আপুনি বা আপোনাৰ আত্মীয়ই কেতিয়াবা টোপনিতে কথা কয় নেকি ?
আাপুনি হয়তো ভাবিব পাৰে টোপনিত কথা কোৱাটো এটা ভৌতিক পৰিঘটনা। কিন্তু টোপনিৰ কথা কোৱাটো এটা অতি সাধাৰণ ঘটনা।
কিন্তু নিশা গভীৰ টোপনিতে কথা কোৱাৰ কাৰণ কি? আমাৰ সপোনৰ লগত ইয়াৰ কিবা সম্পৰ্ক আছে নেকি? কিবা কাৰণত আমাৰ ক্ষতি কৰে নেকি?
আজি এই প্ৰশ্নবোৰৰ উত্তৰ জানো আহক।
বিশেষজ্ঞসকলে টোপনিতে কথা কোৱাটোক এটা সাধাৰণ ধৰণৰ পেৰাছ’নিয়া বা অস্বাভাৱিক টোপনিৰ কাৰ্য্যকলাপ বুলি ব্যাখ্যা কৰে।
লগতে চিকিৎসা বিশেষজ্ঞ কয় যে প্ৰতি তিনিজনৰ ভিতৰত দুজনে জীৱনৰ কোনোবা এটা সময়ত টোপনিতে কিবা কিবি কয়। বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত এইটো সাধাৰণ কথা।
আচলতে ই ক্ষতিকাৰক নহয়।
মানুহে টোপনিতে কি কথা কয়?
মানুহে টোপনিতে দুই এটা শব্দ বা বাক্য কোৱাৰ পৰা দীঘলীয়াকৈও কথা কৈ থাকিব পাৰে।
কিন্তু শুই থকা মানুহৰ মগজুত প্ৰকৃততে কি ঘটি আছে সেয়া বুজিবলৈ টান। এজন ব্যক্তিয়ে টোপনিতে নিজৰ জীৱন, শেহতীয়া পৰিঘটনা বা অতীতৰ বিষয়বোৰৰ সম্পৰ্কে ক’ব পাৰে ।
অথবা সপোনৰ লগতো ইয়াৰ সম্পৰ্ক থাকিব পাৰে। অৱশ্যে সেই ব্যক্তিজনৰ সকলো কথা সপোনৰ লগত জড়িত বুলি ক’ব নোৱাৰি। কেতিয়াবা সপোন অবিহনেও নিদ্ৰাৰত ব্যক্তি এজনে কথা ক’ব পাৰে।
মানুহে টোপনিত কিয় কথা পাতে ?
মানুহে টোপনিতে কিয় কথা পাতে সেইটো বুজিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন। কিন্তু এতিয়া বহুতে ভাবে যে টোপনিৰ অভাৱ, টোপনিৰ অসুবিধা বা টোপনিৰ বাবে উপযুক্ত পৰিৱেশ নথকাৰ বাবেও টোপনিতে মানুহে কথা কয়।
উদাহৰণস্বৰূপে, যদি আপোনাৰ কোঠাটো বেছি গৰম বা ঠাণ্ডা বা বেছি পোহৰ থাকে। তেতিয়াও মানুহে টোপনিতে কথা ক’ব পাৰে।
ইয়াৰ উপৰিও আৰু কিছুমান কাৰণৰ বাবেও মানুহে টোপনিতে কথা কয়। মানসিক সমস্যা থকা লোকে টোপনিৰ সময়ত বেছি কথা কয় বুলি একাংশ বিশেষজ্ঞই মত পোষণ কৰে।
ইয়াৰ উপৰিও পোষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ (PTSD) ৰোগত আক্ৰান্ত লোকৰ ক্ষেত্ৰতো ই বেছিকৈ হোৱা বুলি ভবা হয়।
কিছুমান মানুহে টোপনিতে কিয় চিঞৰ-বাখৰ কৰে?
টোপনিৰ কথা কোৱাটো ক্ষতিকাৰক নহয় কিন্তু যদি আপুনি টোপনিতে চিঞৰিবলৈ আৰম্ভ কৰে তেন্তে আাপোনাৰ পৰিয়াল বা প্ৰতিৱেশীৰ অসুবিধা হয়। ‘REM sleep behavior disorder’ থকা মানুহে টোপনিৰ সময়ত চিঞৰ বাখৰ কৰে। ইয়াৰ লক্ষণ হ’ল ভয়ংকৰ চিঞৰ-বাখৰ। এই ‘REM sleep behavior disorder’ থকা কিছু লোকে টোপনিতে লাথ, ঘোচা, চৰ মৰাও দেখা যায় ।
টোপনিতে কথা পতা ক্ষতিকাৰক নেকি?
টোপনিৰ সময়ত কথা পতাটো কোনো সমস্যা নহয়। অৱশ্যে টোপনিৰ সমস্যা হ’লে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব পাৰে। যদি আপুনি টোপনিতে হঠাতে কথা পাতিবলৈ আৰম্ভ কৰে বা টোপনিৰ সময়ত চিঞৰিবলৈ বা হিংসাত্মক কাম কৰিবলৈ আৰম্ভ কৰে তেন্তে নিশ্চয় চিকিৎসকৰ ওচৰলৈ যাব।