ইজনৰ পিছত সিজনে এৰিছে ম্যানমাৰৰ সেনা বাহিনী। সেনাৰ পদত্যাগে তচনচ কৰি পেলাইছে ম্যানমাৰ সেনাবাহিনী। আনকি নতুনকৈও কোনো যুৱক-যুৱতীয়ে সেনাত যোগদান কৰিবলৈ প্ৰকাশ কৰা নাই আগ্ৰহ।
দেশৰ গণতন্ত্ৰৰ সমৰ্থক সকলৰ সৈতে জন্টা চৰকাৰে যুদ্ধত লিপ্ত হোৱাৰ বাবেই সেনা বাহিনীত থকাৰ আগ্ৰহো হেৰুৱাই পেলাইছে সৈনিকসকলে।
শেহতীয়াকৈ সেনা বাহিনীৰ পৰা পলায়ন কৰা নে আং নামৰ এজন সৈনিকে সংবাদ মাধ্যম বিবিচিক জনোৱা মতে, দুবছৰ পূৰ্বে অভ্যুত্থানৰ জৰিয়তে ক্ষমতা দখল কৰা জন্টা চৰকাৰে সশস্ত্ৰ গণতন্ত্ৰ সমৰ্থক বাহিনীৰ বিদ্ৰোহ দমন কৰিবলৈ সংগ্ৰাম কৰি আছে। এই পৰিস্থিতিত কোনেও সামৰিক বাহিনীত যোগদান কৰিব নিবিচাৰে। দেশৰ চৰকাৰৰ বৰ্বৰতা আৰু অন্যায়ক সেনা জোৱানসকলে ঘৃণা কৰে।
তেওঁ কয় যে প্ৰথমবাৰ তেওঁ সেনাৰ ঘাটি এৰিবলৈ চেষ্টা কৰাৰ সময়ত তেওঁক ৰাইফলৰ নলীৰে বেয়াকৈ প্ৰহাৰ কৰা হৈছিল আৰু তেওঁক বিশ্বাসঘাতক বুলি অভিহিত কৰা হৈছিল। পিছত দ্বিতীয়বাৰৰ চেষ্টাত তেওঁ পলায়ন কৰিবলৈ সক্ষম হয়। বিৰোধী দলৰ সমৰ্থনত সীমান্ত পাৰ হৈ থাইলেণ্ডলৈ পলায়ন কৰে নে আউঙে। তেওঁ এতিয়া তেওঁৰ দৰে আন ১০০ জন পলায়নকাৰী সেনা আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে এটা নিৰাপদ ঘৰত থাকে।
ম্যানমাৰৰ ৰাষ্ট্ৰীয় চৰকাৰৰ তথ্য অনুসৰি ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ম্যানমাৰৰ জন্টা চৰকাৰে সামৰিক অভ্যুত্থানৰ জৰিয়তে ক্ষমতা দখল কৰাৰ পিছত ১৩ হাজাৰতকৈ অধিক সৈনিক আৰু আৰক্ষীয়ে দেশ এৰি পলায়ন কৰিছে। নগদ ধনৰ প্ৰৰোচনা আৰু সাহায্য প্ৰদানকে ধৰি বিভিন্ন প্ৰলোভন দিয়াৰ পিছতো চৰকাৰে তেওঁলোকক সামৰিক বাহিনীত ৰাখিব নোৱাৰিলে।