• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পিশাচ-এক বিফল প্ৰচেষ্টা!

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
August 15, 2024 1:57 pm
1.2k
VIEWS
Share on FacebookShare on Twitter

পিশাচ-নামটোৱে এক ভৌতিক বা অলৌকিকতাৰ কথাকে সূচাই। গত ৪ আগষ্ট তাৰিখে মুক্তিপ্ৰাপ্ত অসমীয়া ছবি পিশাচত অৱশ্যে আপুনি ভৌতিক অনুভূতি নেপাই। এই ছবিখন চোৱাৰ পিছত ছবিখন পৰিচালকে কোন ধাৰাত ৰাখিব খুজিছিলে বুজিবলৈ অলপ জটিল হৈ পৰে। ছবিখনৰ চিত্ৰনাট্য ৰচনা আৰু পৰিচালনা কৰিছে অমিত ৰাগে। বৰ্তমানেও অসমৰ ভিন্ন ছবিগৃহত ছবিখন চলি আছে।

পিশাচ ছবিখনৰ আৰম্ভ হয় হস্পিটেলত এজন মানসিক ভাৰসাম্য হেৰুওৱা ৰোগী(মোহিত)ৰ লগত এগৰাকী মহিলা(মায়াৰ মাতৃ)ৰ কথোপকথনৰে। আৰু হঠাত উত্তেজনাময় পৰিবেশৰ সৃষ্টি হয়। কাহিনীয়ে ফ্লেছবেকত গতি কৰে। মোহিতক এজন বিষাক্ত বা ইংৰাজীত ক’বলৈ গ’লে Toxic কলেজীয়া ল’ৰা হিচাপে দৰ্শোৱা হৈছে,যিয়ে নিজৰ প্ৰেয়সী ছায়াৰ লগত অভব্য আচৰণ কৰাৰ লগতে জোৰকৈ যৌনসম্পৰ্ক স্থাপন কৰে। যাক ধৰ্ষণেই বুলিব পাৰি। কাহিনীলৈ পৰিৱৰ্তন আহে যেতিয়া ছায়াৰ ভনীয়েক মায়াৰ আগমন ঘটে। দেখাত সুন্দৰী মায়াৰ প্ৰতি মোহিতৰ পৰা আৰম্ভ কৰি কলেজৰ ছাত্ৰ সভাৰ সাধাৰণ সম্পাদক ডানিজলৈকে সকলো মোহিত হৈ পৰে। দুয়োৱে ভিন্নধৰণে প্ৰচেষ্টা চলাই মায়াক পাবলৈ। পিছে মায়াৰ পচন্দ হয় কলেজৰ আৰ্টছ বা কলাৰ প্ৰফেচৰজনৰ প্ৰতিহে। মোহিতৰ মায়াক পাবলৈ কৰা ষড়যন্ত্ৰ আৰু ডানিজৰ ভাবুকিৰ মাজত কাহিনীয়ে গতি লয় এক ভিন্ন দিশে। কাহিনীভাগ আৰম্ভণিতে সামান্য গতিশীল যেন লাগিলেও,পৰৱৰ্তী অংশত এই গতি খুবেই মন্থৰ হোৱাৰ লগতে,সাৱলীলো নহয়। যদিওবা ছবিখনৰ কাহিনীভাগ ভাল আছিল,পিছে চিত্ৰনাট্যখন খুব এক ঠৰঙা যেন লগা অনুভৱ হ’ল। ক’তো একো আগ্ৰহ নজন্মে পৰৱৰ্তী অংশত কি হ’বলৈ গৈ আছে।

প্ৰথমাৰ্দ্ধৰ তুলনাত দ্বিতীয়াৰ্ধটোততো আৰু অধিক আমনিদায়কভাৱে দীঘলীয়া কৰা হ’ল ছবিখন। চৰিত্ৰবোৰ ইটোৰ লগত সিটো সংগত যদিও,দুৰ্বল চিত্ৰনাট্যখনত এই চৰিত্ৰবোৰৰ ইটোৰ লগত সিটোৰ সংগতিত বহুসময়ত ছন্দ হেৰুৱাইছে। দুজন বিষাক্ত পুৰুষতান্ত্ৰিক সমাজৰ ধ্বজাবাহক তথা অপৰাধী মনস্তত্ত্বৰ ল’ৰাক প্ৰথমে সেইৰূপে প্ৰতিষ্ঠা কৰি,পিছত আকৌ তেওঁলোক দুজনৰ প্ৰতি দৰ্শকৰ সহানুভূতি জগাব লগীয়া কথাৰো উপস্থাপন কৰিছে,যাৰ গ্ৰহণযোগ্যতা নাই। প্ৰাপ্তবয়স্ক নাৰীজনিত যৌন অপৰাধী আৰু ধৰ্ষণকাৰী,হত্যাকাৰীক লৈ কোনো সহানুভূতি জন্মাৰ অৱকাশ নেথাকে।

ছবিখনৰ আৱহ-সংগীত পৰিস্থিতি সাপেক্ষ। চিনেমেট’গ্ৰাফীৰ কামো ভাল বুলিব লাগিব। সম্পাদনা আৰু পৰিচালনা দুৰ্বল। দ্বিতীয়াৰ্ধত মায়া আৰু মহিতৰ বন্দীত্বৰ অংশ ইমানেই বেছি শামুকীয়া গতিৰ যে চিনেমাখন কেতিয়া শেষ হ’ব,কেতিয়া শেষ হ’ব যেন অনুভৱ হৈছিল। নাতিদীৰ্ঘ আৰু সমতুল এখন চিত্ৰনাট্যৰে পিশাচ এখন উপভোগ্য ছবি হৈ উঠিলহেতেঁ‌ন। পিছে কোনোধৰণৰ আৱেগ যেনে শিহৰণ,উত্তেজনা,উৎকন্ঠা,বিষাদ একোৰে অনুভৱ দিবলৈ সক্ষম নহ’ল পিশাচে। সেয়ে আৰম্ভণিতে উল্লেখ কৰিছিলো যে ছবিখন কোন ধাৰাৰ সেইটো বিচাৰ কৰা সম্ভৱপৰ নহ’ল।

অভিনয়ৰ ক্ষেত্ৰতো মুল পুৰুষ চৰিত্ৰ দুটিৰ অভিনয় বিশেষকৈ নিৰূপম শইকীয়াৰ অভিনয় দুৰ্বল। চৰিত্ৰ নিৰ্বাচনৰ দিশটোতো আৰু অধিক গুৰুত্ব প্ৰদান কৰিব লাগিছিল। বাকী মিন্তু বৰুৱা,জীনত বে,ত্ৰিৱেণী গগৈৰ অভিনয় সহজ। এক কথাত ক’বলৈ গ’লে,বহু সুযোগ থকা সত্বেও বিফল এক প্ৰচেষ্টা পিশাচ।

Recent News

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd