• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2026 8:52 pm
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ওপৰত পুনৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্ক জাপি দিয়াৰ প্ৰস্তাৱ কৰিছে আমেৰিকাই। আমেৰিকাৰ এই পদক্ষেপক দিল্লীয়ে সহজভাৱে লোৱা নাই। এক চমু প্ৰতিক্ৰিয়াত কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে জনাইছে যে এই বিষয়টোক লৈ বৰ্তমান আমেৰিকাৰ সৈতে আলোচনা চলি আছে। দুইখন দেশৰ মাজত বাণিজ্যিক চুক্তি সন্দৰ্ভত বিভিন্ন স্তৰত বাৰ্তালাপ অব্যাহত আছে আৰু শুল্কৰ এই বিষয়টো এতিয়াও চূড়ান্ত হোৱা নাই।

আমেৰিকাৰ আইনৰ ৩০১ ধাৰাক ব্যৱহাৰ কৰি ভাৰতকে ধৰি মুঠ ৬০খন দেশৰ ওপৰত এই শুল্ক আৰোপ কৰাৰ পৰিকল্পনা কৰিছে ট্ৰাম্প প্ৰশাসনে। আমেৰিকাৰ বাণিজ্য বিভাগৰ মতে, জোৰ-জবৰদস্তি কৰা শ্ৰমৰ বিনিময়ত উৎপাদিত সামগ্ৰীৰ আমদানি বন্ধ কৰাৰ বাবেই এই পদক্ষেপ লোৱা হৈছে। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে বিশ্বজুৰি চলি থকা অৰ্থনৈতিক সংকটৰ মাজতে আমেৰিকাৰ এই ঘোষণাই ভাৰতৰ বাবে এক নতুন চিন্তাৰ সৃষ্টি কৰিছে।

Apply Now

এই সন্দৰ্ভত ভাৰত চৰকাৰৰ বাণিজ্য মন্ত্ৰালয়ে কয় যে ৩০১ ধাৰা কাৰ্যকৰী কৰাৰ সন্দৰ্ভত আমেৰিকাৰ লগত নিয়মীয়া আলোচনা চলাই থকা হৈছে। ইয়াৰ উপৰিও অলপতে প্ৰকাশ পোৱা যৌথ বিবৃতি অনুসৰি দুই দেশৰ মাজত এক স্থায়ী বাণিজ্যিক চুক্তি চূড়ান্ত কৰাৰ দিশে কাম চলি আছে। কেন্দ্ৰীয় মন্ত্ৰালয়ে লগতে জানিবলৈ দিয়ে যে পূৰ্বৰ ২৩২ ধাৰাৰ শুল্কৰ অধীনত থকা সামগ্ৰীৰ উপৰিও আন কিছুমান বিশেষ সামগ্ৰীক এই নতুন শুল্কৰ পৰা ৰেহাই দিয়া হৈছে। অৱশ্যে সমগ্ৰ বিষয়টো এতিয়াও কেৱল আলোচনাৰ পৰ্যায়তে আছে।

আমেৰিকাৰ বাণিজ্য দপ্তৰৰ তথ্য অনুসৰি, যি ৬০খন দেশৰ ওপৰত ১২.৫ শতাংশ অতিৰিক্ত শুল্ক জাপি দিয়াৰ প্ৰস্তাৱ কৰা হৈছে, তাৰ ভিতৰত ভাৰত, চীন, জাপান, দক্ষিণ কোৰিয়া আৰু ব্ৰিটেইনৰ দৰে প্ৰভাৱশালী দেশবোৰো আছে। ৱাশ্বিংটনৰ দাবী যে যিবোৰ দেশে জোৰপূৰ্বক কৰোৱা শ্ৰমৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰয়োগ কৰাত ব্যৰ্থ হৈছে, তেওঁলোকৰ বিৰুদ্ধেই এই ব্যৱস্থা লোৱা হ’ব। যিবোৰ দেশে এনে সামগ্ৰীৰ ওপৰত আংশিক নিষেধাজ্ঞা লগাইছে তেওঁলোকৰ ওপৰত ১০ শতাংশ আৰু যিবোৰ দেশে একো পদক্ষেপ লোৱা নাই তেওঁলোকৰ ওপৰত ১২.৫ শতাংশ শুল্ক বহিব পাৰে। অৱশ্যে জনসাধাৰণৰ মতামত লোৱা আৰু পৰ্যালোচনা কৰাৰ পিছতহে আমেৰিকা চৰকাৰে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd