• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2025 8:14 am
1.2k
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ ২১ বছৰ বয়সতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (UPSC) অসামৰিক সেৱা পৰীক্ষাত সৰ্বভাৰতীয় ৰেংক ৬১! কেৱল সেয়াই নহয়, প্ৰথম প্ৰচেষ্টাতে সফলতা আহিছিল, তাকো কোনো প্ৰশিক্ষণ নোহোৱাকৈ। একমাত্ৰ নিজৰ প্ৰস্তুতিত ভৰসা কৰিয়েই এই সাফল্য।

পঞ্জাৱৰ জিৰাকপুৰ নিবাসী আস্থা সিং। এই মুহূৰ্তত তেওঁৰ এই সফলতা কেৱল চণ্ডীগড় ত্ৰাইচিটি (চণ্ডীগড়, মোহলী আৰু পঞ্চকুলা)ৰ বাবেই নহয়, সমগ্ৰ দেশৰ নৱপ্ৰজন্মৰ বাবেও এক প্ৰেৰণা হৈ পৰিছে।

আস্থাই চৰকাৰী সেৱাৰ অভিজ্ঞতা লাভ কৰা এইটোৱেই প্ৰথম নহয়। ২০২৪ চনত আস্থাই প্ৰথম চৰকাৰী চাকৰিত যোগদান কৰে। সেই সময়ত হাৰিয়ানা লোকসেৱা আয়োগৰ পৰীক্ষাত ৩১ নং স্থান লাভ কৰি ‘অতিৰিক্ত আবকাৰী আৰু কৰ বিষয়া’ (AETO) হিচাপে নিযুক্তি লাভ কৰে। মাত্ৰ কেইমাহমান সেৱা আগবঢ়োৱাৰ পিছত তেওঁ ইউ পি এছ চিৰ পৰীক্ষাত বহিবলৈ সিদ্ধান্ত লয় আৰু প্ৰথম প্ৰচেষ্টাতে ক্লিয়াৰ কৰে।

আন সফল প্ৰাৰ্থীৰ দৰে তেওঁৰ হাতত দীঘলীয়া প্ৰস্তুতি আৰু কোচিং ক্লাছৰ কাহিনী নাই। আস্থাৰ ভাষাত, “মই কোনো কোচিং লোৱা নাছিলো। মই অনুভৱ কৰিছিলো যে অসামৰিক সেৱা মোৰ বাবে মোৰ পছন্দৰ কেৰিয়াৰ হ’ব পাৰে। গতিকে মই নিজাববীয়াকৈ পঢ়িবলৈ আৰম্ভ কৰিলোঁ। মই প্ৰথমবাৰে পৰীক্ষাত অৱতীৰ্ণ হৈছিলো।”

ভৱিষ্যতে মহিলাৰ উন্নতিৰ বাবে কিবা এটা কৰিব বিচাৰিছে বুলিও কয় আস্থাই। নাৰীৰ অধিকাৰ, বিভিন্ন সুযোগৰ প্ৰতি সজাগতা আৰু জীৱনৰ সিদ্ধান্ত নিজাববীয়াকৈ লোৱাৰ ওপৰত কাম কৰিব বিচাৰে। সমাজৰ অনুন্নত শ্ৰেণীৰ উন্নয়নত অধিক গুৰুত্ব দিব তেওঁ।

আস্থাৰ জন্ম পঞ্জাৱৰ পঞ্চকুলাত আৰু তাতেই তেওঁ ডাঙৰ-দীঘল হৈছিল। তেওঁৰ পিতৃ ব্ৰজেশ সিং বড্ডিৰ এটা ফাৰ্মাচিউটিকেল কোম্পানীৰ মেনেজাৰ আৰু মাতৃ শালিনী সিং এগৰাকী গৃহিণী। তেওঁলোকৰ পৰিয়ালৰ শিপা উত্তৰ প্ৰদেশৰ জৌনপুৰ জিলাৰ কুশাহা কনৌৰা গাঁৱৰ সৈতে সংযুক্ত।

দিল্লীৰ শ্ৰী ৰাম কলেজ অৱ কমাৰ্চ (এছ আৰ চি চি)ৰ পৰা অৰ্থনীতিত অনাৰ্চ লৈ  উত্তীৰ্ণ হৈছে আস্থাই। ঘৰৰ প্ৰথমগৰাকী চৰকাৰী চাকৰিয়াল হ’বলৈ গৈ আছে আস্থা।

এইবাৰ ইউ পি এছ চি পৰীক্ষাত স্থান লাভ কৰা শীৰ্ষ ৩০০ পৰীক্ষাৰ্থীৰ ভিতৰত ত্ৰাইচিটি অঞ্চলৰ (চণ্ডীগড়, মোহালী, পঞ্চকুলা) ৰ পৰা যিকেইগৰাকীয়ে স্থান পাইছে তাৰে চাৰিগৰাকী মহিলা। আস্থা তাৰ ভিতৰত কনিষ্ঠতম।

Recent News

এতিয়াৰে পৰা টেছলাৰ বাহনত উপলব্ধ হ’ব কৃত্ৰিম বুদ্ধিমত্তা ‘গ্ৰুক’, সদৰী কৰিলে ইলন মাস্কে

এতিয়াৰে পৰা টেছলাৰ বাহনত উপলব্ধ হ’ব কৃত্ৰিম বুদ্ধিমত্তা ‘গ্ৰুক’, সদৰী কৰিলে ইলন মাস্কে

টাৰ্গেট প্ৰধানমন্ত্ৰী পদ? পুনৰ বয়স সীমা ৭৫ৰ নিদান সংঘৰ; নতুনক সুযোগ দিয়াৰ পক্ষত সৰৱ ভাগৱত

টাৰ্গেট প্ৰধানমন্ত্ৰী পদ? পুনৰ বয়স সীমা ৭৫ৰ নিদান সংঘৰ; নতুনক সুযোগ দিয়াৰ পক্ষত সৰৱ ভাগৱত

বিল পৰিশোধ নকৰাৰ বাবে চিকিৎসালয়সমূহে মৃতদেহ ৰখাই থোৱাত নিষেধাজ্ঞা অসম চৰকাৰৰ

বিল পৰিশোধ নকৰাৰ বাবে চিকিৎসালয়সমূহে মৃতদেহ ৰখাই থোৱাত নিষেধাজ্ঞা অসম চৰকাৰৰ

লৰ্ডছত প্ৰথম দিনা ৪ উইকেটত ২৫১ৰান ইংলেণ্ডৰ; ক্ৰীজত ৯৯ ৰানত ৰুট! বুমৰাহৰ চিকাৰ ব্ৰুক

লৰ্ডছত প্ৰথম দিনা ৪ উইকেটত ২৫১ৰান ইংলেণ্ডৰ; ক্ৰীজত ৯৯ ৰানত ৰুট! বুমৰাহৰ চিকাৰ ব্ৰুক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd