ভাৰতৰ উচ্চতম ন্যায়ালয়ে ‘তামিলনাডু ৰাজ্য বনাম তামিলনাডুৰ ৰাজ্যপাল আৰু অন্যান্য’ গোচৰত এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে। আদালতে সকলোকে সোঁৱৰাই দিয়ে যে ৰাজ্যৰ ৰাজ্যপালে সংবিধান মানি চলিব লাগিব আৰু স্বতন্ত্ৰভাৱে কাম কৰিব নোৱাৰে বা অকাৰণতে সিদ্ধান্ত লোৱাত পলম কৰিব নোৱাৰে।
তামিলনাডুৰ বিধানসভাই গৃহীত কেইবাখনো বিধেয়কক লৈ তামিলনাডুৰ ৰাজ্যপালগৰাকীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই তামিলনাডু চৰকাৰ উচ্চতম ন্যালয়ৰ কাষ চাপিছিল। এই বিধেয়কসমূহৰ ভিতৰত এখন আছিল ৰাজহুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তিৰ ক্ষমতা ৰাজ্যপালৰ পৰা আঁতৰোৱাৰ সন্দৰ্ভত। ৰাজ্যপালে বিধেয়ক অনুমোদন বা ঘূৰাই দিয়াৰ পৰিৱৰ্তে পলম কৰি থাকিল আৰু অৱশেষত পলম হোৱাৰ কোনো কাৰণ নেদেখুৱাকৈ ৰাষ্ট্ৰপতিৰ ওচৰলৈ পঠিয়াই।
উচ্চতম ন্যায়ালয়ে এই পলম ভুল বুলি উল্লেখ কৰিছে । সংবিধানৰ ২০০ নং অনুচ্ছেদ অনুসৰি বিধেয়কখন লাভ কৰাৰ পিছত ৰাজ্যপালৰ হাতত মাত্ৰ তিনিটা বিকল্প থাকে- অনুমোদন প্ৰদান কৰা, পৰিৱৰ্তনৰ বাবে ইয়াক পুনৰ সদনলৈ পঠোৱা, বিশেষ ক্ষেত্ৰত আৰু বৈধ পৰামৰ্শৰ সৈতে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা ।
আদালতে কয় যে ৰাজ্যপালৰ কোনো বিধেয়ক চিৰদিনৰ বাবে নাকচ কৰাৰ বা নিজাববীয়াকৈ ব্যৱস্থা লোৱাৰ ক্ষমতা নাই। তেওঁ ৰাজ্যৰ মন্ত্ৰী পৰিষদৰ পৰামৰ্শ মানি চলিব লাগিব। একে সময়তে আদালতে স্পষ্ট কৰি দিলে যে ৰাজ্যপালসকলে ব্যক্তিগত সুৰক্ষা লাভ কৰিলেও তথাপিও তেওঁলোকৰ কাৰ্য্যৰ তদন্ত আদালতে কৰিব পাৰে।
এই গোচৰত আদালতে লক্ষ্য কৰিলে যে ৰাজ্যপালৰ কাৰ্য্য আইন বা পৰামৰ্শৰ ওপৰত ভিত্তি কৰি কৰা হোৱা নাই, গতিকে ১৪২ নং অনুচ্ছেদৰ অধীনত থকা বিশেষ ক্ষমতা ব্যৱহাৰ কৰি আদালতে ৰায় দিছিল যে ১০খন বিধেয়ক ৰাজ্যপাললৈ ঘূৰাই পঠোৱাৰ দিনৰে পৰাই সন্মতি দিয়া বুলি গণ্য কৰা হ’ব।
এই সিদ্ধান্তই স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে যে ৰাজ্যপালসকলে গণতন্ত্ৰক সন্মান কৰিব লাগিব, সংবিধান মানি চলিব লাগিব আৰু নিৰ্বাচিত ৰাজ্য চৰকাৰৰ কামত বাধা প্ৰদান কৰিব নোৱাৰে।