বিশাল মুখখন মেলি যুৱকক গিলি পেলালে আৰু লগে লগে তেওঁক বমি কৰি পুনৰ উলিয়াই দিলে তিমিটোৱে! শেহতীয়াকৈ চিলিৰ উপকূলত এনে এক অবিশ্বাস্য ঘটনা সংঘটিত হৈছে। চিলিৰ পেটাগোনিয়াৰ বৰফৰ পানীত এজন পিতৃ-পুত্ৰই দুঃসাহসিক অভিযানৰ বাবে নাওঁ চলাই আছিল।
হঠাৎ এটা প্ৰকাণ্ড হাম্পবেক তিমি আহি ল’ৰাটোক গিলি পেলালে। কিন্তু তাৰ পিছত তেওঁক পুনৰ বমি কৰি উলিয়াই দিলে। পিতৃ-পুত্ৰই এনে এক ভয়ানক অভিজ্ঞতাৰ সাক্ষী হৈছিল। সেই ভিডিঅ’ ভাইৰেল হৈ পৰিছে।
ঘটনাটোৰ বিষয়ে যিখিনি জনা যায় সেয়া কিছু পৰিমাণে এনেকুৱা – হাম্পবেক তিমিটোৰ পেটত সোমাই যোৱা ২৪ বছৰীয়া ল’ৰাটোৰ নাম এড্ৰিয়ান ছিমানকাছ। পিতৃৰ নাম ডেল। ঘটনাৰ এটা ভিডিঅ’ত এড্ৰিয়ানৰ পিতৃ ডেলে ঢৌৰ ভিডিঅ’ কৰি থকাৰ সময়তে হঠাতে তেওঁৰ ওচৰত এটা বিশাল তিমি আবিৰ্ভাৱ হয়। নিমিষতে তিমিটোৱে নাওখনৰ সৈতে এড্ৰিয়ানক মুখলৈ টানি নিলে!
অৱশ্যে কেইছেকেণ্ডমানৰ ভিতৰতে দেখা গ’ল যে তিমিটোৱে তেওঁক আকৌ বাহিৰলৈ উলিয়াই দিলে। এড্ৰিয়ানৰ ভাষাত ক’বলৈ গ’লে “মোৰ এনে লাগিল যেন বিশাল ক’লা গহ্বৰ এটাই মোক ঢাকি পেলালে। মোৰ নাক, মুখ, শৰীৰত পিছল এটা অনুভৱ কৰিলোঁ। মই ভাবিলো হয়তো আৰু জীয়াই নাথাকো!”
কিন্তু ভাগ্য ভাল যে তিমিটোৱে কেইছেকেণ্ডমানৰ পিছতে তেওঁক এৰি দিলে আৰু এড্ৰিয়ানেও লাইফ জেকেটৰ সহায়ত পানীৰ ওপৰত ওপঙি উঠিল। পিছত তিমিটোৱেও তেওঁক এৰি আন ঠাইলৈ গুচি গ’ল।
বন্যপ্ৰাণী বিজ্ঞানী ভেনেছা পিৰোটাই তিমিটোৰ এই কৃতিত্বৰ বিষয়ে ব্যাখ্যা কৰিছে। তেওঁ কয় যে হাম্পবেক তিমি মানুহৰ দৰে ডাঙৰ বস্তু খাবলৈ জন্ম হোৱা নাই। ই আচলতে লাং ফিডিং কৰিছিল। অৰ্থাৎ, একেলগে বৃহৎ পৰিমাণৰ পানীৰে সৈতে মাছ গিলি পেলায়। সেই মুহূৰ্ততে নাওখন আৰু যুৱকজন হঠাতে তেওঁৰ হাতৰ মুঠিত আহিল, আৰু ভুলবশতঃ সিহঁতক গিলি পেলালে। কিন্তু বুজি পোৱাৰ পিছত এৰি দিলে।
তিমি এটাই মানুহক গিলিব পাৰেনে? এনে এটা প্ৰশ্নৰ উত্তৰত ভেনেছাৰ উত্তৰ হ’ল “নাই।” তিমিৰ ডিঙি আৰু সংকীৰ্ণ খাদ্যনলীৰ গঠন মানুহৰ দৰে ডাঙৰ বস্তু গিলিবলৈ উপযোগী নহয়। সেয়ে ই কেৱল এটা দুৰ্ঘটনা আছিল।” এনে দুৰ্ঘটনাৰ পিছত এড্ৰিয়ান আৰু তেওঁৰ দেউতাক ডেলে আকৌ নাও চলাবলৈ যাব নেকি বুলি সোধাত দুয়োজনে হাঁহি হাঁহি ক’লে, “হয়, অৱশ্যেই!”
কিন্তু এয়া প্ৰথমবাৰৰ বাবে নহয়। ২০২১ চনত দক্ষিণ আফ্ৰিকাত এটা তিমিয়েও একে ধৰণেৰে এজন ডুবাৰুক গিলি পেলাইছিল। কিন্তু কেইছেকেণ্ডমানৰ পাছত তেওঁলোককো বাহিৰলৈ উলিয়াই দিয়া হয়। বিশ্বজুৰি বিৰল হ’লেও সাগৰীয় পৰিৱেশত এনে ঘটনা মাজে মাজে সংঘটিত হয়। কিন্তু চিলিৰ এই ঘটনা বৈজ্ঞানিক গৱেষণাৰ বাবে এক ডাঙৰ ৰহস্য হৈ পৰিছে।