গত ২৭ জানুৱাৰী, ২০২৩ত মুক্তিপ্ৰাপ্ত অসমীয়া ছবি অনুৰৰ বিষয়েই আজিৰ এই লিখা। ইতিমধ্যেই দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা ছবিখন বৰ্তমানেও অসমৰ বহুকেইটা ছবিগৃহত চলি আছে। অনুৰাধা শৰ্মা পূজাৰীৰ এটি চুটি গল্পক আলম কৰি লৈ নিৰ্মিত অনুৰৰ চিত্ৰনাট্য আৰু পৰিচালনা-মঞ্জুল বৰুৱাৰ। মুক্তিৰ পূৰ্বে অনুৰ, ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল কেৰেলা আৰু ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈয়ো নিৰ্বাচিত হৈছিল। ছবিখনৰ মূখ্য ভূমিকাত অভিনয় কৰিছে জাহানাৰা বেগমে। লগতে আন কেইটিমান চৰিত্ৰত বলোৰাম দাস, ৰজত কাপুৰ, ৰাজশ্ৰী শৰ্মা আৰু বিদ্যা ভাৰতীয়ে অভিনয় কৰিছে।
ছবিৰ আৰম্ভণি হয় এটি অন্ধকাৰ নিশাৰ দৃশ্যৰে। ল’ডশ্বেডিঙৰ মাজত, শংকিত অনুপমা বৰুৱাৰ(জাহানাৰা বেগম)কিছু সময়ৰ জীৱনচৰ্যাক প্ৰদৰ্শন কৰি। মূখ্য চৰিত্ৰ অনুপমা বৰুৱা এগৰাকী অৱসৰপ্ৰাপ্ত স্কুল শিক্ষয়িত্ৰী, যি সম্পূৰ্ণ অকলে নিজ গৃহত বাস কৰে। সহায়কাৰীৰূপে দুজনমান আছে, যদিও নিশা হ’লে তেওঁ ভয়াৰ্ত হৈ পৰে, নিজ একাকীত্বৰ মাজত। অনুৰাধা শৰ্মা পূজাৰীৰ গল্পটো সংবেদনশীল। পিছে এটি গল্প পঠন আৰু এখন চিনেমা চোৱা-এই দুয়োটাৰে মাজত বৃহৎ তফাৎ আছে। এখন চিনেমাৰ বাবে চিত্ৰনাট্যখনৰ এক গতিশীলতা আৰু সাৱলীলতা থকা খুবেই জৰুৰী। পিছে অনুৰত সেই দিশটি খুবেই দুৰ্বল যেন অনুভৱ হ’ল। সমগ্ৰ ছবিখনতেই অপেক্ষা কৰি কৰিও এক গতিশীলতা বিচাৰি নেপালো।
চিনেমা এখনৰ কাহিনীৰ যি মূল বিষয়বস্তু, জটিলতা বা গভীৰতা থাকে, সেইখিনিক চিনেমাৰ আৰম্ভণিৰ ২০-২৫ মিনিটৰ ভিতৰত এনেদৰে উপস্থাপন আৰু প্ৰতিষ্ঠা কৰা জৰুৰী যে, দৰ্শক ছবিখনৰ সৈতে একাত্ন হৈ পৰি, পৰৱৰ্তী সময়ত, ছবিখন চাবলৈ আগ্ৰহী হৈ পৰিব। অনুৰত এঘন্টা পৰ্যন্ত এইখিনি দেখিবলৈ পোৱা নগ’ল। যি মন্থৰ গতিত আৰম্ভণি, সেই একেই মন্থৰ, নিষ্প্ৰাণ গতিতেই চলি থাকিল সমগ্ৰ চিনেমাখন। আনকি, মধ্যাংশত অনুপমা বৰুৱাৰ লগত ঘটা অনাহুত ঘটনায়ো কোনোধৰণৰ উত্তেজনা বা বিষাদবোধ দিবলৈ সক্ষম নহ’ল।
অনুপমা বৰুৱাই এমিনাক জোৰকৈ তেজ পৰীক্ষা কৰোৱা, বাৰেবাৰে বজাৰলৈ যোৱা, পাকঘৰত ভাত ৰান্ধি থকা, ঔমৰ দোকানত সহায়কাৰী ল’ৰাজনৰ ক্ৰিকেটৰ কমেন্টৰী কৰা-আদিবোৰ চিনেমাখনৰ বাবে একেবাৰেই অপ্ৰয়োজনীয় দৃশ্যাংশ আছিলে। অনুৰৰ আৰম্ভণিতেই, অনুপমা বৰুৱাই দেখা এটি সপোনৰ দৃশ্যাংশ(Dream sequence)মাজেৰেই চিনেমাখনৰ অধিকাংশ সময় পাৰ হয়। পিছে, চিনেমাখনৰ আন এটি দুৰ্বল কথা যে, এই সপোন আৰু সপোনৰ জগতত সোমাই পৰাৰ পৰাৰ কোনো উমান নিদিলেও, বাস্তৱলৈ ঘূৰি অহাৰ সময়তো দৰ্শকে এই সপোনক অনুধাৱন কৰিব পৰাকৈ, দৃশ্যগ্ৰাহ্যতা প্ৰদান কৰাত বিফল চিত্ৰনাট্যকাৰ, পৰিচালক।
চৰিত্ৰ নিৰ্বাচনৰ ক্ষেত্ৰত, মূখ্য চৰিত্ৰক বাদ দি বাকী চৰিত্ৰ প্ৰায়বোৰৰেই সমুচিত নিৰ্বাচন বুলিব লাগিব। অতি শামুকীয়া গতিতেই চিনেমাখন চলি থকা বাবে, বহু সময়ত চিনেমা নহয় যেন, একেবাৰেই নিস্তৰংগ খণ্ডচিত্ৰ কিছুমানহে চাই থকাৰ দৰে অনুভৱ হৈছিল। বহু সময়ত, এটি দৃশ্যাংশৰ পিছত আনটি দৃশ্যাংশৰ সংযোগহীনতা, চিত্ৰনাট্যখনৰ এই সকলোবোৰ অতি দুৰ্বল দিশ মিলি, অনুৰ-এখন উচ্চমাত্ৰাৰ সংবেদনশী, শক্তিশালী চিনেমা হোৱাৰ সম্ভাৱনা সম্পূৰ্ণৰূপে নোহোৱা হৈ পৰিল। লগতেই, মূখ্য চৰিত্ৰৰ অভিনয়ো সকলো সময়তেই এক সংকুচিত ৰূপ লৈ থকাও, চিনেমাখনৰ আন এক দুৰ্বল দিশ, যিয়ে মূল চৰিত্ৰৰ লগত দৰ্শকক সংযুক্ত কৰিবলৈ অক্ষম।
তৰালী শৰ্মাৰ সুন্দৰ সংগীতৰ লগতেই, অনুৰৰ আন ভাল লগা দুটামান অংশ হৈছে-বলোৰাম দাস, ৰাজশ্ৰী শৰ্মা আৰু বিদ্যা ভাৰতীৰ স্বতঃস্ফূৰ্ত, সহজ অভিনয়। বলোৰাম দাসৰ চৰিত্ৰটি(ঔম)ৰ আবিৰ্ভাৱ ঘটিলেই ছবিখনলৈ প্ৰাণ অহা যেন অনুভৱ হৈছিল। পিছে, ৰজত কাপুৰৰ দৰে এজন, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত সুদক্ষ অভিনেতাক ছবিখনত লোৱা হ’ল যদিও, তেওঁৰ অভিনয় শৈলী প্ৰদৰ্শনৰ বিশেষ কোনো থলেই নাছিল সমগ্ৰ চিনেমাখনত। আৱহ-সংগীত আৰু শব্দগ্ৰহণৰ কাম ভাল হৈছে। সম্পাদনা দুৰ্বল। সুমন দুৱৰাৰ আলোকশিল্পৰ কাম ভাল হৈছে। অন্ত কিছু দুখজনক যদিও, অপ্ৰত্যাশিত একো নাছিলে বা তেনে কোনো উৎকণ্ঠাৰ উপাদানো নাছিলে।
(লেখকৰ মেইল – [email protected])