দিনত কোনো আমনি নহ’লেও কিছুমান কুকুৰে ৰাতি অবিৰতভাৱে ভুকি থাকে। আনকি যান-বাহনত যোৱা যাত্ৰী, পথচাৰীকো ৰেহাই নিদিয়ে। আমি লক্ষ্য কৰো যে ৰাতিৰ কিছুমান বিশেষ সময়ত কুকুৰে বেছিকৈ ভুকে।
মাজনিশা টোপনিৰ মাজত হঠাৎ কুকুৰৰ ভুকভকনিৰ শব্দত টোপনি ভাঙি যায়। ৰাতি কুকুৰে কিয় বেছিকৈ ভুকে? ইয়াৰ কাৰণ জানেনে?
সাধাৰণতে ৰাতি কেৱল ৰাস্তাৰ কুকুৰেই নহয়, পোহনীয়া কুকুৰেও ভুক ভুক কৰে, ৰাউচি জুৰে। ইয়াৰ আঁৰত বহু কাৰণৰ কথা কোৱা হয়। কুকুৰৰ ভুকভুকনি অশুভ লক্ষণ হিচাপেও গণ্য কৰা হয় আৰু এয়া মৃত্যুৰ আগজাননী বুলিও কোৱা হয়। কিন্তু শেহতীয়া এক অধ্যয়নত ৰাতি কুকুৰে কিহৰ কাৰণে ভুকে সেই কথা পোহৰলৈ আহিছে।
ৰাস্তাৰ কুকুৰে নিজৰ দলৰ আন কুকুৰক সংকেত দিবলৈ ভুকে। কেতিয়াবা দূৰৈৰ ঠাইলৈ যাওঁতে নিৰাপদ ঠাই বিচাৰি সিহঁতে এনেকৈ ভুকে। লগতে ওচৰৰ কুকুৰৰ লগত যোগাযোগ কৰিবলৈও ইহঁতে এনেকৈ ভুকা বুলি জনা যায়।
কোনো কোনো ঠাইত কুকুৰৰ মাজত কাজিয়া হয়। কিছুমান কুকুৰে এই কাজিয়াবোৰ ভাল নাপায়। তদুপৰি যদি সেই ঠাইখনৰ পৰিৱেশ ভাল নাপায় তেন্তে কুকুৰবোৰে ৰাতি ভুকি থাকে। কুকুৰে ৰাতি ভুকি আৰু কান্দি নিজৰ দুখ প্ৰকাশ কৰে বুলিও জনা যায়।
কিছুমান কুকুৰেও আন কুকুৰক সতৰ্ক কৰি দিয়াৰ বাবেও ৰাতি বেছিকৈ ভুক ভুক কৰে। কুকুৰবোৰে নিজৰ ভূখণ্ড অক্ষুণ্ণ ৰাখিবলৈ আৰু আন কুকুৰে আধিপত্য বিস্তাৰ কৰাত বাধা দিবলৈও ভুকি থাকে।
পৰিৱেশৰ সামান্য পৰিৱৰ্তনো কুকুৰে অতি সহজে অনুভৱ কৰিব পাৰে। বিশেষকৈ কুকুৰবোৰে আতচবাজী ফুটোৱা, পাৰ্টিত উচ্চ স্বৰৰ শব্দ, গাড়ীৰ হৰ্ণ, চাইৰেন আদি শব্দ বিৰক্তিকৰ পায়। এইটোও কুকুৰৰ ভুকভকনিৰ এটা কাৰণ বুলি ধাৰণা কৰা হয়।
তদুপৰি, ৰাতি কোনো আঘাত পালে, যন্ত্ৰণা বা অস্বস্তি হ’লেও কুকুৰবোৰে ভুকিব পাৰে। লগতে ৰাতি ভোকত থাকিলেও কুকুৰবোৰে ভুকি থাকে।