হিন্দুস্তান পেপাৰ কৰ্পোৰেচন লিমিটেড(HPCL)-ৰ অন্তৰ্গত দুটা কাগজকলৰ সম্পত্তি নীতি-বহির্ভূতভাৱে বিক্ৰীৰ সৈতে জড়িত সকলো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনাইছে শ্রমিক ইউনিয়নৰ এটা গোটে। সংগঠনটোৱে আদালতৰ তত্বাৱধানত স্বাধীন অনুসন্ধানৰ দাবী জনাইছে, যাতে এই সন্দৰ্ভত অন্যান্য সম্ভাব্য দুর্নীতিৰ ঘটনাসমূহো পোহৰলৈ আহে। তেওঁলোকে এই কাণ্ডৰ সৈতে জড়িত সকলো ধন-সম্পত্তি জব্দ কৰাৰ দাবিও উত্থাপন কৰিছে, যাতে দোষীসকলক জবাবদিহিতাৰ আওতাত আনিব পৰা যায়।
নগাঁও আৰু কাছাৰস্থিত এই কাগজকলদুটা অসম চৰকাৰে ২০২২ চনৰ মাৰ্চ মাহত ৩৭৫ কোটি টকাৰ বিনিময়ত ক্ৰয় কৰিছিল। তাৰ পিছত জাগীৰোডস্থিত নগাঁও মিলৰ ৫৫০ একৰৰো অধিক ভূমি টাটা ইলেক্ট্ৰনিকছৰ এটা উপসংস্থাক কেৱল ১টকা প্ৰতি বিঘাত (০.৬২ একৰ) আধাৰত অতিকম মূল্যতে প্ৰদান কৰা হয়, য’ত এখন চেমিকণ্ডাক্টৰ প্ৰকল্প গঢ়ি তোলা হ’ব।
এই ঘটনাৰ পটভূমিত, দেউলিয়া ঘোষণা আৰু দায়িত্ব হস্তান্তৰ বিষয়ক ভাৰতীয় সংস্থা IBBI-য়ে কুলদীপ বর্মাৰ পঞ্জীয়ন দুবছৰৰ বাবে স্থগিত কৰে। বর্মা এই দেউলিয়া প্ৰক্ৰিয়াত সম্পত্তি সুৰক্ষিত নকৰা, অৰ্থৰ অপচয় আৰু বিভিন্ন ক্ষেত্ৰত অতিৰিক্ত মূল্য দাবীৰ দৰে বহু নিয়ম উলংঘন কৰাৰ দোষত দোষী সাব্যস্ত হয়।
বৰ্মাৰ ওপৰত এইচপিচিএল(HPCL)ৰ ৫,০০০ কোটি মূল্যৰ সম্পত্তি অত্যন্ত কম দামত বিক্ৰী কৰাৰ অভিযোগো উত্থাপিত হৈছে, য’ত কোম্পানী চলাই ৰখাৰ আদালতৰ আদেশকো অগ্ৰাহ্য কৰা হৈছিল।
শ্রমিক ইউনিয়নে উল্লেখ কৰা অনুসৰি, এই লিকুইডেশ্বনৰ পিছত মাথোঁ ৯৮ লাখ বাকী থাকে কিন্তু হাজাৰ হাজাৰ লোকে চাকৰি হেৰুৱাৰ লগতে আৰু দুই লাখতকৈও অধিক পৰিয়াল ক্ষতিগ্ৰস্ত হয়।
এই বিতৰ্কৰ মাজতে অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে ২৭,০০০ কোটি ব্যয়েৰে গঢ়ি উঠা এই চেমিকণ্ডাক্টৰ প্ৰকল্পই ৩০,০০০ চাকৰি সৃষ্টি কৰিব আৰু অসমক বিশ্বত চেমিকণ্ডাক্টৰ উদ্যোগৰ মুখ্য ৰাজ্য হিচাপে গঢ়ি তুলিব।