মাঘ বিহু অহাৰ লগে-লগে কেইটামান বিশেষ চিজনেল বিতৰ্কই পুনৰ মূৰ তুলি উঠিছে আৰু এই বিতৰ্ককেইটাৰ মাজেৰে অসমৰ চিন্তাশীল ৰাইজ ইতিমধ্যে দুটা ভাগত বিভক্ত হৈ পৰিছে। এই বিতৰ্ককেইটাৰ মূলগত দিশটো এটাই— নব্য পুঁজিবাদে সমাজখনলৈ যিখিনি নতুন দিশ কঢ়িয়াই আনিছে সেইসমূহ পৰিৱৰ্তন সমাজৰ একাংশই গ্ৰহণ কৰিব পৰা নাই। এইযে গ্ৰহণ কৰিব পৰা নাই, তেওঁলোক কিন্তু সমাজবাদী বুলি ভুল কৰাটো উচিত নহয়, এইসকল বিশুদ্ধ ৰোমান্টিক ভাৱবাদী ব্যক্তি। এইসম্পৰ্কে মই সদ্যপ্ৰকাশিত “ডিষ্টিটিউট শব্দ” শীৰ্ষক গ্ৰন্থখনৰ পাতনিতে উল্লেখ কৰিছিলো যে, “যোৱা বাইশটা বছৰে অসমে ইতিহাসৰ সকলো সময়ৰ তুলনাতেই আটাইতকৈ দ্ৰুতগতিত অৰ্থনৈতিক পট পৰিৱৰ্তনক স্বীকাৰ কৰি লৈছে। তাৰ সমান্তৰালভাৱে আজিকোপতি চলি আছে পুঁজিবাদী অৰ্থনীতি আৰু প্ৰাচীন আদৰ্শসমূহৰ মাজৰ এটা চিৰপৰিচিত দ্বন্দ্ব।”[1] এই দ্বন্দ্বটো বুজি পোৱাটো আমাৰ সমাজখনৰ গতিধাৰাক বুজি পোৱাৰ বাবে অতি গুৰুত্বপূৰ্ণ।
পুঁজিবাদে সংস্কৃতি আৰু সংস্কৃতিৰ উপাদানসমূহলৈ যিসমূহ পৰিৱৰ্তন কৰি আনে, সেই পৰিৱৰ্তনৰ মূলগত কথাটো হৈছে সংস্কৃতিক ই এটা বজাৰীকৃত ব্যৱস্থালৈ ৰূপান্তৰ কৰি তোলে। এই বজাৰীকৰণৰ ধাৰণাটোক আমি পোনচাতেই গালি পাৰি আঁতৰাই দিয়াটো কোনোপধ্যেই বুদ্ধিমানৰ কাম নহব। যিসকল অত্যন্ত ভাৱবাদী ব্যক্তিয়ে এই বজাৰীকৰণৰ ধাৰণাক পোনচাতেই নস্যাত কৰিবলৈ চেষ্টা কৰে, তেওঁলোকে সমাজ বিকাশৰ এই বিৱৰ্তনৰ সম্পৰ্কে সচেতন নহয়। এই অসচেতনতাৰ মূল কাৰণ হৈছে তেওঁলোকৰ সমাজৰ সম্পৰ্কে ধাৰণা খুব কম। যি কি নহওঁক, সংস্কৃতিৰ বজাৰীকৰণ পুঁজিবাদৰ এটা এৰাব নোৱাৰা অংশ, ইয়াক আমি ভাল পাওঁ বা বেয়া পাওঁ সেয়া নিতান্তই অপ্ৰয়োজনীয় কথা। ই এটা চিৰশ্বাশ্বতঃ সত্য।
“সমাজৰ এই দ্বন্দ্বটোত কোন জিকিব? উত্তৰটো তেনেই সহজ। নিতান্তই নব্য সংস্কৃতিটো। এই উত্তৰটো আমি বিচাৰোঁ বা নিবিচাৰোঁ তাৰ প্ৰতি দায়বদ্ধ নহয়।”[2]
প্ৰকৃত প্ৰশ্নটো কি হোৱা উচিত?
সাংবাদিক মৃদুল কুমাৰ সন্দিকৈয়ে আজি এটা খুবেই অনুপ্ৰেৰণাদায়ক কাহিনী শ্বেয়াৰ কৰিছে। থুলমূলকৈ কাহিনীটো এনেধৰণৰ— ঢকুৱাখনাৰ পুঠিমাৰীৰ ব্যৱসায়ী শ্ৰীযুত বুলু দাসে আজি ঢকুৱাখনাৰ চাৰিকড়ীয়াৰ পাৰত বহা বজাৰত প্ৰতি বছৰৰ দৰে ২০০ টেকেলী ম’হৰ দৈ গাখীৰ বিক্ৰী কৰিছে। দীৰ্ঘদিন ধৰি এই ব্যৱসায়ৰ সৈতে জড়িত শ্ৰীযুত দাসৰ গাখীৰৰ টেকেলী সমগ্ৰ অঞ্চলটোতে বিখ্যাত। সাংবাদিক সন্দিকৈয়ে মন্তব্য কৰিছে, “তেওঁ নজনাকৈয়ে তেওঁ দিয়া ম’হৰ গাখীৰ এটা ব্ৰেণ্ড হৈ পৰিছে । বাতি ভৰাই দৈ চিৰা খাবলৈ বুলু দাসৰ ম’হৰ দৈতকৈ উত্তম একো হ’ব নোৱাৰে।”[3]
এই কাহিনীটোক আমি কিয় এই শিতানটোৰ আলোচনাৰ আৰম্ভনিতেই উল্লেখ কৰিছো তাৰ এটা কাৰণ আছে। এই কাৰণটোৱেই দৰাচলতে আমাৰ সমগ্ৰ আলোচনাটো। প্ৰশ্নটো হৈছে যে পুঁজিবাদে সংক্ৰমিত কৰা (Infiltrate) আমাৰ সংস্কৃতিক আমি কিধৰণেৰে গ্ৰহণ কৰিম আৰু ইয়াৰ যোগেদি আমি কেনেধৰণৰ সপোন দেখিব পাৰোঁ? পুঁজিবাদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে যে ই এখন নিষ্ঠুৰ প্ৰতিযোগিতাৰ স্থলী। এই প্ৰতিযোগিতাখন ইমানেই নিষ্ঠুৰ যে ইয়াৰ প্ৰতিযোগিতাৰ মাজত যদি কোনোবা টিকি থাকিব নোৱাৰে, তেন্তে তাৰ পৰিণাম এটাই— মৃত্যু। পুঁজিবাদৰ এই প্ৰৱণতাৰ বাবেই ই বজাৰ একাধিপত্য (Market Monopoly)ৰ দৰে বিষয়সমূহ অতি সচেতনভাৱে আলোচনা কৰা হয়।
গতিকে কেইটামান কথাত আমি স্পষ্ট হোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। আমাৰ সংস্কৃতিৰ বহুকেইটা উপাদান ইতিমধ্যেই বজাৰীকৃত হৈ পৰিছে আৰু লাহে-লাহে বজাৰ দখল কৰিবলৈও আগবাঢ়িছে। উদাহৰণস্বৰূপে আমি Xaaj ৰ কথা ক’ব পাৰোঁ। উন্নতমানৰ বটলিংৰ যোগেদি ইতিমধ্যে Xaaj নামৰ ব্ৰেণ্ডটো বজাৰলৈ আহিছে আৰু ৰাইজেও আদৰ কৰা দেখা পোৱা গৈছে। সেইদৰে চিৰা-পিঠাৰ দৰে জলপানসমূহেও কেতিয়াবাই অসমৰ বজাৰ দখল কৰিছে। বিভিন্ন আত্মসহায়ক গোটৰপৰা আৰম্ভ কৰি থলুৱা উদ্যোগীয়ে ইতিমধ্যে সেইসমূহ জলপান বজাৰলৈ উলিয়াই দিছে আৰু ৰাইজেও সেইসমূহক গ্ৰহণ কৰিছে। ব’হাগ বিহুৰ সময়ত পৰুৱাৰ টোপ, মাখিয়তী, দীঘলতি আদি উপাদানসমূহক গুৱাহাটীকে ধৰি বিভিন্ন নগৰাঞ্চলত বিক্ৰী কৰা হয়। মাঘ বিহুৰ মেজি এই তালিকাখনৰ শেহতীয়া উপাদান। আমি আশা কৰিম যে এইসমূহ উপাদানৰ ব্ৰেণ্ডিং হওঁক আৰু বজাৰখন ভালকৈ দখল কৰক। সমান্তৰালভাৱে গ্ৰাম্যাঞ্চলত পৰম্পৰাগত মেজি, চিৰা-পিঠা, লুকলাও-নামলাও চলি থাকিব, কিন্তু একেসময়তে নগৰাঞ্চলৰ চাহিদা পূৰণ কৰিবলৈও এইবোৰৰ সফল বাণিজ্যিকীকৰণ হোৱাটো সময়ৰ দাবী।
[1] দুৱৰা, নিকু (২০২২). ডিষ্টিটিউট শব্দ, বনলতা, পৃষ্ঠাঃ ৭
[2] উল্লিখিত গ্ৰন্থ, পৃষ্ঠাঃ ৭
[3] সন্দিকৈ, মৃদুল কুমাৰ (২০২৩). বাতি ভৰাই চিৰা লৈ খাই চাওক বুলু দাসৰ দৈ, উত্সঃ shorturl.at/kxHY3
লেখক নিকু দুৱৰা এগৰাকী যুৱ নিৱন্ধকাৰ। দূৰভাষ – 6901 504 052