অসমত বাৰিষা কালত বোকা-পানীৰে ভৰি পৰা আৰ্দ্ৰভূমি সমূহে খৰালি ৰূপ সলাই ৰূপহী হৈ পৰে। ফটফটীয়া পানীত পৰিষ্কাৰ আকাশৰ প্রতিবিম্ব প্রতিফলিত হৈ নীলা দাপোন যেন হৈ পৰে জলাশয়সমূহ। জাৰকালিৰ আৰম্ভণিতে অক্লান্ত ডেউকাৰে কুঁৱলি ফালি কেইবা হাজাৰ কিলোমিটাৰ অতিক্রম কৰি উপস্থিত হয়হি শীতৰ আলহী, পৰিভ্রমী পখীসমূহ এইবোৰ জলাশয়ত। অন্য দেশত শীতৰ প্রকোপ সহিব নোৱাৰি আশ্রয় বিচাৰি অহা এই পক্ষীকূলে অসমৰ তুলনামূলকভাৱে কম ঠাণ্ডা পৰিবেশত আপোনমনে বিচৰণ কৰি এই জলাশয়সমূহ তথা কাষৰীয়া আৰ্দ্ৰভূমি সমূহৰো শোভা বৰ্দ্ধন কৰে।
বিনন্দীয়া পক্ষীকু্লৰ সৌ্ন্দৰ্য উপভোগ কৰি ব্যস্ততাপূৰ্ণ জীৱনৰ কেইটামান মূহুৰ্ত আপোনপাহৰা হৈ কটাব বিচৰা, সৌ্ন্দৰ্যপীয়াসী মনৰ অধিকাৰী সকলৰ কাৰণে এইসমূহ জলাশয় নিশ্চিতভাৱেই হৈ পৰে আকৰ্ষণৰ কেন্দ্রবিন্দু। তেনে এক সততে আলোচিত নোহোৱা অথচ অতিশয় ৰূপহী আৰ্দ্ৰ্ভূমি যোৰহাট জিলাৰ ব্রহ্মপুত্রৰ পাৰত অৱস্থিত চৰলাবিল। দেশী বিদেশী পখীৰ কাকলিত মুখৰিত চৰলাবিল এতিয়া পক্ষীপ্রেমী তথা প্রাকৃ্তিক আলোকচিত্র গ্রহণকাৰীৰ কাৰণে উপযোগী গন্তব্যস্থল হৈ পৰিছে।
যোৰহাট নগৰৰ পৰা প্রায় পাঁচ কিলোমিটাৰমান উত্তৰ, নিমাতীঘাটৰ কাষতে অৱস্থিত এই চৰলাবিল। ই মূলতঃ দুখন লগালগিকৈ থকা বিলৰ সমষ্টি। এখন বৰচৰলা আৰু আনখন পটীয়া চৰলা। বৰচৰলাৰ কালি প্রায় ২০ হেক্টৰ আৰু পটীয়া চৰলাৰ কালি ১০ হেক্টৰ। কাষে কাষে আছে চৰলাপৰীয়া গাঁওসমূহ যেনে বৰআলি, গোঁহাইগাঁও, ডাইনীগাঁও, গৰীয়াভগা, চাৰিগাঁও চাপৰি, ভিতৰককিলা আদি। আহোম ৰাজত্বকালত চৰলাবিল আছিল বিখ্যাত নৌবহৰ। আহোম যুগৰ যুদ্ধৰ নাওঁসমূহ চৰলাত ৰখা হৈছিল।
চৰলা এটা ঠেক প্রণালীৰে বৰনৈৰ লগত সংযুক্ত আছিল। যেতিয়াই ভাটীফালে বিদেশী শত্রুৱে আক্রমণ কৰিছিল, আহোম সৈন্যই চৰলাৰ পৰা নাৱেৰে যাত্রা কৰিছিল ৰণলৈ। ৰংদৈ নৈয়েদি আহোম ৰজাই নাওঁখেল চাবলৈ চৰলালৈ আহিছিল যোৰহাটৰ পৰা। চৰলা হৈ পৰিছিল নৌসেনাৰ আখৰাথলী। কাষৰ ম’হগড়তে আহোম আৰু মানসেনাৰ মাজত শেষ যুদ্ধখন হৈছিল য’ত আহোম সেনা সম্পূৰ্ণৰূপে পৰাস্ত হৈছিল আৰু আহোম ৰাজ্যই চিৰদিনৰ বাবে স্বাধীনতা হেৰুৱাইছিল। ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ এই চৰলাবিলৰ পাৰেৰে যোৱা বৰ আলিটোৱেদি দেৰগাঁৱৰ নেঘেৰীটিঙৰ দৌলৰ পূজাৰ নিৰ্মালি নিতৌ ৰংপুৰৰ ৰজাঘৰলৈ নিয়া হৈছিল।
অতীত বুৰঞ্জী বিস্মৃতিৰ বুকুত বিলীন হলেও প্রতিটো ঋতুৱে চৰলাক বিভিন্ন ৰূপেৰে বিভূষিতা কৰি স্থিৰযৌৱনা কৰি ৰাখিছে আজিও। যদি কোনোবাই চৰলাৰ পাৰত ৰৈ পশ্চিম আকশত অস্তগামী ৰাঙলী সুৰুযৰ ফালে কোঢ়াল কৰি ঢপলিয়াই উৰি যোৱা বনৰীয়া হাঁহৰ জাক দেখাৰ সৌভাগ্য ঘটা নাই, তেঁও নিজেই নাজানে জীৱনত কেনে এক সুন্দৰ দৃশ্য দেখাৰ পৰা বঞ্চিত হৈ আহিছে। পটীয়া চৰলাৰ পাৰৰ ওখ ওখ শিমলু কেইজোপালৈ দিনটো বিভিন্ন জলাশয়ত মাছ খাই আবেলি ঘূৰি অহা প্রায় ডেৰশ মান ঢেৰা বা স্পটবিল পেলিকানৰ জাকটো আৰু গছকেইজোপাৰ ডালত নিজৰ বাবে ৰাতিটো বহি থাকিবলৈ এডোখৰ ঠাই উলিয়াই ল’বলৈ সিহঁতি ঠেলা-হেঁচা কৰা্টো যিকোনো লোকৰে কাৰণে আমোদজনক দৃশ্য হ’ব পাৰে।
একেদৰেই আকৰ্ষণীয় হৈ উঠে চৰলাৰ পাৰত আবেলি বিস্তৃত কুমলীয়া ঘাঁহনিডৰা খুটি খাবলৈ সমবেত হোৱা হাজাৰ হাজাৰ বনৰীয়া ৰাজহাঁহ আৰু ধৃতৰাজ বোৰ, যিবোৰে তিব্বতৰ পৰা প্রৱজন কৰে এই অঞ্চললৈ শীতকালতে। ফটফটীয়া পানীত মূৰটো গুজি মাছ বিচৰাত ব্যস্ত অসংখ্য ফুটুকী হাঁহ, বেজী নেজী হাঁহ, কে কে হাঁহ, ৰঙামূৰী হাঁহ আদিবোৰৰ কথা নকলোৱেইবা। চাইবেৰীয়াৰ পৰা অহা এক মিটাৰতকৈ অধিক ওখ ধোঁৱাবৰণীয়া, হুলস্থূলীয়া কমন ক্রেণকেইটা চৰলাৰ কোন ঠাইত আছে বহু আঁতৰৰ পৰাই জনা যায়।
যোৰহাট নগৰৰ পৰা পটীয়াগাঁৱৰ মাজেৰে গৈ বৰআলিত উঠিলেই দেখা পোৱা চৰলাবিললৈ যিকোনো বাহনেৰে যাবলৈ পকী ৰাস্তা আছে। অসমত এনে এখন আৰ্দ্ৰ্ভূমি নাই য’ত ইমান সংখ্যক চৰাই ৰাস্তাৰ ইমান ওচৰতে দেখা পোৱা যায়। শিৱসাগৰৰ পহুগড়ৰ ঠিক পিচতে চৰাইৰ ঘনত্বৰ ফালৰ পৰা চৰলাৰ স্থান। তুলনামূলকভাৱে অন্য বিলবোৰৰ কিছুমানতকৈ সৰু যদিও বিভিন্ন প্রকাৰৰ চৰাইৰ ঘনত্ব চৰলাত ইৰ্ষনীয়ভাৱে বেছি।
চৰলাত দেখা পোৱা চৰাইবোৰক নীৰিক্ষণৰ সুবিধাৰ কাৰণে তিনিটা প্রধান ভাগত ভাগ কৰি লব পাৰি। সেইকেইটা হৈছে আবাসী পক্ষী, দিনটোৰ বাবে আলহী পক্ষী আৰু পৰিভ্রমী পক্ষী। আবাসী পক্ষীসমূহ চৰলাত দিনে-নিশাই থাকে। দিনটোৰ আলহী পক্ষীসমূহ কেৱল দিনত আহে আৰু সন্ধিয়া উভটি যায়। পৰিভ্রমী পক্ষীসমূহ শীতকালত পৃথিৱীৰ অন্য ঠাইৰ পৰা ইয়ালৈ আহে। আবাসী পক্ষীসমূহৰ ভিতৰত কাম চৰাই, ডাউক, দলপুঙা, দলম’ৰা, পানীশালিকা, পানী ডুবি আৰু পাৰৰ গছ আৰু জোপোহানিত থকা হঁয়কলি, চেকচেকী, কাঠ শালিকা, মাটি শালিকা, চুটিয়া শালিকা, কাণকুৰিকা, ঘৰ শালিকা, পাতি কাউৰী, ঢোৰা কাউৰী, সখীয়তী, দহিকতৰা, ফেচুলুকা, বুলবুলি, ভদৰকলি, নীলকন্ঠ, পাতসীয়া, নাচনী, ভাটৌ, গলমণিকা, ফুটুকী মাছৰোকা, সৰু নীলা মাছৰোকা, জিঁয়াখাটী, হেটুলুকা, কাকৈশিৰা, কপৌ আদি।
অন্যহাতে, দিনটোৰ আলহী পক্ষীসমূহ হৈছে বগলী, বৰ বগ, গো বগ, মণিয়ৰী, দৰিকলা, পানী কাউৰী, বগী আজান, আজান, কণামুচৰী, কনুৱা, হাড়গিলা, বৰটোকোলা, শৰা্লি, বৰশৰা্লি, আমৰলীয়া হাঁহ আদি। ইয়াৰে বহুতো পখী কেতিয়াবা ৰাতিও পাৰৰ গছত থাকি যায়। পৰিভ্রমী চৰাইবোৰ হৈছে বনৰীয়া ৰাজহাঁহ, ধৃতৰাজ, চাকৈ-চকোৱা, ঘিলা হাঁহ, দীঘলনেজী হাঁহ, ৰঙামূৰী হাঁহ, কমন ক্রেন, ঢেৰা, ফুটুকী হাঁহ, খণ্টীয়া হাঁহ, ৰামপাৰ, চাইবেৰীয়ান শিলকটৰা, বালিমাহী, হালধীয়া বালিমাহী, আকুঁহি বগ, কাৰলিউ আদি। লগতে এই চৰইবোৰক চিকাৰ কৰি বৰ্তি থকা কুৰুৱা, শেন, চিলনী আদিবোৰটো আছেই।
চৰলাত পানী গোটেই বছৰ জুৰি থাকে। শৰৎ কালৰ সময়চোৱাত শিৱসাগৰ জিলাৰ পানীদিহিং পক্ষী অভয়াৰণ্যত পৰিভ্রমী চৰইবোৰে ভিৰ কৰেহি। কিন্তু শীতৰ আৰম্ভণিৰ লগে লগে সেই অঞ্চলত থকা জলাশয়বোৰত পানী শুকাই যায়। সেয়ে সমূহ পক্ষীয়ে ভিৰ কৰেহি চৰলাবিলত। অকণমানি বিলখনত অসংখ্য পখীয়ে উপচি পৰেহি। পানীদিহিঙত বিলবোৰ শুকাই যোৱাৰ কাৰণ বিচাৰি পোৱা গৈছিল যে, অভয়াৰণ্য হিচাপে স্বীকৃ্তি পোৱাৰ আগতে তাৰ জলাশয় সমূহত কাষৰীয়া গাঁৱৰ মানুহে মাছ ধৰিছিল। বিলৰ মেটেকাবোৰ আঁতৰাই পৰিষ্কাৰ কৰি ৰাখিছিল। কিন্তু মাছ ধৰা আইনমতে বন্ধ হোৱাত প্রায়বোৰ জলাশয় মেটেকাই আৱৰি ধৰে।
বছৰ বছৰ ধৰি চামে চামে মেটেকা জমা হৈ সেই জলাশয়সমুহৰ বুকু বাম হৈ পৰি্ল। ফলত খৰালিৰ প্রথমভাগতে সেইসমূহ শুকাই পৰিবলৈ ধৰিলে। জলচৰ পখীসমূহ সেয়ে চৰলা তথা অন্যান্য জলাশয়লৈ গুচি যাবলৈ ধৰিলে। সেইদৰেই পানীদিহিঙত লাহে লাহে মৃত্যু হৈ গৈ আছে একোখনকৈ বিল। চৰলাৰ ক্ষেত্রত সেয়া হোৱা নাই। কাৰণ চৰলা বিলত বিষয়াৰ তলত মাছমৰীয়াই মাছ ধৰিয়েই থাকে। চৰলা কাষৰীয়া মানুহৰ প্রাণ। চৰলাৰ ভাল মানেই গাওঁবাসীৰ ভাল। সেয়ে চৰলা সদায়ে চিকুনী, ধুনীয়া।
আধুনিকতাৰ বা লাগি এচাম লোকে পৰ্যটনৰ নামত কৰা কাৰ্যকলাপে চৰলাৰ পক্ষীকূলৰ ওপৰত বিৰূপ প্রভাৱ পেলোৱা দেখিবলৈ পোৱা গৈছে। বৰনৈৰ পাৰে পাৰে ঝাওঁবনৰ জোপোহানি ভাঙি ডজনৰো অধিক ৰিজৰ্ট সমূহে জোপোহানিত বাস কৰা পক্ষীবোৰৰ বাসস্থানলৈ ভাবুকি কঢ়িয়াই আনিছে। প্রমোদ বিহাৰৰ নামত নদীত চলা বিলাসী নাওবোৰৰ পৰা বাজি থকা উচ্চ স্বৰৰ সংগীতে নদীৰ চাপৰিত দুপৰীয়া জিৰণি লোৱা কমন ক্রেন কেইটাকো শান্তিত থাকিবলৈ দিয়া নাই। লগতে আছে পাৰত বনভোজ খোৱাৰ নামত অযথা হুলস্থুল আৰু প্রদূষণ। এই সকলোবোৰ ঘটি থাকে জিলা প্রশাসনৰ চকুৰ আগতে বা পৃষ্ঠপোষকতাতে। দিনে দিনে এইবোৰৰ মাত্রা বাঢ়িছেহে। এই গতিত এনেবোৰ কাৰ্য চলি থাকিলে অদূৰ ভৱিষ্যতে চৰলাবিললৈকো পক্ষী অহাটো কমি যাব।