আদানী গ্ৰুপৰ ক’ৰ্পৰেট জালিয়াতিৰ বিষয়ে হিণ্ডেনবাৰ্গ ৰিপৰ্টৰ প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছতে দেশৰ ৰাজনীতি উত্তাল হৈ পৰিছে। ইয়াৰ সমান্তৰালকৈ আদানী গ্ৰুপৰ ব্যৱসায়ত খহনীয়াৰো সৃষ্টি হয়। হ্ৰাস পাইছে আদানী গ্ৰুপৰ কে’বাটাও প্ৰতিষ্ঠানৰ শ্বেয়াৰৰ মূল্য। বিৰোধীয়ে আদানীৰ প্ৰতি উঠা অভিযোগৰ তদন্তৰো দাবী কৰি আহিছে।
ইয়াৰ মাজতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে কয় যে ভাৰতৰ নিয়ন্ত্ৰকসকলে আদানী গ্ৰুপৰ সৈতে জড়িত বিতৰ্কৰ বিষয়ে অৱগত আৰু হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতি চম্ভালিবলৈ সক্ষম। মুম্বাইত সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় যে সদায়ৰ কৰা দৰেই এইবাৰো নিয়ন্ত্ৰকে এই পৰিস্থিতি চম্ভালি ল’ব পাৰিব।
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কেন্দ্ৰীয় পৰিচালনা সমিতিৰ বৈঠকৰ অন্তত সংবাদমেলত সীতাৰমণে কয় যে ভাৰতৰ নিয়ন্ত্ৰকসকল অতি অভিজ্ঞ আৰু তেওঁলোক নিজৰ ডমেইনত বিশেষজ্ঞ। হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ অভিযোগৰ পিছতে আদানি গ্ৰুপৰ শ্বেয়াৰত ব্যাপক প্ৰভাৱ পৰিছে। হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত একাউণ্টিং জালিয়াতি, ষ্টক মেনিপুলেচন আৰু ধন সৰবৰাহৰ দৰে অভিযোগ উত্থাপন কৰিছিল। তেতিয়াৰ পৰাই কোম্পানীসমূহৰ ষ্টকৰ মূল্য দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰিলে।
শনিবাৰে বিত্তমন্ত্ৰীয়ে আৰ বি আইৰ কেন্দ্ৰীয় পৰিচালনা সমিতিক সদ্য প্ৰকাশিত ২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত অৱগত কৰে। সংবাদমেলৰ সময়ত সীতাৰমণে কয় যে নতুন কৰ ব্যৱস্থা বাজেটৰ অন্যতম কেন্দ্ৰবিন্দু। চিবিডিটিৰ তথ্য অনুসৰি ২০২৩ চনৰ ১০ ফেব্ৰুৱাৰীলৈকে প্ৰত্যক্ষ কৰ সংগ্ৰহ ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। মুঠ সংগ্ৰহ হৈছে ১৫.৬৭ লাখ কোটি টকা। বিগত বছৰৰ তুলনাত ২৪.০৯% বৃদ্ধি পাইছে। একে সময়তে যোৱা বছৰৰ তুলনাত ১৮.৪% বৃদ্ধিৰে প্ৰৰোক্ষ কৰ সংগ্ৰহ হৈছে ১২.৯৮ লাখ কোটি টকা।
ডিজিটেল সম্পত্তিৰ বৃদ্ধিৰ সন্দৰ্ভত সীতাৰমণে কয় যে ভাৰতে জি-২০ দেশসমূহৰ সৈতে এক উমৈহতীয়া কাঠামোৰ জৰিয়তে ক্ৰিপ্টোকাৰেন্সী নিয়ন্ত্ৰণৰ বাবে আলোচনাত মিলিত হৈছে। তেওঁ কয়, “ক্ৰিপ্টো বহু প্ৰযুক্তিৰে গঠিত, ইয়াৰ ৯৯ শতাংশ প্ৰযুক্তি। আমি সকলো দেশৰ সৈতে কথা পাতিছো যে যদি সকলো দেশেই এটা মানক পৰিচালনা পদ্ধতি লাভ কৰিব পাৰে… যিটো নিয়ন্ত্ৰণ কাঠামো অনুসৰণ কৰাৰ সময়ত ফলপ্ৰসূ হ’ব।”
একে সময়তে গৌতম আদানীৰ কোম্পানী সন্দৰ্ভত হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পিছত ছেবিয়ে তদন্ত আৰম্ভ কৰিছে। উচ্চতম ন্যায়ালয়েও ছেবিক নিজৰ স্থিতি দাখিল কৰিবলৈ নিৰ্দেশ দিছে।