• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২৫ বছৰৰ পিছত মুক্তি লাভ ১৯৯৯ চনত গ্ৰেহাম ষ্টেইনছ হত্যাৰ দোষী মহেন্দ্ৰ হেমব্ৰামৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 17, 2025 8:52 pm
752
VIEWS
Share on FacebookShare on Twitter

১৯৯৯ চনত অষ্ট্ৰেলীয়ান মিছনেৰী গ্ৰেহাম ষ্টেইনছ আৰু তেওঁৰ দুই নাবালক পুত্ৰৰ হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড লাভ কৰা মহেন্দ্ৰ হেমব্ৰামক ২৫ বছৰ কাৰাগাৰত কটোৱাৰ পিছত মুকলি আকশৰ তললৈ আহিছে। ৫১ বছৰীয়া হেমব্ৰামক ওড়িশাৰ কেওনঝাৰ জেলৰ পৰা মুক্তি দিয়া হয়।

প্ৰকাশিত প্ৰতিবেদন অনুসৰি, হেমব্ৰামক ৰবীন্দ্ৰ পাল সিং ওৰফে দাৰা সিঙৰ সৈতে এই হত্যাকাণ্ডৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল। এই ঘটনাই বিশ্বজুৰি তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছিল। হেমব্ৰামক ১৯৯৯ চনৰ ৯ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল। মুক্তিৰ পিছত তেওঁ দাবী কৰিছে যে ধৰ্মান্তৰকৰণ আৰু গৰু হত্যাৰ বিৰোধিতা কৰাৰ কাৰণে তেওঁক মিছাকৈ এই গোচৰত জড়িত কৰা হৈছিল।

১৯৯৯ চনৰ ২১ জানুৱাৰীৰ নিশা কেওনঝাৰ জিলাৰ মনোহৰপুৰ গাঁৱত এখন জীপৰ ভিতৰত শুই থকা অৱস্থাত গ্ৰেহাম ষ্টেইনছ আৰু তেওঁৰ দুই নাবালক পুত্ৰ টিমোথি (৬ বছৰ) আৰু ফিলিপ (১০ বছৰ)ক উত্তেজিত জনতাই জীৱন্তে জ্বলাই দিয়ে। ধৰ্মান্তৰকৰণৰ অভিযোগৰ সৈতে জড়িত এই আক্ৰমণে ব্যাপক উত্তেজনাৰ সৃষ্টি কৰিছিল।

ওড়িশা ৰাজ্যিক শাস্তি পৰ্যালোচনা ব’ৰ্ডৰ পৰামৰ্শৰ ভিত্তিত আৰু ৰাজ্যৰ পূৰ্বৰ মুক্তি নীতিৰ নিৰ্দেশনা অনুসৰি হেমব্ৰামক মুক্তি দিয়া হৈছে। জেল কৰ্তৃপক্ষৰ মতে, হেমব্ৰামৰ ভাল আচৰণৰ বাবে তেওঁক মুক্তি দিয়া হৈছে।

ইয়াৰ পূৰ্বে, ২০২৫ চনৰ ১৯ মাৰ্চত উচ্চতম ন্যায়ালয়ে ওড়িশা চৰকাৰক দাৰা সিঙৰ আগতীয়া মুক্তিৰ আবেদনৰ বিষয়ে সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিছিল। বিষয়াসকলৰ মতে, অহা কেইসপ্তাহৰ ভিতৰত দাৰা সিঙৰ মুক্তিৰ বিষয়ে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব।

Recent News

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd