• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 28, 2025 7:22 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিংবদন্তি, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে দেশজোৰা উদযাপনত অংশগ্ৰহণ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে অৰুণাচল প্ৰদেশে।

বৃহস্পতিবাৰে গুৱাহাটীৰ লোক সেৱা ভৱনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা উচ্চ পৰ্যায়ৰ মূল সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেই এই সিদ্ধান্ত নিশ্চিত কৰে।

Apply Now

বৈঠকৰ অন্তত নৰ্থইষ্ট নাওৰ আগত মেই কয়, ‘ভূপেন দাৰ কণ্ঠ কেৱল অসমৰ নহয়, সমগ্ৰ উত্তৰ-পূব আৰু ইয়াৰ বাহিৰতো। “অৰুণাচল প্ৰদেশে চলিত ছেপ্টেম্বৰ মাহত নামনি দিবাং উপত্যকাৰ ৰ’ইঙত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানৰ জৰিয়তে তেওঁৰ উত্তৰাধিকাৰক সন্মান জনাব। এয়া সাংস্কৃতিক মহানায়কগৰাকীলৈ আমাৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি যাৰ সংগীতে ঐক্যৰ প্ৰেৰণা অব্যাহত ৰাখিছে।”

তেওঁ লগতে কয় যে সংগীত, সাহিত্য, সামাজিক সংহতিৰ ক্ষেত্ৰত ড০ হাজৰিকাৰ অৱদানে প্ৰজন্ম আৰু সীমা অতিক্ৰম কৰিছে। মেই কয়, “তেওঁৰ শতবাৰ্ষিকী উদযাপন কৰি আমি উত্তৰ-পূবৰ আত্মাক উদযাপন কৰিছো।”

এই বৈঠকত ৮ ছেপ্টেম্বৰত হাজৰিকাৰ জন্ম জয়ন্তীৰ পৰা আৰম্ভ হ’বলগীয়া বছৰজোৰা শতবাৰ্ষিকী উদযাপনৰ প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত হ’ব মূল স্মৃতি অনুষ্ঠান। প্ৰধানমন্ত্ৰী পৰৱৰ্তী সময়ত ১৪ ছেপ্টেম্বৰত মঙলদৈলৈ যাত্ৰা কৰিব আৰু লগতে নুমলীগড় শোধনাগাৰ লিমিটেডৰ এক কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব।

সুধাকণ্ঠৰ শতবাৰ্ষিকী উপলক্ষে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ১০০ টকীয়া স্মৃতি মুদ্ৰা মুকলি কৰিবলৈ অনুমোদন জনাইছে।

মুখ্যমন্ত্ৰী শৰ্মাই গেজেটৰ অধিসূচনাখন অনলাইনযোগে শ্বেয়াৰ কৰি এই মুদ্ৰাটোক হাজৰিকাৰ উত্তৰাধিকাৰৰ “কালজয়ী স্বীকৃতি” বুলি অভিহিত কৰে আৰু প্ৰধানমন্ত্ৰীক তেওঁৰ অবিৰত সমৰ্থনৰ বাবে ধন্যবাদ জনায়।

ইপিনে, ৯ ছেপ্টেম্বৰত অসম বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব, যিটো দিন ড০ হাজৰিকাৰ নামত সম্পূৰ্ণৰূপে উৎসৰ্গা কৰা হ’ব। এটা মূল প্ৰস্তাৱৰ ভিতৰত আছে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰৰ নাম ড° ভূপেন হাজৰিকা বিমানবন্দৰ কৰা।

বহুমুখী প্ৰতিভাশালী ড° ভূপেন হাজৰিকা কেৱল এজন গায়কেই নহয়, এজন কবি, সুৰকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, সমাজ সংস্কাৰকো আছিল।

পল ৰবছনৰ দৰে অসমীয়া লোকজীৱনৰ শিপা আৰু বিশ্বজনীন প্ৰভাৱ দুয়োটাৰে পৰা প্ৰেৰণা লৈ তেওঁ শিল্পৰ সহায় লৈ বিভাজনৰ সেতুবন্ধন আৰু মানৱতাক প্ৰসাৰিত কৰিছিল।

ভাৰতৰত্ন, পদ্মভূষণ, দাদাচাহেব ফালকে বঁটাকে ধৰি ভাৰতৰ সৰ্বোচ্চ সন্মান লাভ কৰে। তেওঁৰ জীৱনৰ কৰ্মৰাজি সমগ্ৰ অঞ্চলটোৰ সাংস্কৃতিক ঐক্যৰ বাবে এক পথ প্ৰদৰ্শনকাৰী পোহৰ হৈয়েই আছে।

শতবাৰ্ষিকী উদযাপনত অৰুণাচলৰ অংশগ্ৰহণৰ লগে লগে এতিয়া এনে এগৰাকী ব্যক্তিৰ সমগ্ৰ-উত্তৰ-পূব উত্তৰাধিকাৰ প্ৰতিফলিত হৈছে, যাৰ সংগীতে এতিয়াও প্ৰজন্মৰ পিছত প্ৰজন্মৰ মাজত প্ৰতিধ্বনিত হৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm
অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd