২০২৩ আৰু ২০২৪ চনত ভাৰতত ২৮ হাজাৰতকৈ অধিক ষ্টাৰ্টআপ বন্ধ হৈছে। ডাটা ইন্টেলিজেন্স প্লেটফৰ্ম ট্ৰেক্সন( Tracxn) ৰ তথ্য অনুসৰি ২০২৩ চনত ১৫,৯২১ টা ষ্টাৰ্টআপ আৰু ২০২৪ চনত ১২,৭১৭ টা ষ্টাৰ্টআপ বন্ধ হৈছে।
এইবোৰৰ ভিতৰত বহুতো ষ্টাৰ্টআপ দেউলীয়া হৈ পৰিছে আৰু আন বহুতো এবছৰো অধিক সময় ধৰি নিষ্ক্ৰিয় হৈ আছে।
এক প্ৰতিবেদন অনুসৰি ২০১৯ চনৰ পৰা ২০২২ চনৰ ভিতৰত মাত্ৰ ২৩০০ টা ষ্টাৰ্টআপহে বন্ধ হৈছিল। তাৰ তুলনাত যোৱা দুবছৰত বন্ধ হোৱা ষ্টাৰ্টআপৰ সংখ্যা বৃহৎ। একে সময়তে নতুন ষ্টাৰ্টআপ গঠনৰ হাৰো হ্ৰাস পাইছে।
২০১৯-২০২২ চনৰ ভিতৰত প্ৰতি বছৰে গড়ে ৯,৬০০ৰো অধিক ষ্টাৰ্টআপ গঠন হৈছিল যদিও ২০২৪ চনত এই সংখ্যা মাত্ৰ ৫,২৬৪ লৈ হ্ৰাস পাইছে। চলিত বছৰত (২০২৫) এতিয়ালৈকে গঠন হোৱা ষ্টাৰ্টআপৰ সংখ্যা মাত্ৰ ১২৫ টা।
যিবোৰ খণ্ডত সৰ্বাধিক ষ্টাৰ্টআপ বন্ধ হৈছে সেইবোৰৰ ভিতৰত আছে এগ্ৰিটেক, ফিনটেক, এডটেক আৰু হেল্থটেক। বিশেষজ্ঞসকলৰ মতে এই কোম্পানীসমূহে আৰম্ভণিতে বৃহৎ পৰিমাণৰ মূলধন সুমুৱাই দিয়াৰ বাবে ‘যিকোনো মূল্যত বিকাশ’ৰ মানসিকতাত ভূগিছে। ইয়াৰ ফলত অতিৰিক্ত খৰচ বাঢ়িছে, গ্ৰাহক ধৰি ৰখাৰ ক্ষমতা কমিছে আৰু তাৰফলত চলমান খৰচ বৃদ্ধি পাইছে।
ট্ৰেক্সনে জনাইছে যে ষ্টাৰ্টআপ অধিগ্ৰহণৰ সংখ্যাও হ্ৰাস পাইছে—২০২১ চনত ২৪৮টা অধিগ্ৰহণৰ পৰা ২০২৩ চনত ১৩১টালৈ হ্ৰাস পাইছে। ইমান বিপুল সংখ্যক ষ্টাৰ্টআপ বন্ধ হোৱাৰ আঁৰত উপযুক্ত একত্ৰীকৰণ নোহোৱাটোও এক ডাঙৰ কাৰণ হিচাপে ধৰা হৈছে।
আনকি ২০২৫ চনতো ইতিমধ্যে ২৫৯টা ষ্টাৰ্টআপ বন্ধ হৈ গৈছে। বিশেষজ্ঞসকলৰ মতে এই সংখ্যা গোটেই বছৰটোত আৰু অধিক বৃদ্ধি পাব পাৰে।