• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অসমৰ মুখ্যমন্ত্ৰীৰ ভাষা

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
October 17, 2023 7:28 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাষা কি? সততে কোৱা হয় যে ই ভাব প্ৰকাশৰ মাধ্যম। কিন্তু প্ৰসংগ সংগতি লৈ ভাষাৰ ব্যৱহাৰৰ পাৰ্থক্য হ’ব পাৰে। মাছ বজাৰৰ ভাষা, গৰখীয়াৰ ভাষা, মদপীৰ ভাষা আৰু স্কুল, কলেজ, কোৰ্ট, কাছাৰী, আদালতৰ ভাষা বা চৰকাৰী ঘোষণা আৰু নিৰ্দেশৰ ভাষা একে নহয়। মাছৰ বজাৰ, গৰখীয়া ল’ৰাৰ ভাষা, ৰোৱনী-দাৱনীৰ ভাষা ভাষা নহয় কথাটো সেইটো নহয়। তেওঁলোকে শ্লীল-অশ্লীলৰ দেওনা পাৰ হৈ প্ৰতীক, ইংগিতেৰে ভাষাত বেলেগ এক মাত্ৰা, বেলেগ এটা ৰূপ দিব পাৰে। সেই স্বাধীনতা তেওঁলোকৰ সমাজত আছে। সেয়ে, গল্পকাৰ বা ঔপন্যাসিকৰ বাবে তেওঁলোকৰ ভাষা সোণৰ খনি।

কিন্তু, কোৰ্ট, কাছাৰী, আদালত বা চৰকাৰী ভাষা এনে লেকাম চিগা ভাষা হ’ব নোৱাৰে। সেই ভাষাৰ কষটি শিল হ’ল ভাৰতৰ সংবিধান। তাৰ এটা ধৰাবন্ধা নিয়ম আছে। চৰকাৰী ভাষাৰ দুটা গুৰুত্বপূৰ্ণ দিশঃ এক, ই প্ৰচলিত আইন-কানুনৰ ভিতৰৰ হ’ব লাগিব আৰু দুই, ই অভীপ্সামূলকো(Inspirational) হ’ব পাৰে, অৰ্থাৎ চৰকাৰৰ নিয়ম-কানুনৰ ভিত্তিত এতিয়ালৈকে আমি ইমানখিনি কৰিছোঁ, তিমানখিনি কৰি আছোঁ আৰু আমি ভবিষ্যতলৈ ইমানখিনি কৰাৰ পৰিকল্পনা কৰিছোঁ। সেই বুলি চৰকাৰে ক’ব পাৰে।

Apply Now

অসমৰ মুখ্যমন্ত্ৰীজনে বা তেওঁৰ মন্ত্ৰীসভাৰ সতীৰ্থ সকলে বা বিধায়ক সকলে সভা-সমিতিত বক্তৃতা দিওঁতে বা বিভিন্ন ধৰণৰ চৰকাৰী ঘোষণা আদি কৰোঁতে এই সাংবিধানিক বাধ্যবাধকতা মানি চলিছেনে? বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰীজনৰ কথা কৈছোঁ, তেওঁৰ হৈছে কি? তেওঁ কিয় যেতিয়াই যি মন যায় তাকে কৈ থাকে? মাছৰ বজাৰত কোনে কি কয়, মদ খাই মদৰ আদ্দাত কোনে কি কয়, গৰখীয়া সমাজত কোনে কি কয় তাৰবাবে কোনেও কাকো জগৰীয়া নকৰে, যদিও কেতিয়াবা এই তৰ্কা-তৰ্কিবোৰে তেওঁলোকৰ মাজত কাজিয়া-পেচালো লগাব পাৰে।

কিন্তু, এটা সাংবিধানিক প্ৰক্ৰিয়াৰ যোগেদি নিৰ্বাচিত হৈ অহা ৰাইজৰ প্ৰতিনিধি এজনে এনে ধৰণে অনৰ্গল লাগবান্ধ নোহোৱা কথা কোৱাৰ অৰ্থ কি? তাৰ শেহতীয়া উদাহৰণ হৈছে, শিক্ষক সকলক হিতাধিকাৰী বুলি কোৱাটো। মুখ্যমন্ত্ৰীয়ে ক’লে যে তেওঁ শিক্ষকসকলক চাকৰি দিছে গতিকে শিক্ষকসকল হিতাধিকাৰী আৰু এতিয়া চৰকাৰে শিক্ষক সকলক স্কুটি উপহাৰ দিব। তেওঁৰ কথাতে হয়ভৰ দি শিক্ষামন্ত্ৰীয়ে কৈছে যে চৰকাৰৰ পৰা সুবিধা পোৱা সকলোৱেই হিতাধিকাৰী।

মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া, আপোনালোকৰ কি হৈছে জানেনে? মানুহে যে কয়, ৰামায়ণ পঢ়ি শেষ কৰিলে সীতা কোন নাজানিলে, আপোনালোকৰ অৱস্থা আজি সেইটো। যি কোনো এখন চৰকাৰৰ কাৰণে শিক্ষা আৰু স্বাস্থ্য দুটা অতি গুৰুত্বপূৰ্ণ বিভাগ। শিক্ষা দেশৰ ধৰণী। প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে শিক্ষক হিচাপে নিযুক্তি পাবলৈ বিভিন্ন ধৰণৰ দক্ষতা আৰু অৰ্হতাৰ প্ৰয়োজন। আজি যিসকলে শিক্ষকতা কৰি আছে, সেই দক্ষতা আৰু অৰ্হতাৰ ভিত্তিতে তেওঁলোক শিক্ষক হিচাপে নিযুক্তি পাইছে। তেওঁলোক কেনেকৈ হিতাধিকাৰী হ’ল?

শিক্ষা বিভাগটো টনকিয়াল কৰাটো চৰকাৰৰ কৰ্তব্য, যোগ্যতাৰ ভিত্তিত শিক্ষক নিয়োগ কৰাৰ বাবে চৰকাৰ বাধ্য। গতিকে চৰকাৰে শিক্ষক সকলক কি অনুগ্ৰহ কৰিলে? ইমান দিন ৰাজনীতি কৰি বছৰ বছৰ মন্ত্ৰী হৈ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে এই সামান্য কথাটোৱেই নাজানে নে? আৰু এটা কথা, মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীয়ে নাজানে নেকি শিক্ষক সকলৰ দৰমহা কিমান? কলেজ, হায়াৰ চেকেণ্ডাৰীৰ কথাই নালাগে আজিকালি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক এজনেও অনায়াসে, সহজে স্কুটি বাদ দিয়ক চাৰি চকীয়া গাড়ী এখনেই কিনিব পাৰে। আৰু বহুতৰে গাড়ী আছেও। তেওঁলোকক আপোনালোকে স্কুটি দিয়াৰ কথা কৈছে! কি হৈছে আপোনালোকৰ? শিক্ষাৰ গুণগত মান উন্নত কৰক।

পুৰণি পেনচন নীতিৰ কাৰণে শিক্ষক সকলে আন্দোলন কৰি ৰামলীলা ময়দান পালেগৈ। সেইবোৰ নাই, শিক্ষকক স্কুটি দিয়ে। আৰু চৰকাৰী সাহায্য বিলাই আপোনালোকে কি কৈছে- “বিজেপি চৰকাৰ কণী পৰা হাঁহ, সকলোৱে ভোট দি ক্ষমতাত ৰাখক” ছিঃ ছিঃ কি কথা কৈছে এইবোৰ? চৰকাৰ আৰু দল যে দুটা বেলেগ বস্তু সেই সামান্য কথাটোও আপোনালোকে নাজানেনে? বৰ লজ্জাজনক কথা এইবোৰ। এই যে মুখ্যমন্ত্ৰী এজনে যি পায় তাকে কৈ আছে- তাৰ অৰ্থ কি জানেনে?

মুখ্যমন্ত্ৰীৰ আসনত বহি যি মন যায় তাকে কোৱাৰ অৰ্থ হ’ল যি মন যায় তাকে কৰা। কিন্তু সংবিধান বোলা কথা এটা আছে, বিধি-বিধান বোলা কথা এটা আছে। সেইবোৰক নাপাত্তা কৰি এনেকৈ কথা কোৱা, শিক্ষকক স্কুটি উপহাৰ দি তেওঁলোকক হিতাধিকাৰী সজোৱা, এইবোৰৰ অৰ্থ কি? চৰকাৰখন অৰ্থহীন কৰি পেলোৱা, চৌদিশে এক নৈৰাজ্যৰ সৃষ্টি কৰা। চৰকাৰৰ এই বলিয়ালিৰ ফল কোনে ভুগিব? আমি সাধাৰণ ৰাইজে। কোনো বিশেষজ্ঞৰ লগত আলোচনা নকৰাকৈ, ৰাজ্যখনৰ ভবিষ্যতৰ কথা চিন্তা নকৰাকৈ, কেইমাহমানৰ মূৰে মূৰে কোটি কোটি টকাৰ ঋণ লৈ কেৱল ভোট কিনাৰ বাবে চৰকাৰী টকাৰ শৰাধ কৰিলে আমি ক’ত থাকিম, অসম ক’ত থাকিব? তাৰ লক্ষণ ইতিমধ্যে চাৰিওফালে দেখা গৈছেই।

এই পূজাৰ বতৰত দোকানী গ্ৰাহকৰ কাৰণে বোন্দাপৰ দি ৰৈ আছে। গ্ৰাহকৰ দেখাদেখি নাই। গ্ৰাহক আহিব ক’ৰপৰা? জেপত পইছা থাকিলেহে। সাধাৰণ মানুহৰ বেপাৰ-বণিজ বন্ধ, যুৱক-যুৱতীৰ চাকৰি বাকৰি নাই আৰু চৰকাৰ ব্যস্ত ভোট কিনা ৰাজনীতিত। কি নিলাজ কাৰবাৰ এইবোৰ!

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd