দেশৰ স্বাধীনতা দিৱসৰ উদযাপনৰ মুহূৰ্তত গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা চাৰিটা প্ৰশ্ন দাঙি ধৰা হৈছে। ইয়াত উত্তৰ দিছে লেখক-নিবন্ধকাৰ শৈলেন বৰকটকীয়ে-
প্ৰশ্ন: স্বাধীনতাৰ ৭৬ বৰ্ষত আমাৰ দেশ আজি এক অস্বাভাবিক সংকটৰ গৰাহত। এতিয়া আমাৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান কি বুলি আপুনি ভাবে?
উত্তৰঃ এক ধৰ্ম, এক জাতি, এক ৰাষ্ট্ৰ -হিন্দুত্ববাদীসকলৰ এই ধ্বনি বহুত্ববাদী ভাৰতৰ বাবে আজি এক ডাঙৰ প্ৰত্যাহ্বান।
প্ৰশ্ন: গণতন্ত্ৰৰ লগত অৰ্থনৈতিক সমতাৰ প্ৰশ্নটো আপুনি কেনেকৈ চাব?
উত্তৰঃ বৃহৎ পুঁজিপতি গোষ্ঠীৰ ওচৰত শৰণাপন্ন নহৈ ভাৰতীয় অৰ্থনীতি গঢ়াৰ ওপৰত জোৰ দিব লাগিব।
প্ৰশ্ন: এই যে বৰ্তমান চৰকাৰে নিৰ্বিচাৰে ৰাজহুৱা সম্পদ আৰু সম্পত্তিবোৰ ব্যক্তিগত পুঁজিপতিক গতাই দিছে তাৰ ভৱিষ্যত পৰিনাম কি হ’ব বুলি ভাবে?
উত্তৰঃ ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু সম্পদসমূহ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰকৰণে ভৱিষ্যতে ভাৰতক এখন ভিক্ষাৰী দেশত পৰিণত কৰিব।
প্ৰশ্ন: আজিৰ পৰিস্থিতিত আমি কেনেকৈ সাংবিধানিক প্ৰমূল্য আৰু গণতান্ত্ৰিক অনুষ্ঠানৰ সমূহৰ স্বতন্ত্ৰতা ৰক্ষা কৰিম?
উত্তৰঃ সকলো গণতান্ত্ৰিক ভাবাপন্ন লোক, দল, সংগঠনে ‘কমন মিনিমাম প্ৰগ্ৰাম’ৰ আধাৰত দেশৰ সাম্প্ৰদায়িক, বিভেদকামী, একনায়কত্ববাদী শাসকগোষ্ঠীৰ বিৰুদ্ধে একগোট হৈ এক জনকল্যাণকামী ৰাষ্ট্ৰ গঢ়াৰ নামত মনোযোগ দিলেহে সাংবিধানিক প্ৰমূল্য আৰু গণতান্ত্ৰিক স্বতন্ত্ৰতা ৰক্ষা পৰিব বুলি ভাবোঁ।