চৰকাৰী কৰ্মচাৰীৰ বাবে চাৰিদিনীয়া কৰ্মসপ্তাহ প্ৰৱৰ্তনৰ পৰিকল্পনা ঘোষণা কৰিছে জাপান চৰকাৰে। অহা এপ্ৰিলৰ পৰা এই নীতি কাৰ্যকৰী হ’ব, য’ত কৰ্মচাৰীসকলে প্ৰতি সপ্তাহত তিনিদিন ছুটী লাভ কৰিব।
ইয়াৰ উপৰিও আন এক নতুন নীতি প্ৰৱৰ্তন কৰা হৈছে, যাৰ অধীনত প্ৰথমৰ পৰা তৃতীয় শ্ৰেণীৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে আংশিক দৰমহা কৰ্তনৰ জৰিয়তে সোনকালে কাৰ্যভাৰ এৰিব পাৰিব।
মাতৃসকলক সহায় কৰাৰ লগতে জন্মৰ হাৰ বৃদ্ধিৰ বাবে এই নতুন পদক্ষেপ গ্ৰহণ কৰিছে জাপান চৰকাৰে।
টকিঅ’ৰ গৱৰ্ণৰ ইউৰিকো ক’ইকে নিজৰ ভাষণত কয় যে, ‘আমি কৰ্ম পৰিস্থিতিৰ পৰ্যালোচনা কৰিম আৰু এনে ব্যৱস্থা গ্ৰহণ কৰিম যাতে কোনেও নিজৰ কেৰিয়াৰ এৰিবলৈ বাধ্য নহয়।’
জাপানৰ স্বাস্থ্য, শ্ৰম আৰু কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা বছৰ দেশখনত মাত্ৰ ৭ লাখ ২৭ হাজাৰ ২৭৭ টা শিশুৰ জন্ম হৈছিল। ফলত প্ৰজননৰ হাৰ ১.২ শতাংশলৈ হ্ৰাস পাইছে, আনহাতে জনসংখ্যা সুস্থিৰ কৰি ৰাখিবলৈ ২.১ শতাংশৰ প্ৰয়োজন।
বহু সমাজবিজ্ঞানীৰ মতে জাপানৰ কঠোৰ কৰ্ম সংস্কৃতি আৰু বৰ্ধিত জীৱন-যাপনৰ খৰচেই জন্মৰ হাৰ কম হোৱাৰ বাবে দায়ী।