গুৱাহাটী এখন পুৰণি চহৰ। গুৱাহাটীৰ উত্তৰে ব্ৰহ্মপুত্ৰ, বাকী তিনি ফালে পাহাৰ, আৰু মাজেৰে বৈ গৈছে ভৰলু। আজিৰ পৰা ১০০/১৫০ বছৰ আগতে চহৰখনৰ জনবসতি অঞ্চলটো আছিল মূলতঃ কামাখ্যাৰ পৰা খাৰঘূলি পাহাৰলৈ থকা, ওখ ঠাইখিনিত আৰু বাকী পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলবোৰ আছিল মূলত: জনজাতীয় লোক সকল। নৈ, বিল, জলাশয়, পুখুৰী আৰু পুৰণি মন্দিৰ আছিল গুৱাহাটীৰ মূল বৈশিষ্ট্য। গুৱাহাটীৰ এফালে ব্ৰহ্মপুত্ৰ আৰু আন তিনি ফালে পাহাৰ আৰু জলাহ। চহৰখনৰ চাৰিওফালে অপৰূপ জৈৱ বৈচিত্ৰ্য আৰু প্ৰাকৃতিক সৌন্দৰ্য।
কিন্তু, এতিয়াৰ গুৱাহাটীত আমি তাৰ কিবা চিন মোকাম পাওঁনে? এতিয়া গুৱাহাটীৰ চাৰিওফালে কেৱল ঘৰ আৰু দোকান পোহাৰ। ৰাস্তাত অনবৰতে যানজঁট। ধুলিয়ৰী আৰু প্ৰদূষিত বায়ু। সামান্য বৰষুণতে ৰাস্তাত একাঠু পানী। গ্ৰামাঞ্চল, মফচলীয় চহৰ আৰু আন সৰু চহৰবোৰত উপাৰ্জনৰ পথ ক্ৰমান্বয়ে বন্ধ হৈ অহা বাবে, আৰু শিক্ষা-স্বাস্থ্যৰ সৰহখিনি সুবিধা গুৱাহাটীতে কেন্দ্ৰীভূত বাবে যোৱা প্ৰায় তিনিটা দশকত গুৱাহাটীলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহৰ সোঁত বৈছে। ইয়াত আচৰিত হ’বলগীয়া একো নাই। যি কোনো ডাঙৰ চহৰ জনস্ৰোতৰ আকৰ্ষণ হৈ পৰাটো তেনেই স্বাভাৱিক। কিন্তু জনসংখ্যা অনুপাতে তাত সা-সুবিধা সমূহো থাকিব লাগে।
গুৱাহাটীৰ হেজাৰটা সমস্যা। কিন্তু, সেই সকলোবোৰ সমস্যা একেলগে আলোচনা কৰাৰ কোনো অৰ্থ নহয়। আমি আজি মাত্ৰ এটা বিষয়হে আলোচনা কৰিব বিচাৰিছো। সেইটো হৈছে গুৱাহাটীৰ মুকলি ঠাইৰ সমস্যা। এখন মহানগৰ বা চহৰত কিমান মুকলি ঠাই থকা উচিত? এই বিষয়ে UN Habitat Executive Director Dr Joan Closএ ২০১৫ কৰা মন্তব্যটো গুৰুত্বপূৰ্ণ।
তেওঁ কৈছিল “এখন চহৰৰ ৰাস্তা আৰু সেউজীয়া অঞ্চল- এই আটাইবোৰকে মুকলি ঠাই বুলি ধৰিব পাৰি। এই আটাইবোৰ লৈ এখন চহৰৰ মুঠ মাটি কালিৰ প্ৰায় ৪৫ ৰ পৰা ৫০ % মুকলি ঠাই হিচাপে থাকিব লাগে। তাৰে ৩০ ৰ পৰা ৩৫ শতাংশ ৰাস্তা-পদূলি আৰু বাকী ১৫ৰ পৰা ২০% সেউজীয়া মুকলি ঠাই। যদি মুঠ মাটিকালিৰ ৩০%তকৈ কম ৰাস্তা-পদূলিৰ বাবে ৰখা হয় সেইটো এক গুৰুতৰ ত্ৰুটি। (They argue that asphalt, hardscaped streets should be counted as public space right alongside our leafy parks and landscaped plazas. Together, they should make up 45 to 50 percent of a city’s land area, with 30 to 35 percent of the area occupied by streets and 15 to 20 percent open space. “If less than 30 percent of the land of the city is dedicated to the street pattern, it’s a huge error, ” UN-Habitat Executive Director Dr. Joan Clos says. “If you have less, you will have big congestion problems.” )
সেইফালৰ পৰা গুৱাহাটীৰ অৱস্থাটো কি? প্ৰথম কথা, গুৱাহাটীৰ এই তথ্যপাতিবোৰ পাবলৈ নাই। যাৰ হাতত আছে বা যিসকলে জানে তেওঁলোকে সেই তথ্যবোৰ ৰাজহুৱা কৰিব নিবিচাৰে চৰকাৰে বেয়া পাব বুলি। কিন্তু পুৰণি তথ্য মতেও গুৱাহাটীত মুকলি ঠাইৰ অভাৱ চিন্তনীয়। আজিৰ পৰা আঠ বছৰ আগৰ সমীক্ষা এটাৰ মতে জনসংখ্যা অনুপাতে গুৱাহাটীত তেতিয়াই মুকলি ঠাই থাকিব লাগিছিল ৮.৬১৬ বৰ্গ কিলোমিটাৰ আৰু আছিল মাত্ৰ ১.০৯৯ বৰ্গ কিলোমিটাৰ। হয়, গুৱাহাটীৰ মুকলি ঠাই সম্পৰ্কে বিজ্ঞান সন্মত অধ্যয়ন বা জৰীপ কৰাৰ প্ৰয়োজন আছে। কিন্তু, কোনোবাই জৰীপ কৰক কি নকৰক, আমি চকুৰ আগত কি দেখি আছোঁ? গুৱাহাটীৰ ৰাস্তাবোৰ কিমান বহল?
এইখিনিতে আমি এটা কথা মন কৰা উচিত। এতিয়াৰ মন্ত্ৰী আমোলাৰ কথাই নাই, মন গলেই তেওঁলোকে ইউৰোপ আমেৰিকালৈ যায়। দিল্লীলৈ তেওঁলোক মাহটোত কিমান বাৰ যায়! প্ৰশ্ন হ’ল আগৰে পৰা, মানে ৫০/৬০ বছৰৰ আগৰে পৰা আৰু এতিয়ালৈ ইউৰোপ, আমেৰিকা চাবলৈ যোৱা আমাৰ মন্ত্ৰী আৰু শীৰ্ষস্থানীয় আমোলা সকলে সেই দেশবোৰলৈ গৈ কি চাইছিল? বা এতিয়াও কি চায়? আমেৰিকা, ইউৰোপৰ কথা বাদ দিলোঁ বাৰু, তেওঁলোক দিল্লীলৈ গৈনো কি চাইছিল? বা এতিয়াও কি চায়, কি দেখে? বিদেশৰ বা দিল্লীৰ মানে নতুন দিল্লীৰ ৰাস্তা-পদূলি আৰু মুকলি ঠাইবোৰ তেতিয়া তেওঁলোকে দেখা নাছিল নেকি বা এতিয়াও এওঁলোকে নেদেখে নেকি? তাত ৰাস্তাৰ দাঁতিৰ আহল বহল মুকলি ঠাইবোৰ আৰু পেভবল্ক দিয়া পদপথবোৰ কিয় চকুত নপৰে তেওঁলোকৰ?
ঠিক আছে বাৰু পাণবজাৰ, উজানবজাৰ আদি পুৰণি ঠাইবোৰ বাদ দিলো। আচলতে সেইবোৰ আহোমে, বৃটিছে পৰিকল্পিতকৈয়ে সাজিছিল। কিন্তু, নতুন ঠাইবোৰ তোমালোকে কিয় ভালকৈ কৰিব নোৱাৰিলা, ৰাস্তা-পদূলি আহল-বহল কৰি আৰু মুকলি ঠাই ৰাখি? গুৱাহাটীত এতিয়া ক’ত মুকলি ঠাই আছে? জজ খেলপথাৰ গ’ল, লতাশিল খেলপথাৰ গ’ল, নিউ ফিল্ড গ’ল। চান্দমাৰী আৰু সোণাৰাম খেল পথাৰত এতিয়া বাৰ মাহত তেৰটা পৰ্ব? খানাপাৰাৰ খেলপথাৰখন হৈছে ৰজা, মহাৰজাৰ হেলীপেদ।
গুৱাহাটীত মুকলি ঠাই ক’ত? মানুহ থাকে পকী ঘৰত, ভৰি দিবলৈ মাটি অকণ নাই। নাই গছ বন। পৃথিৱীৰ কথা নকওঁ, ভাৰতত ক’ত এনে এখন চহৰ আছে য’ত অকণো মুকলি ঠাই নাই? শিশু, ডেকা, বুঢ়া সকলোৰে বাবে মুকলি, সেউজীয়া ঠাইৰ কিমান প্ৰয়োজন সেইবোৰ কথা আকৌ নতুনকৈ ক’ব লাগিব নেকি? গতিকে গুৱাহাটীৰ মানুহ পাগল নহৈ ক’ৰ মানুহ পাগল হ’ব? অথচ প্ৰকৃতিয়ে নৈ, জান, জুৰি, পৰ্বত, পাহাৰ টিলাৰে সৈতে কি সুন্দৰ আৰু মনোমোহা গুৱাহাটী এখন আমাক উপহাৰ দিছিল! আমি সকলো শেষ কৰি পেলালো।