ভাষা কি? সততে কোৱা হয় যে ই ভাব প্ৰকাশৰ মাধ্যম। কিন্তু প্ৰসংগ সংগতি লৈ ভাষাৰ ব্যৱহাৰৰ পাৰ্থক্য হ’ব পাৰে। মাছ বজাৰৰ ভাষা, গৰখীয়াৰ ভাষা, মদপীৰ ভাষা আৰু স্কুল, কলেজ, কোৰ্ট, কাছাৰী, আদালতৰ ভাষা বা চৰকাৰী ঘোষণা আৰু নিৰ্দেশৰ ভাষা একে নহয়। মাছৰ বজাৰ, গৰখীয়া ল’ৰাৰ ভাষা, ৰোৱনী-দাৱনীৰ ভাষা ভাষা নহয় কথাটো সেইটো নহয়। তেওঁলোকে শ্লীল-অশ্লীলৰ দেওনা পাৰ হৈ প্ৰতীক, ইংগিতেৰে ভাষাত বেলেগ এক মাত্ৰা, বেলেগ এটা ৰূপ দিব পাৰে। সেই স্বাধীনতা তেওঁলোকৰ সমাজত আছে। সেয়ে, গল্পকাৰ বা ঔপন্যাসিকৰ বাবে তেওঁলোকৰ ভাষা সোণৰ খনি।
কিন্তু, কোৰ্ট, কাছাৰী, আদালত বা চৰকাৰী ভাষা এনে লেকাম চিগা ভাষা হ’ব নোৱাৰে। সেই ভাষাৰ কষটি শিল হ’ল ভাৰতৰ সংবিধান। তাৰ এটা ধৰাবন্ধা নিয়ম আছে। চৰকাৰী ভাষাৰ দুটা গুৰুত্বপূৰ্ণ দিশঃ এক, ই প্ৰচলিত আইন-কানুনৰ ভিতৰৰ হ’ব লাগিব আৰু দুই, ই অভীপ্সামূলকো(Inspirational) হ’ব পাৰে, অৰ্থাৎ চৰকাৰৰ নিয়ম-কানুনৰ ভিত্তিত এতিয়ালৈকে আমি ইমানখিনি কৰিছোঁ, তিমানখিনি কৰি আছোঁ আৰু আমি ভবিষ্যতলৈ ইমানখিনি কৰাৰ পৰিকল্পনা কৰিছোঁ। সেই বুলি চৰকাৰে ক’ব পাৰে।
অসমৰ মুখ্যমন্ত্ৰীজনে বা তেওঁৰ মন্ত্ৰীসভাৰ সতীৰ্থ সকলে বা বিধায়ক সকলে সভা-সমিতিত বক্তৃতা দিওঁতে বা বিভিন্ন ধৰণৰ চৰকাৰী ঘোষণা আদি কৰোঁতে এই সাংবিধানিক বাধ্যবাধকতা মানি চলিছেনে? বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰীজনৰ কথা কৈছোঁ, তেওঁৰ হৈছে কি? তেওঁ কিয় যেতিয়াই যি মন যায় তাকে কৈ থাকে? মাছৰ বজাৰত কোনে কি কয়, মদ খাই মদৰ আদ্দাত কোনে কি কয়, গৰখীয়া সমাজত কোনে কি কয় তাৰবাবে কোনেও কাকো জগৰীয়া নকৰে, যদিও কেতিয়াবা এই তৰ্কা-তৰ্কিবোৰে তেওঁলোকৰ মাজত কাজিয়া-পেচালো লগাব পাৰে।
কিন্তু, এটা সাংবিধানিক প্ৰক্ৰিয়াৰ যোগেদি নিৰ্বাচিত হৈ অহা ৰাইজৰ প্ৰতিনিধি এজনে এনে ধৰণে অনৰ্গল লাগবান্ধ নোহোৱা কথা কোৱাৰ অৰ্থ কি? তাৰ শেহতীয়া উদাহৰণ হৈছে, শিক্ষক সকলক হিতাধিকাৰী বুলি কোৱাটো। মুখ্যমন্ত্ৰীয়ে ক’লে যে তেওঁ শিক্ষকসকলক চাকৰি দিছে গতিকে শিক্ষকসকল হিতাধিকাৰী আৰু এতিয়া চৰকাৰে শিক্ষক সকলক স্কুটি উপহাৰ দিব। তেওঁৰ কথাতে হয়ভৰ দি শিক্ষামন্ত্ৰীয়ে কৈছে যে চৰকাৰৰ পৰা সুবিধা পোৱা সকলোৱেই হিতাধিকাৰী।
মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া, আপোনালোকৰ কি হৈছে জানেনে? মানুহে যে কয়, ৰামায়ণ পঢ়ি শেষ কৰিলে সীতা কোন নাজানিলে, আপোনালোকৰ অৱস্থা আজি সেইটো। যি কোনো এখন চৰকাৰৰ কাৰণে শিক্ষা আৰু স্বাস্থ্য দুটা অতি গুৰুত্বপূৰ্ণ বিভাগ। শিক্ষা দেশৰ ধৰণী। প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে শিক্ষক হিচাপে নিযুক্তি পাবলৈ বিভিন্ন ধৰণৰ দক্ষতা আৰু অৰ্হতাৰ প্ৰয়োজন। আজি যিসকলে শিক্ষকতা কৰি আছে, সেই দক্ষতা আৰু অৰ্হতাৰ ভিত্তিতে তেওঁলোক শিক্ষক হিচাপে নিযুক্তি পাইছে। তেওঁলোক কেনেকৈ হিতাধিকাৰী হ’ল?
শিক্ষা বিভাগটো টনকিয়াল কৰাটো চৰকাৰৰ কৰ্তব্য, যোগ্যতাৰ ভিত্তিত শিক্ষক নিয়োগ কৰাৰ বাবে চৰকাৰ বাধ্য। গতিকে চৰকাৰে শিক্ষক সকলক কি অনুগ্ৰহ কৰিলে? ইমান দিন ৰাজনীতি কৰি বছৰ বছৰ মন্ত্ৰী হৈ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে এই সামান্য কথাটোৱেই নাজানে নে? আৰু এটা কথা, মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীয়ে নাজানে নেকি শিক্ষক সকলৰ দৰমহা কিমান? কলেজ, হায়াৰ চেকেণ্ডাৰীৰ কথাই নালাগে আজিকালি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক এজনেও অনায়াসে, সহজে স্কুটি বাদ দিয়ক চাৰি চকীয়া গাড়ী এখনেই কিনিব পাৰে। আৰু বহুতৰে গাড়ী আছেও। তেওঁলোকক আপোনালোকে স্কুটি দিয়াৰ কথা কৈছে! কি হৈছে আপোনালোকৰ? শিক্ষাৰ গুণগত মান উন্নত কৰক।
পুৰণি পেনচন নীতিৰ কাৰণে শিক্ষক সকলে আন্দোলন কৰি ৰামলীলা ময়দান পালেগৈ। সেইবোৰ নাই, শিক্ষকক স্কুটি দিয়ে। আৰু চৰকাৰী সাহায্য বিলাই আপোনালোকে কি কৈছে- “বিজেপি চৰকাৰ কণী পৰা হাঁহ, সকলোৱে ভোট দি ক্ষমতাত ৰাখক” ছিঃ ছিঃ কি কথা কৈছে এইবোৰ? চৰকাৰ আৰু দল যে দুটা বেলেগ বস্তু সেই সামান্য কথাটোও আপোনালোকে নাজানেনে? বৰ লজ্জাজনক কথা এইবোৰ। এই যে মুখ্যমন্ত্ৰী এজনে যি পায় তাকে কৈ আছে- তাৰ অৰ্থ কি জানেনে?
মুখ্যমন্ত্ৰীৰ আসনত বহি যি মন যায় তাকে কোৱাৰ অৰ্থ হ’ল যি মন যায় তাকে কৰা। কিন্তু সংবিধান বোলা কথা এটা আছে, বিধি-বিধান বোলা কথা এটা আছে। সেইবোৰক নাপাত্তা কৰি এনেকৈ কথা কোৱা, শিক্ষকক স্কুটি উপহাৰ দি তেওঁলোকক হিতাধিকাৰী সজোৱা, এইবোৰৰ অৰ্থ কি? চৰকাৰখন অৰ্থহীন কৰি পেলোৱা, চৌদিশে এক নৈৰাজ্যৰ সৃষ্টি কৰা। চৰকাৰৰ এই বলিয়ালিৰ ফল কোনে ভুগিব? আমি সাধাৰণ ৰাইজে। কোনো বিশেষজ্ঞৰ লগত আলোচনা নকৰাকৈ, ৰাজ্যখনৰ ভবিষ্যতৰ কথা চিন্তা নকৰাকৈ, কেইমাহমানৰ মূৰে মূৰে কোটি কোটি টকাৰ ঋণ লৈ কেৱল ভোট কিনাৰ বাবে চৰকাৰী টকাৰ শৰাধ কৰিলে আমি ক’ত থাকিম, অসম ক’ত থাকিব? তাৰ লক্ষণ ইতিমধ্যে চাৰিওফালে দেখা গৈছেই।
এই পূজাৰ বতৰত দোকানী গ্ৰাহকৰ কাৰণে বোন্দাপৰ দি ৰৈ আছে। গ্ৰাহকৰ দেখাদেখি নাই। গ্ৰাহক আহিব ক’ৰপৰা? জেপত পইছা থাকিলেহে। সাধাৰণ মানুহৰ বেপাৰ-বণিজ বন্ধ, যুৱক-যুৱতীৰ চাকৰি বাকৰি নাই আৰু চৰকাৰ ব্যস্ত ভোট কিনা ৰাজনীতিত। কি নিলাজ কাৰবাৰ এইবোৰ!