কৌটিল্য বা বিষ্ণুগুপ্ত নামেৰেও পৰিচিত চাণক্য আছিল এজন প্ৰাচীন ভাৰতীয় শিক্ষক, দাৰ্শনিক, অৰ্থনীতিবিদ, ন্যায়িক আৰু ৰাজক উপদেষ্টা। জীৱন আৰু শাসন ব্যৱস্থাৰ বিভিন্ন দিশত জ্ঞান আৰু পথ প্ৰদৰ্শনৰ বাবে তেওঁ পৰিচিত। চাণক্যৰ আৰোপ কৰা কিছুমান বিখ্যাত উক্তি ইয়াত উল্লেখ কৰা হ’ল:
১/ এজন ব্যক্তি বেছি সৎ হ’ব নালাগে। কিয়নো সৎ মানুহ প্ৰথমতে আক্ৰমণৰ বলি হয়।
২/ এবাৰ কিবা এটা কাম আৰম্ভ কৰিলে বিফলতাক ভয় নকৰিব আৰু সেইটো পৰিত্যাগ নকৰিব। আন্তৰিকতাৰে কাম কৰি যাওঁক।
৩/ মানুহ জন্মৰ দ্বাৰা নহয়, কৰ্মেৰে মহান হয়।
৪/ ফুলৰ সুগন্ধি কেৱল বতাহৰ দিশত বিয়পি পৰে। কিন্তু মানুহৰ মঙ্গল সকলো দিশতে বিয়পি পৰে।
৫/ আটাইতকৈ ডাঙৰ গুৰু-মন্ত্ৰটো হ’ল: কেতিয়াও আপোনাৰ গোপনীয়তা কাৰো লগত ভাগ-বতৰা নকৰিব। ই আপোনাক ধ্বংস কৰি পেলাব।
৬/ শিক্ষা হৈছে শ্ৰেষ্ঠ বন্ধু। এজন শিক্ষিত ব্যক্তিক সকলোতে সন্মান কৰা হয়। শিক্ষাই সৌন্দৰ্য্য আৰু যৌৱনক পৰাস্ত কৰে।
৭/ পৃথিৱীৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে এগৰাকী নাৰীৰ যৌৱন আৰু সৌন্দৰ্য্য।
৮) সাপ, ৰজা, বাঘ, ভেকুলী, সৰু ল’ৰা, আনৰ কুকুৰ আৰু মূৰ্খ – এই সাতজনক টোপনিৰ পৰা জগাই তোলা উচিত নহয়।
৯) কিছুমান কাম আৰম্ভ কৰাৰ আগতে সদায় নিজকে তিনিটা প্ৰশ্ন সুধিব: মই কিয় কৰিছো? ইয়াৰ ফলাফল কি হ’ব পাৰে? আৰু মই সফল হ’মনে? যেতিয়া আপুনি গভীৰভাৱে চিন্তা কৰিব আৰু এই প্ৰশ্নবোৰৰ সন্তোষজনক উত্তৰ পাব, তেতিয়াহে আগবাঢ়িব।