগৰাকী নাৰীয়ে আঠু কাঢ়ি, ভিতৰলৈ জুমি চাই আছিলে। ছবিখনে মনোযোগ আকৰ্ষণ কৰাৰ বাবে ভালদৰে পঢ়িছিলো সংলগ্ন লিখাখিনি। তেতিয়াহে জানিব পাৰিছিলো যে, প্ৰধানকৈ স্থানীয় লোকৰ গৰ্ববোধৰ প্ৰতীকস্বৰূপ বৰপেটা কীৰ্তন ঘৰত ভিতৰত নাৰীৰ প্ৰবেশ নিষেধ। অদ্ভুত আৰু আচৰিত লাগিছিলে কথাখিনি।
কি কাৰণত নাৰীৰ প্ৰবেশ নিষেধ জানিবৰ মন গ’লেও ইয়াৰ পৰা যে কোনো যুক্তিসংগত বা অৰ্থৱহ উত্তৰ নেপাম, সেইটো নিশ্চিত আছিলো। কাৰণ, নিজে জন্মিছিলো এক গোড়া, সংকীৰ্ণ ব্ৰাহ্মণ পৰিয়ালত। য’ত আনুষাংগিক বহু কথাৰ লগতে ই নাৰী হিচাপে কিদৰে আচৰণ কৰিম, বহিম বা মাহেকীয়াৰ সময়ত কিয় আন মানুহৰ লগতেই ঘৰখনৰ অন্যান্য বয়-বস্তুৰ পৰা পানীৰ দমকলটো পৰ্যন্ত স্পৰ্শ কৰা মানা আছিলে। আৰু এইবোৰ কিয় নেপাই সুধিলেই-“মনে মনে থাক,নিয়ম-নীতি যি চলি আহিছে,মানিব লাগে”-এনেধৰণৰ চালে-বেৰে কোবাই যোৱা উত্তৰ হে পাইছিলো।
কাৰণ অতি স্পষ্ট-তেওঁলোকৰ হাততো এইবিলাক প্ৰশ্নৰ কোনো যুক্তিসংগত উত্তৰ নাছিলেই। মাথোঁ আগৰ গৰু যিবাটে যায়,পিছৰ গৰুও সেইবাটেই যাব লাগিব বুলি পাঠ শিকাইছিলে। কিন্তু যুক্তিবাদী মন এটাৰ লগতেই,নিজাববীয়াকৈ চিন্তা কৰিব পৰা মগজু এটা কিবাকৈ সেই পৰিবেশতেই সৃষ্টি হৈছিলে বাবে,বহু কথা গ্ৰহণ কৰিব পৰা নাছিলো,বা এতিয়াও নকৰো। সেয়ে ঘৰৰ কাৰোবাক সুধাৰ পৰিৱৰ্তে নিজে এই বিষয়ে জানিবলৈ চেষ্টা কৰিম বুলি ভাবিছিলো।
তাৰপিছত প্ৰথমেই সেই জলঙাৰে চাই থকা নাৰীগৰাকীৰ কথা ভাবিছিলো-মনলৈ আহিছিলে-ইমানেই আত্মসন্মানহীন নে নাৰীগৰাকী যে,বাহিৰত বৰ বৰ হৰফেৰে নাৰীক তুচ্ছ,হেয় বা একেবাৰে ইতৰ পৰ্যায়ত ৰাখি এখন নিষেধাজ্ঞাৰ ফলক আৰি দিয়াৰ পিছতো সেই নাৰীগৰাকীয়ে এনেদৰে পুনৰ নিজৰ সন্মান ভূ-লুন্ঠিত কিয় কৰিছিলে ?ভগৱান?ঈশ্বৰ ভকতি?বাৰু মানি ল’লো-ভগৱানক চাবলৈয়েই নিজকে ইমান অৱনমিত কৰিছে,তাৰমানে সেই ভগৱানজনো লিংগ-বৈষম্যবাদী বা পুৰুষতান্ত্ৰিকতাৰ প্ৰতীক নেকি?যদিহে আপুনি নাৰী হোৱাৰ বাবেই সেই ভগৱানজনক চাব বা পূজাৰ অধিকাৰ নাই বা নেপাই,আৰু যদিহে স্বয়ং ভগৱানেই তেনে নিয়ম বান্ধিছে-তেন্তে সেইজন আকৌ কিদৰে ভগৱান হ’ব,তেওঁচোন মানুহকেই মানুহ জ্ঞান নকৰে!!
কথা হ’ল- কোনো মৃন্ময় বা ধাতুৰ মূৰ্তিৰ ঈশ্বৰে আৰু কোনো ধৰ্মগ্ৰন্থই নাৰীৰ প্ৰতি এনে অৱমাননাসূচক আচৰণ কৰিবলৈ নিৰ্দ্দেশ দিয়া নাই (অৱশ্যে,মনুসংহিতাৰ দেশত এই বিষয়ে দুনাই ভবাৰ থল আছে!!)। তেন্তে এইসকল কোন,যিয়ে নাৰীক এইদৰে তৃতীয় শ্ৰেণীৰ নাগৰিক বা একপ্ৰকাৰ অস্পৃশ্য জ্ঞান কৰাৰ,নাৰীয়ে কি কৰিব-নকৰিব-এনেবোৰ-এনেবোৰ নিয়ম নিৰ্ধাৰণ কৰাৰ অধিকাৰ স্বতন্ত্ৰভাৱে হাতত তুলি লৈছে?
হয়,পুৰুষতান্ত্ৰিকতাৰ অহমিকাত আকন্ঠ ডুবি থকা অধিকাংশ পুৰুষ আৰু সেই পুৰুষৰ অহমিকা আৰু উচাত্মিকাত সাৰ-পানী যোগোৱা এচাম স্বকীয়তা আৰু আত্মসন্মানহীন নাৰীৰ সন্মিলিত অৱদানৰেই ফল এয়া। বৰপেটা কীৰ্তনঘৰত দৈনিক চৈধ্য প্ৰসংগ নাম হয়। আচলতে ১৬ প্ৰসংগ,কাৰণ দোকমোকালি পুৱা আৰু গধূলি কীৰ্তনঘৰৰ বাৰাণ্ডাত বহি কিছু নাৰীয়ে অচলা ভকতিৰে নাম-কীৰ্তন কৰে। পিছে অতি লজ্জাজনক কথা যে-পুৱা-গধূলি নাৰীসকলে(আইসকলে) কৰা এই দুই প্ৰসংগৰ নাম-কীৰ্তনক মূল ১৪ প্ৰসংগৰ ভিতৰত স্থান দিয়া নহয়। ১৪ প্ৰসংগ পুৰুষে কৰে।
নাৰীসকলে কৰা নাম-কীৰ্তনো হয়তো ভগৱানে গ্ৰহণ নকৰে!তেন্তে এই নাৰীসকল যায় কিয়? পুনঃপৌনিকৰূপত নিজৰ অপমান কৰাবলৈ? প্ৰহসন যে,গ্ৰহণ নকৰিব নে কৰিব সেয়া নিৰ্ধাৰণ পৰম শক্তিশালী পুৰুষসকলেই হে কৰে। আনকি সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যালয় পৰ্যন্ত নাৰীৰ প্ৰবেশ নিষেধ!এনেবোৰ নিয়ম পিছে অলিখিত,সত্ৰৰ সংবিধানত লিখিতভাৱে এনে কৰিবৰ বাবে ক’তোৱেই একো উল্লেখ নাই। উল্লেখ থাকিলে তাৰবাবে অৰ্থপূৰ্ণ,যুক্তিপূৰ্ণ কাৰণ থাকিব লাগিব বাবেই হয়তো নাই।
ভাবি আচৰিত লাগে,এই নাৰীসকলে নিজৰ বাবে,নিজৰ অধিকাৰ,আত্মসন্মান আৰু সমতাৰ বাবে কেতিয়াও থিয় দিয়াৰ কথা নভবাকৈ এনেদৰে পদদলিত হৈ কিদৰে থাকিব পাৰিছে,দশকৰ পিছত দশক?ইমানেই দুৰ্বল নে নাৰীবোৰ নে পদদলিত এনে জীৱনতেই সুখী তেওঁলোক ?এক ৰাজহুৱা স্থানত নাৰীক চূড়ান্ত অপমান কৰি এখন ফলক এনেদৰে আৰি থোৱা কাৰ্য কিমানদূৰ গ্ৰহণযোগ্য?এই উদ্ভট নিয়ম কোনে আৰু কেতিয়া উলিয়ালে?তাৰ কোনো স্পষ্ট উত্তৰ নাই।
মনোগ্ৰাহী কথা হ’ল যে-১৯১৯ চন পৰ্যন্ত,অৰ্থাৎ প্ৰায় এটা শতিকাৰ পূৰ্বলৈকে বৰপেটা কীৰ্তনঘৰত নাৰীৰ প্ৰবেশৰ ক্ষেত্ৰত কোনো বাধা-নিষেধ নাছিলে। পদ্মনাথ গোঁহাইবৰুৱাৰ “মোৰ সোঁৱৰণী”ত বৰপেটাৰ কীৰ্তনঘৰৰ বিষয়ে তেওঁ এনেদৰে লিখিছিলে- “সেই নামঘৰৰ ভিতৰত সামাজিক কাৰ্যালোচনাদি মুনিহ আৰু তিৰোতাৰ মাজত সমানে চলে । একে সময়তে একেটা বিষয়ক তৰ্কালোচনা দুয়োফালে চলে। তদৰ্থে সেই প্ৰকাণ্ড নামঘৰটোৰ দীঘে দীঘে দুফলীয়াকৈ বিভগীয়া চিলিঙি বাৰ এখন দিয়া আছে l
আলোচনাৰ সিদ্ধান্তত মুনিহ আৰু তিৰোতাৰ সমাজৰ মাজত মতানৈক্য ঘটিলে, সাংখ্য সৰ্ত গণনা কৰি, সৰহীয়া ভোটাধিকাৰী দলৰ মতে সিদ্ধান্ত গৃহীত হয়।” (পৃষ্ঠা ২৩৫)-তেন্তে এই শতিকাৰ পূৰ্বে এই অপায়েংক্ত নিয়মৰ সূচনা বা একপ্ৰকাৰৰ কূটনৈতিক ৰচনা কোনে আৰু কিয় কৰিলে ?নাৰীৰ সমানে অংশ লোৱা বা বাকচতুৰ্যতাই হয়তো নিশ্চয়কৈ কোনো পুৰুষৰ “পুৰুষ-অহমিকা”ত আঘাত হানিলে,আৰু স্বয়ম্ভু সেই দুই-এক নপতা ফুকনৰ সহভাগী বাকীসকল পুৰুষ হ’ল,আৰু চৰম কূটনৈতিকভাৱে এই নিয়মৰ সৃষ্টি কৰি নাৰীসকলক সকলো প্ৰকাৰে কীৰ্তনঘৰৰ কাম-কাজ,সিদ্ধান্ত গ্ৰহণ-আদিৰ পৰা কৌশলগতভাৱে আতৰাই ৰখাৰ ব্যৱস্থা হাতত ল’ল।
নাৰীসকলটো আজন্ম অৱলা,নিজৰ বাবে এই এটা শতিকাজুৰি থিয় দিব নোৱাৰাকৈ দুৰ্বল!!প্ৰশ্ন কৰিলে-আইসকলেহে মহিলাৰ প্ৰৱেশত বাধা দিয়ে বুলি পুৰুষ সকলে কয়। এই আই সকলে ক’ত কেনেকৈ কি অধিকাৰ পালে বাধা দিবলৈ,বা কিহৰ বাবে অন্ততঃ সেই আইসকলৰেই উত্তৰ দিয়াৰ স্বাধীন এক কন্ঠ বা কিবা শক্তিশালী,যুক্তিগত কাৰণ আছে নে?
এই সম্পৰ্কে আওপকীয়াকৈ সেই অঞ্চলৰ দুই-একৰ মতামত লৈছিলো।
প্ৰায় একেধৰণৰ উত্তৰ আছিলে সকলোৰেই যে-“ৰজঃস্বলা হৈ থকা নাৰী কিবাকৈ কীৰ্তনঘৰৰ ভিতৰত প্ৰবেশ কৰিলে,কি হ’ব ?”মোৰো প্ৰশ্ন একেটাই আছিলে-“ৰজঃস্বলা হোৱা এক স্বাভাৱিক,প্ৰাকৃতিক প্ৰক্ৰিয়া,ৰজঃস্বলা অৱস্থাত প্ৰবেশ কৰিলে কি হ’ব?”বা এই ১৯১৯ চনলৈকে,যেতিয়া নাৰীৰ প্ৰবেশত বাধা নাছিলে,তেতিয়া কি সেই নাৰীবোৰ ৰজঃস্বলা নহৈছিল নেকি?হঠাতে ৰজঃস্বলা হোৱাৰ কাৰণটো বাধাৰ কাৰক কিদৰে হৈ উঠিল ?
কিছুমান কথাৰ,বিশেষকৈ এনেধৰণৰ নিতান্তই অপমানজনক কথাৰ স্পষ্ট উত্তৰ বা যুক্তিসংগত যথাযথ কাৰণ জনা আমাৰ বাবে মাথোঁ দৰকাৰেই নহয়,খুবেই জৰুৰী কথাও। আনকি নাম-প্ৰসংগৰ পিছত যি প্ৰসাদ বিতৰণ হয়-তাতো নাৰীৰ প্ৰতি কিদৰে বৈষম্য কৰা হয়-শুনিলে আচৰিত হ’ব!এজন পুৰুষক যি পৰিমাণত প্ৰসাদ দিয়ে,নাৰীগৰাকীক তাৰ ২০%হে দিয়ে। ঠিক নিজে ভালদৰে খাই-বৈ উঠি বাকী ৰোৱা অংশ বদান্যতাৰে ইতৰ প্ৰাণীক দিয়াৰ দৰেই কাৰ্য!
এই অনৰ্থক আৰু অযুক্তিকৰ নিয়মবোৰ মনা আৰু ইয়াক আগুৱাই নিয়াৰ ক্ষেত্ৰত হোতা হোৱা নাৰীসকলৰ মানসিকতা হয়তো পাকঘৰ বা নিজ ঘৰখনৰ চাৰিবেৰৰ সীমাবদ্ধতাতেই সীমাবদ্ধ হৈ সন্তুষ্ট। সন্মান,সমতা,অধিকাৰ বা অপমান সম্পৰ্কে তেওঁলোকৰ কোনো ধাৰাণাই নাই হয়তো। আক্ষৰিক শিক্ষা হয়তো আছে,পিছে নিজৰ মগজুৰ ব্যৱহাৰ কৰাৰ শিক্ষা কোনেও কাকো দিব নোৱাৰে!গতিকেই তেওঁলোক এইক্ষেত্ৰত সম্পূৰ্ণ নিৰ্বিকাৰ হোৱাৰ লগতে,ওলটাই এইক্ষেত্ৰত সাৰ-পানীহে যোগাই।
এনে অৱস্থাত অৱশ্যেই পুৰুষতান্ত্ৰিক সমাজ-ব্যৱস্থাত লালিত-পালিত বীৰপুৰুষসকল নাৰীতকৈ নিজৰ উচ্চ স্থান আৰু অৱদমনমূলক মানসিকতাক লৈ অধিক উৎসাহী তথা আত্মবিশ্বাসী হোৱাৰ সুযোগ পাবই পাব!বিনা আয়াসতে পোৱা উচ্চ আসনখন নো কোনে এৰি দিব?
শংকৰদেৱৰ আদৰ্শৰে চলা কীৰ্তনঘৰত নাৰীৰ প্ৰবেশত থকা বাধাৰ লগতেই,অ-হিন্দুৰ প্ৰবেশতো বাধা। পিছে এইখিনিতে এটা আচৰিত তথা আমোদজনক কথা হ’ল যে-এই অ-হিন্দুৰ মানে অকল ইছলাম সম্প্ৰদায়ৰ লোকসকল হে,খ্ৰীষ্টীয়ানসকলৰ ক্ষেত্ৰত বাধা নিষেধ নাই। য’ত নেকি শংকৰদেৱৰ অন্যতম শিষ্য চান্দসাই-ইছলাম ধৰ্মী আছিলে বুলি সৰ্বজন বিদিত। আৰু শংকৰদেৱেও নাৰীৰ ক্ষেত্ৰত এনে কোনো নীতি প্ৰৱৰ্তন কৰি যোৱা নাই।
এয়া শংকৰদেৱৰ আদৰ্শৰ প্ৰতি অপমান নহয় নে?তেৰাসৱে শংকৰদেৱৰ ভাৱমূৰ্তিও জনমানসত নষ্ট কৰি থকা নাই নে?মুঠৰ ওপৰত এই প্ৰবেশক কেন্দ্ৰ কৰি লিখিত সংবিধান বা নীতিৰ কোনো মূল্য নাই। এচাম এলান্ধুকলীয়া মানুহৰ কু-সংস্কাৰী মানসিকতা বা মইমতালিহে চলি থকা যেন অনুভূত হয়। এই অন্যায়,অবিচাৰ,অপমানজনক ব্যৱহাৰৰ সমুচিত,যুক্তিসংগত উত্তৰ আমাক লাগে।
কিয় নাৰী বুলিয়েই মানুহৰ এটা ভাগৰ প্ৰতি এই অবিচাৰ,দমনমূলক,অপমানজনক ব্যৱহাৰ? কোনো সংস্কাৰী,আধুনিক আৰু মানৱীয় গুণসম্পন্ন মানুহে ইয়াৰ উত্তৰ দিবলৈ
সৎ-সাহস কৰিব বুলি আশাবাদী। বাকী কুষ্ঠবদ্ধ মানসিকতাৰ লোকসকলে ইয়াৰ উত্তৰ দিয়াৰ সলনি খঙ,ঘৃণা,ভয়-ভাবুকি প্ৰকাশ কৰিব বুলিও নিশ্চিত।
আমাক উত্তৰ লগাৰ লগতেই,এই সামন্তকলীয়া ব্যৱস্থাৰ পৰিৱৰ্তনো অতি শীঘ্ৰেই হ’ব লাগে-এয়া পুৰুষ-নাৰী সকলোৰে প্ৰতিয়েই আমাৰ দাবীও। আমাক নিজৰ সম-অধিকাৰ,সম-মৰ্যদা লাগে। গতিকেই শিক্ষিত আৰু সংস্কাৰী পুৰুষ-নাৰী উভয়েই এই পৰিৱৰ্তনৰ দিশৰ হোতা হ’ব বুলি আশাবাদী।
(লিখিবৰ বাবে উৎসাহিত কৰা বাবে বান্ধৱী কস্তুৰী লালবেগীলৈ ধন্যবাদ,লগতে তথ্যসমূহৰ বাবেও। কস্তুৰীয়ে ২০১৬ ৰ পৰাই এই লৈ যুঁজি আছে।)
লেখিকাৰ মেইল- [email protected]