কর্ণাটক নির্বাচনত কংগ্রেছ দলে ১৩৫ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। বিজেপি দলে মাত্ৰ ৬৬ আসন লাভ কৰিছে। দুয়োটা দলে পোৱা ভোটৰ ব্যৱধানো প্রায় ৫%। নির্বাচনৰ ফলাফলকলৈ বহু ৰাজনৈতিক বিশেষজ্ঞই নিজৰ মতামত ব্যক্ত কৰিছে। বহুতৰে মতে এয়া মূলতে কর্ণাটক চৰকাৰৰ বিৰুদ্ধে থকা প্রতিষ্ঠান বিৰোধী ঢৌ, আকৌ বহুতৰে মতে ‘ভাৰত জোড়ো যাত্রা’ৰ পিছত এয়া কংগ্রেছৰ পুনৰুত্থানৰ পূৰ্বাভাস।
উল্লেখনীয় যে এক্সিট পোলবোৰেও কর্ণাটকত কংগ্রেছৰ বিজয় অনিবার্য বুলি ঘোষণা কৰিছিল। সমগ্ৰ ভাৰতবর্ষৰ ৰাজনীতিৰ বাবে ইয়াৰ তাৎপৰ্য কি? পোন প্রথমতে কর্ণাটকৰ নির্বাচনৰ ফলাফলবোৰৰ বিস্তাৰিত মূল্যায়ণে এটা কথা স্পষ্ট কৰি দিয়ে যে ভোটদাতাসকলে নির্বাচনত এক স্পষ্ট ৰায় প্ৰদান কৰিছে। সেয়ে হয়তো বিজেপিৰ বিৰুদ্ধে যোৱা ভোটৰ বিভাজন হোৱা নাই আৰু কংগ্রেছে এক স্পষ্ট বহুমত লাভ কৰিছে। ইয়াৰ ফলত জেডি(এছ)ৰ আসনৰ সংখ্যা বহুখিনি কমি গৈছে।
কর্ণাটকৰ নির্বাচনৰ পিছত বিজেপি শাসিত ৰাজ্য কেৱল উত্তৰ ভাৰত আৰু উত্তৰ পূব ভাৰততে সীমাবদ্ধ হৈ থাকিল। দক্ষিণ ভাৰতত বিজেপি শাসিত একমাত্র ৰাজ্য আছিল কর্ণাটক। এই পৰিবর্তন গুৰুত্বপূর্ণ কাৰণ লোকসভা নির্বাচনত কর্ণাটকৰ পৰা বিজেপিয়ে ২৮ খনৰ ভিতৰত ২০ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল ২০১৯ৰ সাধাৰণ নির্বাচনত। এতিয়া, ২০২৪ত বিজেপিৰ কাৰণে এই সম্ভাৱনা ক্ষীণ।
২০১৪ৰ পৰা বিজেপিয়ে কংগ্রেছ মুক্ত ভাৰতৰ যি অগণতান্ত্ৰিক শ্ল’গান দিছিল সেই শ্ল’গানৰ উত্তাপ দিনক দিনে কমি আহিছে। কর্ণাটকৰ নির্বাচনত দুয়োটা দলে লোৱা শৈলীবোৰ আলোচনা কৰিলেও এই ফলাফলৰ প্রাসংগিকতা ওলাই পৰিব। কংগ্রেছে এই নির্বাচনত জীৱিকাৰ লগত জড়িত বিষয় যেনে মূল্যবৃদ্ধি, আমুলৰ ঠাইত নন্দিনী ডেইৰী, দুৰ্নীতি ইত্যাদিৰ ওপৰত গুৰুত্ব প্রদান কৰে। কর্ণাটকৰ বহু ভোটদান কেন্দ্রৰ বাহিৰত কংগ্রেছ কর্মীয়ে গেছ চিলিণ্ডাৰত ফুলৰ মালা দি গেছৰ মূল্যবৃদ্ধিৰ বিষয়টোক দাঙি ধৰিছিল।
ৰাহুল গান্ধী ব্যক্তিগতভাৱে কংগ্রেছৰ অধ্যক্ষৰ প্রতিযোগিতাৰ পৰা দূৰত থাকিও এক ভাল বার্তা দিছে। কংগ্রেছৰ নির্বাচনী প্রচাৰত স্থানীয় বিষয় আৰু নেতৃত্বক আগত ৰখা হৈছিল। কংগ্রেছৰ প্রচাৰতো যথেষ্ট নতুনত্ব দেখা গল ‘পেচিএম’ আৰু নন্দিনীৰ দৰে বিষয়ত।
ইয়াৰ বিপৰীতে বিজেপিয়ে বিভাজনকামী ৰাজনীতিত গুৰুত্ব প্রদান কৰিছিল। বিজেপিয়ে বজৰঙ্গবলী আৰু দ্য কেৰেলা ষ্টৰীৰ দৰে সাম্প্রদায়িক বিষয়ৰ ওপৰতহে গুৰুত্ব দিছিল। লগতে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াও কর্ণাটকত নির্বাচন প্রচাৰৰ বাবে গৈ দেশজোৰা এন আৰ চিৰ প্রয়োজনীয়তা উল্লেখ কৰিছিল।
বিজেপিৰ নির্বাচনৰ কেন্দ্রবিন্দু আছিল প্রধানমন্ত্রী নৰেন্দ্র মোদী। আনকি তেওঁ নির্বাচনী প্রচাৰকলৈ ইমানে ব্যস্ত আছিল যে একে সময়ত মণিপুৰত সংঘটিত হোৱা সাম্প্রদায়িক সংঘর্ষৰ পিছতো তালৈ যোৱা নাছিল। গণতন্ত্রৰ বাবে এয়া সুখবৰ যে হিজাব বা মুছলমানৰ সংৰক্ষণ কর্তনৰ দৰে বিভাজনমূলক বিষয়বোৰতকৈ জীৱন আৰু জীৱিকাৰ বিষয়বোৰৰ ওপৰতহে ভোটদাতাই বেছি গুৰুত্ব দিলে।
কর্ণাটকৰ বিজয় কংগ্রেছ দলৰ বাবেও অতি গুৰুত্বপূৰ্ণ। প্রথমতে কংগ্রেছে এখন অর্থনৈতিকভাৱে সবল ৰাজ্যত নিজৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ল। ভাৰতবর্ষৰ ভিতৰত কর্ণাটকৰ অর্থনীতি চতুর্থ নম্বৰত। পৰবর্তী নির্বাচনবোৰৰ কাৰণে কংগ্রেছৰ প্রয়োজনীয় পুঁজি এই ৰাজ্যৰ পৰা আহিব পাৰে। দ্বিতীয়তে কংগ্রেছে অকলে বিজেপিৰ বিৰুদ্ধে বহুলসংখ্যক আসন লাভ কৰিবলৈ সক্ষম হৈছে। কংগ্রেছকর্মীসকলৰ মনোবল বৃদ্ধি কৰাতো সহায় কৰিব এই নির্বাচনী ফলাফলে।
কর্ণাটকত কংগ্রেছ দল সফল হোৱাৰ মূল কাৰণবোৰৰ ভিতৰত নির্বাচনত স্থায়ী বিষয় আৰু নেতৃত্বক দিয়া গুৰুত্ব, সচেতনভাৱে টিকট বিতৰণ, আন্তঃদলীয় কন্দল আৰু বিসম্বাদক নূন্যতম কৰি ৰখাৰ প্রচেষ্টা অন্যতম। অনাগত ৰাজস্থান আৰু ছত্তিশগড়ৰ নির্বাচনত কংগ্রেছে এনেধৰণৰ স্থিতি অৱলম্বন কৰা উচিত।
দক্ষিণ ভাৰতৰ আন এক ৰাজ্য তেলেঙ্গানাতো নির্বাচন সমাগত। কর্ণাটকৰ নির্বাচনী ফলাফলৰ পিছতে তেলেঙ্গানাত বিজেপিৰ নীতিকলৈ দলীয় বিতর্ক আৰম্ভ হৈছে। এফালে বিজেপি ৰাজ্য প্রমূখ বান্ডী সঞ্জয় কট্টৰ হিন্দুত্ববাদৰ সমর্থন কৰাৰ বিপৰীতে আন একাংশই উনুকিয়াই দিছে যে দক্ষিণৰ ৰাজ্যবোৰত হিন্দুত্ববাদৰ প্রভাৱ সীমিত আৰু সেই কাৰণে বিজেপিয়ে কে চি আৰৰ নীতিৰ সমালোচনা কৰা উচিত। প্রায় দুই ভাগত বিভাজিত তেলেঙ্গানা বিজেপি।
২০১৪ চনৰ পিছৰ পৰা অস্তিত্বৰ সংকটত ভুগি থকা কংগ্রেছৰ কাৰণে কর্ণাটক নির্বাচনে আশাৰ সঞ্চাৰ কৰিছে। ঠিক সেইদৰে অপৰাজেয় বিজেপি বা মোদীৰ যাদুৰ ধাৰণাটোও প্রশ্নৰ সন্মুখীন হৈছে। বিজেপিৰ বিৰোধীদলবিহীন এক স্বেচ্ছাচাৰী ৰাজনীতি যে গণতন্ত্রৰ বাবে অস্বাস্থ্যকৰ, সেই কথাটো হয়তো বিজেপিয়ে নিজেও কর্ণাটকৰ নির্বাচনৰ পিছত উপলব্ধি কৰিছে। লগতে ৰাজনীতি আৰু নির্বাচনৰ মূল বিষয় যে অর্থনৈতিক, সামাজিক আৰু জনকল্যান বিষয়ক হোৱা উচিত তাকো যেন উপলব্ধি কৰিছে। সাম্প্রদায়িক ভয় আৰু ধ্রুৱীকৰণৰ ভিত্তিত ভোটাৰক বিভাজিত কৰি জয়লাভ কৰাৰ যি ভয়ঙ্কৰ প্রথা আৰম্ভ হৈছে, যিদৰে ন্যায়পালিকাৰ লগত কার্য্যপালিকাৰ প্রায় মুখামুখি সংঘাতৰ পৰিবেশ বাৰে বাৰে সৃষ্টি হৈছে, সেইবোৰ অতি সোনকালে বন্ধ হোৱাটো জৰুৰী।
গণতান্ত্রিক ৰাষ্ট্র আৰু সেই ৰাষ্ট্রৰ চৰকাৰ নাগৰিকৰ ওচৰত দায়বদ্ধ।সামাজিক মাধ্যম আদিত অতি সক্রিয় প্রধান মন্ত্রী ডাঙৰীয়াই এতিয়ালৈকে এটাও প্রেছ মেলৰ সন্মুখীন হোৱা নাই। তেওঁৰ স্বার্থৰ বিৰুদ্ধে যোৱা বিষয় যেনে আদানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ওপৰত সংসদত কোনো আলোচনা নহ’ল।ৰাহুল গান্ধীৰ সাংসদ পদ কেনেকৈ খাৰিজ কৰা হ’ল সেয়াও গুৰুত্বপূর্ণ। প্রায় সৰহসংখ্যক ৰাজ্যত বিজেপি আজি ক্ষমতাত নাই। দিল্লী, পঞ্জাব, বিহাৰ, পশ্চিম বংগৰ লগতে দক্ষিণৰ সকলো ৰাজ্যত এতিয়া অনা বিজেপি চৰকাৰ। ঝাৰখণ্ড, ওড়িষ্যাতো আঞ্চলিক দল ক্ষমতাধিষ্ঠিত। মহাৰাষ্ট্র আৰু মধ্য প্রদেশত বিজেপি আন দলৰ বিধায়কে দলত্যাগ কৰাৰ ফলতহে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে – গণতান্ত্রিকভাৱে নির্বাচিত হোৱা নাই। এই দুই ৰাজ্য নিজা নিজা আগন্তুক নির্বাচনত কি ফলাফল দিয়ে সেয়া লক্ষ্যনীয় হ’ব।
২০১৪ চনত দুৰ্নীতিৰ বিৰুদ্ধে আৰু বিকাশৰ সপক্ষে শ্ল’গান দি ক্ষমতাধিষ্ঠ হোৱা বিজেপি চৰকাৰ এতিয়াও কেন্দ্রত যথেষ্ট শক্তিশালী। কিন্তু বিকাশৰ প্রশ্ন একাষৰীয়া কৰি সাম্প্রদায়িক বিষয়বোৰতহে যেন তেওঁলোকে বেছি গুৰুত্ব দিবলৈ ধৰিলে। ইয়াৰ ওপৰিও বহু স্পর্শকাতৰ আৰু সংবেদনশীল বিষয় সন্মুখত আহিছে যেনে কাশ্মীৰৰ প্রাক্তন ৰাজ্যপাল সত্যপাল মলিকৰ বক্তব্যই পুলৱামা ঘটনাত কেন্দ্রৰ ভূমিকালৈ প্রশ্ন উত্থাপন কৰিছে। এই ঘটনাবোৰৰ লগতে কর্ণাটকৰ নির্বাচনী ফলাফলে বিৰোধী দলবোৰক নতুন সমীকৰণৰ কথা চিন্তা কৰাত উৎসাহিত কৰিব। আশা কৰিব পাৰি যে নির্বাচনৰ মূল বিষয়ৰূপে সাম্প্রদায়িক ধ্রুৱীকৰণৰ ঠাই অতি শীঘ্রে মানুহৰ মৌলিক সমস্যাবোৰে ল’ব।