• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ্বি আংলঙৰ ১ লাখ ৫৩ হাজাৰ বিঘা মাটি বহিৰাগত বণিয়াক হস্তান্তৰ অসম চৰকাৰ : ৰাজীৱ ভৱনত কাৰ্বি জনগোষ্ঠীয় নেতাৰ সংবাদমেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 26, 2025 7:25 pm
37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অৱস্থা লাওলোৱা আৰু এতিয়া এই পৰিষদখন তুলিৰাম ৰংহাঙে বন্ধকত থোৱাৰ ব্যৱস্থা কৰিছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২০০ কোটিতকৈও অধিক দেনাৰ বোজা হৈছে। সৰু-সুৰা ঠিকাদাৰ আৰু ব্যৱসায়ীৰ লগতে জিলা পৰিষদখনৰ কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি পাবলগীয়া ধন তুলিৰাম ৰংহাং নেতৃত্বৰ পৰিষদখনে মুকলি কৰি নিদিয়াৰ বিপৰীতে কাৰ্বি আংলঙত শ শ কোটি চৰকাৰী ধনৰ অবাধ লুণ্ঠন কৰিছে। -এই অভিযোগ কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংতিৰ।

আজি ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত সম্পূৰ্ণ নথি-পত্ৰ প্ৰকাশ কৰি কাৰ্বি নেতা ৰতন ইংতিয়ে কয় যে চৰকাৰী আৰটিআইৰ তথ্য মতে কাৰ্বি আংলং জিলাত সৰ্বমুঠ ১ লাখ ৫৩ হাজাৰ ২৫০ বিঘা মাটি বহিৰাগত পুঁজিপতিক চৰকাৰে বেআইনীভাৱে দিয়াৰ ব্যৱস্থা কৰিছে। পাৰ্বত্য স্বায়ত্তশাসিত এলেকা হিচাপে কাৰ্বি আংলঙৰ মাটি অজনজাতীয় লোকক হস্তান্তৰ কৰিব নোৱাৰে যদিও তুলিৰাম ৰংহাঙৰ চক্ৰান্তত অসম চৰকাৰে ১৮ হাজাৰ বিঘা মাটি সৌৰশক্তি প্ৰকল্পৰ বাবে আদানি গ্ৰুপক, ১৩ হাজাৰ বিঘা মাটি নেপিয়াৰ প্ৰকল্পৰ বাবে আম্বানি গোষ্ঠীক, ৬০০০ বিঘা মাটি সৌৰশক্তি প্ৰকল্পৰ বাবে, ১৩৯৫ বিঘা মাটি এপিডিচিএলৰ পাম্প ষ্ট’ৰেজৰ বাবে আৰু ১ লাখ ১৬ হাজাৰ ২৫০ বিঘা মাটি পাম অইল খেতিৰ বাবে ৰামদেৱ আৰু গডৰেজক দিয়াৰ ব্যৱস্থা কৰিছে।

Apply Now

কংগ্ৰেছ নেতা ৰতন ইংতিয়ে কয় যে এই তথ্যসমূহ চৰকাৰীভাৱে লাভ কৰা হৈছে আৰু এনে বহু মাটি আছে, যাৰ হিচাপ কাক কেনেকৈ দিয়া হৈছে কোনেও নাজানে। ইংতিয়ে কয় যে কাৰ্বি আংলং জিলাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পীয়ূষ হাজৰিকাৰ পৃষ্ঠপোষকতাত পাহাৰ ভাঙি শিলৰ অবৈধ ব্যৱসায় কৰা হৈছে। এই সন্দৰ্ভত ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকো অভিযোগ দাখিল কৰা হৈছে।

জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশ-বিদেশ ঘূৰাই-ফুৰাই তেওঁক প্ৰথমতে টকাৰ এটিএম হিচাপে ব্যৱহাৰ কৰি এতিয়া মাটিৰ এটিএম হিচাপে ব্যৱহাৰ কৰিছে বুলি কংগ্ৰেছৰ কাৰ্বি নেতাজনে অভিযোগ কৰি কয় যে তুলিৰাম ৰংহাঙে কাৰ্বি জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ আৰু স্বাভিমান বিজেপি দল আৰু চৰকাৰৰ ওচৰত বিক্ৰী কৰি দিছে। অকল সেয়াই নহয়, বন বিভাগলৈ অহা বৃক্ষৰোপণৰ ১০০ কোটিতকৈও অধিক টকা তুলিৰাম ৰংহাঙে অপব্যয় কৰিছে আৰু এই চৰকাৰী ধন নগদ উলিয়াই কেন্দ্ৰীয় চৰকাৰৰ নিয়ম ভংগ কৰিছে। যি সময়ত কেন্দ্ৰীয় চৰকাৰে হিতাধিকাৰীৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে পুঁজি হস্তান্তৰৰ নিয়ম কৰিছে সেই সময়ত কাৰ্বি আংলঙত তুলিৰাম ৰংহাঙে নগদ লেনদেন কৰিছে। ৰংহাঙৰ নিজৰ ভাতৃ, পুত্ৰ আৰু নিকট আত্মীয়ৰ নামত চৰকাৰী ঠিকা-ঠুকলি আবণ্টন দিয়াৰ লগতে নামে-বেনামে দেশে-বিদেশে সম্পত্তিৰ পাহাৰ গঢ়া বুলি ইংতিয়ে অভিযোগ কৰিছে।

কাৰ্বি আংলঙত জনগোষ্ঠীয় লোকসকলক ধনৰ প্ৰলোভন আৰু ভাবুকি দি দুৰ্নীতিগ্ৰস্ত তুলিৰাম ৰংহাঙে মেনেজ কৰি থকা বুলি উল্লেখ কৰি ইংতিয়ে কয় যে তুলিৰামে সংবাদ মাধ্যমৰ স্বাধীনতাও নোহোৱা কৰিছে। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ দুৰ্নীতিৰ বিষয়ে সংবাদমেল পৰিৱেশন কৰিলে অথবা বাতৰি পৰিৱেশন কৰিলে সেয়া সম্প্ৰচাৰ কৰাত বাধা দিয়ে বুলিও কাৰ্বি নেতাজনে অভিযোগ কৰে। সংবাদমেলখনত প্ৰাক্তন বিধায়ক জগৎসিং ইংতি, প্ৰাক্তন ইএম বিদ্যাছিং ৰংপি, প্ৰাক্তন বিধায়ক হেমছিং তিছ’ আৰু চৰিস্মা ৰংপিপিও উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

July 3, 2026 4:58 pm
 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

July 3, 2026 4:25 pm
ধ্ৰুৱ ৰাঠীৰ ভগৱান ৰাম-সীতা সম্পৰ্কীয় বিতৰ্কিত ভিডিঅ’ আঁতৰোৱাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ধ্ৰুৱ ৰাঠীৰ ভগৱান ৰাম-সীতা সম্পৰ্কীয় বিতৰ্কিত ভিডিঅ’ আঁতৰোৱাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

July 3, 2026 4:11 pm
বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

July 3, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

July 3, 2026 4:58 pm
 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

July 3, 2026 4:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd