নাম তেওঁৰ এলিটো চাৰ্কা। ফিলিপাইনৰ বাসিন্দা তেওঁ। পেছাত এগৰাকী চিত্ৰশিল্পী। কিন্তু আনতকৈ পৃথক তেওঁ। কিয়নো সঁচা অৰ্থত তেজৰ ছবি আঁকে তেওঁ। কেৱল তেজেৰেই ছবি আঁকে।
বহু সময়ত চিনেমাৰ পৰ্দাত প্ৰেমিক-প্ৰেমিকাক দেখা যায় তেজেৰে চিঠি লিখি প্ৰেমিকাক দিয়া দৃশ্য। বহু অনুৰাগীয়ে নায়ক বা নায়িকালৈ তেজেৰে চিঠি লিখি নিজৰ প্ৰেমৰ অনুভৱ প্ৰকাশ কৰে।
কিন্তু ৫২ বছৰীয়া এলিটোৱে কিয় এই পথ বাছি লৈছিল? কিয় তেওঁ ছবি আঁকিবৰ বাবে ৰঙৰ সলনি বাচি লৈছিল তেজ?
সৰুৰে পৰা চৰম দৰিদ্ৰতাত ডাঙৰ হৈছিল এলিটো চাৰ্কা। অৱশ্যে সৰুৰে পৰা চিত্ৰশিল্পৰ প্ৰতি দুৰ্বাৰ আগ্ৰহ আছিল চাৰ্কাৰ। কিন্তু ৰং কিনিবলৈ হাতত টকা নাছিল দৰিদ্ৰ পৰিয়ালৰ সন্তান এলিটো চাৰ্কাৰ।
সেই সময়ত তেওঁ বিভিন্ন বনৌষধি ৰং আৰু শাক-পাচলিৰ ৰসৰ পৰা পোৱা ৰং ব্যৱহাৰ কৰিছিল। প্ৰাপ্তবয়স্ক হোৱাৰ পিছত এদিন হঠাতে তেওঁ ৰঙা ৰঙৰ সলনি নিজৰ তেজ ব্যৱহাৰ কৰাৰ কথা ভাবিলে।
প্ৰথমে তেজেৰে এখন ছবি আঁকি এলিটোৱে দেখিলে যে তেজৰ ৰং মচি পেলোৱাটো সহজ নহয়। ৰং হিচাপে তেজ অতি ফলপ্ৰসূ।
তেতিয়াৰ পৰা প্ৰতিবাৰেই কেনেবাকৈ শৰীৰত আঘাত পাই ৰক্তক্ষৰণৰ সন্মুখীন হ’লে এলিটোৱে তেজখিনি ৰং কৰিবলৈ ব্যৱহাৰ কৰিছিল। তেনেকৈয়ে তেজেৰে ছবি অঁকা অভ্যাস গঢ় লৈ উঠে এলিটোৰ।
এলিটোৱে কয় যে তেওঁ প্ৰতি তিনিমাহৰ মূৰে মূৰে ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ গৈ তেজ দিয়ে। কিন্তু তেওঁ সেই তেজ দান নকৰে। বৰঞ্চ তেওঁ নিজৰ ষ্টুডিঅ’ৰ কুলাৰত ৰাখি থয় তেজখিনি আৰু প্ৰয়োজন অনুসৰি নিজৰ ছবিত ব্যৱহাৰ কৰে।
শিল্পীগৰাকীয়ে দাবী কৰে যে তেওঁৰ বাবে শিল্পকৰ্ম অতি গুৰুত্বপূৰ্ণ। কাৰণ সেইবোৰ আক্ষৰিক অৰ্থত আপোনাৰ নিজৰ তেজৰ দ্বাৰা নিৰ্মিত। সেই ছবিবোৰত তেওঁৰ জিনীয় উপাদানো মিহলি হৈ আছে।
বহুদিন এনেদৰে চিত্ৰ অংকন কৰাৰ পিছত এতিয়া এলিটোৱে এটা নতুন লক্ষ্য স্থিৰ কৰিছে। নতুন বছৰত তেওঁ অংকন কৰিব বিচাৰিছে বিশ্বৰ সৰ্ববৃহৎ তেজৰ দাগ পৰা ছবিখন। শিল্পীগৰাকীয়ে তেওঁৰ বাবে ৩২৮ ফুট বহল কেনভাছও তৈয়াৰ কৰিছে।
২০২৩ চনত শিল্পীগৰাকীৰ সপোন বাস্তৱায়িত হ’ব নে নহয় সেয়া হ’ব লক্ষ্যণীয়।