• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ইন্দিবৰ দেউৰীৰ স্মৃতিত

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
March 19, 2023 11:01 am
Indibor Dewri
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ইন্দিবৰ দেউৰীৰ আদ্যশ্ৰাদ্ধ। ইন্দিবৰ দেউৰী অসুস্থ হৈ থাকোঁতে, তেখেতৰ খবৰ ল’বলৈ আজি যাওঁ কালি যাওঁ কৰি থাকোঁতে মানুহজনেই নোহোৱা হৈ থাকিল। এনেয়েও, তেখেতৰ লগত মোৰ কথা-বতৰা ফোনতেই হৈছিল। মানুহজন জীয়াই থাকোঁতে তেখেতৰ ঘৰটোলৈও যোৱা নহ’ল। ঘৰটো মোৰ কাৰণে বৰ দূৰো নাছিল। এই আটাইবোৰ আপচোচ। ইন্দিবৰ দেউৰীৰ লগত আমাৰ সম্পৰ্ক তিনি দশকৰ আগৰ। আমাৰ বুলি কিয় কৈছোঁ? অসমৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি সকলৰ লগত যে মোৰ সম্পৰ্ক হৈছিল সেই সম্পৰ্কবোৰত ‘মই’টো নাছিল। ‘আমি’টোহে আছিল।

আজি চাৰি দশক মই যিবোৰ ৰাজহুৱা অনুষ্ঠানৰ লগত জড়িত হৈ আছিলোঁ বা এতিয়াও আছোঁ সেই অনুষ্ঠানবোৰৰ যোগেদিহে এই ব্যক্তি সকলৰ লগত সম্পৰ্ক হৈছিল। তেওঁলোকক আমাৰ লগত জড়িত কৰি লৈছিলোঁ। ইন্দিবৰ দেউৰীৰ লগত সম্পৰ্ক হৈছিল ‘ডেউকা’ৰ যোগেদি। তেওঁ প্ৰায়ে ‘ডেউকা’ত লিখিছিল, বিশেষকৈ অসমৰ জনজাতীয় সমস্যাৰ বিষয়ে। অখিলে (অখিল ৰঞ্জন দত্ত) কৈছে, তেওঁৰ যিখন আটাইতকৈ গুৰুত্বপূৰ্ণ কিতাপ সেইখন হেনো মূলতঃ এই প্ৰবন্ধবোৰলৈয়ে।

Apply Now

ইন্দিবৰ দেউৰী আগতে ‘অন্বেষা’ৰ চেনিকুঠিৰ অফিছলৈ আহোঁতে কেতিয়াও অকলে অহা নাছিল। তেওঁৰ লগত প্ৰায়ে ডিব্ৰুগড়ৰ প্ৰসেনজিৎ চৌধুৰী থাকিছিল। দুয়ো একেলগে আহিব। আহি কিতাপ কিনিব। আমাৰ লগত আড্ডা মাৰিব। প্ৰসেনজিৎ চোধুৰীৰ আকৌ এটা বৰ ডাঙৰ গুণ আছে। তেখেতে অতি গহীন বিষয় সম্পৰ্কে ইমান সহজ আৰু খুহুতীয়াকৈ মতামত একোটা দিয়ে, শুনিয়ে ভাল লাগে। ইন্দিবৰ দেউৰীয়ে কেৱল মুখ টিপি হাঁহে। ইন্দিবৰ দেউৰী ভাৰত চৰকাৰৰ ডাক-তাঁৰ বিভাগৰ উচ্চ পদস্থ বিষয়া আছিল। তেখেত, মাজতে অলপ দিনৰ কাৰণে দিল্লীতো আছিল। দিল্লী হাটৰ ওচৰত তেখেতে বৰ আহল-বহল ঘৰ এটা পাইছিল। তাতো গৈ প্ৰসেনজিৎ চৌধুৰী আছিলগৈ কেইদিনমান। মই তেতিয়া দিল্লীত। ময়ো গৈ তেওঁলোক দুয়োজনকে তাত লগ কৰিছিলোঁ। কিমান কি কথা পাতিছিলোঁ!

গুৱাহাটীত মাজে মাজে ফোনতে কথা পাতিছিলোঁ তেখেতৰ লগত। এই মানুজজন অকালতে গ’লগৈ। সেই দিনা দুদুলমণি আৰু মই তেখেতৰ বেলতলাৰ ঘৰলৈ গৈছিলোঁ নিৰ্মলা বাইদেউ আৰু প্ৰাচীক মাত এষাৰ লগাবলৈ। ঘৰটোত সোমাই এটা কথাই মই উপলব্ধি কৰিছিলোঁ- সেইটো আছিল সৰলতা(simplicity)। এটা বিখ্যাত পৰিয়ালৰ বংশধৰ, অথচ নাই তাত কোনো বাহ্যিক আভিজাত্যৰ চিন। মানুহ বৰ দলৈ সংস্কৃত হ’লেহে বোধহয় সেইটো সম্ভৱ হৈ উঠে। ইন্দিবৰ দেউৰী এজন সুলেখক, বিদ্বান, সৎ, মিতভাষী আৰু আপোচহীন ব্যক্তি আছিল। কিন্তু, ক’ৰবাত পৰিচয়কেন্দ্ৰিক আঘাত এটা তেঁৱো পাইছিল। কথাটো স্বীকৃতি/অস্বীকৃতিৰ নহয়। কথাটো সমমৰ্যাদাৰহে। আমি এতিয়াও সেই দোষত দুষ্ট।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd