• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

পিশাচ-এক বিফল প্ৰচেষ্টা!

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
August 15, 2024 1:57 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পিশাচ-নামটোৱে এক ভৌতিক বা অলৌকিকতাৰ কথাকে সূচাই। গত ৪ আগষ্ট তাৰিখে মুক্তিপ্ৰাপ্ত অসমীয়া ছবি পিশাচত অৱশ্যে আপুনি ভৌতিক অনুভূতি নেপাই। এই ছবিখন চোৱাৰ পিছত ছবিখন পৰিচালকে কোন ধাৰাত ৰাখিব খুজিছিলে বুজিবলৈ অলপ জটিল হৈ পৰে। ছবিখনৰ চিত্ৰনাট্য ৰচনা আৰু পৰিচালনা কৰিছে অমিত ৰাগে। বৰ্তমানেও অসমৰ ভিন্ন ছবিগৃহত ছবিখন চলি আছে।

পিশাচ ছবিখনৰ আৰম্ভ হয় হস্পিটেলত এজন মানসিক ভাৰসাম্য হেৰুওৱা ৰোগী(মোহিত)ৰ লগত এগৰাকী মহিলা(মায়াৰ মাতৃ)ৰ কথোপকথনৰে। আৰু হঠাত উত্তেজনাময় পৰিবেশৰ সৃষ্টি হয়। কাহিনীয়ে ফ্লেছবেকত গতি কৰে। মোহিতক এজন বিষাক্ত বা ইংৰাজীত ক’বলৈ গ’লে Toxic কলেজীয়া ল’ৰা হিচাপে দৰ্শোৱা হৈছে,যিয়ে নিজৰ প্ৰেয়সী ছায়াৰ লগত অভব্য আচৰণ কৰাৰ লগতে জোৰকৈ যৌনসম্পৰ্ক স্থাপন কৰে। যাক ধৰ্ষণেই বুলিব পাৰি। কাহিনীলৈ পৰিৱৰ্তন আহে যেতিয়া ছায়াৰ ভনীয়েক মায়াৰ আগমন ঘটে। দেখাত সুন্দৰী মায়াৰ প্ৰতি মোহিতৰ পৰা আৰম্ভ কৰি কলেজৰ ছাত্ৰ সভাৰ সাধাৰণ সম্পাদক ডানিজলৈকে সকলো মোহিত হৈ পৰে। দুয়োৱে ভিন্নধৰণে প্ৰচেষ্টা চলাই মায়াক পাবলৈ। পিছে মায়াৰ পচন্দ হয় কলেজৰ আৰ্টছ বা কলাৰ প্ৰফেচৰজনৰ প্ৰতিহে। মোহিতৰ মায়াক পাবলৈ কৰা ষড়যন্ত্ৰ আৰু ডানিজৰ ভাবুকিৰ মাজত কাহিনীয়ে গতি লয় এক ভিন্ন দিশে। কাহিনীভাগ আৰম্ভণিতে সামান্য গতিশীল যেন লাগিলেও,পৰৱৰ্তী অংশত এই গতি খুবেই মন্থৰ হোৱাৰ লগতে,সাৱলীলো নহয়। যদিওবা ছবিখনৰ কাহিনীভাগ ভাল আছিল,পিছে চিত্ৰনাট্যখন খুব এক ঠৰঙা যেন লগা অনুভৱ হ’ল। ক’তো একো আগ্ৰহ নজন্মে পৰৱৰ্তী অংশত কি হ’বলৈ গৈ আছে।

প্ৰথমাৰ্দ্ধৰ তুলনাত দ্বিতীয়াৰ্ধটোততো আৰু অধিক আমনিদায়কভাৱে দীঘলীয়া কৰা হ’ল ছবিখন। চৰিত্ৰবোৰ ইটোৰ লগত সিটো সংগত যদিও,দুৰ্বল চিত্ৰনাট্যখনত এই চৰিত্ৰবোৰৰ ইটোৰ লগত সিটোৰ সংগতিত বহুসময়ত ছন্দ হেৰুৱাইছে। দুজন বিষাক্ত পুৰুষতান্ত্ৰিক সমাজৰ ধ্বজাবাহক তথা অপৰাধী মনস্তত্ত্বৰ ল’ৰাক প্ৰথমে সেইৰূপে প্ৰতিষ্ঠা কৰি,পিছত আকৌ তেওঁলোক দুজনৰ প্ৰতি দৰ্শকৰ সহানুভূতি জগাব লগীয়া কথাৰো উপস্থাপন কৰিছে,যাৰ গ্ৰহণযোগ্যতা নাই। প্ৰাপ্তবয়স্ক নাৰীজনিত যৌন অপৰাধী আৰু ধৰ্ষণকাৰী,হত্যাকাৰীক লৈ কোনো সহানুভূতি জন্মাৰ অৱকাশ নেথাকে।

Apply Now

ছবিখনৰ আৱহ-সংগীত পৰিস্থিতি সাপেক্ষ। চিনেমেট’গ্ৰাফীৰ কামো ভাল বুলিব লাগিব। সম্পাদনা আৰু পৰিচালনা দুৰ্বল। দ্বিতীয়াৰ্ধত মায়া আৰু মহিতৰ বন্দীত্বৰ অংশ ইমানেই বেছি শামুকীয়া গতিৰ যে চিনেমাখন কেতিয়া শেষ হ’ব,কেতিয়া শেষ হ’ব যেন অনুভৱ হৈছিল। নাতিদীৰ্ঘ আৰু সমতুল এখন চিত্ৰনাট্যৰে পিশাচ এখন উপভোগ্য ছবি হৈ উঠিলহেতেঁ‌ন। পিছে কোনোধৰণৰ আৱেগ যেনে শিহৰণ,উত্তেজনা,উৎকন্ঠা,বিষাদ একোৰে অনুভৱ দিবলৈ সক্ষম নহ’ল পিশাচে। সেয়ে আৰম্ভণিতে উল্লেখ কৰিছিলো যে ছবিখন কোন ধাৰাৰ সেইটো বিচাৰ কৰা সম্ভৱপৰ নহ’ল।

অভিনয়ৰ ক্ষেত্ৰতো মুল পুৰুষ চৰিত্ৰ দুটিৰ অভিনয় বিশেষকৈ নিৰূপম শইকীয়াৰ অভিনয় দুৰ্বল। চৰিত্ৰ নিৰ্বাচনৰ দিশটোতো আৰু অধিক গুৰুত্ব প্ৰদান কৰিব লাগিছিল। বাকী মিন্তু বৰুৱা,জীনত বে,ত্ৰিৱেণী গগৈৰ অভিনয় সহজ। এক কথাত ক’বলৈ গ’লে,বহু সুযোগ থকা সত্বেও বিফল এক প্ৰচেষ্টা পিশাচ।

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd