আজি ইন্দিবৰ দেউৰীৰ আদ্যশ্ৰাদ্ধ। ইন্দিবৰ দেউৰী অসুস্থ হৈ থাকোঁতে, তেখেতৰ খবৰ ল’বলৈ আজি যাওঁ কালি যাওঁ কৰি থাকোঁতে মানুহজনেই নোহোৱা হৈ থাকিল। এনেয়েও, তেখেতৰ লগত মোৰ কথা-বতৰা ফোনতেই হৈছিল। মানুহজন জীয়াই থাকোঁতে তেখেতৰ ঘৰটোলৈও যোৱা নহ’ল। ঘৰটো মোৰ কাৰণে বৰ দূৰো নাছিল। এই আটাইবোৰ আপচোচ। ইন্দিবৰ দেউৰীৰ লগত আমাৰ সম্পৰ্ক তিনি দশকৰ আগৰ। আমাৰ বুলি কিয় কৈছোঁ? অসমৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি সকলৰ লগত যে মোৰ সম্পৰ্ক হৈছিল সেই সম্পৰ্কবোৰত ‘মই’টো নাছিল। ‘আমি’টোহে আছিল।
আজি চাৰি দশক মই যিবোৰ ৰাজহুৱা অনুষ্ঠানৰ লগত জড়িত হৈ আছিলোঁ বা এতিয়াও আছোঁ সেই অনুষ্ঠানবোৰৰ যোগেদিহে এই ব্যক্তি সকলৰ লগত সম্পৰ্ক হৈছিল। তেওঁলোকক আমাৰ লগত জড়িত কৰি লৈছিলোঁ। ইন্দিবৰ দেউৰীৰ লগত সম্পৰ্ক হৈছিল ‘ডেউকা’ৰ যোগেদি। তেওঁ প্ৰায়ে ‘ডেউকা’ত লিখিছিল, বিশেষকৈ অসমৰ জনজাতীয় সমস্যাৰ বিষয়ে। অখিলে (অখিল ৰঞ্জন দত্ত) কৈছে, তেওঁৰ যিখন আটাইতকৈ গুৰুত্বপূৰ্ণ কিতাপ সেইখন হেনো মূলতঃ এই প্ৰবন্ধবোৰলৈয়ে।
ইন্দিবৰ দেউৰী আগতে ‘অন্বেষা’ৰ চেনিকুঠিৰ অফিছলৈ আহোঁতে কেতিয়াও অকলে অহা নাছিল। তেওঁৰ লগত প্ৰায়ে ডিব্ৰুগড়ৰ প্ৰসেনজিৎ চৌধুৰী থাকিছিল। দুয়ো একেলগে আহিব। আহি কিতাপ কিনিব। আমাৰ লগত আড্ডা মাৰিব। প্ৰসেনজিৎ চোধুৰীৰ আকৌ এটা বৰ ডাঙৰ গুণ আছে। তেখেতে অতি গহীন বিষয় সম্পৰ্কে ইমান সহজ আৰু খুহুতীয়াকৈ মতামত একোটা দিয়ে, শুনিয়ে ভাল লাগে। ইন্দিবৰ দেউৰীয়ে কেৱল মুখ টিপি হাঁহে। ইন্দিবৰ দেউৰী ভাৰত চৰকাৰৰ ডাক-তাঁৰ বিভাগৰ উচ্চ পদস্থ বিষয়া আছিল। তেখেত, মাজতে অলপ দিনৰ কাৰণে দিল্লীতো আছিল। দিল্লী হাটৰ ওচৰত তেখেতে বৰ আহল-বহল ঘৰ এটা পাইছিল। তাতো গৈ প্ৰসেনজিৎ চৌধুৰী আছিলগৈ কেইদিনমান। মই তেতিয়া দিল্লীত। ময়ো গৈ তেওঁলোক দুয়োজনকে তাত লগ কৰিছিলোঁ। কিমান কি কথা পাতিছিলোঁ!
গুৱাহাটীত মাজে মাজে ফোনতে কথা পাতিছিলোঁ তেখেতৰ লগত। এই মানুজজন অকালতে গ’লগৈ। সেই দিনা দুদুলমণি আৰু মই তেখেতৰ বেলতলাৰ ঘৰলৈ গৈছিলোঁ নিৰ্মলা বাইদেউ আৰু প্ৰাচীক মাত এষাৰ লগাবলৈ। ঘৰটোত সোমাই এটা কথাই মই উপলব্ধি কৰিছিলোঁ- সেইটো আছিল সৰলতা(simplicity)। এটা বিখ্যাত পৰিয়ালৰ বংশধৰ, অথচ নাই তাত কোনো বাহ্যিক আভিজাত্যৰ চিন। মানুহ বৰ দলৈ সংস্কৃত হ’লেহে বোধহয় সেইটো সম্ভৱ হৈ উঠে। ইন্দিবৰ দেউৰী এজন সুলেখক, বিদ্বান, সৎ, মিতভাষী আৰু আপোচহীন ব্যক্তি আছিল। কিন্তু, ক’ৰবাত পৰিচয়কেন্দ্ৰিক আঘাত এটা তেঁৱো পাইছিল। কথাটো স্বীকৃতি/অস্বীকৃতিৰ নহয়। কথাটো সমমৰ্যাদাৰহে। আমি এতিয়াও সেই দোষত দুষ্ট।